আত্মহত্যা কৰা মহাপাপ

✍🏻✍🏻…. চহিহ মুছলিমৰ হাদিচ নম্বৰ : ২০১

 💢আত্মহত্যা কৰা  মহাপাপ💢

যি ব্যাক্তিয়ে যি বস্তুৰ দ্বাৰা আত্মহত্যা কৰিব , জাহান্নামত সেই  বস্তুৰ দ্বাৰাই  তাক শাস্তি দিয়া  হব আৰু  মুছলিমৰ বাহিৰে কোনেও  জান্নাতত প্রবেশ নকৰিব ।

👉👉 আবূ বকৰ ইবনু আবূ শ্বাইবা  আৰু আবূ চঈদ আল আশাজ্জ (ৰহ:)  … আবূ  হুৰাইৰা ( ৰা:) ৰ  পৰা  বর্ণনা কৰিছে  যে, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইiহি ওৱাছাল্লামে কৈছে :  যি ব্যাক্তিয়ে  কোনো  চোকা  অস্ত্রৰ দ্বাৰা  আত্নহত্যা কৰিব, সেই অস্ত্র তাৰ হাতত থাকিব, জাহান্নামৰ মাজত সেই অস্ত্রৰ দ্বাৰা সি তাৰ পেটত  আঘাত কৰিয়েই থাকিব , এনেকৈয়ে তাতে  সি চিৰকাল অবস্থান কৰিব । আৰু যি  ব্যাক্তিয়ে  বিষপান কৰি  আত্নহত্যা কৰিব , সি জাহান্নামৰ জুইৰ মাজত  অবস্থান কৰি  উক্ত বিষ পান কৰিয়েই থাকিব , এনেকৈয়ে তাতে সি  চিৰকাল অবস্থান কৰিব । আৰু যি ব্যক্তিয়ে নিজক পাহাৰৰ পৰা  নিক্ষেপ কৰি  আত্নহত্যা কৰিব , সেই  ব্যাক্তি সদায়  পাহাৰৰ পৰা তললৈ পাৰি  জাহান্নামৰ জুইত পতিত হৈয়েই  থাকিব , এনেকৈয়ে  সেই ব্যাক্তি তাতে চিৰকাল অবস্থান কৰিব ।👈👈👈

Leave a comment