আত্মপৰীক্ষা

☞☞ আত্মপৰীক্ষা  ☜☜

ইছলাম নামৰ ধৰ্ম্মটিৰ তৃপ্তি লাভ কৰিবলৈ হলে নেদেখা বিষয়বস্তু সমূহৰ ওপৰত সম্পূৰ্ণ বিশ্বাস কৰি মৃত্যুৰ পাছৰ ৰাজকীয় জীৱনটোৰ বাবে আশাৰ সপোন দেখি ধৰ্ম্মটিৰ নিতী আৰু আদৰ্শ ভালদৰে বুজি পোৱাটো অত্যন্ত প্ৰয়োজন !!
যেতিয়ালৈকে কোৰআন আৰু হাদীছৰ মূল্যবোধে আমাৰ হৃদয় স্পৰ্শ কৰিব নোৱাৰিব , তেতিয়ালৈকে দ্বীন ইছলামৰ মাদকতা কোনেও হৃদয়ঙ্গম কৰিব নোৱাৰে ।
বিতৰ্ক অব্যাহত ৰাখিবলৈ বহুতে বহুত ধৰণৰ যুক্তি দাঙি ধৰিব পাৰে, কিন্তু কোৰআন হাদীছৰ যুক্তি অবিহনে বাকী সকলো যুক্তিয়েই ইছলামত মূল্যহীন ।

              ইছলামক লৈ আমি যি মাধ্যমতেই  যিমানেই যুক্তি তৰ্কত লিপ্ত নহওঁ কিয় , সত্য কথাটো হৈছে  আমি নিজে নিজক এশ শতাংশ ভালদৰে চিনি পাওঁ !!   
 আমি নিজেই নিজৰ ওপৰত পৰীক্ষা কৰি চোৱা উচিত যে ,

 কিয়ামত বা কবৰৰ আজাব সম্পৰ্কে আমি সঁচা অন্তৰেৰে কিমান ভয় কৰিছো ?? বা পিছত যি হয় হব , এনে ধৰণৰ চিন্তা মনলৈ কেতিয়াবা আহিছে নেকি ??
আমাৰ জীৱনৰ প্ৰতিটো টকা উপাৰ্জন কৰিবলৈ যাওঁতে হক্ক আৰু বেহক্ক এশ শতাংশ চালি জাৰি চাই একমাত্ৰ হক্ক পইচাৰে আমাৰ পৰিয়াল চলাবলৈ আমি determine হৈছো নে নাই ??

আমাৰ জীৱনৰ বিলাসীতাৰ স্বাৰ্থতেই হওক বা আন কাৰণতেই হওক, সুত নামৰ ধ্বংসাত্মক বিষয়টোক আমাৰ টকা পইচাৰ সৈতে মিশ্ৰণ হোৱাৰ সকলো পথ বন্ধ কৰিছো নে নাই ??

আমাৰ কৰ্মব্যস্ততাৰ অজুহাততেই হওক বা যিকোনো কাৰণতেই নহওক কিয় , আমাৰ চালাত আমি যথাসময়ত আদায় কৰিছো নে নাই ?? আমাৰ চালাতৰ পদ্ধতি বা আন যিকোনো ইবাদত একমাত্ৰ নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ তৰিকাত হৈছে নে নাই সেই বিষয়ে আমি নিজে গ্ৰহণযোগ্য ত্বথ্যৰ আধাৰত নিশ্চিত হৈছো নে নাই ??

নিৰ্ধাৰিত নিতী অনুসৰি আমি জাকাত আদায় কৰিছো নে নাই ??

চকু আৰু দেহাই আত্মতৃপ্তি লাভ কৰা যিকোনো আকৰ্ষণীয় বেয়া বস্তু দৃষ্টিগোচৰ হোৱাৰ লগে লগে আল্লাহৰ ভয়ত মূহুৰ্ততেই তাৰ পৰা চকু আঁতৰ কৰিছোনে আনে নেদেখাকৈ মনে মনে তাৰ পৰা তৃপ্তি লব বিচাৰিছো ??

সামগ্ৰিক ভাবে মূখ্য কথা হৈছে দ্বীন ইছলামৰ দৃষ্টিভংগীত সকলো বৰ্জনীয় বিষয় আমি এশ শতাংশ বৰ্জন কৰিবলৈ সক্ষম হৈছোনে এৰাধৰাৰ মাধ্যমেৰ যুগৰ দুহাই দি আমি চলি আছোঁ , সেই দিশটোহে আমাৰ বাবে আটাইতকৈ প্ৰয়োজনীয় আৰু বিচাৰ্য্য বিষয় !!

আমি নিজেই নিজক বিবেকেৰে আত্মপৰীক্ষা কৰি চোৱা উচিত যে এগিলাচ গৰম গাখীৰত আমাৰ সন্মুখতে যদি মাত্ৰ এটা পেচাবৰ টোপাল মিহলি কৰি  আমাক খাবলৈ দিয়া হয় , তেন্তে আমি উক্ত গাখীৰ খাম নে প্ৰত্যাখান কৰিম ??  যদি প্ৰত্যাখান কৰো তেন্তে বিবেকক এবাৰ প্ৰশ্ন কৰা উচিত যে আমাৰ জীৱন ভৰা ইবাদতৰ সৈতে যদি শ্বীৰ্ক বিদআতৰ মিশ্ৰণ হৈ থাকে ,  তেন্তে তেনে ইবাদত আল্লাহৰ ওচৰত গৃহীত হব নে প্ৰত্যাখিত হব ??

সেয়েহে বিতৰ্কত লিপ্ত হৈ আমি সকলোৱে জিকা-হৰাৰ প্ৰতিযোগিতা তথা মানসিকতা পৰিহাৰ কৰি বিশুদ্ধ ইছলামৰ তৃপ্তি লাভ কৰিবলৈ আহক আমি সকলোৱে ইন শ্বা আল্লাহ একমাত্ৰ কোৰআন হাদীছ অনুসৰিহে আমল কৰাৰ চেষ্টা কৰোঁ !! অন্ধ অনুকৰণ কৰি নিজকে পথভ্ৰষ্ট কৰাতকৈ ত্বথ্যৰ আধাৰত নিজেই নিজক আত্মপৰীক্ষা কৰোঁ ?????????

Leave a comment