☞☞অসমৰ আলীম সমাজলৈ বিনম্ৰ আহ্বান ☜☜
বিগত সময়চোৱাত পৃথিৱীৰ নিদিষ্ট কিছু কিছু দেশ ও স্হানৰ লগতে অসমতো আলীম বনাম শিক্ষিত অনাআলীম সচেতন মুছলমান লোকসকলৰ মাজত এক অঘোষিত শীতল যুদ্ধই গা কৰি উঠা আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে !! নিশ্চিতভাৱে এনে সংঘৰ্ষ আমাৰ কাৰোৱেই কাম্য নহয় আৰু ইছলামীয় সমাজৰ বাবে ই নিসন্দেহে ক্ষতিকাৰক !! কিয়নো ” দুই মহৰ যুঁজত বিৰিণাৰ মৃত্যু ” হোৱাৰ দৰে সমাজৰ এক বৃহৎ সংখ্যক সাধাৰণ মুছলমান আজি এনে পৰিস্থিতিত দিশহাৰা হৈ পৰিছে !! যিহেতু এফালে বছৰ বছৰ ধৰি মাদ্ৰাছা শিক্ষাৰে শিক্ষিত আলীমৰ ভাষ্য ও পৰম্পৰাগত আমলৰ তাগিদা আৰু আনফালে অনাআলীমে দাঙি ধৰা পবিত্ৰ কোৰআন আৰু চহীহ হাদীছৰ মেতভৰা তথ্য !! লক্ষ্যনীয় বিষয় যে দুয়োটা দিশ পৰস্পৰ বিৰোধী !! এনে এক সংকটময় পৰিস্থিতিৰ পৰা সকলোৱে পৰিত্ৰাণ পোৱাৰ বাবে আমি বিনম্ৰ আহ্বান জনাই কব বিচাৰো যে –
হে নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ৱাৰিচ হিচাবে স্বীকৃতিপ্ৰাপ্ত সন্মানীয় আলীম সমাজ !! আপোনালোকক আল্লাহে ” আহলে জিকিৰ ” বুলি পবিত্ৰ কোৰআনত অভিহিত কৰি নজনা মানুহক ইছলাম জনোৱাৰ দায়িত্ব অৰ্পণ কৰিছে, সেয়েহে আপোনালোক আমাৰ সকলোৰে সন্মানৰ পাত্ৰ আৰু জ্ঞানৰ উত্স । কিন্তু এই জ্ঞান আপোনালোকে নজনা মানুহৰ মাজত বিলাই দিওঁতে উপযুক্ত ত্বথ্যৰ ভিত্তিত দিয়াটো বাধ্যতামূলক কৰি দিছে !! কিন্তু অতি দুখেৰে অনিচ্ছাস্বত্তেও আমি কবলৈ বাধ্য হৈছো যে- আল্লাহৰ এই ত্বথ্যভিত্তিক শিক্ষাদান নিৰ্দেশনাক গুৰুত্ব প্ৰদান নকৰি সাধাৰণ মানুহক আপোনালোকৰ ত্বথ্যবিহীন মুখৰ কথাক প্ৰশ্নবিহীন ভাবে মানি লোৱাটো, অৰ্থাৎ আপোনালোকৰ কথাক অন্দ্ধঅনুকৰণ কৰিবলৈ বাধ্য কৰাইছে !! ইছলামৰ বাবে হয়তো ইয়াতকৈ আৰু দূৰ্ভাগ্যজনক ও ক্ষতিকাৰক বিষয় আন একো হব নোৱাৰে !! আপোনালোকৰ এনে নিজা সৃষ্টিৰ নিয়মৰ বাবেই আজি সাধাৰণ শ্ৰেণীৰ মুছলমানে ইছলামৰ মূল আদৰ্শ ও অতি প্ৰয়োজনীয় বহুতো গুৰুত্বপূৰ্ণ বিষয়ৰ জ্ঞান একেবাৰে শূণ্য বুলি কলেও হয়তো ভূল নহব । যি কি নহওক এই সন্দৰ্ভত অধিক সমালোচনাৰ আশ্ৰয় নলৈ নিম্ন উল্লেখিত বিষয় সমূহৰ ত্বথ্যভিত্তিক জ্ঞান বিভিন্ন সময়ত আপোনালোকে কৰি থকা ৱাজ নছিহতৰ জৰিয়তে সাধাৰণ মানুহক বুজাই দিবলৈ সন্মান সহকাৰে অনুৰোধ জনালোঁ । আমি বিশ্বাস তথা বিবেচনা কৰোঁ যে- সাধাৰণ ভাবে আমি শুনি অহা আপোনালোকৰ ৱাজ সমূহত মাজত ধৰি কোৰআনৰ এটা আয়াত আৰবীত কৈ তাৰ তৰ্জমাৰে এক দীঘলীয়া বক্তব্যৰে আপোনালোকৰ নছিহত চলাই থকাতকৈ ইছলামৰ অতি প্ৰয়োজনীয় নিম্ন উল্লেখিত বিষয় সমূহে ইন শ্বা আল্লাহ মানুহক প্ৰকৃত ইছলাম বুজি পোৱাত অধিক সহায় কৰিব ।
১] তাওহীদ বা আল্লাহৰ একত্ববাদৰ জ্ঞান । এই তাওহীদৰ লগত জৰিত ৰুবুবিয়াহ, উলুহিয়াহ ও আচমা ওয়াচ চিফাআতৰ পূৰ্ণ জ্ঞান ।
২] তাওহীদৰ পৰা তিলমানো আঁতৰি গলেই যে আল্লাহৰ দৃষ্টিত সৰ্ব্ববৃহত অক্ষমনীয় গুণাহ ” শ্বীৰ্ক ” কৰা হব সেই বিষয়ে মানুহৰ মাজত সজাগতা সৃষ্টি কৰা । অৰ্থাৎ শ্বীৰ্ক কাক বোলে সেই বিষয়ে পূৰ্ণ বিশ্লেষণ ।
৩] দ্বিতীয় বৃহৎ অপৰাধ ” বিদআত” মানেনো কি আৰু সকলো বিদআতৰে যে ঠিকনা জাহান্নাম সেই বিষয়ে মানুহক ভালদৰে বুজাই দিয়া । সাধাৰণ মানুহে আমি কৰি থকা আমল সমূহ নবী চল্লাল্লাহু আলাইহি অছাল্লাম বা চাহাবা সকলে কৰিছিল বুলি বিশ্বাস কৰে । কিন্তু আমি দাবী কৰোঁ এই ধাৰণা সত্য নহয় । হাদীছত উল্লেখ নথকা ইবাদতেই বিদআত ! গতিকে আপোনালোকে জ্ঞান দিয়া ইবাদত সমূহৰ হাদীছভিত্তিক ত্বথ্য দাঙি ধৰক ।
৪] সৰ্বোত্তম ইবাদত চালাতৰ গুৰুত্ব । চালাত ত্যাগকাৰীক আল্লাহে কুফৰ বুলি অভিহিত কৰা বুলি ৰাইজক স্পষ্টকৈ বুজাই দিয়া ।
৫] কেৱল জুমুআ”হৰ চালাতেৰে মছজিদ শুৱনি কৰা সকলক সাহসেৰে কোৱাৰ প্ৰয়োজন যে সপ্তাহত এক ৱক্ত চালাত আদায় কৰি জান্নাত আশা কৰাটো গছত গৰু উঠাৰ দৰে এক অবান্তৰ ধাৰণাহে !!
৬] পৈত্ৰিক সম্পত্তি বন্তনত আল্লাহে নিৰ্ধাৰণ কৰি দিয়া নিয়মাৱলীৰ পূৰ্ণ জ্ঞান ।
৭] নাৰীৰ পৰ্দা ব্যৱস্থাৰ আল্লাহৰ নিৰ্দেশ সম্পৰ্কে আপোচবিহীন নিৰ্দেশ !
৮] পুৰুষে মছজিদত জামাতৰ সৈতে ফৰজ চালাত আদায় কৰাৰ গুৰুত্ব ও বাধ্যবাধকতা ।
৯] মহৰ ও তালাক সম্পৰ্কে কোৰআন হাদীছৰ নিৰ্দেশনা ।
১০] আল্লাহে প্ৰত্যেক পুৰুষ ও নাৰীৰ বাবে জ্ঞান অৰ্জন কৰাটো বাধ্যতামূলক কৰাৰ বিষয়ে সজাগতা সৃষ্টি কৰা ।
১১] ইমানৰ সংজ্ঞা আৰু আল্লাহে কোনবোৰ বিষয়ৰ ওপৰত আমাক ইমান আনিবলৈ কৈছে সেই বিষয়ে পূৰ্ণ জ্ঞান প্ৰচাৰ কৰা ।
আমি আশা কৰো এনে ধৰণৰ ইছলামৰ মৌলিক বিষয় সমূহ মানুহৰ মাজত প্ৰচাৰ হলেহে মানুহে ইছলামৰ মহত্ব বুজি পাবলৈ সক্ষম হব আৰু ইন শ্বা আল্লাহ সাম্প্ৰতিক প্ৰেক্ষাপটত সমাজত গা কৰি উঠা আলীম বনাম অনা আলীমৰ শীতল সংঘৰ্ষ লাঘৱ হব ।

✍✍.. মোক্তাবুল হুছেইন