অমুছলিমৰ প্রশ্নঃ আল্লাহক কোনে সৃষ্টি কৰিছে, যাৰ কোনো শেষ নাই আৰম্ভনীও নাই?

অমুছলিমৰ প্রশ্নঃ আল্লাহক কোনে সৃষ্টি কৰিছে, যাৰ কোনো শেষ নাই আৰম্ভনীও নাই?

উত্তৰঃ (ড.জাকিৰ নাইক চাৰ)
সাধাৰণতে এই প্রশ্নৰ উত্তৰটো মই অন্যএটা প্রশ্নৰ মাধ্যমেৰে দিওঁ। এনেকৈ যে, (তেখেতে ক’লে), মোৰ বন্ধু “জন”, সন্তান জন্ম দিয়াৰ বাবে হস্পিতালত ভর্তি হৈছে, হস্পিতালত এটি সন্তান জন্ম দিলে; আপুনি ক’ব পাৰিবনে সন্তানটো লৰা নে ছোৱালী?
(তেখেতে কেইবা বাৰু প্রশ্নটো সুঁধিলে,কোনেও উত্তৰ দিব নোৱাৰিলে)। তেতিয়া তেখেতে ক’লে, ইয়াত ঘটনাটো হ’ল- “জন” এজন পুৰুষ, তেওঁ কেনেকৈ সন্তান জন্ম দিব! যিহেতু তেওঁ পুৰুষ সেয়ে তেওঁ সন্তান জন্ম দিব নোৱাৰে। সেয়ে এই প্রশ্ন কৰা ঠিক নহ’ব যে তেওঁৰ বাচ্চাটো লৰা নে ছোৱালী, এই প্রশ্নটো কৰাই উচিত নহ’ব!

কিন্তু কোনোবাই যদি প্রশ্ন কৰে আল্লাহক কোনে সৃষ্টি কৰিছে তেতিয়াহ’লে আমি কম, আল্লাহ তায়ালাৰ সংজ্ঞা হ’ল- আল্লাহক কোনেও সৃষ্টি কৰা নাই। তেখেত কাৰোৰ সন্তান নহয়, তেখেতক কোনেও জন্ম দিয়া নাই। যদি কোনো ইশ্বৰ সৃষ্টি হৈ থাকে তেতিয়াহ’লে সি প্রকৃত ইশ্বৰ নহয়। ইয়াৰ বাবেই আমি কওঁ যে ‘লা ইলাহা ইল্লাল্লাহ’। তেখেতৰ বাহিৰে কোনো ইলাহ নাই, তেখেত এক ও অদ্বিতীয়, তেখেত সৃষ্টি হোৱা নাই, তেখেতক কোনেও সৃষ্টিও কৰা নাই, তেখেতৰ আৰম্ভনীও নাই, শেষো নাই। তেখেতে সকলো বস্তুয়েই সৃষ্টি কৰিছে, সকলো বস্তুয়েই তেখেতৰ ওপৰত নির্ভৰ কৰে, তেখেত কাৰোৰ ওপৰত নির্ভৰ নকৰে।

*** (বিস্তাৰিত জানিবলৈ ড.জাকিৰ নাইকে তেখেতৰ ‘ইজ দ্যা কোৰআন গড ওয়ার্ড(Is the Quran God word?)’ কিতাপখন পঢ়াৰ বাবে অনুৰোধ জনায়।)

Leave a comment