অভিশপ্ত নেলী

💢 অভিশপ্ত নেলী 💢

এক নির্মম ইতিহাস! যাক হয়তো বহুতেই পাহৰি গৈছে অথবা বহুতেই নাজানে। এই নির্মম ইতিহাসৰ স্মৃতি আপোনালোকৰ সন্মুখত তুলি ধৰাৰ প্ৰয়াস কৰিছোঁ।
.
#অভিশপ্ত #নেলীৰ #হত্যা বা নেলী ম্যাচাকাৰ নামৰ #মুছলিম #গণহত্যা।

#সুত্রপাত :-
.
বিংশ শতাব্দীৰ আৰম্ভণিতে অসমৰ ব্রহ্মপুত্র নদীৰ অৱবাহিকাত বাংলাদেশৰ পৰা অহা মানুহৰ এক জনপথ গঢ়ি উঠে। এই অভিবাসী নতুন নহয়। দেশ বিভাজনৰ আগতে  উপ-মহাদেশত এইটো বাৰে বাৰে হৈ আহিছে। কেতিয়াবা বাংলাদেশৰ পৰা ভাৰতত আকৌ কেতিয়াবা ভাৰতৰ পৰা বাংলাদেশত নাইবা পাকিস্তানৰ পৰা ভাৰতত অথবা ভাৰতৰ পৰা পাকিস্তানত অভিবাসী হৈ আহিছে বহুজন। ভাৰতৰ জ্যোতি বসু, সুচিত্রা সেন, সমৰেশ মজুমদাৰ, পাকিস্তানৰ প্ৰাক্তন  ৰাষ্ট্ৰপতি মুশ্বাৰফ, বাংলাদেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি এৰশ্বাদ মাইগ্রেট কৰি অহাৰ অন্যতম উদাহৰণ। সেই একেই  ধাৰাবাহিকতাৰে ব্রহ্মপুত্র নদীৰ অৱবাহিকাত আবাস গঢ়ি উঠিছিল কেইবা হাজাৰ বাংলাদেশীৰ। যিসকলে অসমত বহুদিন ধৰি  বসবাস কৰি আহিছিল।
.
১৯৭৯ চনৰ আৰম্ভণিতে, অসম নির্বাচন কমিচনে ৪৫ হাজাৰ বিদেশী ভোটাৰক ভোটৰ অধিকাৰ দিয়ে।ইয়াৰ পৰাই  ঘটনাৰ আৰম্ভণি হয়। অল আচাম ষ্টুডেন্টচ ইউনিয়নে ঘোষণা কৰে বিদেশীসকলক ভোটাৰ হিচাবে অন্তর্ভুক্ত কৰিলে অসম ৰক্তাক্ত হ’ব আৰু তেজেৰে হলী খেলি বোৱাই দিয়া হ’ব। আৰম্ভ হয় বাংলাদেশী খেদা  আন্দোলন। লগতে যোগ দিয়ে আৰু কিছু ৰাজনৈতিক সংগঠনে। গঠন হয় All Assam Gana Sangram Parishad (AGSP). AGSP বাংলাদেশী খেদা আন্দোলনত  ১৯৭৯ চনৰ পৰা ১৯৮২ চনলৈকে প্রায় ৩০০শ মান নিহত আৰু ১৫০০ শতকৈ অধিক মানুহ আহত, ঘৰ জ্বলোৱা¸ হত্যা¸ জুইত পুৰি পেলোৱা আদি বহু  ঘটনা সংঘটিত হয়।
.
কেন্দ্রীয় চৰকাৰে ১৯৮৩ চনৰ ১৪ ফেব্রুৱাৰীৰ পৰা ১৭ ফেব্রুৱাৰীলৈকে নির্বাচনৰ দিন ঘোষণা কৰে। এই নির্বাচনক আদালতলৈকে লৈ যোৱা হয়। শেষ পর্যায়ত কংগ্রেছ নেত্রী ইন্দিৰা গান্ধীৰ হস্তক্ষেপত নির্বাচনৰ আয়োজন কৰা হয়। সেইদিনাৰ পৰাই আসমত অগ্নিগর্ভ পৰিস্থিতিৰ সৃষ্টি হয়। AGSP য়ে নির্বাচন বৰ্জনৰ ঘোষণা দিয়ে। কংগ্রেছ সহ কিছু দলে নির্বাচনৰ পক্ষত মিছিল উলিয়াইছিল। জনতাই নির্বাচনৰ দাবীতে মিছিল কৰিছিল। ভোটৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে সিহঁতে চৰকাৰৰ ওচৰত কঠোৰ হৈ জোৰদাৰভাৱে  দাবী জনাইছিল।

গোটেই অসমত উৰা-বাতৰি বিয়পাই দিয়া হৈছিল এইবুলি যে হাজাৰ হাজাৰ বাংলাদেশী বাংলাদেশৰ পৰা আহি ভোটত অংশ লৈছে। বাংলাদেশীসকলক শিক্ষা দিয়াৰ বাবে AGSP য়ে শপত লয়। গঠন কৰা হয় বেলেগ আৰু এটা ইউনিয়ন। সিফালে ভোট গ্রহণ চলিছিল। অসমৰ মৰিগাওঁ জিলাৰ  এটা অংশৰ কথা। তাত  মোহাম্মাদ হুছেইন নামৰ এক নিৰ্দলীয় প্রার্থীয়ে  হেমেন্দ্র নাৰায়ণ নামৰ এক প্রার্থীক হৰুৱাই  বিপুল ভোটত জয়লাভ কৰে। হেমেন্দ্র নাৰায়ণে ২৫ বছৰ ধৰি সেই এলেকাত শাসন কৰি আহিছিল। তাকে দেখি জ্বলা জুইত ঘি পৰি উত্তপ্ত হোৱাদি জ্বলি উঠে AGSP। প্রতিশোধ লবলৈ  পাগল হৈ পৰে সিহঁত।
.
#নেলী# হত্যাকাণ্ড বা নেলী ম্যাচাকাৰ:-
.
তাৰ পিছত আহিল নেলীৰ সেই আভিশপ্ত দিন ১৮ ফেব্রুৱাৰী ১৯৮৩ চন। সেইটো ৬ ঘণ্টা স্থায়ী হৈছিল। এই দাঙ্গা বা সংঘৰ্ষ স্বাধীন ভাৰতৰ আটাইতকৈ ভয়াৱহ সংঘৰ্ষৰ ভিতৰত এটা।
.
এই হত্যা যজ্ঞত ৫¸০০০ মানুহক হত্যা কৰা হৈছিল¸ যাৰ ভিতৰত ৩¸৫০০টি আছিল শিশু(মুছলিম)।
.
সেই হত্যাকাণ্ডৰ এতিয়ালৈকে এটাও বিচাৰ হোৱা নাই। গণহত্যাৰ মূল চিকাৰ হৈছিল অসমৰ দুখীয়া বাংলাভাষী মুছলিমসকল।
.
অসমৰ ১৪খন গাঁৱত এই হত্যাযজ্ঞ চলোৱা হয়। গাওঁসমূহ সম্পূর্ণৰূপে জ্বলাই দিয়া হয়, তাৰ ভিতৰত এখন  আছিল নেলী। যি ১৪খন গাঁৱত হত্যাযজ্ঞ চলোৱা হৈছিল, সেইকেইখন হ’ল- আলিচিঙা, খোলাপথাৰ, বাসুন্ধৰী, বাগদুবা বিল, বাগদুবা হাবি, বৰজোলা, বুতুনি, ইন্দুৰমাৰি, মাটি-পর্বত, মুলাধাৰী, মাটি-পর্বত নং- ৮, শিলভেটা, বৰবুৰি আৰু নগাওঁ জিলাৰ নীলগ্রাম। এই হত্যাৰ কাৰণ আছিল মূলতঃ অসমৰ বিৰোধী দলৰ দাবী। সিহঁতৰ দাবী আছিল যদি অবৈধ অধিবাসীসকলক আঁতৰোৱা নহয়¸ তেন্তে সিহঁতে নির্বাচনত অংশ নলয়। সিহঁতৰ এই দাবীৰ পৰিপ্ৰেক্ষিতত RSS এ এই হত্যাযজ্ঞ পৰিচালনা কৰে।
.
এই নির্মম হত্যাৰ পিছত ভাৰত চৰকাৰে, মজলুমসকলক মাত্র ৫¸০০০ টকাকৈ আৰ্থিক সাহায্য দিয়ে। ৩১০টা মামলা হয়। এই জঘন্য হত্যাকাৰীসকলৰ কিন্তু পিছত কোনো এটাৰো মিমাংসা হোৱা নাই আৰু অপৰাধীসকলৰো কোনো শাস্তি হোৱা নাই। অসম বা ভাৰতীয়  মুছলিমসকলৰ লগত কৰা অন্যায়ৰ ই এক অন্যতম জঘন্যতম উদাহৰণ।
.
১৯৭১ত পাকিস্তানীসকলৰ  নির্মম পাশৱিক হত্যাযজ্ঞৰ বাবে আমি সিহঁতক হায়না, পিশাচ ইত্যাদি উপাধি দিছোঁ। কিন্তু এই নিষ্পাপ শিশুসকলক যিসকলে হত্যা কৰিছে সিহঁতক আমি কি উপাধি দিম?
.
সেই জঘন্যতম  ঘটনা যাতে বিশ্ববাসীয়ে জানিব নোৱাৰে তাৰ বাবে নেলীৰ উইকিপিডিয়া লিংকৰ পৰা সকলো ছবি/ফটো ডিলেট কৰি দিয়া হৈছে।
.

সূত্রঃ ১) http://www.tehelka.com/story_main41.asp?filename=Ne140309an_untold.asp
২) http://twocircles.net/2009feb20/genesis_anti_foreigners_movement_assam.html
৩) http://en.wikipedia.org/wiki/Nellie_massacre
৪) http://twocircles.net/2009feb22/nellie_1983_crime_no_punishment.html
৫) http://www.somewhereinblog.net/blog/ushra91/29498460Assam agitation:
৬) http://www.milligazette.com/Archives/2005/16-31Jan05-Print-Edition/163101200549.htm

.
তদন্ত : চৰকাৰে নেলীৰ হত্যাকাণ্ডত নিহতলোকৰ পৰিয়ালক ৫,০০০ টকাকৈ সাহায্য প্ৰদান কৰে। এই ঘটনাৰ তদন্ত কৰিবলৈ ত্ৰিভুৱন প্ৰসাদ টিৱাৰীৰ অধীনত গঠন কৰা “তিৱাৰী কমিচন”এ ১৯৮৫ চনত অসম চৰকাৰক ৬০০ পৃষ্ঠাজোৰা প্ৰতিবেদন দাখিল কৰে। কিন্তু হিতেশ্বৰ শইকীয়াৰ নেতৃত্বাধীন কংগ্ৰেছ চৰকাৰে এই প্ৰতিবেদন ৰাজহুৱা নকৰিবলৈ সিদ্ধান্ত লয়। হত্যাকাণ্ডৰ পিছত ৬৮৮টা অপৰাধী গোচৰ ৰুজু কৰা হৈছিল আৰু ৩১০ জনকহে চাৰ্জশ্বীট দিয়া হৈছিল। বাকী ৩৭৮ টা গোচৰ প্ৰমাণ নোহোৱাৰ দোহাই দি বন্ধ কৰা হয়। চাৰ্জশ্বীট দিয়া ৩১০টা গোচৰো অসম চুক্তিমতে ১৯৮৫ চনত গঠিত অসম গণ পৰিষদ চৰকাৰে বাতিল কৰে।[2] নেলীৰ হত্যাকাণ্ডৰ লগত জড়িত কোনো লোকৰ সেইবাবে আজিলৈকে বিচাৰ হোৱা নাই।
1983 চনৰ (নেলী, চমৰীয়া, চাউলধোৱা) স্বদেশী নিৰীহলোকৰ হত্যাকাৰীয়ে শাস্তি পাব নে? মানৱতাৰ খাতিৰত নিৰীহ পৰিয়ালবোৰক অৰ্থ সাহায্য দিব নোৱাৰিনে? (যিহেতু 855 গৰাকী চহিদৰ পৰিয়াললৈ পাঁচ লাখকৈ টকা দিয়া হৈছে)

নেলীৰ হত্যাকাণ্ড হ’ল। বহুত নিৰীহ মানুহৰ মৃত্যু হ’ল¸ কিন্তু ন্যায়ৰ সলনি বহুত বেছি অন্যায় হ’ল।
গতিকে মোৰ মনত কিছুমান প্ৰশ্নৰ উদয় হয় আৰু হোৱাটো স্বাভাৱিক,

১] নেলীৰ হত্যাকাণ্ড সংগঠিত কৰাৰ আঁৰত কোন?

২] মূল অভিযুক্ত কোন?

৩] দোষীক আজিলৈকে কিয় শাস্তি দিয়া নহ’ল ?

৪] কণমানি নিষ্পাপ �শিশুবিলাকৰ কি দোষ আছিল? সিহঁতে ধৰ্মৰ বিষয়ে কিবা জানিছিল নে??

৫] অসম আন্দোলনত নিহত হোৱা হিন্দুসকলক চহিদ ঘোষণা কৰা হ’ল কিন্তু মুছলিমসকলক চহিদ ঘোষণা কৰা নহ’ল কিয়?

৬] হিন্দুসকলক ৫লাখ কৈ টকা দিয়া হৈছে¸ কিন্তু মুছলিমসকল বঞ্চিত কিয়?

৭] বাংলাদেশী খেদাৰ নামত মুছলিমসকলক কিয় হত্যা কৰা হ’ল?

৮] আজিলৈকে কিমান জন বাংলাদেশীক খেদি পঠিয়ালে??

৯] নিহত হোৱাসকলৰ কিমানজনক বাংলাদেশী বুলি চিনাক্ত কৰা হৈছে?

১০] নিহত হোৱাসকল মানুহ নাছিল নেকি??

১১] এনেকৈ নিৰীহ মানুহৰ লগতে কণ কণ শিশুসকলক হত্যা কৰাটো বিশ্বৰ কোন সভ্যতাই বা কোন সংবিধানে অধিকাৰ দিলে??

১২] নগাওঁ আৰক্ষী চকীৰ পৰা জাগীৰোড আৰক্ষীক দুদিন আগতে তেনে ঘটনা সংগঠিত হোৱাৰ সম্ভাৱনা সম্পৰ্কে জনোৱা হৈছিল¸ কিন্তু তাৰ পিছতো কোনো ব্যৱস্থা লোৱা হোৱা নহ’ল কিয়??

১৩] নেলীৰ হত্যাকাণ্ড আৰ এচ এচ ৰ নেতৃত্বত আছুৱে সংগঠিত কৰিছিল¸ তাৰ যথেষ্ট প্ৰমাণ আছে¸ কিন্তু তেতিয়া কেন্দ্ৰৰ লগতে অসমতো কংগ্ৰেছৰ চৰকাৰ আছিল। তেনে ক্ষেত্ৰত আছু আৰু আৰ এচ এচ এ এনে পৰিকল্পিত হত্যাকাণ্ড কেনেকৈ কৰিব পাৰিলে??

১৪] প্ৰফুল্ল কুমাৰ মহন্তৰ লগতে তেতিয়াৰ মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়া ইয়াৰ বাবে জগৰীয়া নহয় নেকি?

১৫] সাম্প্ৰদায়িক সংঘৰ্ষ বন্ধ কৰাটো পুলিচৰ বাবে অতি সহজ¸ কিন্তু নেলীৰ সাম্প্ৰদায়িক সংঘৰ্ষ দীৰ্ঘ ৬ঘণ্টা সময়লৈকে কেনেকৈ স্থায়ী হৈছিল?

১৬] নে কংগ্ৰেছ চৰকাৰ আৰু পুলিচৰ সহযোগিতাত আৰ এচ এচ আৰু আছুৱে পৰিকল্পিতভাৱে কৰিছিল।

১৭] তিৱাৰী কমিচনৰ ৰিপৰ্ট হিতেশ্বৰ শইকীয়াই কিয় ৰাজহুৱা কৰা নাছিল?

১৮] আজি ইমান বছৰ হ’ল। তাৰ পিছতো কোনো ৰাজনৈতিক দলে  বা কোনো মুখ্যমন্ত্ৰীয়ে তিৱাৰী কমিচন ৰাজহুৱা কৰি দোষীসকলক শাস্তি নিদিলে কিয়?

…… আৰু বহুতো ….
মুঠতে আৰ এচ এচ আৰু আছুৱে যদি আমাক বুকুত গুলী কৰি হত্যা কৰিছে¸ তেন্তে নিজকে মুছলিমৰ দৰদী বুলি কোৱা কংগ্ৰেছে আমাৰ পিঠিত গুলীয়াইছে। যদি পৃথিৱীত ন্যায় আৰু মানৱতা আছে¸ তেন্তে নেলীৰ ভুক্তভোগীসকলে ন্যায় পোৱা উচিত। যেতিয়ালৈকে নেলীয়ে ন্যায় নাপাব তেতিয়ালৈকে অসম¸ অসমৰ ৰাজনীতি, ৰাজনৈতিক নেতাসকল আৰু অসমীয়া মানৱতাৰ ইতিহাসত লজ্জিত আৰু কলংকিত হৈ থাকিব।

মই আল্লাহৰ ওচৰত দু’আ কৰোঁ আমাৰ অসমত যেন পুনৰ ২য় বাৰ নেলীৰ দৰে কোনো দুখজনক সংঘৰ্ষ নহয় আৰু যেন কোনো মাক বাপেকে তেওঁৰ সন্তানৰ আৰু  কোনো সন্তানে, ভাই-ভনী, স্ত্ৰীয়ে সিহঁতৰ পৰিয়ালৰ বা আত্মীয় স্বজনৰ মৃত মুখ দেখি নাকান্দে।

অসমত ভাতৃত্ববোধ গঢ়ি উঠক আৰু সকলোৱে মিলাপ্ৰিতীৰে বসবাস কৰক। অসমখন সদায় শান্তিময় হওঁক তাৰেই কামনা কৰোঁ…

Leave a comment