অভিযোগ- ছহীহ হাদীছ পঢ়িব লাগিব, এইটো কোন হাদীছত আছে?

অভিযোগ- ছহীহ হাদীছ পঢ়িব লাগিব, এইটো কোন হাদীছত আছে?

উত্তৰ-
====
হাদীছ -১
আবু কাতাদা (رض الله عنه)ৰ দ্বাৰা বর্ণিত। তেওঁ কৈছে, মই ৰাছূলুল্লাহ ﷺ  ক মিম্বৰৰ পৰা কোৱা শুনিছোঁ যে, ‘মোৰ ওচৰৰ পৰা অধিক হাদীছ বর্ণনা কৰাৰ পৰা বিৰত থাকা। যদি কোনোবাই মোৰ সম্পর্কে কবলৈ ইচ্ছা কৰে, তেনেহ’লে সি যেন সততা ও নিষ্ঠাৰ সৈতেই কয়।’ [ইবন মাজাহ হা/৩৫; ছাহীহাহ ১৭৫৩; হাদীছ হাছান]
.
হাদীছ -২
ইবন আব্বাছ (رض الله عنه)ৰ দ্বাৰা বর্ণিত। তেওঁ কৈছে, ৰাছূলুল্লাহ ﷺ  এ কৈছে- ‘তোমালোকে ভালদৰে জ্ঞানৰ কথা শুনি লোৱা। কিয়নো মানুহে তোমালোকৰ ওচৰৰ পৰা শুনিব। ইয়াৰ পিছত তোমালোকৰ ওচৰৰ পৰা যিসকলে শুনিব, সিহঁতৰ ওচৰৰ পৰাও পৰৱর্তীসকলে শুনিব।‘ [আবু দাউদ হা/৩৬৫৯, হাদীছ ছহীহ]।
.
হাদীছ -৩
যায়িদ বিন চাবিত (رض الله عنه)ৰ দ্বাৰা বর্ণিত। তেওঁ কৈছে, মই ৰাছূলুল্লাহ ﷺ  ক কোৱা শুনিছোঁ, ‘আল্লাহ তা‘আলাই সেই ব্যক্তিৰ চেহেৰা উজ্জ্বল কৰক, যিয়ে মোৰ কোনো কথা শুনিছে, তাৰ পিছত তাক সঠিকভাৱে মনত ৰাখিছে আৰু তেনেদৰেই আনৰ ওচৰত পৌঁছাই দিছে’। [তিৰমিযি হা/২৬৫৬; আবু দাউদ হা/৩৬৬০; ইবন মাজাহ হা/২৩০, হাদীছ ছহীহ]
.
উপৰোক্ত হাদীছসমূহৰ লগতে আৰু প্রায় ১ ডজন হাদীছ আছে যাৰ পৰা স্পষ্টভাৱে প্রমাণিত হয় যে, হাদীছ মুখস্থ কৰা, সঠিকভাৱে মনত ৰখা আৰু কোনো ধৰণৰ মিছা বর্ণনা কৰা অবিহনে তাক প্রচাৰ কৰিবলৈ ৰাছূলুল্লাহ ﷺ  য়ে নির্দেশ দিছে। গতিকে আমি হাদীছ প্রচাৰৰ আগতে নিশ্চিত হব লাগিব সেইটো বিশুদ্ধভাৱে ৰাছূলুল্লাহ ﷺ ৰ পৰা প্রমাণিত হয় নে নহয়। যেনে- ৰাছূলুল্লাহ ﷺ কৈছে,

كَفَى بِالْمَرْءِ كَذِبًا أَنْ يُحَدِّثَ بِكُلِّ مَا سَمِعَ

– মানুহৰ মিথ্যাবাদী হোৱাৰ কাৰণে ইমাখিনিয়েই যথেষ্ট যে, সি যি শুনে (বিনা বিচাৰে) তাকেই বর্ণনা কৰে।[মুছলিম মোকাদ্দমা হা/৫]
.
মহান আল্লাহে আমাক ছহীহ হাদীছৰ জ্ঞান দান কৰক আৰু সেই অনুযায়ী আমল কৰাৰ তৌফিক দান কৰক।
আমীন…!

Leave a comment