অপৰিহাৰ্য্য ইছলামীক জ্ঞান

☞☞  অপৰিহাৰ্য্য ইছলামীক জ্ঞান ☜☜

আল্লাহৰ দৃষ্টিত এগৰাকী সফল মুচলীম হবলৈ হলে নিজক সৰ্বপ্ৰথমে শীৰ্ক ও বিদআতৰ পৰা মুক্ত কৰিব লাগিব আৰু তাওহীদৰ ওপৰত নিজক প্ৰতিষ্ঠা কৰিব লাগিব । এই কাম তেতিয়াহে সম্ভৱ হব , যেতিয়া আমি শীৰ্ক ও বিদআতৰ অৰ্থ নিজে ভালদৰে বুজি পাম । নিজে ভালদৰে বুজিবলৈ হলে , হয় আমি নিজে অধ্যয়ন কৰিব লাগিব অন্যথা জ্ঞানী লোকে আমাক ত্বথ্য সহকাৰে বুজাই দিব লাগিব !

সত্য কথা কবলৈ হলে , আমাৰ সমাজৰ ইছলামৰ জ্ঞানী লোক সকলে সাধাৰণ মানুহক শীৰ্ক/ বিদআত ও তাওহীদ সম্পৰ্কে বিস্তৃত জ্ঞান দিয়াৰ বিষয়টো একেবাৰেই গুৰুত্ব প্ৰদান নকৰে ! দ্বিতীয়তে নিজে অধ্যয়ন কৰি ও দেশ বিদেশৰ ইছলামীয় উলেমা সকলৰ সহায়ত  এই গুৰুত্বপূৰ্ণ  বিষয় সমূহৰ  প্ৰকৃত জ্ঞান কোনোবাই অৰ্জন কৰিবলৈ চেষ্টা কৰিলে বা প্ৰচাৰ কৰাত গুৰুত্ব দিলে সমাজৰ বহু লোকৰ দৃষ্টিত হৈ পৰে খৃষ্টানৰ দালাল ! আহলে খবিছ্ ! গায়ৰে মুকাল্লীদ্ ! লা-মাজহাবী ইত্যাদি ইত্যাদি বিভিন্ন কিবাকিবি !

যি কি নহওঁক কিয় , এই বিষয় সমূহৰ জ্ঞান লৈ নিজৰ লগতে আনকো ভয়ঙ্কৰ বিপদৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰা সকলৰ সৈতে কৰা এই নামাকৰণ ৰাজনীতিয়ে প্ৰকৃততে কাৰ ক্ষতি কৰিছে , সেই বিষয়ে কেতিয়াবা চিন্তা কৰি চাইছেনে ?? এই নামাকৰণ ৰাজনীতিত উৎসাহ যোগোৱা প্ৰতিগৰাকী সদস্যই এবাৰ নিজকে প্ৰশ্ন কৰি চাওকচোন যে , তাওহীদে ৰুবুবিয়্যাহ , তাওহীদে উলুহিয়্যাহ , তাওহীদে আচমা উয়াচ চিফাত , শ্বীৰ্কে আকবৰ , শীৰ্কে আচগৰ ইত্যাদি অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়বোৰ  আপোনালোকে সঁচাকৈয়ে বুজিবলৈ সক্ষম হৈছেনে ?? চহীহ হাদীছে দিয়া বিদআতৰ সংঞ্জা ও ইয়াৰ পৰিণতি সম্পৰ্কে আপোনালোক সতৰ্ক নে ?? এই প্ৰশ্নবোৰ উৎ্থাপিত হোৱাৰ মূল কাৰণ হৈছে যে সাধাৰণ মানুহে লাভ কৰিবলৈ সক্ষম হোৱা ইছলামীক জ্ঞানত এই গুৰুত্বপূৰ্ণ বিষয়বোৰ সাধাৰণতে গুৰুত্ব সহকাৰে আমাক শিকোৱা নহয় ! অথচ তাওহীদৰ গুৰুত্ব অবিহনে শ্বীৰ্ক বিদআতৰ সৈতে লিপ্ত হৈ গোটেই জীৱন চালাত / চিয়াম আদায় কৰিলেও আল্লাহৰ দৃষ্টিত তেনে ইবাদত একেবাৰেই মূল্যহীন ! (নিশ্চয় আল্লাহ সৰ্বঞ্জানী )।

সেয়েহে আমি বিবেচনা কৰোঁ যে , দ্বীন ইছলামৰ বিশেষভাৱে আমি সেইবোৰ বিষয়ৰ জ্ঞান আহৰণত অধিক গুৰুত্ব দিয়া উচিত , যিবোৰ জ্ঞানৰ অঞ্জতাৰ বাবে আমাৰ সমষ্ট জীৱনৰ আমল একেবাৰে মূল্যহীন হৈ যোৱাৰ অৱকাশ থাকে । সেয়েহে আহক ইন শ্বা আল্লাহ আমি সকলোৱে ইছলামীক জ্ঞান আহৰণত গুৰুত্ব দিওঁ , পৰস্পৰে পৰস্পৰক বোকা চতিওৱাৰ মানসিকতা পৰিত্যাগ কৰি একতাৰ দোলেৰে জীৱন গঢ়ো…

Muktabul hussain 

Leave a comment