অন্ধ অনুসাৰীসকলৰ প্ৰতি সতৰ্কবাণী।

অন্ধ অনুসাৰীসকলৰ প্ৰতি সতৰ্কবাণী।।
জাহান্নামীসকলক প্ৰশ্ন কৰা হব। কিহে তোমালোকক ইয়ালৈ লৈ আহিল? তেতিয়া সিহঁতে জাহান্নামৰ পৰাই কব-
ছূৰা আল আহযাব:66 – যিদিনা অগ্নিত সিহঁতৰ মুখমণ্ডল ওলট-পালট কৰা হব; সিদিনা সিহঁতে কব, হায়! আমি যদি আল্লাহৰ আনুগত্য কৰিলোহেঁতেন আৰু ৰাছূলৰ আনুগত্য কৰিলোহেঁতেন!
ছূৰা আল আহযাব:67 – সিহঁতে পুনৰ কব, হে আমাৰ পালনকর্তা, আমি আমাৰ নেতা আৰু জেষ্ঠ্যসকলৰ কথা মানিছিলোঁ, তাৰ পিছত সিহঁতে আমাক পথভ্রষ্ট কৰিছিল।
ছূৰা আল আহযাব:68 – হে আমাৰ পালনকর্তা! সিহঁতক দ্বিগুণ শাস্তি দিয়ক আৰু সিহঁতক মহা-অভিসম্পাত কৰক।
আমাৰ কিছুমানে সততে কৈ থাকে। আমাৰ কি দোষ। হুজুৰসকলে আমাক যেনেকৈ শিকাইছে তেনেকৈ আমল কৰিম। দুনিয়াৰ মাটি-বাৰী কিনাৰ ক্ষেত্ৰত বা বস্তু-বাহানি কিনাৰ ক্ষেত্ৰত কিন্তু খুব সচেতন। ঠগাব নেকি! ঠগ খালো নেকি! ধৰ্ম মানাৰ ক্ষেত্ৰত কিন্তু উদাসীন। মাছ খালে যেনেকৈ কাঁইট বাঁচি খাওঁ ইবাদাতৰ ক্ষেত্ৰটো জাল-জয়ীফ বাঁচি ছহীহ পদ্ধতিত ইবাদাত কৰিব লাগিব। সকলো ধৰণৰ গোঁড়ামি বাদ দি বিদাতী আমলসমূহ পৰিত্যাগ কৰিব লাগিব। নহ’লে কিয়ামতৰ দিনা আমি সৰ্বহাৰা হম।

Leave a comment