ইছলামিক সমাজ ব্যবস্থাত কোৰাণৰ বাণী অপৰিহাৰ্য্য, দৈনন্দিন জীবনৰ যি কোনো সংঘাটৰ উত্তৰ কোৰাণ হদীছত পোৱা যায়, যাৰ দ্বাৰা এক আল্লাহত বিশ্বাসী লোক সকলে শান্তিপূৰ্ণ ভাবে জীবন যাপন কৰিব পাৰে । সেয়ে কোৰানৰ বাণীক জীবন ধাৰণৰ পূৰ্ণ ব্যবস্থা বা পদ্ধতি বুলি কোৱা হয় । ৰোগ ব্যাধি মানুহৰ জীবনৰ অন্তৰ্ভূক্ত্, প্ৰতিজন মানুহ জীবিতকালত বিভিন্ন ৰোগত ৰোগাক্ৰান্ত হোৱা দেখা যায় । ৰোগ বা ৰোগাক্ৰান্ত সম্বন্ধে ইছলাম ধৰ্মত নিৰ্দেশনা এনে ধৰণৰ –
১) ৰোগীক চাবলৈ নোযোৱা লোকক কিয়ামতৰ দিনা সোধা হব :- আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত্, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে – কিয়ামতৰ দিনা আল্লাহ তাআ’লাই কব, হে আদম সন্তান্, মই অসুস্থ হওঁতে মোক চাবলৈ কিয় অহা নাছিলা ? তেওঁ কব – হে প্ৰভু, তোমাক কেনেকৈ চাব আহিম্, তুমিটো সমগ্ৰ বিশ্বৰ মালিক । তেতিয়া আল্লাহে কব – মোৰ অমুক বান্দা অসুখত ভুগিছিল্, তুমি চাবলৈ যোৱা নাছিলা । তুমি নাজানা নে, তেওঁক দেখা কৰিব যোৱা মানে মোক দেখা কৰা । আল্লাহ তাআ’লাই আকৌ কব – হে আদম সন্তান্, মই তোমাৰ ওচৰত খাদ্য বিচাৰিছিলো, কিন্তু তুমি দিয়া নাছিলা । তেওঁ কব – হে প্ৰভু, তুমিটো গোটেই বিশ্বৰ প্ৰতিপালক, তোমাক কি দৰে আহাৰ কৰাম ? আল্লাহে কব – মোৰ অমুক বান্দা ই তোমাৰ ওচৰত খাদ্য বিচাৰি আহিছিল কিন্তু তুমি দিয়া নাছিলা । তুমি নাজানা নে – তেওঁক আহাৰ কৰোৱা হলে মোক তেওঁৰ ওচৰত পালাহেতেন । আল্লাহে আকৌ কব – হে আদম সন্তান ! মই তোমাৰ ওচৰত পানী বিচাৰিছিলো, কিন্তু তুমি পানী দিয়া নাছিলা । তেওঁ কব – হে প্ৰভু, তুমিটো গোটেই বিশ্বৰ প্ৰতিপালক, তোমাক কি দৰে পানী পান কৰাম ? আল্লাহে কব – মোৰ অমুক বান্দাই তোমাৰ ওচৰত পানী বিচাৰিছিল কিন্তু তুমি দিয়া নাছিলা । তুমি নাজানা নে – তুমি তেওঁক পানী পান কৰোৱা হলে মোক তেওঁৰ ওচৰতে পালা হেতেন (মুখতাছাৰু মুছলিম্,হাদীছ নং ১৪৬৫) ।
২) ৰোগীক সেৱা শুশ্ৰুষা কৰাৰ পুৰষ্কাৰ :- আলী (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে যে তেখেতে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা শুনিছে – যি ব্যক্তিয়ে অসুস্থ মুছলিম ভাতৃক চাব যায়, তেওঁ আহি ৰোগীৰ কাষত বহা পৰ্য্যন্ত জন্নতৰ ৰাস্তাত গৈ থাকে, বহাৰ লগে লগে আল্লাহৰ অনুগ্ৰহেৰে আচ্ছাদিত কৰা হয় । পুৱা চাবলৈ গলে সন্ধিয়া পৰ্য্যন্ত আৰু সন্ধিয়া চাবলৈ গলে পুৱা পৰ্য্যন্ত সত্তৰ হাজাৰ ফিৰিস্তাই তেওঁৰ ৰহমতৰ বাবে প্ৰাৰ্থনা কৰে (আহমদ্, ছহীহ ছুনান ইবনে মাজাহ্, হাদীছ নং ১১৮৩) ।
৩) অমুছলিম ৰোগীক সেৱা শুশ্ৰুষা কৰা বৈধ :- আনচ (ৰাঃ) য়ে কৈছে – এজন ইহুদী গোলামে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সেৱা কৰিছিল । তেওঁ অসুখত ভোগাত ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে তেওঁক চাবলৈ গৈ কৈছিল – ‘তুমি মুছলমান হৈ যোৱা’ – তেতিয়া তেওঁ ইছলাম কবুল কৰে (মুখতাছাৰুল বুখাৰী, হাদীছ নং ৬৭৯) ।
৪) ৰোগীক দেখা কৰা সময়ত পঢ়িব লগা দোৱা :- আব্দুল্লাহ ইবনে আব্বাছ (ৰাঃ) দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে যে কোনো অসুস্থ ব্যক্তিৰ ওচৰত “আছ আলুল লা হাল আযিম্, ৰাব্বাল আৰশ্বাল আযিম্, আইয়াছফিয়াক” সাতবাৰ পঢ়িলে আল্লাহে সেই বান্দাৰ ৰোগ মুক্ত কৰে (ছহীহ ছুনান আবু দাউড ২য় খণ্ড হাদীছ নং ২৬৬৩) ।
৫) ৰোগী চাব যোৱা সময়ত উত্তম কথা কোৱা উচিত :- উম্মে চালামা (ৰাঃ) দ্বাৰা বৰ্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছিল – তোমালোকে যেতিয়া অসুস্থ বা মৃত ব্যক্তিক চাব যোৱা তেতিয়া উত্তম কথা পাতিবা, কাৰণ তোমালোকে যি কথা পাতা, ফিৰিস্তা সকলে তাৰ ওপৰত আমীন কৈ থাকে (মুখতাছাৰু মুছলিম হাদীছ নং ৪০২) ।
৬) ৰোগক বেয়া বুলি কোৱা উচিত নহয় :- আব্দুল্লাহ (ৰাঃ) ইবনে মাচুদ দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, তেখেত ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে জ্বৰত ভুগি থকা সময়ত শুশ্ৰুষা কৰি থাকোতে কৈছিল – আপুনি ভীষণ জ্বৰত আক্ৰান্ত্, ইয়াৰ পৰিবৰ্তে আপোনাক দুগুণ দিয়া হব । তেখেতে কলে – হয়, কোনো মুছলিম যেতিয়া কোনো ৰোগত কষ্ট পাই থাকে, আল্লাহে তেওঁৰ গুনাহ, বসন্তৰ আগমনত গছ গছনিৰ পাত সৰাৰ দৰে আঁতৰাই পথায় (মুখতাছাৰু বুখাৰী হাদীছ নং ১৯৫৩) ।
৭) অসুস্থ অৱস্থাত ৰোগীৰ দোৱা কবুল হয় :- ইবনে আব্বাছ (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে – ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছিল, পাঁচ ব্যক্তিৰ দোৱা কবুল হয় – মজলুমৰ দোৱা প্ৰতিশোধৰ পূৰ্বে, হজ্জআদায় কাৰীৰ দোৱা ঘৰলৈ ঘূৰি অহাৰ পূৰ্বে, মুজাহিদৰ দোৱা জিহাদৰ পৰা ঘূৰি অহাৰ পূৰ্বে, অসুস্থ ব্যক্তিৰ দোৱা সুস্থ হোৱাৰ পূৰ্বে আৰু এজন মুছলিম ভাইৰ দোৱা অনুপস্থিত মুছলিম ভাইৰ বাবে (বুখাৰী মিছকাতুল মাছাবীহ, হাদীছ নং ২৬৬০) ।
ৰোগ বা ৰোগাক্ৰান্ত সম্বন্ধে ইছলামৰ ধৰ্মৰ নিৰ্দেশনা এনেধৰণৰ
আচ্ছালামুআলাইকুম ওৱা ৰহমতুল্লাহি ওৱা বাৰাকাতুহু