________________________________
আবূ বাকৰ ইবনু আবূ শাইবাহ (ৰহঃ) ….. ইবনু মাছউদ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে- সকলোতকৈ শেষত এজন ব্যক্তি জান্নাতত প্রৱেশ কৰিব। সি এবাৰ সন্মুখলৈ খোজ কাঢ়িব আকৌ এবাৰ ওপৰ হৈ পৰি যাব। জাহান্নামৰ জুয়ে তাক পুৰি থাকিব। অগ্নিসীমা অতিক্রম কৰাৰ পিছত সি তাৰ ফালে উভতি চাব আৰু কব, সেই সত্ত্বা কিমান মহিমাময় যিয়ে মোক তোমাৰ পৰা নাযাত দিছে। তেওঁ মোক এনেকুৱা বস্তু দান কৰিছে যিটো পূর্বৰ বা পিছৰ কাকো প্রদান কৰা নাই।
ইয়াৰ পিছত তাৰ সন্মুখত এডাল গছ উদ্ভাসিত হৈ উঠিব; (যাক দেখি) সি কব, হে প্রতিপালক! মোক এই গছডালৰ নিকটৱর্তী কৰি দিয়া, যেন মই ইয়াৰ ছায়া গ্রহণ কৰিব পাৰোঁ আৰু ইয়াৰ তলত প্রবাহিত পানীৰ পৰা পিয়াহ নিবাৰণ কৰিব পাৰোঁ। আল্লাহ তা’আলাই কব- হে আদাম সন্তান যদি মই তোমাক সেইটো দান কৰোঁ, তেন্তে হয়তো তুমি আকৌ অন্য এটিৰ প্রার্থনা কৰি বহিবা। তেতিয়া সি কব, নহয়, হে প্ৰভু! ইয়াৰ অতিৰিক্ত একো নিবিচাৰোঁ, বুলি কৈ সি আল্লাহ তা’আলাৰ ওচৰত কছম কৰিব আৰু আল্লাহেও তাৰ ওজৰ গ্রহণ কৰিব। কাৰণ সি এনেকুৱা সকলো বস্তু প্রত্যক্ষ কৰিছে যিবোৰ দেখি ধৈৰ্য ধৰাটো অসম্ভৱ। ইয়াৰ পিছত আল্লাহ তা’আলাই তাক এই গাছডালৰ নিকটৱর্তী কৰি দিব, আৰু সি তাৰ ছায়া গ্রহণ কৰিব ও পানী পান কৰিব।
তাৰ পিছত আকৌ এডাল গছ উদ্ভাসিত হৈ উঠিব; যিডাল প্রথমডালতকৈ অধিক সুন্দৰ। তাকে দেখি সি প্রার্থনা কৰিব, হে পৰওৱাৰদিগাৰ! মোক এই গছৰ নিকটৱর্তী কৰি দিয়া, যেন মই তাৰ পৰা পানী পান কৰিব পাৰোঁ আৰু ইয়াৰ ছায়া গ্রহণ কৰিব পাৰোঁ। ইয়াৰ পিছত আন একোৰে প্রার্থনা নকৰোঁ। আল্লাহে উত্তৰ দিব- আদম সন্তান! তুমি মোৰ কছম কৰি কোৱা নাছিলানে, আৰু কোনোটিৰ প্রার্থনা নজনাওঁ বুলি। তেওঁ আৰু কব- যদি মই তোমাক তাৰ নিকটৱর্তী কৰি দিওঁ তেন্তে তুমি হয়তো আৰু কিবাৰ বাবে প্রার্থনা কৰিবা। সি আন একো নিবিচাৰে বুলি কছম কৰিব। আল্লাহ তা’আলাই তাৰ এই ওজৰ কবুল কৰিব। কাৰণ সি এনেকুৱা সকলো বস্তু প্রত্যক্ষ কৰিছে যিবোৰ দেখি ধৈৰ্য ধৰাটো সম্ভৱ নহয়। ইয়াৰ পিছত তেওঁ তাক ইয়াৰ নিকটৱর্তী কৰি দিব, আৰু সি ইয়াৰ ছায়া গ্রহণ কৰিব ও পানী পান কৰিব।
ইয়াৰ পিছত পুনৰ জান্নাতৰ দৰ্জাৰ ওচৰত আন এডাল গছ উদ্ভাসিত হৈ উঠিব, এইডাল পূর্বৰ গছ দুডালতকৈও সুন্দৰ। সেয়ে সি কৈ উঠিব, হে প্রতিপালক! মোক এই গছৰ নিকটৱর্তী কৰি দিয়া, যাতে মই ইয়াৰ ছায়া গ্রহণ কৰিব পাৰোঁ আৰু পানী পান কৰিব পাৰোঁ। মই আৰু একো প্রার্থনা নকৰোঁ। আল্লাহে কব- হে আদাম সন্তান! তুমি মোৰ ওচৰত আৰু একো নিবিচাৰোঁ বুলি কছম কৰা নাইনে? সি উত্তৰত কব, নিশ্চয় কৰিছোঁ। হে প্রভু! কিন্তু এইটোৱেই, আৰু একো নিবিচাৰোঁ। আল্লাহে তাৰ ওজৰ গ্রহণ কৰিব, কাৰণ সি এনেকুৱা সকলো বস্তু প্রত্যক্ষ কৰিছে যিবোৰ দেখি ধৈৰ্য ধৰাটো অসম্ভৱ। তেওঁ তাক ইয়াৰ নিকটৱর্তী কৰি দিব। যেতিয়া তাক নিকটৱর্তী কৰি দিয়া হ’ব আৰু জান্নাতীসকলৰ কণ্ঠস্বৰ তাৰ কাণত ধ্বনিত হ’ব, তেতিয়া সি কব, হে প্রতিপালক! মোক জান্নাতত প্রৱেশ কৰাই দিয়ক। আল্লাহে কব- হে আদাম সন্তান! তোমাৰ কামনা ক’ত গ’লে শেষ হ’ব? মই যদি তোমাক পৃথিৱী আৰু তাৰ সমপৰিমাণ বস্তু দান কৰোঁ তেন্তে তুমি পৰিতৃপ্ত হ’বানে? সি কব, হে প্রতিপালক আপুনি ঠাট্টা বিদ্রূপ কৰিছে! আপুনি তো সমগ্ৰ জাহানৰ প্রতিপালক।
এই কথাটি বর্ণনা কৰিবলৈ গৈ বর্ণনাকাৰী ইবনু মাছউদ ৰাদ্বিয়াল্লাহু আনহুৱে হাঁহি দিলে, আৰু ক’লে, মই কিয় হাঁহিলো সেইটো তোমালোকে প্ৰশ্ন নকৰা নেকি? তেওঁলোকে সুধিলে, কিয় হাঁহিছে? তেতিয়া তেওঁ ক’লে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামেও অনুৰূপ হাঁহিছিল। ছাহাবাসকলে প্ৰশ্ন কৰিছিল, হে আল্লাহৰ ৰাছূল! কিয় হাঁহিছে? ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক’লে- এইকাৰণে যে, সেই ব্যক্তিজনৰ এই উক্তি “আপুনি মোৰ সৈতে ঠাট্টা-বিদ্রূপ কৰিছে, আপুনিতো সমগ্ৰ জাহানৰ প্রতিপালক” শুনি আল্লাহ ৰাব্বুল আলামীনে হাঁহিছিল কাৰণে মই হাঁহিলোঁ। যিয়ে নহওঁক আল্লাহে তাক কব- তোমাৰ সৈতে ঠাট্টা কৰা নাই। মনত ৰাখা, মই মোৰ সকলো ইচ্ছাৰ ওপৰত ক্ষমতাৱান। (ছহীহ মুছলিম ৩৫১-(৩১০/১৮৭), ইছলামিক ফাউণ্ডেচন হা/৩৫৯, ইছলামিক চেন্টাৰ হা/৩৭০)