সাধাৰণতে আজানৰ সময়ত দেখা যায় আকাশৰ ফালে মুখ কৰি উচ্চস্বৰত কুকুৰবোৰে ভুকভুকাই থাকে । তেতিয়া অধিকাংশ মানুহৰ মনত প্রশ্ন জাগে যে আজানৰ সময়ত কুকুৰবোৰে ভুকভুকাই কিয় ?

সাধাৰণতে আজানৰ সময়ত দেখা যায় আকাশৰ ফালে মুখ কৰি উচ্চস্বৰত কুকুৰবোৰে ভুকভুকাই থাকে । তেতিয়া অধিকাংশ মানুহৰ মনত প্রশ্ন জাগে যে আজানৰ সময়ত কুকুৰবোৰে ভুকভুকাই কিয় ? এই প্রশ্নৰ উত্তৰ পোৱা যায় হাদীছত । ”আজান দিলে কুকুৰবোৰে ভুকভুকাই উঠে । ইয়াৰ কাৰণ হ’ল–আজানৰ শব্দ শুনিলে শ্বয়তানে বায়ু ত্যাগ কৰি পলায়ন কৰিবলৈ ধৰে ।”—চহীহ বুখাৰী,মুছলিম,মিশ্বকাত “মুৰ্গীয়ে ফিৰিস্তা দেখিলে ৰাও কাঢ়ে ।”—চহীহ মুছলিম “গাধই শ্বয়তান দেখিলে চিৎকাৰ কৰে ।—চহীহ মুছলিম “কুকুৰ আৰু গাধই অনিষ্ট সৃষ্টিকাৰীবিলাক ( জিন-শ্বয়তান)ক দেখিলে চিৎকাৰ কৰি উঠে ।”—আবু দাউদ, মিশ্বকাত জাবিৰ ৰাজি আল্লাহু তাআ’লা আনহুৰ পৰা বর্ণিত, তেওঁ কয়,মই নবী কৰীম চল্লল্লাহু আলাইহি ৱা চাল্লামে কোৱা শুনিছোঁ,তেখেতে কৈছে,”যেতিয়া তোমালোকে ৰাতি কুকুৰৰ চিৎকাৰ আৰু গাধৰ মাত শুনা পাবা,তেতিয়া আল্লাহৰ ওচৰত অভিশপ্ত শ্বয়তানৰপৰা পানাহ্ বিচাৰিবা । কিয়নো সিহঁতে এনে কিবাকিবি দেখিবলৈ পায়,যিবোৰ তোমালোকে দেখা নোপোৱা ।”—মিশ্বকাত কুকুৰৰ ভুকভুকনি শুনিলে পঢ়িব লাগে– أعوذ بالله من الشيطان الرجيم আউযুবিল্লাহি মিনাশ্ব শ্বায়ত্বানিৰ ৰাজীম ।

Leave a comment