সাতটা ধ্বংসকাৰী বিষয়

#সাতটা_ধ্বংসকাৰী_বিষয়:
আবূ হুৰাইৰাহ্ ৰাদ্বিয়াল্লাহু আনহুৰ সূত্রে নাবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামৰ পৰা বর্ণিত। তেওঁ কৈছে- ‘তোমালোকে, সাতটা ধ্বংসকাৰী বিষয়ৰ পৰা বিৰত থাকিবা’। চাহাবীসকলে প্ৰশ্ন কৰিলে, ‘হে আল্লাহৰ ৰাছূল! সেইবোৰ কি’? তেওঁ ক’লে,
১। ‘আল্লাহৰ সৈতে শ্বিৰ্ক কৰা।
২। যাদু কৰা।
৩। আল্লাহ্ তা‘আলাই যাক হত্যা কৰা হাৰাম কৰিছে, শ্বৰীয়ত সন্মত কাৰণ ব্যতীত তাক হত্যা কৰা।
৪। সুত খোৱা।
৫। এতিমৰ সম্পদ আত্মসাৎ কৰা।
৬। যুদ্ধক্ষেত্ৰৰ পৰা পলায়ন কৰা।
৭। সতী-সাধ্বী মুমিন মহিলাক অপবাদ দিয়া’।
(ছহীহ বুখাৰী হা/২৭৬৬, ৫৭৬৪, ৬৮৫৭; মুছলিম ১/৩৮ হা/৮৯, আধুনিক প্রকাশনী হা/২৫৬৩, ইছলামিক ফাউণ্ডেচন হা/২৫৭৫)।

Leave a comment