☞☞ সাজপোছাক ☜☜
পাইজামা-পাঞ্জাবী আৰু টুপীকেই যদি কোনোবাই চুন্নতি লেবাচ বুলি দাবী কৰিব বিচাৰে , তেওঁলোকৰ প্ৰকৃততে পুৰুষৰ ইছলামীয় সাজপোছাক সম্পৰ্কীয় শ্বৰীয়তৰ নিৰ্দেশনাৰ বিষয়ে কোনো জ্ঞানেই নাই যেন লাগে !! কিয়নো চহীহ হাদীছৰ ” কিতাবুল লেবাচ্ ” অধ্যায় অধ্যয়ন কৰিলে দেখা যায় যে- পুৰুষৰ দোয়ো কান্ধৰ পৰা আৰম্ভ কৰি শৰীৰ ও লজ্জাস্হানক লৈ দোয়ো আঠুৰ তললৈকে ঢাকি থকাকৈ পুৰুষ সকলক সাজপোছাক পিন্ধিবলৈ শ্বৰীয়তে নিৰ্দেশ কৰিছে ।ব্যৱহৃত কাপোৰ ইপাৰ সিপাৰ দেখাকৈ পাতল হব নালাগে আৰু শৰীৰত লিপিত্ খাই লাগি থকাকৈ টাইট্ ফিট্ নহৈ আহল বহল হব লাগে । বহু ক্ষেত্ৰত নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰিয় ৰংৰ সাজপোছাকৰ বিষয়ে এই অধ্যায়ত পঢ়িবলৈ পোৱা যায় । নিশ্চিত ভাবে উল্লেখিত স্বৰ্ত সমূহ পূৰ্ণ কৰা সাজপোছাককহে আমি প্ৰয়োজন অনুসৰি ” চুন্নতি লেবাচ্ ” বুলি নামাকৰণ কৰাটোহে যুক্তিসংগত বুলি বিবেচনা কৰো ! এনে স্হলত কেৱল পাঞ্জাবী পাইজামা আৰু টুপীকহে কিহৰ ভিত্তিত ” চুন্নতি লেবাচ্ ” বুলি এচাম লোকে অভিহিত কৰিছে ?? যদি ইয়াৰ সপক্ষে কাৰোবাৰ ওচৰত গ্ৰহণযোগ্য হাদীছ আছে , তেন্তে সেই হাদীছ ত্বথ্য সহকাৰে ৰাজহুৱা কৰিবলৈ আহ্বান জনালোঁ !! অন্যথা দ্বীনৰ নামত এনে এক মনেগঢ়া ভূৱা প্ৰচাৰে আমাক জাহান্নামলৈ প্ৰেৰণ কৰাৰ এক অন্যত্বম কাৰক হৈ যাব পাৰে !!
সেয়েহে সাৱধান !! কাৰোবাৰ মুখৰ কথা শুনি ইছলামৰ বিষয়ে কোনো কথাই প্ৰচাৰ কৰাটো একেবাৰেই অনুচিত , যেতিয়ালৈকে আমি তাৰ গ্ৰহণযোগ্য দলীলৰ সম্ভেদ নাপাওঁ ।উপৰোক্ত প্ৰচাৰ যদি সত্য হয় তেন্তে ইংলেণ্ড, আমেৰিকা আদি দেশৰ ইছলাম ধৰ্মীয় সকলো লোকেই দেখুন তথাকথিত ইছলামীয় পোছাক পৰিধান নকৰাৰ অপৰাধেৰে দণ্ডিত হব !!
আল্লাহে আমাক সকলোকে চহীহ ইছলামৰ জ্ঞান ত্বথ্যভিত্তিক ভাবে জানিবলৈ দি নিজে আমল কৰাৰ লগতে আনৰ বাবে প্ৰচাৰ কৰাৰ তৌফিক দান কৰক ! আমীন । । । । ।

— Muktabul Hussain