৫. (ক,খ) সর্বাৱস্থাত ছালাতত ছুৰা ফাতিহা পাঠ কৰাৰ দলীল সমূহ
৫. (ক) সর্বাৱস্থাত ছালাতত ছুৰা ফাতিহা পাঠ কৰাৰ দলীল সমূহ-
(أدلة قراءة الفاتحة في الصلاة) :
ইমাম আৰু মুক্তাদী সকলৰ বাবে সকলো প্রকাৰ ছালাতত প্রতি ৰাক‘আতত ছুৰাত ফাতিহা পাঠ কৰা ফৰজ। প্রধান দলীল সমূহ :
(১) হযৰত উবাদাহ বিন ছামিত (ৰাঃ) পৰা বর্ণিত ৰাছুলুল্লাহ (ছাঃ) ইৰশাদ কৰে, لاَ صَلاَةَ لِمَنْ لَّمْ يَقْرَأْ بِفَاتِحَةِ الْكِتَابِ، مُتَّفَقٌ عَلَيْهِ(‘লা ছালা-তা লিমান লাম ইয়াক্বৰা’ বিফা-তিহাতিল কিতা-ব’) ‘ সেই ব্যক্তিৰ ছালাত সিদ্ধ নহয়, যি ব্যক্তি ছুৰাত ফাতিহা পাঠ নকৰে ’। [22]
(২) ছালাতত ভুলকাৰী (مسئ الصلاة) জনৈক ব্যক্তিক প্রশিক্ষণ দিবলৈ গৈ ৰাছুলুল্লাহ (ছাঃ) ইৰশাদ কৰে, … ثُمَّ اقْرَأْ بِأُمِّ الْقُرْآنِ وَبِمَا شَآءَ اللهُ أَنْ تَقْرَأَ ‘তাৰপিছত তুমি ‘উম্মুল কুৰআন’ অর্থাৎ ছুৰাত ফাতিহা পঢ়িবা আৰু যিমানখিনি আল্লাহ ইচ্ছা কৰে কুৰআনৰ পৰা পাঠ কৰিবা’…। [23]
(৩) আবু সাঈদ খুদৰী (ৰাঃ) কৈছে, أُمِرْنَا أَنْ نَقْرَأَ بِفَاتِحَةِ الْكِتَابِ وَمَا تَيَسَّرَ ‘আমি আদিষ্ট হৈছিলো যে আমি ছুৰাত ফাতিহা পঢ়ো আৰু (কুৰআনৰ পৰা) যি সহজ ভাৱ হয় (সেয়া পঢ়ো)’।[24]
(৪) আবু হুৰায়ৰা (ৰাঃ) কৈছে, أَمَرَنِيْ رَسُوْلُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ أَنْ أُنَادِيَ أَنَّهُ لاَ صَلاَةَ إِلاَّ بِقِرَاءَةِ فَاتِحَةِ الْكِتَابِ فَمَا زَادَ- ‘ৰাছুলুল্লাহ (ছাঃ) মোক নির্দেশ দিয়ে যে মই এই কথা ঘোষণা কৰি দিওঁ যে, ছালাত সিদ্ধ নহয় ছুৰাত ফাতিহা ব্যতীত। তাৰপিছত অতিৰিক্ত কিবা’।[25] ইয়াত প্রথমত ছুৰাত ফাতিহা,তাৰপিছত কুৰআনৰ পৰা যি সহজ ভাৱ হয়, তাৰপৰা অতিৰিক্ত কিছু পঢ়িব নির্দেশ দিয়া হৈছে।
(৫) আল্লাহ কৈছে, وَإِذَا قُرِئَ الْقُرْآنُ فَاسْتَمِعُوْا لَهُ وَأَنْصِتُوْا… (‘ওয়া এযা কুৰিয়াল কুৰআ-নু ফাছতামি‘ঊ লাহূ ওয়া আনছিতূ’)। অর্থ : ‘যেতিয়া কুৰআন পাঠ কৰা হয়, তেতিয়া তোমালোকে সেয়া মনোযোগ দি শ্রৱণ কৰা আৰু চুপ থাকা’… (আ‘ৰাফ ৭/২০৪)।
আনাচ (ৰাঃ) ৰ বর্ণিত হাদীছত ৰাছুলুল্লাহ (ছাঃ) মুছল্লীসকলৰ উদ্দেশ্যে কৈছে, أَتَقْرَءُوْنَ فِيْ صَلاَتِكُمْ خَلْفَ الْإِمَامِ وَالْإِمَامُ يَقْرَأُ ؟ فَلاَ تَفْعَلُوْا وَلْيَقْرَأْ أَحَدُكُمْ بِفَاتِحَةِ الْكِتَابِ فِيْ نَفْسِهِ، أَخْرَجَهُ ابْنُ حِبَّانَ- ‘তোমালোকে কি ইমামৰ ক্বিৰাআত অৱস্থাত পিছফালে কিবা পাঠ কৰি থাকা? এইটো নকৰিবা। আৰু কেৱলমাত্র ছুৰাত ফাতিহা মনে মনে পাঠ কৰিবা’।[26]
(৬) হযৰত আবু হুৰায়ৰা (ৰাঃ) ৰ পৰা বর্ণিত ৰাছুলুল্লাহ (ছাঃ) ইৰশাদ কৰে, مَنْ صَلَّى صَلاَةً لَمْ يَقْرَأْ فِيْهَا بِأُمِّ الْقُرْآنِ فَهِيَ خِدَاجٌ، فَهِيَ خِدَاجٌ، فَهِيَ خِدَاجٌ، غَيْرُ تَمَامٍ ‘যি ব্যক্তি ছালাত আদায় কৰিলে, যাৰ মাজত ‘কুৰআনৰ সাৰবস্ত্ত’ অর্থাৎ ছুৰাত ফাতিহা পাঠ নকৰিলে , তেওঁৰ সেই ছালাত বিকলাঙ্ক, বিকলাঙ্ক, বিকলাঙ্ক, অপূর্ণাঙ্গ’…। ৰাবী হযৰত আবু হুৰায়ৰা (ৰাঃ) -ক কোৱা হ’ল, আমি যেতিয়া ইমামৰ পিছফালে থাকো, তেতিয়া কিভাৱে পঢ়িম? তেওঁ ক’লে, إقْرَأْ بِهَا فِيْ نَفْسِكَ (ইক্বৰা’ বিহা ফী নাফছিকা) ‘তুমি এইটো মনে মনে পঢ়া’। ইয়াৰ বাহিৰে উক্ত হাদীছত ছুৰা ফাতিহাক আল্লাহ আৰু বান্দাৰ মাজত আধা কৰি দুভাগত ভাগ কৰা হৈছে আৰু কোৱা হৈছে وَلِعَبْدِيْ مَا سَأَلَ ‘আৰু মোৰ বান্দা যি বিচাৰিব, সেয়াই পাব’।[27] ইমাম আৰু মুক্তাদী উভয়েই আল্লাহৰ বান্দা। অৰ্থাৎ উভয়েই ছুৰা ফাতিহা পাঠৰ মাধ্যমত আল্লাহৰ ওচৰত ‘ছিৰাতে মুস্তাক্বীম’-ৰ সর্বোত্তম হিদায়াত প্রার্থনা কৰিব। ৰাছুলুল্লাহ (ছাঃ) আৰু তেওঁৰ ছাহাবীসকল আমাক যি দিশত পথনির্দেশ দান কৰিছে।
উল্লেখ্য যে, উক্ত হাদীছত ছুৰা ফাতিহাক দুভাগত ভাগ কৰা হৈছে। ১ম ভাগত আলহামদু…ৰ পৰা প্রথম তিনটি আয়াতত আল্লাহৰ প্রশংসা আৰু ২য় ভাগত ইহ্দিনাছ… ৰ পৰা শেষৰ তিনটা আয়াতত বান্দাৰ প্রার্থনা আৰু ইইয়াকা না‘বুদু…-ক মধ্যৱর্তী আয়াত হিচাবে গণ্য কৰা হৈছে। যি আল্লাহ ও বান্দাৰ মাজত বিভক্ত। ইয়াৰ মাজত বিছমিল্লাহ-ক চামিল কৰা হোৱা নাই। ফলত এই হাদীছ অনুযায়ী বিছমিল্লাহ ছুৰা ফাতিহাৰ অংশ নহয়।
‘খিদাজ’ (خِدَاجٌ) অর্থ : সময় অহাৰ পূর্বেই যি সন্তান ভূমিষ্ঠ হয়, যদিও সি পূর্ণাংগ হয় (আল-মু‘জামুল ওয়াচীত্ব)। খাত্ত্বাবী কৈছে, ‘আৰববাসী সকলে সেই বাচ্চাক ‘খিদাজ’ কয়, যি ৰক্তপিন্ড আকাৰত অসময়ত গর্ভচ্যুত হয় আৰু যাৰ আকৃতি চিনিব পৰা নাযায়’। আবু ওবায়িদ কৈছে, ‘খিদাজ’ হ’ল গর্ভচ্যুত মৃত সন্তান, যি কামত নাহে’। [28] তাৰপিছত ছুৰাত ফাতিহা বিহীন ছালাত প্রাণহীন অপূর্ণাংগ বাচ্চাৰ ন্যায়, যি কোনো কামত নালাগে ।
(৭) হযৰত ওবাদাহ বিন ছামিত (ৰাঃ) কৈছে, আমি একদা ফজৰৰ জামা‘আতত ৰাছুলুল্লাহ (ছাঃ)-ৰ পিছফালে ছালাত পঢ়াত আছিলো। এনে সময় মুক্তাদীসকলে কোনোবাই জোৰেৰে কিছু পাঠ কৰিলে ৰাছুল (ছাঃ)-ৰ বাবে ক্বিৰাআত কঠিন হৈ পৰে। তেতিয়া ছালাম ফিৰোৱাৰ পিছত তেওঁ ক’লে, সম্ভৱতঃ তোমালোকে তোমালোকৰ ইমামৰ পিছফালে কিবা পঢ়ি থাকিবা? আমি কলো, হয়। জবাবত ৰাছুলুল্লাহ (ছাঃ) ক’লে, لاَ تَفْعَلُوْا إِلاَّ بِفَاتِحَةِ الْكِتَابِ فَإِنَّهُ لاَ صَلاَةَ لِمَنْ لَمْ يَقْرَأْ بِهَا ‘এনেকুৱা নকৰিবা কেৱল ছুৰাত ফাতিহা ব্যতীত। কিয়নো ছালাত সিদ্ধ নহয় যি ব্যক্তি এইটো পাঠ নকৰে’।[29]
ঘটনা এই যে, প্রথম দিশত ৰাছুলুল্লাহ (ছাঃ)-ৰ লগে লগে বহুতে ইমামৰ পিছফালে জোৰে ক্বিৰাআত কৰিছিল।বহুতে প্রয়োজনীয় কথাও কৈছিল। তাত ইমামৰ ক্বিৰাআতত বিঘিনি ঘটিছিল। ইয়াৰ বাহিৰেও মুশ্বৰিকসকলেও ৰাছুল (ছাঃ)-ৰ কুৰআন পাঠৰ সময়ত ইচ্ছাকৃতভাৱে হুৱৰি দিছিল আৰু হাততালি দি বিঘনি ঘটাইছিল। সেইকাৰণে উপৰোক্ত আয়াত (আ‘ৰাফ ৭/২০৪) নাজিলৰ মাধ্যমত সকলোকে কুৰআন পাঠৰ সময়ত চুপ থাকিব আৰু সেয়া মনোযোগ দি শুনিব আদেশ কৰা হৈছে।[30] এই নির্দেশ ছালাতৰ মাজত আৰু বাহিৰত সর্বাৱস্থাত প্রযোজ্য। তাৰপিছত পূর্বোক্ত উবাদাহ, আবু হুৰায়ৰা ও আনাচ (ৰাঃ) প্রমুখ্যে বর্ণিত হাদীছ সমূহৰ মাধ্যমত জেহৰী ছালাতত ইমামৰ পিছফালে কেৱলমাত্র ছুৰাত ফাতিহা নীৰৱে পঢ়িব ‘খাছ’ ভাৱে নির্দেশ দিয়া হৈছে, অন্য কোনো ছুৰাত নহয়।
অৰ্থাৎ উক্ত ছহীহ হাদীছ সমূহ পূর্বোক্ত কুৰআনী আয়াতৰ (আ‘ৰাফ ৭/২০৪) ব্যাখ্যা হিচাবে আহিছে, বিৰোধী হিচাবে নহয়। ৰাছুলুল্লাহ (ছাঃ)-ৰ উক্ত ব্যাখ্যা নিঃসন্দেহে ‘অহি’ দ্বাৰা প্রত্যাদিষ্ট, তেওঁৰ নিজৰ পক্ষৰ পৰা নহয়। অৰ্থাৎ অহি-ৰ বিধান অনুসৰণত সর্বাৱস্থাত ছালাতত ছুৰাত ফাতিহা পাঠ কৰা অৱশ্যে কর্তব্য।
৫. (খ) বিৰোধীসকলৰ দলীলসমূহ আৰু তাৰ জওয়াব
(أدلة المخالفين للقراءة وجوابها) :
ইমামৰ পিছফালে জেহৰী বা চেৰ্ৰী কোনো প্রকাৰ ছালাতত ছুৰাত ফাতিহা পাঠ কৰা নাযায় -এই মর্মে যিসকলে অভিমত পোষণ কৰে, তেওঁলোকৰ প্রধান দলীল সমূহ নিম্নৰূপ :
(১) ছুৰা আ‘ৰাফ ২০৪ আয়াতত ক্বিৰাআতৰ সময়ত চুপ থাকি মনোযোগ দি সেয়া শুনিব কোৱা হৈছে। তাত বিশেষ কোনো ছুৰাক ‘খাছ’ কৰা হোৱা নাই। ইয়াত হাদীছৰ দ্বাৰা ছুৰাত ফাতিহা খাছ কৰিলে তা কুৰআনী আয়াতক ‘মনচূখ’ বা হুকুম ৰহিত কৰাৰ চামিল হব। অথচ ‘হাদীছ দ্বাৰা কুৰআনী হুকুমক মানচূখ কৰা নাযায়’। [31]
জবাব : ইয়াত ‘মনচূখ’ হোৱাৰ প্রশ্নই নুঠে। আৰু হাদীছত ব্যাখ্যাকাৰে বর্ণিত হৈছে আৰু কুৰআনৰ মাজৰ পৰা উম্মুল কুৰআনক ‘খাছ’ কৰা হৈছে (হিজৰ ১৫/৮৭)। যেনেকৈ কুৰআনত সকলো উম্মতক লক্ষ্য কৰি ‘মীৰাছ’ বণ্টনৰ সাধাৰণ আদেশ দিয়া হৈছে (নিছাঃ ৪/৭,১১)। কিন্তু হাদীছত ৰাছুলুল্লাহ (ছাঃ)-ৰ সম্পত্তি তেওঁৰ উত্তৰাধিকাৰী সন্তানসকলে নাপায় বুলি ‘খাছ’ ভাৱে নির্দেশ দিয়া হৈছে।[32]
মূলতঃ ৰাছুলুল্লাহ (ছাঃ)-ৰ আগমন ঘটিছিল কুৰআনৰ ব্যাখ্যাকাৰী হিচাবে[33] আৰু সেই ব্যাখ্যাও আছিল পৰস্পৰ আল্লাহ কর্তৃক প্রত্যাদিষ্ট।[34] অৰ্থাৎ ৰাছুল (ছাঃ)-ৰ প্রদত্ত ব্যাখ্যা প্রত্যাখ্যান কৰা ‘অহিয়ে গায়েৰ মাতলু’ বা আল্লাহৰ অনাবৃত্ত অহি-ক প্রত্যাখ্যান কৰাৰ চামিল হব।
(২) হযৰত আবু হুৰায়ৰা (ৰাঃ) কৈছে, একদা এক জেহৰী ছালাতত ছালাম ফিৰাই ৰাছুলুল্লাহ (ছাঃ) মুছল্লীসকলৰ সুধিলে, তোমালোকৰ মাজত কোনাবাই কি এইমাত্র মোৰ লগত কুৰআন পাঠ কৰিছে? এজনে ক’লে, জি-হয়। ৰাছুলুল্লাহ (ছাঃ) ক’লে, সেইবাবে কওঁ, مَا لِيْ أُنَازِعُ القُرْآنَ ‘ মোৰ ক্বিৰাআতত কিয় বিঘিনি সৃষ্টি হৈছে’? ৰাবী কৈছে,- فَانْتَهَى النَّاسُ عَنِ الْقِرَاءَةِ مَعَ رَسُوْلِ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِيْمَا جَهَرَ فِيْهِ ‘ইয়াৰপিছৰ পৰা লোকসকলে জেহৰী ছালাতত ৰাছুল (ছাঃ)-ৰ লগত ক্বিৰাআত কৰাৰ পৰা বিৰত হ’ল’।[35]
জবাব : হাদীছৰ বক্তব্যত বুজা যায় যে, মুক্তাদীসকলৰ মাজত কোনোবাই ৰাছুল (ছাঃ)-ৰ লগে লগে জোৰেৰে ক্বিৰাআত কৰিছিল। যাৰ বাবে ইমাম হিচাবে ৰাছুল (ছাঃ)-ৰ ক্বিৰাআতত বিঘিনি সৃষ্টি হৈছিল। ইতিপূর্বে আনাচ ও আবু হুৰায়ৰা (ৰাঃ) বর্ণিত হাদীছ দুটাত নীৰৱে পঢ়াৰ কথা আহিছে, যাতে বিঘিনি সৃষ্টি ন’হয়। শাহ অলিউল্লাহ দেহলভী (ৰহঃ) কৈছে,فَإنْ قَرَأَ فَلْيَقْرَءِ الْفَاتِحَةَ قِرَاءَةً لاَ يُشَوِّشُ عَلَي الْإِمَامِ- ‘জেহৰী ছালাতত মুক্তাদী এনেভাৱে ছুৰাত ফাতিহা পাঠ কৰিব, যাতে ইমামৰ ক্বিৰাআতত বিঘিনি সৃষ্টি ন’হয়’।[36]অৰ্থাৎ নীৰৱে ইমামৰ পিছফালে ছুৰাত ফাতিহা পঢ়িলে ইমামৰ ক্বিৰাআতত বিঘিনি সৃষ্টিৰ প্রশ্নই নাহে। উল্লেখ্য যে, হাদীছৰ শেষাংশত ‘ তাৰপিছত লোকসকলে ক্বিৰাআতৰ পৰা বিৰত হ’ল’ কথাটো ‘মুদৰাজ’ (مدرج), যা চনদভুক্ত অন্যতম বর্ণনাকাৰী ইবনু শিহাব যুহৰী কর্তৃক সংযুক্ত। শিষ্য ছুফিয়ান বিন ‘উয়ায়না কৈছে, যুহৰী (এই বিষয়ে) এনে কথা কৈছে, যি মই কেতিয়াও শুনা নাই’। [37]
(৩) আবু হুৰায়ৰা (ৰাঃ) ৰ পৰা বর্ণিত ৰাছুলুল্লাহ (ছাঃ) ইৰশাদ কৰে, إِنَّمَا جُعِلَ الْإِمَامُ لِيُؤْتَمَّ بِهِ فَإِذَا كَبَّرَ فَكَبِّرُوْا وَإِذَا قَرَأَ فَأَنْصِتُوْا- ‘ইমাম নিযুক্ত হয় তেওঁক অনুসৰণ কৰাৰ বাবে। তেওঁ যেতিয়া তকবীৰ কয়, তেতিয়া তোমালোকো তকবীৰ কোৱা। তেওঁ যেতিয়া ক্বিৰাআত কৰে, তেতিয়া তোমালোক চুপ থাকা’। [38]
জবাব : উক্ত হাদীছত ‘আম’ ভাৱে ক্বিৰাআতৰ সময়ত চুপ থাকিব কোৱা হৈছে। কুৰআনত অনুৰূপ নির্দেশ আহিছে (আ‘ৰাফ ৭/২০৪)। একেই ৰাবীৰ (আবু হুৰায়ৰা) ইতিপূর্বকাৰ বর্ণনাত আৰু আনাচ (ৰাঃ) বর্ণিত হাদীছত ছুৰাত ফাতিহাক ‘খাছ’ ভাৱে মনে মনে পঢ়িব নির্দেশ দিয়া হৈছে। অৰ্থাৎ ইমামৰ পিছফালে মনে মনে ছুৰাত ফাতিহা পাঠ কৰিলে উভয় ছহীহ হাদীছৰ ওপৰত আমল কৰা সম্ভৱ হয়।
(৪) হযৰত জাবেৰ (ৰাঃ) ৰ পৰা বর্ণিত ৰাছুলুল্লাহ (ছাঃ) ইৰশাদ কৰে, مَنْ كَانَ لَهُ إِمَامٌ فَقِرَاءَةُ الْإِمَامِ لَهُ قِرَاءَةٌ ‘যাৰ ইমাম আছে, ইমামৰ ক্বিৰাআত তাৰ বাবে ক্বিৰাআত হব’।[39]
জবাব : (ক) ইবনু হাজাৰ আচক্বালানী কৈছে, যিমানবোৰ সূত্রৰ পৰা হাদীছটো বর্ণিত হৈছে সকলো সূত্রই দোষযুক্ত। সেইকাৰণে ‘হাদীছটো সকলো বিদ্বানৰ ওচৰত সর্বসম্মতভাৱে যঈফ (إِنَّهُ ضَعِيْفٌ عِنْدَ جَمِيْعِ الْحُفَّاظِ)’।[40]
(খ) এই হাদীছত ‘ক্বিৰাআত’ কথাটো ‘আম’। কিন্তু ছুৰাত ফাতিহা পাঠৰ নির্দেশটো ‘খাছ’। অৰ্থাৎ অন্য সকলো ছুৰা বাদ দি কেৱল ছুৰাত ফাতিহা পাঠ কৰিব লাগিব।
(৫) لاَ صَلاَةَ إِلاَّ بِفَاتِحَةِ الْكِتَابِ (‘লা ছালা-তা ইল্লা বি ফা-তিহাতিল কিতাব’) বা ‘ছুৰাত ফাতিহা ব্যতীত ছালাত নহয়’ [41] অর্থ ‘ছালাত পূর্ণাংগ নহয়’ (لاَ صَلاَةَ بِالكَمَالِ) । যেনেকৈ অন্য হাদীছত আছে, لاَ إِيْمَانَ لِمَنْ لاَ أَمَانَةَ لَهُ وَلاَ دِيْنَ لِمَنْ لاَ عَهْدَ لَهُ (‘লা ঈমা-না লিমান লা আমা-নাতা লাহূ, ওয়ালা দ্বীনা লিমান লা ‘আহ্দা লাহূ’) ‘সেই ব্যক্তিৰ ঈমান নাই, যাৰ আমানত নাই আৰু সেই ব্যক্তিৰ দ্বীন নাই যাৰ ওয়াদা ঠিক নাই’[42] অর্থ সেই ব্যক্তিৰ ঈমান পূর্ণ নহয়, আৰু ত্রুটিপূর্ণ।
জবাব : (ক) কুতুবত চিত্তাহ সহ প্রায় সকলো হাদীছ গ্রন্থত বর্ণিত উপৰোক্ত মর্মেৰ প্রসিদ্ধ হাদীছটো একেই ৰাবী হযৰত উবাদাহ বিন ছামিত (ৰাঃ) ৰ পৰা দাৰাকুৎনীতত ছহীহ চনদত বর্ণিত হৈছে এইভাৱে, لاَ تُجْزِئُ صَلاَةٌ لاَ يَقْرَأُ الرَّجُلُ فِيْهَا بِفَاتِحَةِ الْكِتَابِ- ‘ঐ ছালাত সিদ্ধ নহয়, যাৰ মাজত মুছল্লী ছুৰাত ফাতিহা পাঠ নকৰে’।[43] তাৰপিছত উক্ত হাদীছত ‘ছালাত নহয়’ অর্থ ‘ছালাত সিদ্ধ নহয়’।
(খ) অনুৰূপভাৱে’ ‘খিদাজ’ বা ত্রুটিপূর্ণ- ৰ ব্যাখ্যাত ইবনু খুযায়মা স্বীয় ‘ছহীহ’ গ্রন্থত ‘ছালাত’ অধ্যায়ত ৯৫ নং দীর্ঘ অনুচ্ছেদ ৰচনা কৰে এইভাৱে যে,
بَابُ ذِكْرِ الدَّلِيلِ عَلَى أَنَّ الْخِدَاجَ الَّذِي أَعْلَمَ النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ فِي هَذَا الْخَبَرِ هُوَ النَّقْصُ الَّذِي لاَ تُجْزِئُ الصَّلاَةُ مَعَهُ، إِذِ النَّقْصُ فِي الصَّلاَةِ يَكُوْنُ نَقْصَيْنِ، أَحَدُهُمَا لاَ تُجْزِئُ الصَّلاَةُ مَعَ ذَلِكَ النَّقْصِ، وَالآخَرُ تَكُوْنُ الصَّلاَةُ جَائِزَةً مَعَ ذَلِكَ النَّقْصِ لاَ يَجِبُ إِعَادَتُهَا، وَلَيْسَ هَذَا النَّقْصُ مِمَّا يُوجِبُ سَجْدَتَيِ السَّهْوِ مَعَ جَوَازِ الصَّلاَةِ- (صحيح ابن خزيمة، كتاب الصلاة، باب ৯৫)-
‘ সেই খিদাজ’-ৰ আলোচনা যি সম্পর্কে ৰাছুল (ছাঃ) এই হাদীছত হুঁচিয়াৰ কৰিছে যে, সেই ত্রুটি থাকিলে ছালাত সিদ্ধ ন’হব। কিয়নো ত্রুটি দু’প্রকাৰৰঃ এক- যি থাকিলে ছালাত সিদ্ধ নহয় । দুই- যি থাকিলেও ছালাত সিদ্ধ হয়। পুনৰ পঢ়িব নালাগে। এই ত্রুটি হ’লে ‘সিজদাত সহো’ দিব নালাগে। অথচ ছালাত সিদ্ধ হৈ যায়’।
তাৰপিছত তেওঁ আবু হুৰায়ৰা (ৰাঃ) ৰ বর্ণিত ৰাছুলুল্লাহ (ছাঃ) -ৰ হাদীছ উদ্ধৃত কৰে যে, لاَ تُجْزِئُ صَلاَةٌ لاَ يُقْرَأُ ا فِيْهَا بِفَاتِحَةِ الْكِتَابِ ‘সেই ছালাত সিদ্ধ নহয়, য’ত ছুৰাত ফাতিহা পাঠ কৰা নহয় ’…..। [44]
ইয়াত ‘লা ছালা-তা বা ‘ছালাত নহয়’-ইয়াৰ অর্থ যেতিয়া স্বয়ং ৰাছুলুল্লাহ (ছাঃ) ‘লা তুজযিউ’ অর্থাৎ ‘ছালাত সিদ্ধ নহয়’ বুলি ব্যাখ্যা প্রদান কৰিছে, তেতিয়া তাত আমাৰ নিজস্ব ব্যাখ্যাৰ কোনো অৱকাশ নাই। তাৰপিছত ‘খিদাজ’ অর্থ ‘অপূর্ণাঙ্গ’ কৰাটো অন্যায়। আৰু এটা ‘ক্রটিপূর্ণ’। আৰু ত্রুটিপূর্ণ ছালাত প্রকৃত অর্থত কোনো ছালাত নহয়।
তাৰপিছত ৰাছুলুল্লাহ (ছাঃ)-ৰ ছহীহ হাদীছ, অধিকাংশ ছাহাবী ও তাবেঈন আৰু ইমাম মালেক, শাফেঈ ও আহমাদ সহ অধিকাংশ মুজতাহিদ ইমামসকলৰ সিদ্ধান্ত ও নিয়মিত আমলৰ প্রতি সম্মান প্রদর্শন কৰে সর্বাৱস্থাত সকলো ছালাতত ছুৰাত ফাতিহা পাঠ কৰা অৱশ্যে কর্তব্য। ন’হলে অহেতুক যিদ অৰ্থাৎ ব্যক্তি আৰু দলপূজাৰ পৰিণামত গোটেই জীৱন ছালাত আদায় কৰিও ক্বিয়ামতৰ দিন স্রেফ আফচোচ ব্যতীত একোৱেই নুজোৰিব। যেনেকৈ আল্লাহ কৈছে, ‘যিদিনা অনুসৰণীয় ব্যক্তিসকল তেওঁলোকৰ অনুসাৰীসকলৰ লগত সম্পর্ক ছিন্ন কৰিব আৰু সকলোৱে আযাবক প্রত্যক্ষ কৰিব আৰু তেওঁলোকৰ মধ্যকাৰৰ পাৰস্পৰিক সম্পর্ক সমূহ ছিন্ন হব’। ‘যিদিনা অনুসাৰীসকলে ক’ব, যদি আমাৰ আৰু এবাৰ ঘূৰি যোৱাৰ সুযোগ আহিলে হয়, তেনেহলে আমি তেওঁলোকৰ লগত সম্পর্ক ছিন্ন কৰিলো হয়, যেনেকৈ আজি তেওঁলোকে আমাৰ লগত সম্পর্ক ছিন্ন কৰিছে। এনেভাৱে আল্লাহ সেইদিনা তেওঁলোকৰ সকলো আমলক তেওঁলোকৰ বাবে ‘আফচোচ’ হিচাবে চাব। অথচ তেওঁলোক কেতিয়াও জাহান্নাম পৰা বাহিৰ ন’হব ‘ (বাক্বাৰাহ ২/১৬৬-৬৭)।
[22] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৮২২ ‘ছালাতত ক্বিৰাআত’ অনুচ্ছেদ-১২; কুতুবত চিত্তাহ সহ প্রায় সকলো হাদীছ গ্রন্থত উক্ত হাদীছটো বর্ণিত হৈছে। [23] . আবুদাঊদ, তিৰমিজী, মিচকাত হা/৮০৪; আবুদাঊদ হা/৮৫৯ ‘ছালাত’ অধ্যায়-২, অনুচ্ছেদ-১৪৯। [24] . আবুদাঊদ হা/৮১৮। [25] . আবুদাঊদ হা/৮২০। [26] . বুখাৰী, জুয্উল ক্বিৰাআত; ত্বাবাৰাণী আওচাত্ব, বায়হাক্বী, ছহীহ ইবনু হিববান হা/১৮৪৪; হাদীছ ছহীহ- আৰনাঊত্ব; তুহফাতুল আহওয়াযী, ‘ইমামৰ পিছফালে ক্বিৰাআত’ অনুচ্ছেদ-২২৯, হা/৩১০-ৰ ভাষ্য (فالطريقان محفوظان) , ২/২২৮ পৃঃ; নায়লুল আওত্বাৰ ২/৬৭ পৃঃ, ‘মুক্তাদীৰ ক্বিৰাআত ও চুপ থকা’ অনুচ্ছেদ। [27] . মুছলিম, মিচকাত হা/৮২৩, ‘ছালাতত ক্বিৰাআত’ অনুচ্ছেদ-১২; নায়ল ৩/৫১-৫২। [28] . তিৰমিজী (তুহফা সহ) হা/২৪৭-ৰ ভাষ্য ২/৬১ পৃঃ; আবুদাঊদ (আওন সহ) হা/৮০৬-ৰ ভাষ্য, ৩/৩৮ পৃঃ । [29] . তিৰমিজী (তুহফা সহ) হা/৩১০; মিচকাত হা/৮৫৪, ‘ছালাতত ক্বিৰাআত’ অনুচ্ছেদ-১২; আহমাদ হা/২২৭৯৮, চনদ হাচান -আৰনাঊত্ব; হাকেম ১/২৩৮, হা/৮৬৯। আলবানী এই হাদীছ দ্বাৰা জেৰী ছালাতত মুক্তাদীৰ বাবে ছুৰা ফাতিহা পাঠ কৰাক ‘জায়েজ’ কৈছে, কিন্তু ‘ওয়াজিব’ কোৱা নাই (দ্র: মিচকাত হা/৮৫৪-ইয়াৰ টীকা) । পৰৱর্তীত উক্ত হাদীছক যঈফ কৈছে (আবুদাঊদ হা/৮২৩)। আনকি তেওঁ অন্যত্র জেহৰী ছালাতত ইমামৰ পিছফালে ছুৰা ফাতিহা পাঠ ‘মনচূখ’ কৈছে (ছিফাত ৭৯-৮১)। পক্ষান্তৰত ইমাম বুখাৰী ‘জেহৰী ও চেৰ্ৰী সকলো ছালাতত ইমাম ও মুক্তাদী উভয়ৰ বাবে ছুৰা ফাতিহা পাঠ কৰা ওয়াজিব’ বুলি অনুচ্ছেদ ৰচনা কৰিছে (বুখাৰী, ‘আজান’ অধ্যায়-১০, অনুচ্ছেদ-৯৫)। [30] . কুৰতুবী, উক্ত আয়াতৰ তাফছীৰ দ্রষ্টৱ্য, ৭/৩৫৪ পৃঃ। [31] . নূৰুল আনওয়াৰ ২১৩-১৪ পৃঃ; নায়লুল আওত্বাৰ ৩/৬৭ পৃঃ। [32] . যেনেকৈ আল্লাহ কৈছে, وَلَقَدْ آتَيْنَاكَ سَبْعًا مِّنَ الْمَثَانِيْ وَالْقُرْآنَ الْعَظِيْمَ ‘আমি আপোনাক দিছো সাতটা আয়াত (ছুৰাঃ ফাতিহা), যি পুন: পুন: পঠিত হয় আৰু মহান কুৰআন’ (হিজৰ ১৫/৮৭)। ৰাছুলুল্লাহ (ছাঃ) কৈছে, إِنَّا مَعْشَرَ الأَنْبِيَاءِ لاَ نُورَثُ مَا تَرَكْنَاهُ صَدَقَةٌ ‘আমি নবীসকল! কোনো উত্তৰাধিকাৰী নাৰাখো। যিবোৰ আমি ৰাখি যাওঁ, সকলোবোৰেই ছাদাক্বা’। =কানযুল উম্মাল হা/৩৫৬০০; নাচাঈ কুবৰা হা/৬৩০৯; মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৫৯৭৬ ‘ফাযায়েল ও শামায়েল’ অধ্যায়-২৯, অনুচ্ছেদ-১০। [33] . নাহল ১৬/৪৪, ৬৪। [34] . নাজম ৫৩/৩-৪ وَمَا يَنْطِقُ عَنِ الْهَوَى، إِنْ هُوَ إِلاَّ وَحْيٌ يُوحَى, ক্বিয়ামাহ ৭৫/১৯ ثُمَّ إِنَّ عَلَيْنَا بَيَانَهُ । [35] . আবুদাঊদ, নাচাঈ, তিৰমিজী , মিচকাত হা/৮৫৫, ‘ছালাতত ক্বিৰাআত’ অনুচ্ছেদ-১২। [36] . হুজ্জাতুল্লা-হিল বা-লিগাহ (কায়ৰো : দাৰুত তুৰাছ ১৩৫৫/১৯৩৬), ২/৯ পৃঃ। [37] . আবুদাঊদ হা/৮২৭; আওনুল মা‘বূদ হা/৮১১-১২, অনুচ্ছেদ-১৩৫; নায়লুল আওত্বাৰ ৩/৬৫। [38] . আবুদাঊদ, নাচাঈ, ইবনু মাজাহ, মিচকাত হা/৮৫৭। [39] . ইবনু মাজাহ হা/৮৫০; দাৰাকুৎনী হা/১২২০; বায়হাক্বী ২/১৫৯-৬০ পৃঃ; হাদীছ যঈফ। [40] . ফাৎহুল বাৰী ২/২৮৩ পৃঃ, হা/৭৫৬ -ইয়াৰ আলোচনা দ্রষ্টব্য; নায়লুল আওত্বাৰ ৩/৭০ পৃঃ। আলবানী হাদীছটোক ‘হাচান’ কৈছে। তাৰপিছত ব্যাখ্যাত কৈছে যে, হাদীছটোৰ কোনো সূত্র দুর্বলতা (ضعف) ৰ পৰা মুক্ত নহয়। পিছে দুর্বল সূত্র সমূহৰ সমষ্টি সাক্ষ্য দিয়ে যে, ইয়াৰ কিছু ভিত্তি আছে (أن للحديث أصلا) (ইৰওয়া হা/৫০০, ২/২৭৭)। তেওঁৰ উপৰোক্ত মন্তৱ্যই ইঙ্গিত দিয়ে যে, হাদীছটো আচলতেই যঈফ, যি অন্যান্য মুহাদ্দিছসকলে সর্বসম্মত ভাৱে কৈছে। [41] . ত্বাবাৰাণী, বায়হাক্বী, চৈয়ূত্বী, আল-জামে‘উল কাবীৰ হা/১১৯৪; আলবানী, তামামুল মিন্নাহ পৃঃ ৩২৯। [42] . বায়হাক্বী, মিচকাত হা/৩৫ ‘ঈমান’ অধ্যায়-১, চনদ জাইয়িদ। [43] . দাৰাকুৎনী (বৈৰূত : দাৰুল কুতুবিল ইলমিয়াহ ১৪১৭/১৯৯৬) হা/১২১২, ১/৩১৯ পৃঃ, চনদ ছহীহ। [44] . ছহীহ ইবনু খুযায়মা হা/৪৯০, ১/২৪৭-৪৮ পৃঃ চনদ ছহীহ। أجزأ الشيئ فلانا اي كفاه অর্থাৎ ‘এইটো তেওঁৰ বাবে যথেষ্ট হৈছে’ ; আল-মু‘জামুল ওয়াচীত্ব ১১৯-২০ পৃঃ। http://www.hadithbd.com/shareqa.php?qa=1277