সকলোৱে জনা জৰুৰী

সকলোৱে জনা জৰুৰী
১ । প্ৰশ্ন : নবী মুহাম্মদ ছাল্লাল্লাহু আলাইহি ও ছাল্লাম  ক মাটিৰে  নে নূৰৰে  সৃষ্টি  কৰা হৈছে ?
উত্তৰ : না আদম সন্তান যি উপাদানে সৃষ্টি তেখেত ও সেই উপাদানে সৃষ্টি। আল্লাহে কৈছে , “আপুনি (হে ৰছুল ছাল্লাল্লাহু আলাইহি ও ছাল্লাম ) কোৱা যে নিশ্চয় মই তোমালোকৰ নিচিনা এজন মানুহ ।(ছূৰা কাহাফ -১১০)
২।প্ৰশ্ন : নবী মুহাম্মদ ছাল্লাল্লহু  আলাইহি ও ছাল্লাম কি গায়েব বা অদৃশ্য ৰ খবৰ জানিছিল ?
উত্তৰ : না তেওঁ গায়েব ৰ খবৰ জনা নাছিল ।
আল্লহে কৈছে , “আপুনি (হে ৰছুল ছাল্লাল্লাহু আলাইহি ও ছাল্লাম )কোৱা যে মই এইটো নকওঁ যে মোৰ  ওচৰত আল্লাহৰ ভাণ্ডাৰ আছে । তাৰোপৰি মই অদৃশ্য বিষয়ে ও অৱগত নহওঁ ।মই এইটো ও নকওঁ যে মই ফিৰিস্তা “।(ছূৰা আনআম ৫০)
৩।প্ৰশ্ন :নবী ছাল্লাল্লাহু আলাইহি ও ছাল্লাম কি জীবিত / হায়াতুন্নবী ?
উত্তৰ : না তেওঁ মৄত্যু বৰণ কৰিছে ।
আল্লাহে কৈছে :নিশ্চয় তোমাৰ ( ৰছুল ছাল্লাল্লাহু আলাইহি ও ছাল্লাম ৰ) ও মৃত্যু হব সিহঁতৰ ও হব ।”
( ছূৰা জুমাৰ ৩০)

Leave a comment