🌹সম্পূৰ্ণ পোষ্টটো পঢ়ক। সিদ্ধান্ত আপোনাৰ হাতত!!!🌹 ❌❌❌❌#শ্ববে_বৰাত❌❌❌❌ ———————————————————– ⛔⛔⛔ শ্ববে বৰাত (বাৰাত) আভিধানিক অর্থ অনুসন্ধান: ‘শ্বব’ ফাৰ্চী শব্দ। অর্থ- ৰাতি বা ৰজনী। বৰাত শব্দটিও মূলতঃ ফাৰ্চী। অর্থ- ভাগ্য। দুয়োটা শব্দৰ একেলগে অর্থ হ’ব, ভাগ্য-ৰজনী। বৰাত শব্দটি আৰবি বুলি বহুতেই ভুল কৰি থাকে। কাৰণ ‘বৰাত’ বুলি আৰবি ভাষাত কোনো শব্দ নাই। যদি বৰাত শব্দটি আৰবি বাৰা’আত শব্দৰ অপভ্রংশ ধৰা হয়, তেন্তে তাৰ অর্থ হ’ব— সম্পর্কচ্ছেদ বা বিমুক্তিকৰণ। কিন্তু কেইবাটিও কাৰণত এই অর্থটি ইয়াত অগ্রাহ্য, মানি লব পৰা নাযায়- 🔲১. আগৰ শব্দটি ফাৰ্চী হোৱাত ‘বৰাত’ শব্দটিও ফাৰ্চী হ’ব, এইটোৱেই স্বাভাৱিক। 🔲২. শ্বা’বানৰ মধ্যৰজনীক আৰবি ভাষাৰ দীর্ঘ পৰম্পৰাত কোনেও বাৰা’আতৰ ৰাতি হিচাবে আখ্যা দিয়া নাই। 🔲৩. ৰমজান মাহৰ লাইলাতুল ক্কদৰক কোনো-কোনোৱে লাইলাতুল বাৰা’আত হিচাবে নামকৰণ কৰিছে, শ্বা‘বানৰ মধ্যৰাতিক নহয়। আৰবি ভাষাত এই ৰাতিটোক কি কোৱা হয়? আৰবি ভাষাত এই ৰাতিটোক ‘লাইলাতুন নিছফি মিন শ্বা‘বান’ — শ্বা‘বান মাহৰ মধ্যৰজনী — হিচাবে অভিহিত কৰা হয়। ⛔⛔⛔ শ্বাবানৰ মধ্যৰাতিৰ কিবা ফযীলত বর্ণিত হৈছে নেকি? শ্বা‘বান মাহৰ মধ্য ৰাতিৰ ফযীলত সম্পর্কে কিছু হাদীছ বর্ণিত হৈছে: 🔵 আয়েশ্বা ৰাদ্বিয়াল্লাহু আনহাই কৈছে: এটা ৰাতিত মই ৰাছূলুল্লাহ (ﷺ)ক নাপাই তেওঁক বিচাৰি ওলাই গ’লো, মই তেওঁক ‘বাকী’ কবৰস্থানত পালোঁ। তেতিয়া ৰাছূলুল্লাহ (ﷺ)-এ মোক ক’লে: ‘তুমি কি বুলি ভাৱা, আল্লাহ ও তেওঁৰ ৰাছূলে তোমাৰ ওপৰত জুলুম কৰিব?’ মই ক’লো: ‘হে আল্লাহৰ ৰাছূল! মই ধাৰণা কৰিছিলোঁ যে আপুনি আপোনাৰ অন্য কোনো স্ত্রীৰ ওচৰলৈ গুচি গৈছে। তেতিয়া ৰাছূলুল্লাহ (ﷺ)-এ ক’লে: ‘মহান আল্লাহ তা‘আলাই শ্বা‘বানৰ মধ্য ৰাতিত নিকটৱর্তী আচমানত অৱতীর্ণ হয় আৰু কালব গোত্রৰ ছাগলীৰ পালৰ পচমতকৈ অধিক লোকক ক্ষমা কৰে। 📚 হাদীছটি ইমাম আহমাদে তেওঁৰ মুছনাদত বর্ণনা কৰে (৬/২৩৮), তিৰমিযীয়ে তেওঁৰ ছুনানত (২/১২১,১২২) বর্ণনা কৰি কয়, এই হাদীছটিক ইমাম বুখাৰীয়ে দুর্বল বুলি কোৱা শুনিছে। অনুৰূপভাৱে হাদীছটি ইমাম ইবনে মাজাহে তেওঁৰ ছুনানত (১/৪৪৪, হা/১৩৮৯) বর্ণনা কৰিছে। হাদীছটিৰ চনদ দুর্বল বুলি সকলো মুহাদ্দিছ একমত। 🔵 আবু মূছা আল আশ্ব’আৰী (ৰাঃ)-ৰ পৰা বর্ণিত, তেওঁ কৈছে, ৰাছূলুল্লাহ (ﷺ)-এ কৈছেঃ ‘আল্লাহ তা‘আলাই শ্বা‘বানৰ মধ্যৰাতিত আগমন কৰে, মুশ্বৰিক ও বিবাদত লিপ্ত ব্যক্তিসকলৰ বাহিৰে, তেওঁৰ সমস্ত সৃষ্টিজগতক ক্ষমা কৰি দিয়ে। 📚 হাদীছটি ইমাম ইবনে মাজাহে তেওঁৰ ছুনানত (১/৪৫৫, হা/১৩৯০), আৰু তাবৰানীয়ে তেওঁৰ মু’জামুল কাবীৰ (২০/১০৭, ১০৮) গ্রন্থত বর্ণনা কৰিছে। 📚 আল্লামা বূছীৰিয়ে কৈছে: ইবনে মাজাহ বর্ণিত হাদীছটিৰ ছনদ দুর্বল। তাবৰানী বর্ণিত হাদীছ সম্পর্কে আল্লামা হাইছামী (ৰহিঃ)-এ মাজমা‘ আয যাওৱায়েদ (৮/৬৫) গ্রন্থত কৈছেঃ তাবৰানী বর্ণিত হাদীছটিৰ ছনদৰ সমস্ত বর্ণনাকাৰী শক্তিশালী। হাদীছটি ইবনে হিব্বানেও তেওঁৰ ছহীহত বর্ণনা কৰিছে। এই বিষয়ে চাওঁক, মাওৱাৰেদুজ জাম‘আন, হা/১৯৮০, পৃঃ (৪৮৬)। 🔵 আলী ইবনে আবী তালিব (ৰাঃ)-ৰ পৰা বর্ণিত, তেওঁ কৈছেঃ ৰাছূলুল্লাহ (ﷺ)-এ কৈছেঃ “যেতিয়া শ্বা‘বানৰ মধ্য ৰাতি আহিব তেতিয়া তোমালোকে সেই ৰাতিৰ কিয়াম তথা গোটেই নিশা নামাজ পঢ়িবা, আৰু সেইদিনা ৰোজা ৰাখিবা; কিয়নো সেইদিনা সুর্যাস্তৰ লগে লগে আল্লাহ তা‘আলাই দুনিয়াৰ আকাশত অৱতৰণ কৰে আৰু কয়: ক্ষমা বিচাৰিবলৈ কোনোবা আছে নেকি যাক মই ক্ষমা কৰিম। ৰিযিক বিচাৰিবলৈ কোনোবা আছে নেকি যাক মই ৰিযিক দিম। সমস্যাগ্রস্ত কোনোবা আছে নেকি যিয়ে মোৰ ওচৰত পৰিত্রাণ কামনা কৰিব আৰু মই তাক উদ্ধাৰ কৰিম। এনেকুৱা কোনোবা আছে নেকি? এনেকুৱা কোনোবা আছে নেকি? ফজৰ পর্যন্ত তেওঁ এনেদৰে কৈ থাকে”। 📚 হাদীছটি ইমাম ইবনে মাজাহে তেওঁৰ ছুনানত (১/৪৪৪, হা/১৩৮৮) বর্ণনা কৰিছে। আল্লামা বূছীৰি (ৰহিঃ)-এ তেওঁৰ যাওৱায়েদত ইবনে মাজাহ (২/১০) গ্রন্থত কৈছে, হাদীছটিৰ বর্ণনাকাৰীসকলৰ মাজত ইবনে আবি ছুবৰাহ আছে যিয়ে হাদীছ বনাইছে। সেয়ে হাদীছটি বানোৱাট। উল্লেখিত আলোচনাত এইটো স্পষ্ট যে, শ্বা‘বানৰ মধ্য ৰাতিৰ ফযীলতৰ বিষয়ে যিবোৰ হাদীছ বর্ণিত হৈছে তাৰ সকলোবোৰেই দুর্বল অথবা বানোৱাট, আৰু সেয়ে গ্রাহ্যতাৰহিত। প্রাজ্ঞ আলিমসকলে এই বিষয়ত একমত যে, দুর্বল হাদীছৰ দ্বাৰা কোনো আহকাম- বিধান প্রমাণ কৰিব পৰা নাযায়। দুর্বল হাদীছৰ ওপৰত আমল কৰাৰ কাৰণে তেওঁলোকে কেইটিমান চর্ত লগাইছে। চর্তসমূহ নিম্নৰূপ – 🔲 ১. হাদীছটিৰ মূল বক্তব্যই অন্য কোনো ছহীহ হাদীছৰ বিৰোধীতা কৰিব নোৱাৰিব, বৰং কোনো শুদ্ধ ভিত্তিৰ ওপৰত প্রতিষ্ঠিত হ’ব লাগিব। 🔲 ২. হাদীছটি একেবাৰেই দুর্বল অথবা বানোৱাট হ’লে নহ’ব। 🔲 ৩. হাদীছটিৰ ওপৰত আমল কৰাৰ সময়ত এইটো ৰাছূলুল্লাহ (ﷺ)-ৰ পৰা প্রমাণিত বুলি বিশ্বাস কৰিব নোৱাৰিব। কাৰণ ৰাছূলুল্লাহ (ﷺ)-ৰ পৰা প্রমাণিত বুলি বিশ্বাস কৰিলে তেখেতৰ (ﷺ) ওপৰত মিথ্যাচাৰিতাৰ পাপ হ’ব, ফলত জাহান্নাম অৱধাৰিত হৈ পৰিব। 🔲 ৪. হাদীছটি ফাজায়িল তথা কোনো আমলৰ ফযীলত বর্ণনা সংক্রান্তীয় হ’ব লাগিব। আহকাম (ওৱাজিব, মুস্তাহাব, হাৰাম, মাকৰূহ) ইত্যাদি সাব্যস্তকাৰী হ’ব নোৱাৰিব। 🔲 ৫. বান্দা ও তেওঁৰ প্রভুৰ মাজত একান্ত ব্যক্তিগত কোনো আমলৰ ক্ষেত্রত হাদীছটিৰ নির্ভৰতা লব পৰা যাব। কিন্তু এই হাদীছৰ ওপৰত আমল কৰাৰ কাৰণে এজনে আনজনক আহ্বান কৰিব নোৱাৰিব। এই চর্তাৱলীৰ আলোকত যদি ওপৰোক্ত হাদীছসমূহ পৰীক্ষা কৰি চোৱা হয় তেনেহ’লে দেখা পাওঁ যে, ওপৰোক্ত হাদীছসমূহৰ মাজত শেষোক্ত _ আলী (ৰাঃ)-ৰ বর্ণিত — হাদীছটি বানোৱাট। গতিকে তাৰ ওপৰত আমল কৰা উম্মাতৰ আলিমসকলৰ ঐক্যমতত জায়েয নহয়। প্রথম হাদীছটি দুর্বল, দ্বিতীয় হাদীছটিও অধিকাংশ আলিমৰ মতে দুর্বল, যদিও কোনো-কোনো আলিমে বর্ণনাকাৰীসকল শক্তিশালী বুলি মত প্রকাশ কৰিছে। কিন্তু কেৱল বর্ণনাকাৰী শক্তিশালী হ’লেই হাদীছ বিশুদ্ধ হোৱাটো সাব্যস্ত নহয়। মুঠ কথাঃ প্রথম ও দ্বিতীয়, এই হাদীছ দুটি দুর্বল। খুব দুর্বল বা বানোৱাট নহয়। সেই হিচাবে যৎকিঞ্চিৎ প্রমাণ পোৱা গৈছে যে এই ৰাতিৰ ফযীলত আছে। ⛔⛔⛔ এই সূত্রেই বহুতো হাদীছবিদে শ্বা‘বানৰ মধ্যৰাতিৰ ফযীলত আছে বুলি মত প্রকাশ কৰিছে, তেওঁলোকৰ মাজত আছে- 🔘 ইমাম আহমাদ (ৰহিঃ)। [ইবনে তাইমিয়া তেওঁৰ ইকতিদায়ে ছিৰাতে মুস্তাকীমত (২/৬২৬) তাক উল্লেখ কৰিছে] ইমাম আওযায়ী (ৰহিঃ)। [ইমাম ইবনে ৰাজাবে তেওঁৰ ‘লাতায়েফুল মা‘আৰিফ’ গ্রন্থত (পৃঃ১৪৪) তেওঁৰ পৰা তাক বর্ণনা কৰিছে] শ্বাইখুল ইছলাম ইবনে তাইমিয়া (ৰহিঃ)। [ইকতিদায়ে ছিৰাতে মুস্তাকীম ২/৬২৬, ৬২৭, মাজমু‘ ফাতাওৱা ২৩/১২৩, ১৩১, ১৩৩, ১৩৪]।ইমাম ইবনে ৰাজাব আল হাম্বলী (ৰহিঃ)। 📚[তেওঁৰ লাতায়েফুল মা‘আৰিফ পৃঃ১৪৪ দ্রষ্টব্য]।প্রসিদ্ধ মুহাদ্দিছ আল্লামা নাছিৰুদ্দিন আল-আলবানী (ৰহিঃ) [ছিলছিলাতুল আহাদীছ আছ-ছাহীহা ৩/১৩৫-১৩৯] ওপৰোক্ত মুহাদ্দিছসকল সহ আৰু বহতে এই ৰাতিক ফযীলতৰ ৰাতি বুলি মত প্রকাশ কৰিছে। কিন্তু আমি যদি ওপৰত উল্লেখিত প্রথম আৰু দ্বিতীয় হাদীছটি পাঠ কৰি চাওঁ তেনেহ’লে দেখিবলৈ পাম —আল্লাহ তা‘আআলাই নিকটৱর্তী আচমানত অৱতীর্ণ হৈ তেওঁৰ ওচৰত ক্ষমা প্রার্থনাৰ আহ্বান জনাই থাকে — হাদীছদ্বয়ত এই বক্তব্যই উপস্থাপিত হৈছে। মূলতঃ ছহীহ হাদীছত সুস্পষ্ট আহিছে যে, “আল্লাহ তা‘আলাই প্রতি ৰাতিৰ শেষাংশত – শেষ তৃতীয়াংশত- নিকটৱর্তী আচমানত অৱতীর্ণ হৈ আহ্বান জনাই থাকে ‘এনেকুৱা কোনো আছে নেকি যিয়ে মোক মাতিব আৰু মই তাৰ মাতত সহাঁৰি দিব? এনেকুৱা কোনো আছে নেকি যিয়ে মোৰ ওচৰত কিবা বিচাৰিব আৰু মই তাক দিম? মোৰ ওচৰত ক্ষমা বিচাৰিব আৰু মই তাক ক্ষমা কৰি দিম?” 📚[বুখাৰী, হা/১১৪৫, মুছলিম হা/৭৫৮] গতিকে আমি এই হাদীছদ্বয়ত অতিৰিক্ত একোৱেই দেখিবলৈ পোৱা নাই। সেয়েহে এই ৰাতিৰ বিশেষ কোনো বিশেষত্ব আমাৰ নজৰত পৰা নাই। এইকাৰণেই শ্বাইখ আব্দুল আজীজ ইবনে বায (ৰহিঃ) সহ আন বহুতেই এই ৰাতিৰ অতিৰিক্ত ফযীলত অস্বীকাৰ কৰিছে। ⛔⛔⛔ এই ৰাতি উদযাপন ও এই সংক্রান্তীয় বিভিন্ন প্রশ্নৰ উত্তৰ- ⚀#প্রথম_প্রশ্নঃ এই ৰাতি ভাগ্য ৰজনী নেকি? ✅উত্তৰঃ নহয়, এই ৰাতি ভাগ্যৰজনী নহয়, মূলতঃ এই ৰাতিক ভাগ্যৰজনী বুলি কোৱাৰ পিছত কাম কৰিছে ছূৰা আদ-দুখানৰ ৩ আৰু ৪ আয়াত দুটিৰ ভুল ব্যাখ্যা। সেয়া হ’লঃ 🔴 إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةٍ مُبَارَكَةٍ إِنَّا كُنَّا مُنْذِرِينَ* فِيهَا يُفْرَقُ كُلُّ أَمْرٍ حَكِيمٍ আয়াতদ্বয়ৰ অর্থ হলঃ “নিশ্চয় ইয়াক (কোৰআন) আমি অৱতীৰ্ণ কৰিছোঁ এটা বৰকতময় ৰাতিত; নিশ্চয় আমি সতৰ্ককাৰী। সেই ৰাতিত প্ৰত্যেক চূড়ান্ত সিদ্ধান্ত স্থিৰ কৰা হয়”। এই আয়াতদ্বয়ৰ তাফছীৰত অধিকাংশ মুফাচ্ছীৰে কয়, এই আয়াতৰ দ্বাৰা ৰমজানৰ লাইলাতুল ক্কদৰকেই বুজোৱা হৈছে। যি লাইলাতুল ক্কদৰৰ চাৰিটা নাম আছে: 🔲১. লাইলাতুল ক্কদৰ, 🔲২. লাইলাতুল বাৰা’আত, 🔲৩. লাইলাতুচ্ছফ, 🔲৪.লাইলাতুল মুবাৰাকাহ। কেৱল-মাত্ৰ ইকৰিমা (ৰহিঃ)-ৰ পৰা বর্ণিত হৈছে, তেওঁ কৈছে, এই আয়াতৰ দ্বাৰা শ্বা’বানৰ মধ্য ৰাতিক বুজোৱা হৈছে। এইটো এটা অগ্রহণযোগ্য বর্ণনা। 🔘 আল্লামা ইবনে কাছীৰ (ৰহিঃ)-এ কৈছে, আলোচ্য আয়াতত ‘মুবাৰক ৰাতি’ বুলিলে ‘লাইলাতুল ক্কদৰক বুজোৱা হৈছে, 🔴 যেনে, আল্লাহ তা‘আলাই কৈছেঃ إِنَّا أَنْزَلْنَاهُ فِي لَيْلَةِ الْقَدْرِ – سورةالقدر:1 নিশ্চয় আমি ইয়াক (কোৰআন) ক্কদৰৰ ৰাতি অৱতীর্ণ কৰিছোঁ। 📚(ছূৰা আল-ক্কদৰ ১)। 🔴 আল্লাহ তা‘আলাই আকৌ কৈছেঃ شَهْرُ رَمَضَانَ الَّذِي أُنْزِلَ فِيهِ الْقُرْآنُ- سورة البقرة:185 ৰমজান এনেকুৱা এটি মাহ য’ত কোৰআন অৱতীর্ণ কৰা হৈছে। 📚(ছূ আল-বাক্কাৰাহ ১৮৫)। যিসকলে এই ৰাতিক শ্বা‘বানৰ মধ্যৱর্তী ৰাতি বুলি মত প্রকাশ কৰিছে, যেনেকৈ ইকৰিমাৰ পৰা বর্ণিত হৈছে, তেওঁ বহু দূৰৱর্তী মত গ্রহণ কৰিছে; কিয়নো কোৰআনৰ সুস্পষ্ট বাণী সেইটো ৰমজান মাহত বুলি ঘোষণা দিছে’। 📚(তাফছীৰে ইবনে কাছীৰ (৪/১৩৭)। অনুৰূপভাৱে আল্লামা শ্বাওকানীও এই মত প্রকাশ কৰিছে। 📚(তাফছীৰে ফাতহুল ক্কাদীৰ (৪/৭০৯)। গতিকে ভাগ্যৰজনী হ’ল লাইলাতুল ক্কদৰ যিটো ৰমজানৰ শেষ দহদিনৰ বিযোৰ ৰাতিসমূহ। আনহাতে ইয়াৰ দ্বাৰা এইটোও সাব্যস্ত হ’ল যে, এই আয়াতৰ তাফছীৰত ইকৰিমা (ৰহিঃ)-এ মতভেদ কৰিলেও তেওঁ শ্বা’বানৰ মধ্য তাৰিখৰ ৰাতিক লাইলাতুল বাৰা’আত নামকৰণ কৰা নাই। ⚀#দ্বিতীয়_প্রশ্নঃ শ্বা’বানৰ মধ্য ৰাতি উদযাপন কৰিব পৰা যাবনে? ✅উত্তৰঃ শ্বা’বানৰ মধ্যৰাতি পালন কৰাৰ কি হুকুম এই লৈ আলিমসকলৰ মাজত তিনিটা মত আছেঃ ⭕#এক. শ্বা‘বানৰ মধ্যৰাতিত মছজিদত জামাতৰ সৈতে নামাজ ও অন্যান্য ইবাদত কৰা জায়েয । প্রসিদ্ধ তাবেয়ী খালেদ ইবনে মি‘দান, লুকমান ইবনে আমীৰে সুন্দৰ পোচাক পৰিধান কৰি, আতৰ খোশ্ববু, শ্বুৰমা লগাই মছজিদত গৈ মুছল্লীসকলক লৈ এই ৰাতিত নামাজ আদায় কৰিছিল। এই মতটি ইমাম ইছহাক ইবনে ৰাহওয়ীয়াহৰ পৰাও বর্ণিত হৈছে। 📚(লাতায়েফুল মা‘আৰিফ পৃঃ১৪৪)। তেওঁলোকে তেওঁলোকৰ মতৰ পক্ষত কোনো দলীল পেচ কৰা নাই। আল্লামা ইবনে ৰাজাব (ৰহিঃ)-এ তেওঁলোকৰ মতৰ পক্ষে দলীল হিচাবে কৈছেঃ তেওঁলোকৰ ওচৰত এই বিষয়ে ইছৰাঈলি তথা পূর্বৱর্তী উম্মাতসকলৰ পৰা বিভিন্ন বর্ণনা আহিছিল, সেই অনুসাৰে তেওঁলোকে আমল কৰিছিল। কিন্তু পূর্বে বর্ণিত বিভিন্ন দুর্বল হাদীছ তেওঁলোকৰ দলীল হিচাবে ব্যৱহৃত হৈ থাকিব। #দুই. শ্ব‘বানৰ মধ্যৰাতিত ব্যক্তিগতভাৱে ইবাদত বন্দেগী কৰা জায়েয। ইমাম আওযা‘য়ী, শ্বাইখুল ইছলাম ইবনে তাইমিয়া, আৰু আল্লামা ইবনে ৰজব (ৰহিঃ)-এ এই মত পোষণ কৰে। তেওঁলোকৰ মতৰ পক্ষে তেওঁলোকে যিবোৰ হাদীছৰ দ্বাৰা এই ৰাতিৰ ফযীলত বর্ণিত হৈছে সেইবোৰ সাধাৰণ হাদীছৰ ওপৰত ভিত্তি কৰি ব্যক্তিগতভাৱে ইবাদত কৰাক জায়েয বুলি ভাৱে। #তিনি. এই ধৰণৰ ইবাদত সম্পূর্ণৰূপে বিদ’আত — লাগিলে সেয়া ব্যক্তিগতভাৱে হওঁক বা সমষ্টিগতভাৱে। ইমাম ‘আতা ইবনে আবি ৰাবাহ, ইবনে আবি মুলাইকা, মদীনাৰ ফুকাহাসকল, ইমাম মালিকৰ ছাত্রসকল ও অন্যান্য আন বহুতেই এই মত পোষণ কৰিছে। আনকি ইমাম আওযায়ী যিজন শ্যাম তথা চিৰিয়াবাসীসকলৰ ইমাম বুলি প্রসিদ্ধ তেৱোঁ এই ধৰণৰ ইবাদত পালন কৰাক বিদ‘আত বুলি ঘোষণা কৰিছে। ⚀তেওঁলোকৰ মতৰ পক্ষে যুক্তি হ’ল : 🔲১. এই ৰাতিৰ ফযীলত সম্পর্কে সুস্পষ্ট কোনো দলীল নাই। ৰাছূলুল্লাহ (ﷺ)-এ এই ৰাতিত কোনো সুনির্দিষ্ট ইবাদত কৰিছে বুলি ছহীহ হাদীছত প্রমাণিত হোৱা নাই। অনুৰূপভাৱে তেখেতৰ কোনো চাহাবীৰ পৰাও কোনো বর্ণিত হোৱা নাই। তাবেয়ীসকলৰ মাজত তিনিজনৰ বাহিৰে আন কাৰো পৰা বর্ণিত হোৱা নাই। আল্লামা ইবনে ৰজব (ৰহিঃ)-এ কৈছেঃ শ্বা‘বানৰ ৰাতিত ৰাছূলুল্লাহ (ﷺ) অথবা তেখেতৰ চাহাবাসকলৰ পৰাও কোনো নামায পঢ়া প্রমাণিত হোৱা নাই, যদিও শ্যামদেশীয় সুনির্দিষ্ট কোনো কোনো তাবেয়ীৰ পৰা সেইটো বর্ণিত হৈছে। 📚(লাতায়েফুল মা‘আৰিফঃ১৪৫)। শ্বাইখ আব্দুল আযীয ইবনে বায (ৰহিঃ)-এ কৈছেঃ ‘এই ৰাতিৰ ফযীলত বর্ণনাত কিছু দুর্বল হাদীছ আহিছে যাৰ ওপৰত ভিত্তি কৰা জায়েয নাই, আনহাতে এই ৰাতিত নামায আদায়ত বর্ণিত যাৱতীয় হাদীছেই বানোয়াট, আলিমসকলে এই ক্ষেত্ৰত সতর্ক কৰি গৈছে’। 🔲২. হাফিজ ইবনে ৰজব (ৰহিঃ) যিয়ে কোনো কোনো তাবেয়ীনৰ পৰা এই ৰাতিৰ ফযীলত আছে বুলি বর্ণনা কৰিছে, তেওঁ কৈছেঃ সেই তাবেয়ীসকলৰ ওচৰত দলীল হ’ল যে, তেওঁলোকৰ ওচৰত এই বিষয়ে ইছৰাঈলি কিছু বর্ণনা আহিছে। তেনেহ’লে আমি দেখিবলৈ পাইছোঁ যে, যিসকলে এই ৰাতি পালন কৰিছে তেওঁলোকৰ দলীল হ’ল, যে তেওঁলোকৰ ওচৰত ইছৰাঈলি বর্ণনা আহিছে, আমাৰ প্রশ্নঃ ইছৰাঈলি বর্ণনা এই উম্মাতৰ কাৰণে কেনেকৈ দলীল হ’ব পাৰে? 🔲৩. যিসকল তাবেয়ীৰ পৰা এই ৰাতি উদযাপনৰ সংবাদ আহিছে তেওঁলোকৰ সমসাময়িক প্রখ্যাত ফুকাহা ও মুহাদ্দিছসকলে তেওঁলোকৰ এই সকলো কর্মকাণ্ডৰ নিন্দা কৰিছে। যিসকলে তেওঁলোকৰ নিন্দা কৰিছে তেওঁলোকৰ মাজত প্রখ্যাত হ’লঃ ইমাম ‘আতা ইবনে আবি ৰাবাহ, যিজন সেই যুগৰ সর্বশ্রেষ্ঠ মুফতি আছিল, আকৌ যাৰ সম্পর্কে চাহাবী আব্দুল্লাহ ইবনে উমাৰ (ৰাঃ)-এ কৈছিলঃ তোমালোকে মোৰ ওচৰত প্রশ্নৰ কাৰণে একত্রিত হোৱা, অথচ তোমালোকৰ ওচৰত ইবনে আবি ৰাবাহ আছে। গতিকে যদি সেই ৰাতিৰ উদযাপনকাৰীসকলৰ পক্ষে কোনো দলীল থাকিলহেঁতেন, তেনেহ’লে তেওঁলোকে ‘আতা ইবনে আবি ৰাবাহৰ বিপক্ষে তাক নিশ্চয় পেচ কৰি তেওঁলোকৰ কর্মকাণ্ডৰ যথার্থতা প্রমাণ কৰাৰ চেষ্টা কৰিলেহেঁতেন, অথচ এনেকুৱা কৰিছে বুলি প্রমাণিত হোৱা নাই। 🔲৪. পূর্বেই বর্ণিত হৈছে যে, যিসমূহ দুর্বল হাদীছত সেই ৰাতিৰ ফযীলত বর্ণিত হৈছে, তাত কেৱল-মাত্ৰ সেই ৰাতিত আল্লাহে অৱতীর্ণ হোৱা আৰু ক্ষমা কৰা প্রমাণিত হৈছে, ইয়াৰ বাহিৰে একোৱেই বর্ণিত হোৱা নাই। মুলতঃ এই অৱতীর্ণ হোৱা ও ক্ষমা বিচৰাৰ আহ্বান প্রতি ৰাতিয়েই আল্লাহ তা’আলাই কৰি থাকে। যিটো সুনির্দিষ্ট কোনো ৰাতি বা ৰাতিসমূহৰ সৈতে সংশ্লিষ্ট নহয়। ইয়াৰ বাহিৰে দুর্বল হাদীছতো অতিৰিক্ত কোনো ইবাদত কৰাৰ নির্দেশ নাই। 🔲৫. আনহাতে যিসকলে এই ৰাতিত ব্যক্তিগতভাৱে আমল কৰা জায়েয বুলি মন্তব্য কৰিছে তেওঁলোকৰ মতৰ পক্ষে কোনো দলীল নাই, কিয়নো এই ৰাতিত ৰাছূলুল্লাহ (ﷺ)-ৰ পৰা বা তেখেতৰ চাহাবা কাৰো পৰাই ব্যক্তিগত নাইবা সামূহিক কোনোভাৱেই কোনো প্রকাৰ ইবাদত কৰিছে বুলি বর্ণিত হোৱা নাই। ইয়াৰ বিপৰীতে শ্বৰীয়তৰ সাধাৰণ বহু দলীলে এই ৰাতিক ইবাদতৰ কাৰণে নির্দিষ্ট কৰাক নিষিদ্ধ ঘোষণা কৰিছে, তম্মধ্যে আছেঃ 🔴 আল্লাহে কৈছেঃ “আজিৰ দিনত মই তোমালোকৰ কাৰণে তোমালোকৰ দ্বীনক পৰিপূর্ণ কৰি দিলোঁ”। 📚(ছূৰা আল-মায়িদাহ ৩)। 🔵 ৰাছূলুল্লাহ (ﷺ)-এ কৈছেঃ (যি ব্যক্তিয়ে আমাৰ এই দ্বীনৰ মাজত এনেকুৱা নতুন কিবা উদ্ভৱ ঘটাব যিটো ইয়াৰ মাজত নাই, সেইটো প্ৰত্যাখ্যাত হ’ব)। 📚(বুখাৰী, হা/২৬৯৭)। 🔵 তেখেতে (ﷺ) আকৌ কৈছেঃ (যি ব্যক্তিয়ে এনেকুৱা কোনো কাম কৰিব যাৰ ওপৰত আমাৰ দ্বীনৰ মাজত কোনো নির্দেশ নাই সেইটো অগ্রহণযোগ্য)। 📚(মুছলিম, হা/১৭১৮)। 🔘 শ্বাইখ আব্দুল আজীজ ইবনে বায (ৰহিঃ) আৰু ইমাম আওযায়ী (ৰহিঃ)-এ কৈছেঃ যে, এই ৰাতিত ব্যক্তিগত ইবাদত কৰা ভাল বুলি মন্তব্য কৰিছে, আৰু যাক হাফিয ইবনে ৰাজাবে পছন্দ কৰিছে, তেওঁলোকৰ এই মত অত্যন্ত আশ্চার্যজনক, বৰং দুর্বল; কিয়নো কোনো বিষয় যেতিয়ালৈকে শ্বৰীয়তৰ দলীলৰ মাধ্যমত জায়েয বুলি সাব্যস্ত নহয় তেতিয়ালৈকে কোনো মুছলিমৰ পক্ষেই দ্বীনৰ মাজত তাৰ অনুপ্রৱেশ ঘটোৱা বৈধ নহয়। লাগিলে সেয়া ব্যক্তিগতভাৱে কৰক বা দলবদ্ধভাৱে। গোপনে কৰক বা প্রকাশ্যে। কাৰণ বিদ‘আতকর্মক অস্বীকাৰ কৰি আৰু তাৰ পৰা সাৱধান কৰি যিবোৰ প্রমাণাদি আহিছে সেইবোৰে সাধাৰণভাৱে তাৰ বিপক্ষে অৱস্থান লৈছে। 📚(আত্তাহযীর মিনাল বিদ‘আহ ১৩)। 🔲৬. শ্বাইখ আব্দুল আযীয ইবনে বায (ৰহিঃ)-এ আকৌ কৈছেঃ ছহীহ মুছলিমত আবু হুৰায়ৰা (ৰাঃ)-ৰ পৰা বর্ণিত হৈছে, ৰাছূলুল্লাহ (ﷺ)-এ কৈছেঃ “তোমালোকে জুম‘আৰ ৰাতিক অন্যান্য ৰাতিৰ পৰা ক্কিয়াম/নামাযৰ কাৰণে সুনির্দিষ্ট কৰি নলবা, আৰু জুম‘আৰ দিনকো অন্যান্য দিনৰ পৰা পৃথক কৰি ৰোজাৰ কাৰণে সুনির্দিষ্ট কৰি নলবা, কিন্তু যদি কাৰোবাৰ ৰোজাৰ দিনত সেই দিনটো ঘটনাচক্রে আহি যায় সেইটো ভিন্ন কথা”। 📚(ছহীহ মুছলিম, হা/১১৪৪, ১৪৮)। যদি কোনো ৰাতিক ইবাদতৰ কাৰণে সুনির্দিষ্ট কৰা জায়েয হ’লহেঁতেন তেন্তে নিশ্চয় জুম‘আৰ ৰাতিক ইবাদতৰ কাৰণে বিশেষভাৱে সুনির্দিষ্ট কৰা জায়েয হ’লহেঁতেন; কিয়নো জুম‘আৰ দিনৰ ফযীলত সম্পর্কে হাদীছত আহিছে যে, “সূর্য যি দিনসমূহত উদিত হয় তম্মধ্যে সকলোতকৈ শ্রেষ্ঠ দিন, জুম‘আৰ দিন”। 📚(ছহীহ মুছলিম, হা/৫৮৪)। গতিকে যিহেতু ৰাছূলুল্লাহ (ﷺ)-এ জুম‘আৰ দিনক বিশেষভাৱে ক্কিয়াম/নামাযৰ কাৰণে সুনির্দিষ্ট কৰাৰ পৰা নিষেধ কৰিছে সেয়েহে অন্যান্য ৰাতিসমূহত নিশ্চয় ইবাদতৰ কাৰণে সুনির্দিষ্ট কৰি লোৱা জায়েয নহ’ব। কিন্তু যদি কোনো ৰাতিৰ ক্ষেত্ৰত সুস্পষ্ট কোনো দলীল আহি যায় তেন্তে সেইটো ভিন্ন কথা। আনহাতে যিহেতু লাইলাতুল ক্কদৰ আৰু ৰমজানৰ ৰাতিৰ ক্কিয়াম/নামায পঢ়া জায়েয সেয়েহে ৰাছূলুল্লাহ (ﷺ)-ৰ পৰা এই ৰাতিসমূহৰ ক্ষেত্ৰত স্পষ্ট হাদীছ আহিছে। ⚀#তৃতীয়_প্রশ্নঃ শ্বা‘বানৰ মধ্যৰাতিত হাজাৰী নামায পঢ়াৰ হুকুম কি? ✅উত্তৰঃ শ্বা‘বানৰ মধ্যৰাতিত এশ ৰাকাত নামাযৰ প্রতি ৰাকাতত দহবাৰ ছূৰা ইখলাছ পঢ়ি নামাজ আদায় কৰাৰ যি নিয়ম প্রচলিত হৈছে সেইটো সম্পূর্ণৰূপে বিদ‘আত। 🛑 এই নামাযৰ প্রথম প্রচলন: এই নামাযৰ প্রথম প্রচলন হয় হিজৰী ৪৪৮ চনত। ফিলিস্তিনৰ নাবলুছ চহৰৰ ইবনে আবিল হামৰা নামীয় এজন লোক বায়তুল মুকাদ্দাছলৈ আহে। তেওঁৰ তিলাওৱাত আছিল সুমধুৰ। তেওঁ শ্বা‘বানৰ মধ্যৰাতিত নামাযত থিয় হোৱাত তেওঁৰ পিছত এজন লোক আহি থিয় হয়, তাৰ পিছত তেওঁৰ সৈতে তৃতীয়জন আহি যোগ দিয়ে, তাৰ পিছত চতুর্থজন। তেওঁ নামায শেষ কৰাৰ আগতেই বৃহৎ এদল লোক আহি তেওঁৰ সৈতে যুক্ত হৈ পৰে। পৰৱর্তী বছৰ অহাত, তেওঁৰ সৈতে বহুতেই যোগ দিয়ে ও নামায আদায় কৰে। ইয়াকে লৈ মাছজিদুল আকছাত এই নামাযৰ প্রথা চালু হয়। কালক্রমত এই নামায এনেদৰে আদায় হ’ব ধৰিলে যে বহুতেই তাক ছুন্নাত বুলি ভাৱি আৰম্ভ কৰে। 📚(ত্বাৰতুছীঃ হাওৱাদেছ ও বিদ‘আহ পৃঃ ১২১, ১২২, ইবনে কাছীৰঃ বিদায়া ওৱান নিহায়া ১৪/২৪৭, ইবনুল কাইয়েমঃ আল-মানাৰুল মুনিফ পৃঃ৯৯)। 🛑 এই নামাযৰ পদ্ধতি: প্রথা অনুযায়ী এই নামাযৰ পদ্ধতি হ’ল, প্রতি ৰাকাতত ছূৰা ফাতিহাৰ পিছত ছূৰা ইখলাছ দহবাৰকৈ পঢ়ি মুঠ এশ ৰাকাত নামায পঢ়া। যাতে ছূৰা ইখলাছ ১০০০ বাৰ পঢ়া হয়। 📚(এহইয়ায়ে উলুমুদ্দীন (১/২০৩)। এনে ধৰণৰ নামায সম্পূর্ণ বিদ‘আত। কাৰণ এনে ধৰণৰ নামাযৰ বর্ণনা কোনো হাদীছৰ কিতাবত অহা নাই। কোনো কোনো কিতাবত এই সম্পর্কে যিবোৰ হাদীছ উল্লেখ কৰা হয় সেইবোৰ কোনো হাদীছৰ কিতাবত অহা নাই। আৰু সেয়ে আল্লামা ইবনুল জাওযী (মাওদু‘আত ১/১২৭-১৩০), হাফেয ইৰাকী (তাখৰীজুল এহইয়া), ইমাম নববী (আল-মাজমু‘ ৪/৫৬), আল্লামা আবু শ্বামাহ (আল-বা‘য়েছ পৃঃ৩২-৩৬), শ্বাইখুল ইছলাম ইবনে তাইমিয়্যা, (ইকতিদায়ে ছিৰাতুল মুস্তাকীম ২/৬২৮), আল্লামা ইবনে ‘আৰৰাক (তানযীহুশ্ব শ্বৰীয়াহ ২/৯২), ইবনে হাজাৰ আল-আছকালানী, আল্লামা ছূয়ূতী (আল-আমৰ বিল ইত্তেবা পৃঃ৮১, আল-লাআলিল মাছনূ‘আ ২/৫৭), আল্লামা শ্বাওকানী (ফাওৱায়েদুল মাজমু‘আ পৃঃ৫১) সহ আন বহুতেই এইবোৰক “বানোয়াট হাদীছ” বুলি সুস্পষ্ট ঘোষণা দিছে। 🛑এনে ধৰণৰ নামাযৰ হুকুম: সঠিক জ্ঞানৰ অধিকাৰী আলিমসকলৰ মতে এনে ধৰণৰ নামায বিদ‘আত; কিয়নো এনে ধৰণৰ নামায আল্লাহৰ ৰাছূলেও পঢ়া নাই। তেখেতৰ কোনো খলীফাও পঢ়া নাই। ছাহাবাসকলেও পঢ়া নাই। হেদায়াতৰ ইমাম তথা আবু হানিফা, মালিক, শ্বাফেয়ী, আহমাদ, ছাওৰী, আওযায়ী, লাইছ’সহ অন্যান্যসকলৰ কোনেও এনে ধৰণৰ নামায পঢ়া নাই বা পঢ়িবলৈ কোৱা নাই। আকৌ এনে ধৰণৰ নামাযৰ বর্ণনাত যি হাদীছসমূহ কোনো কোনোৱে উল্লেখ কৰি থাকে সেইবোৰ উম্মাতৰ আলিমসকলৰ ইজমা অনুযায়ী বানোৱাট। 📚(ইয়াৰ কাৰণে চাওঁকঃ ইবনে তাইমিয়াৰ মাজমুল‘ ফাতাওৱা ২৩/১৩১, ১৩৩, ১৩৪, ইক্তিদায়ে ছিৰাতে মুস্তাকীম ২/৬২৮, আবু শ্বামাহঃ আল-বা‘য়েছ পৃঃ ৩২-৩৬, ৰছীদ ৰিদাঃ ফাতাওৱা ১/২৮, আলী মাহফুজ, ইবদাহ‘ পৃঃ২৮৬,২৮৮, ইবনে বাযঃ আত্তাহযীৰ মিনাল বিদ‘আহ পৃঃ ১১-১৬)। ⚀#চতুর্থ_প্রশ্নঃ শ্ব‘বানৰ মধ্য ৰাতিৰ পিছদিনা ৰোজা ৰাখিব পৰা যাবনে? ✅উত্তৰঃ ৰাছূলুল্লাহ (ﷺ)-ৰ পৰা বহু ছহীহ হাদীছত প্রমাণিত হৈছে যে, তেখেতে শ্বা‘বান মাহত আটাইতকৈ বেছি ৰোজা ৰাখিছিল। 📚(ইয়াৰ বাবে চাওঁকঃ বুখাৰী, হা/১৯৬৯, ১৯৭০, মুছলিম, হা/১১৫৬, ১১৬১, মুছনাদে আহমাদ ৬/১৮৮, ছুনানে আবু দাউদ, হা/২৪৩১, ছহীহ ইবনে খুযাইমা, হা/২০৭৭, ছুনানে তিৰমিযী, হা/৬৫৭)। সেই হিচাবত যদি কোনোৱে শ্বা‘বান মাহত ৰোজা ৰাখে তেন্তে সেইটো হ’ব ছুন্নাত। শ্বা‘বান মাহৰ শেষ দিনৰ বাহিৰে বাকী যিকোনো দিনত ৰোজা ৰখা জায়েয বা ছওৱাবৰ কাম। কিন্তু ৰোজা ৰখাৰ সময়ত মনত কৰিব লাগিব যে, ৰাছূলুল্লাহ (ﷺ)-এ যিহেতু শ্বা‘বান মাহত ৰোজা ৰাখিছিল গতিকে তেখেতক অনুসৰণ কৰি ৰোজা ৰখা হৈছে। অথবা যদি কাৰোবাৰ আইয়ামে বিযৰ নফল ৰোজা তথা মাহৰ ১৩, ১৪, ১৫ এই তিনিদিন ৰোজা ৰখাৰ নিয়ম থাকে তেৱোঁ ৰোজা ৰাখিব পাৰে। কিন্তু কেৱল শ্বা‘বানৰ পোন্ধৰ তাৰিখে ৰোজা ৰখা বিদ‘আত হ’ব। কাৰণ শ্বৰীয়তত এই ৰোজাৰ কোনো ভিত্তি নাই। আল্লাহে আমাক তেওঁৰ ৰাছূলৰ পৰিপূর্ণ পদাঙ্ক অনুসৰণ কৰি চলাৰ তৌফিক দিয়ক। আমীন। #টোকা: 7. যদি শ্বা‘বানৰ মধ্য ৰাতি উদযাপন কৰা জায়েয হ’লহেঁতেন তেনেহ’লে নিশ্চয় ৰাছূলুল্লাহ (ﷺ)-এ এই সম্বন্ধে আমাক জনালেহেঁতেন বা তেখেতে নিজেই তাক পালন কৰিলেহেঁতেন; আৰু এনেকুৱা কিবা বিশেষ আমল তেখেতে কৰিলে চাহাবাসকলে নিশ্চয় তাক উম্মাতৰ ওচৰত বর্ণনা কৰিলেহেঁতেন। তেওঁলোকে নবীসকলৰ পিছৰ জগতৰ শ্রেষ্ঠতম মানুহ, সকলোতকৈ বেছি নছীহতকাৰী, কোনো বিষয়েই তেওঁলোকে গোপন কৰা নাই’। 📚(আত্তহযীৰ মিনাল বিদা‘আহ ১৫, ১৬)। ওপৰোক্ত আলোচনাৰ পৰা আমাৰ ওচৰত স্পষ্ট হ’ল যে, কুৰআন, হাদীছ ও গ্রহণযোগ্য আলিমসকলৰ বাণীৰ পৰা আমি জানিব পাৰিলো শ্বা‘বানৰ মধ্যৰাতি উদযাপন কৰা, লাগিলে সেয়া নামাযৰ মাধ্যমতেই হওঁক অথবা অন্য কোনো ইবাদতৰ মাধ্যেমতেই অধিকাংশ আলিমৰ মতে জঘন্যতম বিদ‘আত, শ্বৰীয়তত যাৰ কোনো ভিত্তি নাই। বৰং এইটো ছাহাবাসকলৰ যুগৰ পিছত প্রথম আৰম্ভ হৈছিল। যিসকলে সত্যৰ অনুসৰণ কৰিব বিচাৰে তেওঁলোকৰ কাৰণে দ্বীনৰ মাজত আল্লাহ ও তেওঁৰ ৰাছূলে যি কৰিবলৈ কৈছে সেয়াই যথেষ্ট। . . . . . লেখক: ড. আবু বকৰ মুহাম্মদ যাকাৰিয়া