১/ আপুনি কেৱল জুমআ’ৰ নামাজেই পঢ়ে কিয়? আপোনাক আল্লাহে কেৱল জুমাআ’ৰ দিনাই পোহৰ, বতাহ, পানী¸ খাদ্য দি থাকে নেকি? বাকীবাৰত নিদিয়ে নেকি? প্ৰতিনিয়ত পৰিপূর্ণ আল্লাহৰ নিয়ামত ভোগ কৰি থাকে, কিন্তু আল্লাহক কেৱল এদিনেই স্মৰণ কৰে। এতিয়া কওঁক! আপুনি সঠিক পথত আছে নে? এইটো এটা অমাৰ্জনীয় অপৰাধ নহয নে়? জবাব দিয়ক, নহ’লে উভতি আহক আল্লাহৰ পথত।
২/ আপুনি ভাৱে নেকি ইছলাম কেৱল মছজিদ, মাদ্রাছা, ইমাম, আলিমসকলৰ মাজতেই সীমাবদ্ধ? সকলোৰে কাৰণে জীৱনৰ প্রতিটো ক্ষেত্রতেই ইছলাম আৱশ্যক নহয় নেকি? তেনেহ’লে আমাৰ প্রিয় নবীৰ জীৱনৰ প্রতিটো অংশতেই কিয় ইছলাম জড়িত, নাইবা চাহাবীসকল/৪ খলিফাই কিয়ইবা ইছলামিক জীৱন-যাপন কৰিছিল? এবাৰ নিজকে প্রশ্ন কৰক, আপুনি নিজকেই ধোকা দিয়া নাই নে? জবাব দিয়ক, নহ’লে উভতি আহক আল্লাহৰ পথত।
৩/ আপুনি জানে নামাজ পঢ়া ফৰজ, আপুনি এইটোও জানে নামাজ নপঢ়িলে জাহান্নামত যাব লাগিব, আপুনি এইটোও জানে যে জাহান্নাম অত্যন্ত ভয়াৱহ, দুনিয়ার কোনো শাস্তিয়েই জাহান্নামৰ শাস্তিৰ লগত তুলনা নহয়, তথাপিও কিয় আপুনি ভয় নকৰে? আপুনি জানি বুজি নিকৃষ্ট আৰু ভয়াৱহ শাস্তিৰ স্থানত ইচ্ছাকৃতভাৱে নিজকে লৈ যোৱা নাই নে? কোনোবাই যদি জানি বুজি শাস্তি পাব বিচাৰে, অথচ তেওঁ ইচ্ছা কৰিলেই শাস্তিৰ সলনি চিৰ সুখৰ স্থান পাব পাৰে তাক আপুুনি কি বুলি কব? চৰম দুর্ভগীয়া বুলি নকব নে? জবাব দিয়ক, নহ’লে উভতি আহক আল্লাহৰ পথত।
৪/ আপনি তো জানে জান্নাতত আৰাম আয়েশৰ অভাৱ নাই। ইচ্ছামতে ভাল ভাল খাদ্য-বস্তু, পৰমা সুন্দৰী জান্নাতি হুৰ, যি ইচ্ছা কৰে সকলো পোৱা যাব জান্নাতত গ’লে। দুনিয়াত মানুহ কেইদিন জীয়াই থাকে? ৮০/১০০ বছৰ? আৰু আখিৰাতৰ জীৱন তো অনন্ত অসীম। আপুনি এই ৮০-১০০ বছৰ আৰামত কটাব বিচাৰে আৰু অনন্ত জীৱন জাহান্নামত যাব বিচাৰে নেকি? ইয়াতকৈ বুৰ্বক আন কোন হব পাৰে?
৫/ আপুনি সকলো মানে সকলো বুজে, কিন্তু অলসতা নাইবা ইচ্ছাকৃতভাৱে পালন নকৰে, কেনেকৈ আশা কৰে জান্নাত পোৱাৰ। বহুতে কয় ভাই আমি তো জাহান্নামী, তেওঁলোকক কবলৈ ইচ্ছা কৰোঁ ভাই জাহান্নামক আপুনি কি বুলি ভাৱে? সাধাৰণ জেলখানা? তেনেহ’লে শুনক-
নু’মান ইবনে বাশীৰ ৰাদ্বিয়াল্লাহু ‘আনহুৰ পৰা বর্ণিত। তেওঁ কৈছে, আমি ৰাছূলুল্লাহ চাল্লাল্লাহু ‘আলাইহি ওৱা চাল্লামক কোৱা শুনিছোঁ-
“কিয়ামতৰ দিনা জাহান্নামীকলৰ মাজত সকলোতকৈ লঘু শাস্তিপ্রাপ্ত ব্যক্তিৰ শাস্তি হ’ব এই যে, তাৰ দুই ভৰিৰ তলত জুইৰ দু’টি অঙঠা ৰখা হ’ব আৰু সেই আঙঠাৰ তাপত তাৰ মস্তিষ্ক সিদ্ধ হৈ থাকিব। সি ভাৱিব, তাতকৈ কঠিন শাস্তিৰ মুখামুখি আন কোনো হোৱা নাই। অথচ সিয়েই জাহান্নামীসকলৰ মাজত আটাইতকৈ লঘু শাস্তিপ্রাপ্ত।”
[ বুখাৰী: ৬৫৬২ , মুছলিম: ২১৩ ]
জবাব দিয়ক, নহ’লে উভতি আহক। যিসকলে উভতি আহিব¸ এই মুহূর্তৰ পৰা তেওঁলোকৰ কাৰণে আল্লাহে সুসংবাদ দিছে,
“আৰু যিসকলে অসৎ কৰ্ম কৰে, তাৰ পিছত তওবা কৰি লয় আৰু ঈমান লৈ আহে, তেন্তে নিশ্চয় তোমাৰ ৰব ইয়াৰ পিছতো ক্ষমাশীল, পৰম দয়ালু।” [ ছূৰা আ’ৰাফ ১৫৩]
“সিহঁতে নেদেখে নেকি, সিহঁতে প্রতি বছৰে এবাৰ নাইবা দুবাৰ বিপদগ্রস্ত হয়? ইয়াৰ পিছতো সিহঁতে তওবা নকৰে আৰু উপদেশ গ্রহণ নকৰে।” [ ছূৰা তাওবা ১২৬]
“গতিকে সিহঁতে আল্লাহৰ ওচৰত তওবা নকৰিব নেকি? আৰু তেওঁৰ ওচৰত ক্ষমা নিবিচাৰে নেকি? আৰু আল্লাহ ক্ষমাশীল, পৰম দয়ালু।” [ছূৰা মায়েদা ৭৪]
যিসকলে ভাৱে এতিয়া পাপ কৰি পিছত তওবা কৰি লম, সিহঁতৰ সাধাৰণতঃ কোনোদিনেই তওবা কৰাৰ সৌভাগ্য নহ’ব।
আল্লাহে কৈছে,
“আৰু এনেকুৱা লোকসকলৰ কাৰণে কোনো ক্ষমা নাই, যিসকলে কু-কৰ্ম কৰিয়েই থাকে, আনকি যেতিয়া সিহঁতৰ কাৰোবাৰ মূৰৰ ওপৰত মৃত্যু উপস্থিত হয়, তেতিয়া কৈ থাকে- আমি এতিয়া তওবা কৰিছোঁ। আৰু তওবা নাই সিহঁতৰ কাৰণে, যিসকলে কুফৰী অৱস্থাত মৃত্যুবৰণ কৰে। আমি সিহঁতৰ কাৰণে যন্ত্রণাদায়ক শাস্তি প্রস্তুত কৰি ৰাখিছোঁ।” [ছূৰা নিছা ১৮]
সেয়ে আমাৰ ভাই ও ভনীসকল উভতি আহক, এতিয়াই, এতিয়াই আৰু এতিয়াই। তওবা কৰি উভতি আহক।
আল্লাহৰ ওচৰত নিজকে আত্মসমর্পণ কৰক।
অসমীয়া অনুবাদ
#JBR