💢 প্রশ্ন : মৃত ব্যক্তিৰ বেয়া বিষয় লৈ আলোচনা কৰা জায়েজ নে ⁉
💢 উত্তর : মৃত ব্যক্তিৰ বেয়া বিষয় লৈ আলোচনা কৰা ঠিক নহয়। সেইটো জীবিত ব্যক্তিৰ গীবত কৰাতকৈ অধিক কঠিন গীবত হব। কাৰণ জীবিত ব্যক্তিৰ ওচৰত ক্ষমা বিচৰাৰ সুযোগ সুযোগ থাকে। কিন্তু মৃত ব্যক্তিৰ ওচৰত এনে সুযোগ নাথাকে (মিৰ‘আত হা/১৬৯২- ৰ ব্যাখ্যা দ্রঃ)। কিন্তু যদি মৃত ব্যক্তিয়ে কোনো শ্বিৰ্ক -বিদ‘আত বা কবীৰা গোনাহ কৰি থাকে আৰু মানুহে সেইটো অনুসৰণ কৰি থাকে, তেতিয়া সিহঁতক উক্ত গোনাহৰ পৰা সতর্ক কৰাৰ লক্ষ্যেৰে আৰু সংশোধনৰ স্বার্থত সেইটো প্রকাশ কৰাত কোনো বাধা নাই ।
(নববী, শ্বাৰহুল মুহাযযাব ৫/১৪৫; উছায়মীন, শ্বাৰহুল মুমতে‘ ৫/২৯৮)।