মুছলিম সমাজ কেনেকৈ শান্তিপূৰ্ণ হয় ,এই বিষয়ে চুৰা আল-হুজুৰাতত আল্লাহে আমাক কেইটামান সুন্দৰ উপদেশ দিছে! যদি আমি আমল কৰো নিশ্চয় আমাৰ সমাজ শান্তিপূৰ্ণ হব ইন শ্বা আল্লাহ !

আহক আমি সকলোৱে সমাজ শান্তিপূৰ্ণ কৰিবলৈ আল্লাহৰ উপদেশ গ্ৰহণ কৰো!!

মুছলিম সমাজ কেনেকৈ শান্তিপূৰ্ণ হয় ,এই বিষয়ে চুৰা আল-হুজুৰাতত আল্লাহে আমাক কেইটামান সুন্দৰ উপদেশ দিছে! যদি আমি
আমল কৰো নিশ্চয় আমাৰ সমাজ শান্তিপূৰ্ণ
হব ইন শ্বা আল্লাহ !

(১) فتبينوا =খবৰৰ সত্যতা পৰীক্ষা কৰা !
এই চুৰাৰ ৬ নম্বৰ আয়াতত আল্লাহে কৈছে

يَا أَيُّهَا الَّذِينَ آمَنُوا إِنْ جَاءَكُمْ فَاسِقٌ بِنَبَإٍ فَتَبَيَّنُوا أَنْ تُصِيبُوا قَوْمًا بِجَهَالَةٍ فَتُصْبِحُوا عَلَىٰ مَا فَعَلْتُمْ نَادِمِينَ

হে ঈমান্দাৰসকল! যদি কোনো ফাছিক্বে তোমালোকৰ ওচৰত কোনো বাৰ্তা লৈ আহে, তেন্তে তোমালোকে সেয়া পৰীক্ষা কৰি চাবা, যাতে এনে নহয় যে, অজ্ঞতাবশত তোমালোকে কোনো সম্প্ৰদায়ক আক্ৰমণ কৰি পেলাবা, ফলত তোমালোকৰ কৃতকৰ্মৰ বাবে তোমালোকেই অনুতপ্ত হ’ব লাগিব।

(২) فاصلحوا=মীমাংসা কৰি দিয়া !
(৩) بالعدل واقسطوا =ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰা !
এই চুৰাৰ ৯নম্বৰ আয়াতত আল্লাহে কৈছে :—
وَإِنْ طَائِفَتَانِ مِنَ الْمُؤْمِنِينَ اقْتَتَلُوا فَأَصْلِحُوا بَيْنَهُمَا ۖ فَإِنْ بَغَتْ إِحْدَاهُمَا عَلَى الْأُخْرَىٰ فَقَاتِلُوا الَّتِي تَبْغِي حَتَّىٰ تَفِيءَ إِلَىٰ أَمْرِ اللَّهِ ۚ فَإِنْ فَاءَتْ فَأَصْلِحُوا بَيْنَهُمَا بِالْعَدْلِ وَأَقْسِطُوا ۖ إِنَّ اللَّهَ يُحِبُّ الْمُقْسِطِينَ

আৰু যদি মুমিনসকলৰ দুটা দলে বাদ-বিবাদত লিপ্ত হয় তেন্তে তোমালোকে তেওঁলোকৰ মাজত মীমাংসা কৰি দিয়া, তথাপিও যদি তেওঁলোকৰ এটা দলে আন এটা দলৰ বিৰুদ্ধে সীমালংঘন কৰে, তেন্তে যিসকলে সীমালংঘন কৰে সিহঁতৰ বিৰুদ্ধে তোমালোকে যুদ্ধ কৰা, যেতিয়া লৈকে সিহঁতে আল্লাহৰ নিৰ্দেশৰ পিনে উভতি নাহিব। তাৰ পিছত যদি সিহঁতে উভতি আহে তেন্তে সিহঁতৰ মাজত ন্যায়ৰ সৈতে আপোচ মীমাংসা কৰি দিয়া আৰু ন্যায় বিচাৰ কৰা। নিশ্চয় আল্লাহ ন্যায় বিচাৰকাৰী সকলক ভাল পায়।

(৪)لايسخر =কাকো উপহাস নকৰিবা !

(৫)لاتلمزوا=কাকো দোষাৰোপ নকৰিবা!

(৬)لاتنابزوابالالقاب=কাকো বেয়া উপনামেৰে নামাতিবা !
এই চুৰাৰ ১১ নম্বৰ আয়াতত আল্লাহে কৈছে :–
يَا أَيُّهَا الَّذِينَ آمَنُوا لَا يَسْخَرْ قَوْمٌ مِنْ قَوْمٍ عَسَىٰ أَنْ يَكُونُوا خَيْرًا مِنْهُمْ وَلَا نِسَاءٌ مِنْ نِسَاءٍ عَسَىٰ أَنْ يَكُنَّ خَيْرًا مِنْهُنَّ ۖ وَلَا تَلْمِزُوا أَنْفُسَكُمْ وَلَا تَنَابَزُوا بِالْأَلْقَابِ ۖ بِئْسَ الِاسْمُ الْفُسُوقُ بَعْدَ الْإِيمَانِ ۚ وَمَنْ لَمْ يَتُبْ فَأُولَٰئِكَ هُمُ الظَّالِمُونَ

হে ঈমান্দাৰসকল! কোনো মুমিন সম্প্ৰদায়ে যেন আন কোনো মুমিন সম্প্ৰদায়ৰ উপহাস নকৰে, কিয়নো যিসকলক উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰী সকলতকৈ উত্তম হ’ব পাৰে; আৰু নাৰীসকলেও যেন আন আন নাৰীসকলক উপহাস নকৰে, কিয়নো যিসকলৰ উপহাস কৰা হৈছে তেওঁলোকে উপহাসকাৰীণী বিলাকতকৈও উত্তম হ’ব পাৰে। লগতে তোমালোকে ইজনে সিজনৰ প্ৰতি দোষাৰোপ নকৰিবা আৰু এজনে আনজনক বেয়া নামেৰে নামাতিবা; ঈমানৰ পিছত বেয়া নাম অতি নিকৃষ্ট। এতেকে (জানি থোৱা) যিসকলে তাওবা নকৰে সিহঁতেই যালিম।

(৭)لايغتب=কাৰো গীবত নকৰিবা !
(৮)لاتجسسوا =গোপনীয় বিষয় সন্ধান নকৰিবা !
(৯)اجتنبواكثيرامن الظن অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থকা !
এই চুৰাৰ ১২নম্বৰ আয়াতত কৈছে :—

يَا أَيُّهَا الَّذِينَ آمَنُوا اجْتَنِبُوا كَثِيرًا مِنَ الظَّنِّ إِنَّ بَعْضَ الظَّنِّ إِثْمٌ ۖ وَلَا تَجَسَّسُوا وَلَا يَغْتَبْ بَعْضُكُمْ بَعْضًا ۚ أَيُحِبُّ أَحَدُكُمْ أَنْ يَأْكُلَ لَحْمَ أَخِيهِ مَيْتًا فَكَرِهْتُمُوهُ ۚ وَاتَّقُوا اللَّهَ ۚ إِنَّ اللَّهَ تَوَّابٌ رَحِيمٌ
হে মুমিনসকল! তোমালোকে অতিমাত্ৰা সন্দেহ কৰাৰ পৰা বিৰত থাকা। নিশ্চয় কিছুমান সন্দেহ পাপ; লগতে তোমালোকে ইজনে সিজনৰ গোপনীয় বিষয় সন্ধান নকৰিবা আৰু এজনে আনজনৰ গীবত নকৰিবা। তোমালোকৰ মাজৰ কোনোবাই তাৰ মৃত ভাতৃৰ মাংস খোৱোটো পছন্দ কৰিবনে? নিশ্চয় তোমালোকে সেয়া অপছন্দ কৰা। সেয়ে তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা; নিশ্চয় আল্লাহ তাওবা কবুলকাৰী, পৰম দয়ালু।

 যদি আল্লাহে এই ছুৰাত  নিৰ্দেশ  দিয়া অনুযায়ী আমল কৰো  নিশ্চয় আমাৰ সমাজ শান্তিপূৰ্ণ হব ইন শ্বা আল্লাহ !

আল্লাহে প্ৰত্যেক ভাই-ভনীক আল্লাহৰ এইকেইটা উপদেশ মানিবলৈ তৌফিক দিওক আমীন !!

,✍️ছাইফুল ইছলাম, নলবাৰী, অসম

Leave a comment