মিছা কথা কোৱা হাৰাম

#মিছা_কোৱা_হাৰাম!
___________________

আজিকালি মানুহে কথাই কথাই মিছা কোৱাটো এটা স্বভাৱত পৰিণত হৈছে। অথচ ৰগৰ কৰাৰ উদ্দেশ্যেও মিছা কোৱা নিষেধ। সত্যাসত্যৰ অনুসন্ধান নকৰাকৈ শুনা কথা প্ৰচাৰ কৰাজনো মিছলীয়া। বাহনত গ’লে প্ৰায়েই শুনিবলৈ পোৱা যায় যে¸ মই হাজো পাইছোঁ। বেছি সময় নালাগে। অলপ অপেক্ষা কৰা ইত্যাদি। অথচ তেওঁ আদাবাৰী বাছ আস্থানতে বহি আছে। লগত মিচেছৰ লগতে সৰু ল’ৰাজনো আছে। তালৈ ভ্ৰূক্ষেপ নাই। এনেকৈয়ে আমাৰ সন্তানসকলেও সৰুৰে পৰা মিছা কবলৈ শিকে। এনেকুৱা অসংখ্য উদাহৰণ আছে। তলৰ গুৰুত্বপূৰ্ণ আয়াত আৰু হাদিছটি পঢ়ি সকলোৱে আমল কৰাৰ চেষ্টা কৰিব ইন শ্বা আল্লাহ!

আল্লাহে কৈছে-

يَا أَيُّهَا الَّذِينَ آمَنُوا اتَّقُوا اللَّهَ وَكُونُوا مَعَ الصَّادِقِينَ

“হে মুমিনসকল! তোমালোকে আল্লাহৰ তাক্বৱা অৱলম্বন কৰা আৰু সত্যবাদীসকলৰ সঙ্গী হোৱা।” (ছূৰা আত-ত্বাওবাহ: ১১৯)

‘আব্দুল্লাহ (ৰাঃ)ৰ দ্বাৰা বর্ণিত। নাবী চাল্লাল্লাহু আলাইহি ওৱাছাল্লাম কৈছেঃ সত্যই নেকীৰ ফালে পৰিচালিত কৰে আৰু নেকীয়ে জান্নাতলৈ লৈ যায়। আকৌ মানুহে সত্যৰ ওপৰত কায়িম থাকিলে অৱশেষত সত্যবাদী হিচাপে স্বীকৃতি লাভ কৰে। আনহাতে মিছাই মানুহক পাপৰ ফালে লৈ যায়, পাপে তাক জাহান্নামলৈ লৈ যায়। আকৌ মানুহে মিছা কথা কওঁতে কওঁতে অৱশেষত আল্লাহৰ ওচৰত মহামিছলীয়া হিচাপে প্রতিপন্ন হৈ যায়। (বুখাৰী- ৬০৯৪¸ আঃ প্রঃ- ৫৬৫৫, ইঃ ফাঃ- ৫৫৫১)

Leave a comment