মাতৃ দিবস – Mothers day
মাতৃ দিবস – আজি ৰাতিপুৱা Internet খুলাৰে পৰাই এটা কথা বাৰে বাৰে পঢ়িবলৈ পাই আছোঁ । Mother’s day বা মাতৃ দিবস ( মাতৃদিৱস)।
মাতৃদিৱসৰ শুৱেচ্ছা আৰু বহুত কিবা কিবি । Topic কিন্তু ‘মা’ । মই এইবিলাকৰ পৰা আতৰি থাকো যদিও দুআষাৰ নিলিখি থাকিব নোৱাৰিলো |
এই মাতৃদিৱস বুলি চিঞৰি থকা বিলাকে কেতিয়াবা ভাৱি চাইছে নে যে মাতৃ দিবস কি !?
কোনে এই দিৱস উদযাপন কৰিবলৈ আৰম্ভ কৰিছে ? আৰু কিয় ?? ৰাছুল ছাল্লাল্লাহু আলাইহি অ ছাল্লামে কিয় মাতৃ দিবস (মাতৃদিৱস) পালন কৰা নাছিল ??
মই মোৰ মাকক বহুত ভাল পাওঁ । কবলৈ গ’লে আল্লাহ আৰু ৰাছুল ছাল্লাল্লাহু আলাইহি অ ছাল্লাম ৰ পিছত যদি আন কাক ভালপোৱা বুলি মোক সোধা হয় তেনেহলে সেই নামটো নিশ্চয় মই ‘ মা’ বুলিয়েই কম কাৰণ মই মোৰ মাক কিমান ভাল পাওঁ শ্ৰদ্ধা কৰোঁ সন্মান কৰোঁ এইটো মই জানো । আৰু মই মোৰ মাক আল্লাহৰ সন্তুষ্টি ৰ কাৰণে ভালপাওঁ । আৰু মোৰ নিচিনাকৈ প্ৰায় সকলোৱেই এনেকৈ কব বুলি মোৰ বিশ্বাস ।
Also read : কিছুমান সামাজিক নিয়ম যিয়ে আপোনাক সহায় কৰিব পাৰে
এতিয়া আহো মাতৃ দিবস (মাতৃদিৱস) ৰ কথালৈ মই মোৰ মাকক ভালপাওঁ কাৰণে মই মাতৃদিৱস পালন নকৰোঁ । মোৰ কাৰণে মাতৃদিৱস বুলি কোনো নিৰ্ধাৰিত দিন নাই প্ৰত্যেক দিনেই মোৰ মাতৃদিৱস আৰু ইছলাম ত ও এনে কোনো দিৱসৰ কথা আল্লাহৰ পৰা বা ৰছুল ছাল্লাল্লাহু আলাইহি অ ছাল্লাম ৰ পৰা আমি পোৱা নাই । আমি ‘কোৰআন ‘ আৰু চহিহ হাদিছ সঠিক ভাৱে অধ্যয়ন কৰিলে ‘ মা’ ৰ কিমান মৰ্যাদা সেইটো বুজিবলৈ নিশ্চয় সক্ষম হম । ‘মা’ ৰ ভৰিৰ তলত সন্তান ৰ জান্নাত বুলি আমাক ইছলামে কৈছে । মাকক সন্মান দেখুৱাবলৈ কোনো এটা দিন নিৰ্ধাৰণ কৰাটো মুৰ্খামিৰ বাহিৰে আন কি হব পাৰে ।
মাতৃ দিবস (মাতৃদিৱস) সেইসকলৰ কাৰণে যিসকলে গোটেই বছৰ পাৰ হৈ গ’লেও মাকৰ খবৰ লবলৈ সময় নাপায় । আৰু সেইসকলৰ কাৰণে যিসকলে বৃদ্ধ মাকক বৃদ্বাশ্ৰমত ৰাখে । এইবিলাক পশ্চিমীয়া অপসংস্কৃতি । ইহুদি খ্ৰীষ্টানে তৈয়াৰ কৰা একো একোটা কুসংস্কৃতি । সিহঁতে কেতিয়াও নাৰীৰ মৰ্যদা দিয়া নাই । দিয়া নাই পিতৃ মাতৃ ৰ উচিত মৰ্যদা । সিহঁতৰ কোনো সম্পৰ্কৰো গুৰুত্ব নাই গতিকে সেইবিলাকৰ নামত বছৰত একো একোটা দিন নিৰ্ধাৰণ কৰি অলপ তুলাধুনা কৰি এৰি দিয়া বা অলপ সময় নাটকবাজি কৰে তাৰ পিছত সকলো শেষ আৰু এবছৰ ৰ কাৰণে ।
কিন্তু আলহামদুলিল্লাহ ইছলামে আমাক সকলোখিনি অতি পৰিপাটিকৈ সুন্দৰ ভাৱে দেখুৱাই দিছে কেনেকৈ পিতৃ মাতৃ ৰ সন্মান কৰিব লাগে আদৰ যত্ন কৰিব লাগে আৰু সকলো আত্মীয় স্বজনৰ লগত সু সম্পৰ্ক বজাই ৰাখিব লাগে । কিন্তু আফচুচৰ বিষয় আজি আমি মুছলিম সকল কোৰআন আৰু চহিহ হাদিছ ৰ অধ্যয়ন নকৰাৰ কাৰণে অজ্ঞাতৰ স্বীকাৰ হৈ সিহঁতৰ নিচিনাকৈ বা কিছুমানে আৱেগিক হৈ সিহঁতৰ এই নিন্দনীয় কুসংস্কৃতি বিলাক ছুন্নতৰ বিপৰীতে আদৰি লবলৈ উঠিপৰি লাগিছো ।
কিছুমানে আকৌ অতি নিৰ্লজ্জ ভাৱে মাকৰ ফটো তুলি Internet Upload কৰি মানুহৰ সন্মুখত নিজৰ লগতে নিজৰ মাতৃৰ আৰু ইছলামিক হিজাবৰ অসন্মান কৰিছে । আল্লহে আমাক সকলোকে এইবিলাক ফিতনাৰ পৰা ৰক্ষা কৰক । সকলোকে ইছলাম ৰ সঠিক জ্ঞান দান কৰক আৰু আমল কৰিবলৈ তৌফিক দান কৰক । আমিন ।
Also read : Mother’s Day – an historical overview and the scholars’ rulings on this holiday.