মহিলা ও পুৰুষৰ নামাজ পঢ়া পদ্ধতি একে, ইয়াত কোনো পাৰ্থক্য নাই । তবে নামাজৰ বাহিৰত কিছু পাৰ্থক্য আছে, সেয়া এনে ধৰণৰ –

নামাজ হল উত্তম ইবাদত, কিয়ামতৰ দিনা নামাজৰ হিচাপ প্ৰথম লোৱা হব, এই হিচাপত পাছ কৰিব পাৰিলে, ইন শ্বা আল্লাহ জন্নত লাভ কৰিব পৰা যাব । গতিকে এই নামাজ আমি শুদ্ধ ত্বৰীকাত আদায় কৰিব লাগিব । নামাজ কেনেকৈ পঢ়িব লাগিব, সেয়া আল্লাহৰ নিৰ্দেশত জিব্ৰাইল (আঃ) য়ে দুদিন (প্ৰথম দিন আৱল ৱক্তত আৰু দ্বিতীয় দিন শেষ ৱক্তত ) পাঁচ ৱক্তৰ নামাজত ইমামতি কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক বাস্তৱ ভাবে শিকাই গৈছে, নাৰী পুৰুষ উভয়ৰ বাবে । চুৰা আযহাবৰ ৬২ নং আয়াতত আল্লাহে কৈছে – “আল্লাহৰ নিয়ম নীতিত কেতিয়াও কোনো পৰিবৰ্তন পোৱা নাযায়” । সেয়ে মহিলা ও পুৰুষৰ নামাজ পঢ়া পদ্ধতি একে, ইয়াত কোনো পাৰ্থক্য নাই । তবে নামাজৰ বাহিৰত কিছু পাৰ্থক্য আছে, সেয়া এনে ধৰণৰ – ১) নামাজৰ বাবে মহিলাই আজান দিব নালাগে, কিন্তু পুৰুষে আজান দিব ২) নামাজত মহিলাই মূৰ ঢাকি ৰাখিব লাগে কিন্তু পুৰুষে নাঢাকিলেও নামাজ হব, ৩) মহিলা সকলৰ ভৰিৰ গোৰোহা পৰ্যন্ত ঢাকি নাৰাখিলে নামাজ সিদ্ধ নহব কিন্তু পুৰুষৰ ভৰিৰ সৰু গাঁঠিৰ ওপৰৰ পৰা গোৰোহা লৈ উন্মুক্ত থাকিব লাগে, ৪) মহিলাই পুৰুষৰ ইমামতি কৰিব নোৱাৰে কিন্তু পুৰুষে নাৰী পুৰুষ উভয়ৰ ইমামতি কৰিব পাৰে, ৫) মহিলাই কিৰাত উচ্চ স্বৰত পঢ়িব নালাগে কিন্তু পুৰুষে জাহেৰী নামাজত অৰ্থাৎ ফজৰ, মগৰীব আৰু ইছাৰ ফৰজ নামাজত সশব্দে পঢ়িব লাগে, ৬) জামাতত মহিলাৰ শাৰী সদায়ে পুৰুষৰ পিছত হব, ৭) পুৰুষে ইমামতি কৰোতে মুছল্লী সকলৰ আগত অকলে থিয় হব, কিন্তু মহিলা ইমাম হলে মহিলাৰ শাৰীৰ মাজত থিয় হব, ৮) ইমামে ভুল কৰিলে মহিলাই হাত চাপৰি মাৰি বা কৰঙনৰ ওপৰত হাত মাৰি সংকেত দিব কিন্তু পুৰুষে উচ্চ স্বৰত ‘চুবহানাল্লাহ’ বুলি কব, ৯) তকবীৰে তাহৰীমাৰ সময়ত পুৰুষে চাদৰ/ কম্বল আদিৰ পৰা হাত উলিয়াই কান্ধ বা কাণ পৰ্যন্ত উঠাব পাৰে কিন্তু মহিলাই চাদৰ/ ওৰণাৰ ভিতৰৰ পৰাই হাত উঠাব, ১০) মহিলা সকলে নামাজ শেষ হোৱাৰ লগে লগে মছজিদৰ পৰা ওলাই আহিব কিন্তু পুৰুষ সকলে পলমকৈ বাহিৰলৈ আহিব ।

Leave a comment