ভুলৰ ওপৰিও ভুল নেকি ??

?? ভূলৰ ওপৰিও ভূল নেকি ??
ভূল হোৱাটো মানুহৰ এক স্বভাৱগত বিষয় । মানুহ মাত্ৰেই ভূল হব পাৰে , কোনো মানুহ ভূলৰ উৰ্দ্ধত নহয় ! ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে কৈছে – ” প্ৰত্যেক আদম সন্তান ভূলকাৰী আৰু সেইজনেই উত্তম ভূলকাৰী যিয়েই ভূলৰ তৌবাহকাৰী “( চহীহ তিৰমিযি , হাঃ/২৪৯৯ , ২/৭৬ পৃষ্ঠা , মিশকাত হাঃ/২৩৪১ , পৃষ্ঠা ২০৪ )। যিয়েই ভূল কৰি তৌবাহ কৰি লয় আৰু নিজকে সংশোধন কৰি লয় আল্লাহে তেনে লোকক ক্ষমা কৰি দিয়ে আৰু ইহকাল আৰু পৰকালত চিন্তামুক্ত কৰি দিয়ে ( আন’আম /৪৮, ৫৪ )। সৰ্বশ্ৰেষ্ঠ নবী মুহাম্মাদ চল্লাল্লাহু আলাইহি অছাল্লামেও ভূল কৰিছিল আৰু সংশোধন কৰি লৈছিল ( মুত্তাকাফ আলাইহ্ , বুখাৰী হাঃ/১২২৯ , ১/১৬৪ পৃষ্ঠা আৰু ১/৬৯ পৃষ্ঠা , ইফাবা হাঃ১১৫৭ , ২/৩৪৬ , মিশকাত হাঃ/১০১৭ )।
চালাতত ভূল হলে সংশোধনৰ পদ্ধতি যাক আমি শ্বাহো চিজদাহ বুলি কওঁ , নিশ্চিত ভাবে নবী চল্লাল্লাহু আলাইহি অছাল্লামে কৰা চালাতৰ ভূলৰ পৰাই এই শ্বাহো চিজদাহৰ পদ্ধতি প্ৰচলন হৈছে ! আমাৰ আজিৰ আলোচ্য বিষয় হৈছে , চালাতত অনিচ্ছাকৃত ভাবে হৈ যোৱা ভূলৰ সংশোধনীৰ বাবে আমি যি পদ্ধতিত শ্বাহো চিজদাহ দিওঁ , সেই পদ্ধতি চহীহ হাদীছ সমৰ্থিত হয় নে ? অৰ্থাৎ শ্বাহো চিজদাহৰ বাবে তাশ্বাহুদত বহি কেৱল তাশ্বাহুদ পঢ়ি এফালে চালাম ফিৰাই চিজদাহ দি পুনৰ তাশ্বাহুদ আৰু দৰুদ আদি পঢ়ি পুনৰ দুয়োফালে চালাম ফিৰাই চালাত সমাপ্ত কৰা নিয়মৰ বিষয়ে হাদীছৰ ত্বথ্যই কি কয় ? আহকচোন এই সন্দৰ্ভত হাদীছৰ ত্বথ্য বিচাৰি চাওঁ !
শ্বাহো চিজদাহ সম্পৰ্কীয় কোনো হাদীছতেই তাশ্বাহুদত এফালে চালাম ফিৰাই পুনৰ তাশ্বাহুদ পঢ়াৰ কোনো দলীল নাই, বৰং ই এক ভিত্তিহীন নিয়ম বুলিহে হাদীছ বিশেষজ্ঞ সকলে মন্তব্য কৰিছে ! ইয়াৰ ওপৰিও শেষ বৈঠকত তাশ্বাহুদ পঢ়ি চিজদাহ দি পুনৰ তাশ্বাহুদ দুৰুদ আদি পঢ়ি চালাম ফিৰাই শ্বাহো চিজদাহ দিয়াৰ নিয়ম সম্পৰ্কে মাত্ৰ যি এটা হাদীছ আহিছে , সেই হাদীছটিকো মুহাদ্দীচ ( হাদীছ বিশেষজ্ঞ ) সকলে জয়ীফ বুলি স্বীকৃতি দিছে ! এই বিশেষ হাদীছটি হৈছে – ” ইমৰাণ ইবনে হুছেইন ৰাজিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত , ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে তেওঁলোকক লৈ চালাত আদায় কৰোতে ভূল হৈছিল । সেয়েহে তেখেতে ( চঃ) য়ে দুটা চিজদাহ দিছিল আৰু পুনৰবাৰ তাশ্বাহুদ পঢ়ি চালাম ফিৰাইছিল (আবুদাউদ হাঃ/১০৩৯ , ১/১৪৯ পৃষ্ঠা )। এই হাদীছটিক জয়ীফ বুলি মন্তব্য কৰা হৈছে ( জয়ীফ আবুদাউদ হাঃ/১০৩৯ , পৃষ্ঠা ৮৩, বিস্তাৰিত দ্ৰঃ তানক্বীহ, পৃষ্ঠা ৩৩২-৩৫ )। এই হাদীছ চহীহ হাদীছ বিৰোধী , কিয়নো একেগৰাকী হাদীছ বৰ্ণনাকাৰী ( ৰাবী ) য়ে চহীহ বুখাৰীত শ্বাহো চিজদাহ সম্পৰ্কে যি হাদীছ বৰ্ণনা কৰিছে তাত চিজদাহ দিয়াৰ পাছত তাশ্বাহুদ পঢ়াৰ বিষয়ে উল্লেখ নাই ( বুখাৰী হাঃ/৪৮২,১/৬৯ পৃষ্ঠা )।
শ্বাহো চিজদাহৰ সঠিক পদ্ধতি = চালাতত ভূলবশতঃ ৰাকাত কম বেছি হলে বা ৰুকু- চিজদাহ থাকি গলে সঠিক পদ্ধতিৰে শ্বাহো চিজদাহ দি চালাত সংশোধন কৰি লব লাগে । ইয়াৰ দুটা সঠিক পদ্ধতি হাদীছত পোৱা যায় –
১] শেষ বৈঠকত তাশ্বাহুদ , দৰুদ আৰু অন্যান্য দো’আ সমূহ পঢ়ি চালাম ফিৰোৱাৰ পূৰ্বে দুটা চিজদাহ দি দুয়োফালে চালাম ফিৰাব লাগে ( বুখাৰী হাঃ/১২৩০ ; মুচলীম হাঃ/১২৯২-১৩০০ ; মিশকাত হাঃ/১০১৮ )।
২] অথবা চালাম ফিৰোৱাৰ পাছত দুটা চিজদাহ দি পুনৰ দুয়োফালে চালাম ফিৰাব লাগে ( মুচলীম হাঃ/১৩০২ )।
সন্মানীয় মুছল্লী সকল ! শ্বাহো চিজদাহ চালাতৰ এনে এক গুৰুত্বপূৰ্ণ বিষয় যি চালাতৰ ভূলৰ সংশোধনী কৰে ! কিন্তু এই শ্বাহো চিজদাহৰ পদ্ধতিয়ে যদি সঠিক নহয়, তেন্তে ই ভূলৰ ওপৰিও ভূল নহবনে ?????

— Muktabul Hussain

Leave a comment