ভাগ্য সম্পৰ্কে ভুল ধাৰণা
বহুতে ধাৰণা কৰে যে আমি যি কৰি আছো আৰু যি কৰিম সকলো ভাগ্যত লিখা আছে বাবেই হৈ আছে.। সেয়া ভাগ্য সম্পৰ্কে ভুল ধাৰণা
আনহাতে ভাগ্যক অস্বীকাৰ কৰাটোও এক প্ৰকাৰৰ ভুল।
ভাগ্য সম্পৰ্কে আল্লাহ তালাই কৈছে :
“আৰু আমি প্ৰত্যেক মানুহৰ কৰ্ম তাৰ ডিঙিত আঁৰি থৈছো আৰু কিয়ামতৰ দিনা আমি তাৰ বাবে উলিয়াম এখন কিতাপ. যিটো সি উন্মুক্ত পাব।” (ছুৰা ইছৰা:১৩)
আল্লাহ সৰ্বজ্ঞানী; সেয়ে আমি কি কৰিলো বা কি কৰিম আল্লাহ তালাই আগতীয়াকৈ জানি আমাৰ কৰ্মৰাজী লিপিবদ্ধ কৰি থৈছে। সেই ভাগ্যলিপিত লিখা বাবেই আমি কামবোৰ কৰি যোৱা নাই | বৰং আমি কি কৰিম সেয়া আল্লাহে আগতীয়াকৈ জানিয়েই লিখি থৈছে।
উদাহৰণ স্বৰূপে আপুনি এটা ৰাস্তাৰে গৈ আছে আৰু মাজতভাগত এটা তিনিআলিত উপস্থিত হ’ল, আৰু আপুনি পুব ফালৰ ৰাস্তাটোৰে যাবলৈ ঠিৰাং কৰিলে। এতিয়া যদি আপুনি ভাৱে যে ভাগ্যত লিখা আছিল বাবেই আপুনি পূব দিশৰ ৰাস্তাটো নিৰ্বাচন কৰিছে | সেয়া আপুনাৰ ভুল ধাৰণা। ভাগ্যত লিখা থকাৰ কাৰণে আপুনি পূব ফালৰ ৰাস্তাটো নিৰ্বাচন কৰা নাই | আপুনি পূব দিশৰ ৰাস্তাটো নিৰ্বাচন কৰিব বুলি আগতীয়াকৈ সৃষ্টিকৰ্তাই জানিছিল আৰু ভাগ্যত লিপিবদ্ধ কৰিছিল।
উদাহৰণ ২ :
এজন ছাত্ৰই পঢ়া-শুনা নকৰে আৰু ভাগ্যত যি আছে হ’ব বুলি কৈ পৰীক্ষা দিয়ে | শেষত ৰিজাল্ট দিয়াত সি ফেইল কৰে। ভাগ্যত ফেইল কৰিব বুলি লিখা আছিল বাবেই সি ফেইল কৰা নাই | সি নপঢ়াকৈ পৰীক্ষা দিব আৰু ফেইল কৰিব বুলি আগতীয়াকৈ সৃষ্টিকৰ্তাই জানিছিল আৰু সেইমতে ভাগ্য লিখিছিল। সি পঢ়িলে পাছ কৰিলেহেতেন কিন্তু ভাগ্যক দোষ দি নপঢ়াকৈ পৰীক্ষা দিয়া বাবেই সি ফেইল কৰে।
আকৌ দুআ ৰ জৰিয়তে তকদীৰ সলনি কৰিব পাৰি। ধৰাহ’ল আপুনি পৰীক্ষা দিলে আৰু পৰীক্ষা লিখাত ভাল হোৱা নাই |. সেয়ে আপুনি পৰীক্ষা ভাল হ’ব বাবে দুআ কৰি থাকিলে; আৰু আল্লাহে দুআ কবুল কৰাত পৰীক্ষাত পাছ কৰিলে। কিন্তু আপুনাৰ যে পৰীক্ষা বেয়া হ’ব আৰু আপুনি পৰীক্ষাত পাছ কৰিবৰ বাবে আল্লাহৰ ওচৰত দুআ কৰিব সেয়া আল্লাহে আগতীয়াকৈ জানি ভাগ্য লিখি থৈছে আৰু দুআ কবুল কৰিব বুলি আগতীয়াকৈ ঠিৰাং হৈ আছে।
ৰছুল(ছ:) এ কৈছে
“আল্লাহৰ ওপৰত সম্পূৰ্ণ ভৰষা কৰা আৰু উটটো বান্ধি থোৱা।” (তিৰ্মিজি ২৫১৭)অৰ্থাৎ আল্লাহৰ ওপৰত ভৰষা কৰাৰ ওপৰিও আমি নিজেও মেহনত কৰা উচিত।
গতিকে কেৱল ভাগ্যত যি আছে বুলি ভাৱি হাত সাবতি বহি নাথাকি হাতে কামে কৰি যাওক ইনশ্বাল্লাহ জীৱনৰ বাটত সফল হ’ব।
READ more to Know about luck : https://islamqa.info/en/answers/227312/ruling-on-saying-good-luck-or-bad-luck