💢💢 বৰ্তমান সময়ত মুছলিমসকলৰ অৱস্থা অতি শোচনীয়। 💢💢
কিন্তু কিয় ⁉⁉
(এক চমু আলোচনা)
✍🏻✍🏻 বৰ্তমান সময়ত মুছলিমসকলৰ অৱস্থা । ।
বৰ্তমান সময়ত অসম আৰু ভাৰতবৰ্ষৰ লগতে গোটেই বিশ্বৰ প্ৰায়বোৰ দেশতেই মুছলিমসকলৰ অৱস্থা অতি শোচনীয়। সকলোতে মুছলিমসকল অপদস্ত¸ অত্যাচাৰিত লাঞ্চিত আৰু বঞ্চিত ! ! কিন্তু কিয় ⁉⁉
আমি বাৰু এবাৰ ভাবি চাইছোঁনে যে গোটেই বিশ্বই ভয় কৰা এটা জাতিৰ অৱস্থা আজি ইমান শোচনীয় হ’ল কিয় ⁉
ইতিহাসত সাহসী জাতি বুলি পৰিচিত মুছলিম জাতি আজি ইমান ভয়াতুৰ কিয় ⁉
মুছলিমৰ নাম শুনিলেই ভয়ত কম্পমান হোৱা বিৰোধী, কাফিৰ, মুশ্বৰিকসকলে আজি মুছলিমসকলক লৈ ভেঙুচালি কৰি ঠাট্টা কৰিবলৈ কুন্ঠাবোধ নকৰে, কিন্তু কিয় ⁉
মুছলিমসকল আজি নিজৰ ঘৰতেই অপদস্ত অৱহেলিত। বিশেষকৈ অসম আৰু ভাৰতৰ মুছলিমসকল। যিকোনো সময়ত বাংলাদেশী বা পাকিস্তানী বুলি কৈ ইতিকিং কৰা আৰু বিভিন্ন ধৰণে অপদস্ত কৰা হৈছে।
আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আজি বাৰ্মা, পেলেষ্টাইন, চিৰিয়া, বাংলাদেশ¸ ইৰাক আদি দেশত মুছলিমসকলক বিভিন্ন ধৰণে নিৰ্যাতন কৰি হত্যা কৰা হৈ আছে।
ইয়াৰ মূল কাৰণ কি ⁉
ঈমানদাৰসকলক আল্লাহে সহায় কৰিব আৰু সদায় বিজয়ী কৰি ৰাখিব এইকথাৰ প্ৰতিশ্ৰুতি আল্লাহে দিছে, (ছূৰা নূৰ ৫৫) ,
আৰু আমি সকলোৱে জানোঁ যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে মাত্র ৩১৩ জন চাহাবাক লৈ বদৰৰ যুদ্ধত অংশ গ্ৰহণ কৰি আল্লাহৰ সহায় লাভ কৰি হাজাৰ হাজাৰ কাফিৰ/মুশ্বৰিকক যুদ্ধত পৰাস্ত কৰি ইছলামৰ বিজয় সাব্যস্ত কৰিছিল। তাৰোপৰি আন বহুতো যুদ্ধত মুষ্ঠিমেয় চাহাবাসকলে লাখ লাখ কাফিৰ সৈন্যৰ বিৰুদ্ধে যুদ্ধ কৰি বিজয়ী হৈছিল। সকলো সময়ত আল্লাহৰ সহায় সিহঁতে লাভ কৰিছিল। সেয়া আছিল মুছলিমসকলৰ ইতিহাস আৰু ইছলামৰ সোণালী যুগ। কিন্তু আজি সেই একেই ইছলামৰ অনুসাৰী মুছলিমসকলৰ অৱস্থা অতি পুতৌলগা কিয় ⁉
আজিৰ মুছলিমসকল আল্লাহৰ সহায়ৰ পৰাও বঞ্চিত কিয় ⁉ ইছলাম ধৰ্মতো আগৰ দৰে একেই আছে। কোৰআন আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ আদৰ্শও আছে। আকৌ আমাৰ নামো মুছলিম হৈয়েই আছে, কিন্তু তথাপিও আমি সকলো ক্ষেত্রত পৰাজিত কিয় ⁉
💢 আমি যদি সুস্থ মগজুৰে নিৰপেক্ষভাৱে এবাৰ বিবেচনা কৰি চাওঁ; আমি যদি আমাৰ নিজৰ চৰিত্ৰ আৰু কৰ্মৰ ফালে চকু দিওঁ¸ তেন্তে ওপৰোক্ত প্ৰশ্নবোৰৰ উত্তৰ আমি অতি সহজে বিচাৰি পাম। আৰু নিশ্চয় আমি লজ্জিত হ’বলৈ বাধ্য হ’ম আৰু উপায়হীন হৈ এইকথা নিজ মুখেৰে আমি স্বীকাৰ কৰিবলৈ বাধ্য হম যে, আজি এই সকলোবিলাকৰ মূলতে হৈছে আমাৰ অশুদ্ধ ঈমান আৰু আক্বীদাৰ দুৰ্বলতা, আমাৰ চৰিত্ৰহীনতা, আমাৰ অসৎ কৰ্ম, বিশুদ্ধ ইছলামৰ প্ৰতি উদাসীনতা, আৰু বাস্তৱত ইছলাম আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ আদৰ্শৰ বিপৰীতে আমাৰ জীৱন ব্যৱস্থা। আমি নামত মাত্ৰ মুছলিম হৈ আছোঁ আৰু আমলত কেৱল শুন্যতা। এনে ক্ষেত্ৰত আমি আল্লাহৰ সহায় লাভ কৰা দূৰৰ কথা¸ ইয়াৰ বিপৰীতে আমি আল্লাহৰ কঠোৰ শাস্তি /আযাব পোৱাৰ যোগ্য।
আজি মুছলিমসকলৰ মাজত ইছলামৰ কোনো নীতি-নিয়ম নাই। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কোনো আদৰ্শ নাই। কোৰআনৰ শিক্ষা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ছহীহ ছুন্নাতৰ পৰা আমি বহু দূৰত অৱস্থান কৰিছোঁ আৰু তাৰ পৰিৱৰ্তে অমুছলিমসকলৰ নীতি-নিয়ম আদৰ্শক গ্ৰহণ কৰি আমাৰ জীৱন পদ্ধতি চলাবলৈ আৰম্ভ কৰিছোঁ। আজি আমি নিৰ্লজ্জভাৱে অতি ভয়াৱহ শ্বিৰ্ক আৰু বিদাতত লিপ্ত হৈ পৰিছোঁ।
তৌহিদ কি আমি বুজি নাপাওঁ। আনকি এনে বহুত মুছলিমও আছে যিসকলে ইছলাম কি বুজি নাপায়। মুছলিম কাক বোলে নাজানে। কলিমা শ্বাহাদতৰ অৰ্থও নাজানে। ঈমান আমল আকিদা আৰু ইছলামৰ মূল ভেটি পাঁচটাও কব নোৱাৰে।
শ্বিৰ্ক কি নুবুজে। ছুন্নাত আৰু বিদ’আতৰ পাৰ্থক্যও বহুত উচ্চশিক্ষিত মানুহ তথা সমাজৰ কিছুমান নামধাৰী আলিমেও নাজানে। তেনে ক্ষেত্ৰত আমি নিজকে মুছলিম বুলি দাবী কৰাটো কিমান যুক্তিসংগত ⁉
আজি আমাৰ সমাজত শ্বিৰ্ক আৰু বিদ’আত ইমানেই বৃদ্ধি পাইছে যে মুছলিমসকলৰ কাৰণেই ইছলামৰ অৱস্থা অতি সংকটজনক। আৰু আল্লাহে কোৰআনত স্পষ্টকৈ ঘোষণা কৰিছে যে¸ নিশ্চয় শ্বিৰ্ক হৈছে আটাইতকৈ ডাঙৰ পাপ , (ছূৰা লোকমান ১৩) । আৰু আল্লাহে কাফিৰ/মুশ্বৰিকসকলৰ কাৰণে জান্নাত হাৰাম কৰিছে। নিশ্চয় কাফিৰ/মুশ্বৰিকসকল দুনিয়া আৰু আখিৰাতত ক্ষতিগ্ৰস্ত। (ছূৰা মায়েদাহ ৭২)
শ্বিৰ্কৰ লগতে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে বিদ’আত সম্পৰ্কে বাৰে বাৰে সকিয়াই দিছে। ছহীহ বুখাৰী আৰু ছহীহ মুছলিমৰ হাদীছত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ স্পষ্ট হাদীছত কোৱা হৈছে; বিদ’আতৰ একমাত্র পৰিণাম হৈছে জাহান্নাম। বিদ’আতকাৰীসকলৰ কোনো ইবাদত কবুল নহয়। বিদ’আতীসকলক হাউজে কওচাৰৰ পানী পিবলৈ দিয়া নহ’ব , (বুখাৰী ৩১৮০ ,২৬৯৭, মুছলিম ১৮৭৮, নাছাঈ ,১৫৬০) । গতিকে বিদ’আতকাৰীসকলও আখিৰাতত ক্ষতিগ্ৰস্ত ।
💢 মুছলিমসকলৰ অৱস্থা ইমান শোচনীয় হোৱাৰ আন এটা মুখ্য কাৰণ হৈছে মুনাফিকী। মুনাফিকসকলৰ কথাও আল্লাহে কোৰআনত কৈছে, মুনাফিকসকল জাহান্নামৰ একেবাৰে নিম্নস্তৰত থাকিব। আৰু মুনাফিকসকলে সিহঁতৰ সহায়কাৰী হিচাপে কাকো নাপাব , (ছূৰা নিছা ১৪২ , ১৪৫) । গতিকে মুনাফিকসকলও আখিৰাতত ক্ষতিগ্ৰস্ত।
এতিয়া যদি আমি বৰ্তমানৰ মুছলিমসকলৰ চৰিত্ৰ আৰু আমলৰ পিনে লক্ষ্য কৰোঁ¸ তেন্তে আনুমানিক অধিকাংশ মুছলিমৰ চৰিত্ৰ বা কৰ্ম ওপৰোক্ত তিনিটাৰ মাজতেই থাকিব।
বৰ্তমান পৃথিৱীৰ কোনো এখন দেশতেই সম্পূৰ্ণৰূপে ইছলামৰ শাসন নাই¸ যদিও বহুকেইখন মুছলিম সংখ্যাগৰিষ্ঠ দেশ আছে। ইয়াতে আৰু এটা কথা ক’ব পাৰি যে আমি আজি আল্লাহৰ বিধি-বিধানতকৈ মানুহে সজা বিধি-বিধানক অগ্ৰাধিকাৰ দিছোঁ। তেন্তে আমি আল্লাহৰ ৰহমত কেনেকৈ আশা কৰিব পাৰোঁ ⁉
বৰ্তমান বিশ্বৰ চৌদি আৰব হৈছে তৌহিদৰ ওপৰত প্ৰতিষ্ঠিত একমাত্র দেশ। আৰু চৌদি আৰব হৈছে পৃথিৱীৰ একমাত্র দেশ যিখন প্ৰায় শ্বিৰ্ক বিদ’আত মুক্ত দেশ বুলি কব পাৰি।
তাৰ বিপৰীতে অতি দুৰ্ভাগ্যজনকভাৱে আমাৰ ভাৰত উপমহাদেশত শ্বিৰ্ক আৰু বিদ’আতৰ পৰিমাণ আটাইতকৈ বেছি। প্ৰায় ৯০ শতাংশতকৈ অধিক মানুহ শ্বিৰ্ক আৰু বিদ’আতত লিপ্ত। অধিকাংশ মানুহৰ চৰিত্ৰত মুনাফিকী লক্ষণ বিদ্যমান।
ঈমান অতি দুৰ্বল হোৱাৰ লগতে কুফুৰী শ্বিৰ্কী আক্বীদাই মুছলিমসকলক একেবাৰে পথভ্ৰষ্ট কৰি ৰাখিছে। যাৰ ফলত আজি মুছলিমসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে বুলি মই দৃঢ়তাৰে ক’ব বিচাৰিছোঁ। ইয়াতে মোৰ লগত বহুতেই সহমত নহ’বও পাৰে। তথাপিও মই বৰ্তমান সমাজৰ কিছুমান বাস্তৱ প্ৰতিচ্ছবিৰ স্বৰূপ আপোনালোকৰ ওচৰত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ,….
আমি সকলো মুছলিমে এই কথাৰ সাক্ষী প্ৰদান কৰোঁ যে, আল্লাহৰ বাহিৰে আন কোনো সত্য মা’বুদ বা উপাস্য নাই। আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আল্লাহৰ বান্দা আৰু ৰাছুল। আৰু আমি প্ৰত্যেক ছালাতত (নামাজ) তিলাৱৎ কৰা ছূৰা ফাতিহাৰ ৫ নং আয়াতত কওঁ, আমি কেৱল তোমাৰেই ইবাদত কৰোঁ আৰু তোমাৰেই সহায় প্ৰাৰ্থনা কৰোঁ ।
কিন্তু বাস্তৱত বেছিভাগেই তাৰ বিপৰীত কৰোঁ। যেনে, আল্লাহৰ বাহিৰে বা আল্লাহৰ লগতে আনৰ ওচৰত শিৰ নত কৰা বা সহায় প্ৰাৰ্থনা কৰা। পীৰ¸ ফকিৰ, মৃত ব্যক্তি, মাজাৰ/কবৰত গৈ সহায় প্ৰাৰ্থনা কৰোঁ। বুজুৰ্গসকলৰ ওৱাছীলা গ্ৰহণ কৰোঁ। এইবোৰ হৈছে একো একোটা স্পষ্ট শ্বিৰ্ক (শ্বিৰ্কে আকবৰ)। আৰু শ্বিৰ্ক কৰাৰ লগে লগেই মানুহ মুছলিমৰ পৰা খাৰিজ হৈ যায়। শ্বিৰ্ক কৰাৰ লগে লগেই পূৰ্ব জীৱনৰ সকলো আমল বৰবাদ (ধ্বংস) হৈ যায় আৰু তেনে অৱস্থাত তৌবা নকৰাকৈ মৃত্যুবৰণ কৰিলে চিৰকাল জাহান্নামী সকলৰ অন্তৰ্ভুক্ত হৈ যায়।
💢 বৰ্তমান আমাৰ সমাজত এটা মাৰাত্মক ব্যাধিয়ে গা কৰি উঠিছে , যিটো শ্বীৰ্কে আকবৰৰ অন্তৰ্ভুক্ত। সামাজিকভাৱে বা চ’চিয়েল মিডিয়া ফেচবুক, টুইটাৰ, হোৱাটচ্ এপ আদিৰ যোগেদি মুছলিমসকলেও বিভিন্ন ধৰ্মৰ বিভিন্ন উৎসৱত অংশগ্ৰহণ কৰা আৰু পোষ্ট কৰি বা ফটো আপলোড কৰি শুভেচ্ছা জ্ঞাপন কৰা অবাধে দেখিবলৈ পোৱা যায়। যিটো ইছলামত কেতিয়াও গ্ৰহণযোগ্য নহয় তাৰ বিপৰীতে কঠোৰভাৱে নিষেধ কৰা হৈছে। অমুছলিমসকলৰ যিকোনো ধৰণৰ পূজা -অৰ্চনা, খ্ৰীষ্টানসকলৰ খ্ৰীষ্টমাচ বা আন যিকোনো ধৰ্মৰ উৎসৱত শুভেচ্ছা জ্ঞাপন কৰা বা অংশগ্ৰহণ কৰি সমৰ্থন কৰা হাৰাম আৰু শ্বিৰ্ক। ৰাছুল (ছা:) এ কৈছে, ” যি ব্যক্তিয়ে আন সম্প্ৰদায়ৰ অনুসৰণ কৰিব সি সিহঁতৰ অন্তৰ্ভুক্ত হব ” (আবুদাউদ ৪০৩১ , ছহীহুল জামে , ৬১৪৯, মিশকাত , ৪৩৪৭ )।
কিছুমানে আকৌ ধৰ্ম নিৰপেক্ষতাৰ দোহাই দি অমুছলিমৰ উৎসৱত অংশ গ্ৰহণ কৰে আৰু সিহঁতৰ মুখত প্ৰায় এটা ডায়লগ থাকে যে মানৱতা শ্ৰেষ্ঠ ধৰ্ম অথচ আল্লাহে কোৰআনত কৈছে ইছলাম হৈছে আল্লাহৰ মনোনীত আৰু গ্ৰহণযোগ্য একমাত্র ধৰ্ম , ( আল ইমৰাণ ১৯) ইছলাম হৈছে শ্ৰেষ্ঠ ধৰ্ম।
আন কিছুমানে আকৌ মিলাপ্ৰীতিৰে বসবাস কৰা তথা সংখ্যাগৰিষ্ঠসকলৰ লগত তাল মিলাই নচলিলে বিপদ হোৱাৰ আশংকা বা সামাজিকভাৱে নানা ধৰণৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে বুলি ভাৱি সিহঁতৰ লগত তাল মিলাই চলিবলৈ সিহঁতৰ উৎসৱ আদিত অংশ গ্ৰহণ কৰে।
এই দুয়োটা কথাই গ্ৰহণযোগ্য নহয়, কাৰণ ইছলামে ধৰ্ম নিৰপেক্ষতাক সমৰ্থন নকৰে। আচলতে যিকোনো ধৰ্মৰ কোনো এজন ধাৰ্মিক মানুহ কেতিয়াও ধৰ্ম নিৰপেক্ষ হ’বই নোৱাৰে।
মুছলিমসকলে ধৰ্ম নিৰপেক্ষতাৰ দোহাই দি পূজাত অংশ গ্ৰহণ কৰি শ্বিৰ্ক কৰে। কিন্তু কোনো এজন হিন্দু, খ্ৰীষ্টিয়ান বা ইহুদীয়ে কেতিয়াবা অজু কৰি ছালাত (নামাজ) আদায় কৰা আপুনি দেখিছেনে ⁉
সিহঁতে ধৰ্ম নিৰপেক্ষতাৰ দোহাই দিলেও বাস্তৱত তেনেকৈ নকৰে। কিন্তু আজি দুখৰ বিষয় আমি মুছলিমসকলে সত্য জানোঁ। আমি জানোঁ যে ইছলামেই হৈছে একমাত্র সত্য ধৰ্ম আৰু আল্লাহৰ মনোনীত একমাত্র ধৰ্ম। তাৰ পিছতো আমি ধৰ্ম নিৰপেক্ষতাক সমৰ্থন কৰোঁ। কিন্তু কিয় ⁉
ইমানখিনি জনাৰ পিছতো আমি অন্য ধৰ্মৰ সমৰ্থন কৰি সিহঁতৰ যিকোনো অনুষ্ঠানত অংশ গ্ৰহণ কৰাটো দুখজনক¸ লজ্জাজনক আৰু দুৰ্ভাগ্যজনক। তেনে কৰোঁতে নিসন্দেহে এজন মুছলিমে মুছলিমৰ পৰা আঁতৰি মুশ্বৰিকৰ অন্তৰ্ভুক্ত হৈ পৰে।
দ্বিতীয়তে তাল মিলাই চলাটো ইছলামে স্বীকৃতি নিদিয়ে। আৰু আমাৰ দেশৰ সংবিধানে আমাক আমাৰ নিজৰ ধৰ্ম পালনৰ ক্ষেত্ৰত স্বাধীনতা দিছে। তেন্তে আমি কিয় ধৰ্ম নিৰপেক্ষতাৰ দোহাই দি শ্বিৰ্কত লিপ্ত হ’ব লাগে ⁉
আমি যদি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম আৰু চাহাবাসকলৰ জীৱনী অধ্যয়ন কৰোঁ তেন্তে ইয়াৰ উত্তৰো বিচাৰি পাম। চাহাবাসকল বহু কষ্টৰ সন্মুখীন হৈছিল আৰু সিহঁতে ঈমানৰ খাতিৰত নিজৰ জীৱন দিবলৈ কুন্ঠাবোধ কৰা নাছিল তথাপিও সিহঁতে কেতিয়াও শ্বিৰ্ক বা কুফুৰীত লিপ্ত হোৱা নাছিল আৰু কাফিৰ মুশ্বৰিকসকলৰ লগত হাতও মিলোৱা নাছিল। কুফুৰী আৰু শ্বিৰ্কৰ লগত সংগ্ৰাম কৰিয়েই ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে নিজে মক্কাৰ পৰা মদ্বীনালৈ হিজৰত কৰিবলৈ বাধ্য হৈছিল।
💢 বৰ্তমান সময়ত মুছলিমসকলৰ ওপৰত বিভিন্ন প্ৰকাৰে গজব নাযিল হোৱা আৰু সকলো দিশত অপদস্ত হোৱাৰ বহুতো কাৰণ আছে। তাৰে কিছুমান দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ, আজিৰ মুছলিম সকলৰ প্ৰায়ভাগেই নামত হে মুছলিম হৈ আছে কিন্তু কৰ্মত/আমলৰ ক্ষেত্ৰত মুশ্বৰিকসকলতকৈও অধিক নিম্নমানৰ।
ইছলামৰ মূল ভেটি পাচটা সম্পূৰ্ণ ৰূপে কেইজনে আদায় কৰে ⁉
অথচ এই ৫ টাৰ কোনো এটা অস্বীকাৰ কৰিলে মুছলিম হ’ব নোৱাৰে। কলিমা পঢ়ি মুছলিম হোৱাৰ লগে লগেই ৫ ওৱাক্ত ছালাত/নামাজ ফৰজ হৈ যায়। কিন্তু আজি অতি পৰিতাপৰ বিষয় যে মুছলিমসকলৰ মছজিদত গৈ পৰীক্ষা কৰি চালে দেখা যায় মুছল্লীৰ সংখ্যা একেবাৰে নগণ্য। আৰু যিসকলে ছালাত আদায় কৰে তাৰে বেছিভাগেই আকৌ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পদ্ধতিত আদায় নকৰে। অথচ ইবাদত কবুল হোৱাৰ দুটা প্ৰধান চৰ্ত ৰ এটা হৈছে ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পদ্ধতিত ইবাদত কৰা । আল্লাহে কোৰআনত ৰাছুল (ছা:)ৰ অনুসৰণ কৰিবলৈ কৈছে , (ছূৰা আল ইমৰাণ ৩১)।
আকৌ ছহীহ হাদীছত উল্লেখ আছে ছালাত অবিহনে ইছলামৰ অস্তিত্ব নাথাকে, মুছলিম আৰু কাফিৰ/মুশ্বৰিকৰ মাজত পাৰ্থক্য হৈছে ছালাত (মুছলিম ২৫৬, ২৫৭ ,ইফা ১৪৯, ১৫০)।
হাদীছত আৰু উল্লেখ আছে যে যিজনে বিনা কাৰণত এক ওৱাক্ত ছালাত ত্যাগ কৰিলে সি কুফুৰী কৰিলে (তিৰমিজি , ২৬২১, নাছাঈ ৪৬৩, ইবনু মাজাহ ১০৭৯)।
এতিয়া ছালাত আদায় নকৰাকৈ থকা অধিকাংশ মানুহখিনিক (নামধাৰী মুছলিম) আমি সচাকৈয়ে মুছলিম বুলি ক’ব পাৰোঁ নে ⁉
কিছুমানে আকৌ মাজে মাজে ছালাত আদায় কৰে আৰু কিছুমানে কেৱল জুমাৰ ছালাত আদায় কৰে। কিন্তু এইসকলেও নিশ্চয় আল্লাহৰ লগত ধোকাবাজি কৰিছে আৰু ইহঁত মুনাফিকসকলৰ অন্তৰ্ভুক্ত।
ফজৰৰ ছালাতত প্ৰায়বোৰ মছজিদত নামমাত্ৰ মুছল্লী উপস্থিত থাকে। ফজৰ আৰু ইশ্বাৰ ছালাত সময়মতে আদায় নকৰা মুনাফিকৰ এটা লক্ষণ (মুত্তাফাক আলাইহি ,মিশকাত ৬২৯, আবুদাউদ , নাছাঈ , মিশকাত ১০৬৬) । আজিৰ মুছলিমসকল ছালাত সম্পৰ্কে একেবাৰে গাফিল। কিন্তু পৰিণাম অতি ভয়াবহ (ছূৰা মৰিয়ম ৫৯ আৰু ছূৰা মুদ্দাছিৰ , ৪১ , ৪৩) ।
এতিয়া আমি মুছলিমসকলে যদি নিজৰ নিজৰ আমলৰ প্ৰতি দৃষ্টি দিওঁ¸ তেন্তে নিজৰ স্থিতি কি হ’ব আমি বুজিবলৈ আৰু বাকী নাথাকিব। আজান হোৱাৰ লগে লগে দুনিয়াবী সকলো কাম-কাজ ব্যৱসায়-বাণিজ্য পৰিত্যাগ কৰি মছজিদত উপস্থিত হৈ জাম’আতৰ সৈতে ছালাত আদায় কৰাটো এজন প্ৰকৃত মুমিনৰ কৰ্তব্য। কিন্তু আজি আমি বিচাৰিলে কিমানজন তেনে মুছলিম পোৱা যাব ⁉
ইছলামৰ আন এটি গুৰুত্বপূৰ্ণ বিষয় হৈছে জাকাত প্ৰদান কৰা। জাকাত আদায় কৰাটো ইছলামত ফৰজ কৰা হৈছে, (ছূৰা বাক্বাৰাহ ,৪৩,৮২,১১০)।
আৰু সকলো ধৰণৰ সুতৰ লেনদেন হাৰাম কৰা হৈছে (ছূৰা বাক্বাৰাহ ২৭৫)।
কিন্তু আজি বাস্তৱত আল্লাহৰ হুকুম অমান্য কৰি সুতৰ লেনদেন অবাধে আৰম্ভ কৰাৰ বিপৰীতে জাকাত আদায় কৰাটো পৰিলক্ষিত নহয়। যিটো এখন মুছলিম সমাজত অতি নিন্দনীয় আৰু গৰ্হিত কাম। যাৰ ফলত আল্লাহৰ গজব নাযিল হোৱাটো স্বাভাৱিক।
মিছা কথাবোৰ কোৱা মহাপাপ¸(বুখাৰী ৬৮৭১, মুছলিম ৮৮) ।
কিন্তু আজিৰ মুছলিমসকল মিছা কথা কোৱাত পাকৈত, মিছা কথাৰে ব্যৱসায় কৰা প্ৰতাৰণাৰ লগত চামিল।
চাৰিওফালে হাহাকাৰ, তাৰোপৰি নিচাজাতীয় দ্ৰব্যৰ সেৱনো মুছলিম সমাজত ভৰপূৰ। বিড়ি, চিগাৰেট, মদ¸ জুৱা এইবোৰ ইছলামত নিষিদ্ধ¸(চহিহ মুছলিম ২০০৩, ইবনে মাজাহ ৩৩৯০, ৩৩৯৩)।
কিন্তু আজিৰ মুছলিমসকলৰ বাবে এইবিলাক অৱহেলাৰ বিষয়।
মুছলিম সমাজত ন্যায় বিচাৰৰ অভাৱ।
ব্যভিচাৰৰ অতিমাত্ৰা বৃদ্ধিও অন্যতম কাৰণ।
মুঠতে ক’বলৈ গ’লে আজিৰ মুছলিম সমাজৰ প্ৰায়বোৰ কাম ইছলামৰ পৰিপন্থী। গোমৰাহ আলিমসকলৰ অত্যধিক প্ৰভাৱে মুছলিমসকলক ইছলামৰ সঠিক শিক্ষাৰ পৰাও বঞ্চিত কৰিছে। ক্বুৰআন আৰু ছহীহ হাদীছৰ শিক্ষা আৰু আমল আজিৰ মুছলিম সমাজত প্ৰায় নাইকিয়া হৈছে। তাৰ পৰিবৰ্তে শ্বিৰ্ক আৰু বিদ’আত সকলোতে প্ৰসাৰিত আৰু প্ৰচাৰিত। শ্বিৰ্ক আৰু বিদ’আতৰ পৰিণাম নিশ্চিতভাৱে দুনিয়া আৰু আখেৰাতত অতি ভয়ংকৰ আৰু তাৰ বহিঃপ্ৰকাশ আমাৰ চকুৰ আগত ফুটি উঠা আমি স্পষ্টভাৱে দেখিবলৈ পাইছোঁ। আজিৰ মুছলিমসকল প্ৰকৃততে মুছলিম হৈ থকা নাই, পথভ্ৰষ্টতাই গ্ৰাস কৰি পেলাইছে। আল্লাহে কৈছে-
তোমালোক যেতিয়া আল্লাহ আৰু তেওঁৰ ৰাছুল (চাল্লাল্লাহু আলাইহি অছাল্লাম)ৰ আদৰ্শৰ পৰা আঁতৰি যাবা তেতিয়া নিশ্চয় তোমালোকক গুৰু শাস্তি দিয়াৰ আগতে লঘু শাস্তি দিয়া হ’ব, যাতে তোমালোকে উভতি আঁহা (ছূৰা ছিজদাহ , ২১)।
চাবলৈ গ’লে আল্লাহে এতিয়াও আমাৰ ওপৰত দয়া কৰি আছে, আমাক বিভিন্নপ্ৰকাৰে সংকেত দি আছে। কিন্তু আমি নিৰ্বোধৰ নিচিনা আছোঁ। আমি বুজি পোৱা উচিত। আমি সকলোৱে শ্বিৰ্ক বিদ’আত পৰিহাৰ কৰি ক্বুৰআন আৰু ছুন্নাহক গ্ৰহণ কৰা উচিত। আল্লাহৰ আইন আমাৰ জীৱনৰ সকলোতে মানি চলা আমাৰ কৰ্তব্য। আৰু আমি যদি সচাঁকৈয়ে আল্লাহৰ বিধান মানি চলো, সকলো ধৰণৰ হাৰাম পৰিত্যাগ কৰি হালাল গ্ৰহণ কৰোঁ তেতিয়া নিশ্চয় আল্লাহে আমাৰ ওপৰত দয়া কৰিব আৰু আমাৰ বিপদ-আপদ দূৰ কৰিব আৰু আমাক সহায় কৰিব। আমাক সকলোৰে ওপৰত বিজয়ী কৰি ৰাখিব।
গতিকে আমাৰ কৰ্তব্য আমি সকলোৱে তৌবাহ কৰি আল্লাহৰ পিনে পুনৰ উভতি আহিব লাগিব। ন’হলে আমাৰ অৱস্থা ইয়াতকৈও অধিক শোচনীয় হৈ পৰিব।
💢💢💢💢💢💢💢