বিষ হলে কি দোৱাৰে জৰা-ফুকা কৰিব লাগে ?

বিষ হলে কি দোৱাৰে জৰা-ফুকা কৰিব লাগে? উত্তৰ: ওছমান ইবনু আবুল আছ ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত এবাৰ তেওঁ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওচৰত বিষ হোৱাৰ অভিযোগ কৰিলে যিটো তেওঁ তেওঁৰ শৰীৰত অনুভৱ কৰিছিল। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেওঁক ক’লে তুমি তোমাৰ গাৰ বিষ হোৱা ঠাইত হাত ৰাখা আৰু তিনিবাৰ “বিছমিল্লাহ” কোৱা আৰু সাতবাৰ : ﺃﻋُﻮْﺫُ ﺑِﻌِﺰَّﺓِ ﺍﻟﻠﻪِ ﻭَﻗُﺪْﺭَﺗِﻪِ ﻣِﻦْ ﺷَﺮِّ ﻣﺎَ ﺃﺟِﺪُ ﻭَﺍُﺣﺎَﺫِﺭُ “আউযু বিইযযাতিল্লাহি ওৱা কুদৰাতিহি মিন শ্বাৰৰি মা আজিদু ওৱা উহাযিৰ” (ছহীহ মুছলিম, মিশকাত/১৫৩৩, পৃঃ ১৩৪)। অর্থঃ আল্লাহৰ ইজ্জত আৰু ক্ষমতাৰ উছিলাত যি বিষ মই অনুভৱ কৰিছোঁ আৰু যি ভয় কৰিছোঁ তাৰ অনিষ্টৰ পৰা আশ্রয় প্রার্থনা কৰিছোঁ। অন্য বৰ্ণনাত আছে: « ﺃَﻋُﻮﺫُ ﺑِﺎﻟﻠَّﻪِ ﻭَﻗُﺪْﺭَﺗِﻪِ ﻣِﻦْ ﺷَﺮِّ ﻣَﺎ ﺃَﺟِﺪُ ﻭَﺃُﺣَﺎﺫِﺭُ» “আউযুবিল্লাহি ওৱা কুদৰাতিহি মিন শ্বাৰৰি মা আজিদু ওৱা উহাযিৰ” (ছহীহ মুছলিম, ১৭২৮, ২২০২)। অর্থঃ আল্লাহৰ ক্ষমতাৰ উছিলাত যি বিষ মই অনুভৱ কৰিছোঁ আৰু যি ভয় কৰিছোঁ তাৰ অনিষ্টৰ পৰা আশ্রয় প্রার্থনা কৰিছোঁ। আল্লাহৰ ভৰষা ৰাখক ইন শ্বা আল্লাহ ৰোগমুক্ত হব।

Leave a comment