বিদাত সম্পৰ্কে বহুতৰ ধাৰণা যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সময়ত নথকা বস্তু ৱেই বিদাত । বহুতে আকৌ ভাবে বৰ্তমানৰ মাদ্ৰাছাৰ শিক্ষা পদ্ধতি, মাইকত আজান দিয়া, বিমানত হজলৈ যোৱা আদি বিদাত । এইবোৰ দিশ বিবেচনা কৰি নিজৰ ইচ্ছা মতে বিদাতক দুভাগত ভাগ কৰিছে – বিদাতে হাচানা আৰু বিদাতে চাইয়্যাহ । প্ৰকৃততে বিদাত সম্পৰ্কে সঠিক ধাৰণা নথকা বাবে এই বিভ্ৰান্তি । বিদাতক এনেদৰে ভাগ কৰাটোও এক বিদাত । ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে – দ্বীনৰ মাজত সকলো ন-আবিষ্কৃত বিষয় বিদাত আৰু প্ৰতিটো বিদাত হল পথ ভ্ৰস্ততা । গতিকে বিদাতে হাচানা সম্পূৰ্ণ হাদীচ বিৰোধী । সেয়ে ইমাম মালিক (ৰঃ) য়ে কৈছে – যি ব্যক্তিয়ে ইছলামত কোনো বিদাতৰ প্ৰচলন ঘটাই ইয়াক ভাল বিদাত আখ্যা দিয়ে, তেওঁ যেন প্ৰকাৰান্তে বিশ্বাস কৰিছে যে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আল্লাহৰ বাণী পৌঁছাই দিয়াত বাকী ৰৈ গৈছে ! আল্লাহে চুৰা মায়িদাৰ ৩নং আয়াতত কৈছে – আজি তোমালোকৰ বাবে তোমালোকৰ ধৰ্ম সম্পূৰ্ণ কৰি দিলো । ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে বিদাত সম্পৰ্কে প্ৰকাশ কৰা মন্তব্য জাবিৰ (ৰাঃ)য়ে বৰ্ণনা কৰি কৈছে – “ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে বক্তৃতা দিয়া সময়ত চকু দুটা ৰঙা হৈ পৰিছিল, কণ্ঠস্বৰ খং মিশ্ৰিত হৈ গহীন হৈছিল এনে লাগিছিল যেন সেনা বাহিনীকহে সতৰ্ক কৰিছে । তেখেতে কৈছিল – আল্লাহে তোমালোকক দিনত ও ৰাতি ভালে ৰাখক, মোৰ ও কিয়ামতৰ মাজত দুটা আঙুলিৰ ব্যবধান, এই বুলি কৈয়ে মধ্যমা আৰু তৰ্জনী আঙুলি দুটা দেখুৱাই কয় সকলোতকৈ ভাল বাণী হল আল্লাহৰ কিতাপ আৰু সকলোতকৈ ভাল নিয়ম ও আদৰ্শ হল মুহাম্মদ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নিয়ম বা আদৰ্শ আৰু দ্বীনৰ ব্যাপাৰত আটাইতকৈ নিকৃষ্ট কাম হল বিদাত বা নতুন সৃষ্টি আৰু প্ৰতিটো বিদাত ভ্ৰষ্টতা । তাৰ পিছত কয় – যি ব্যক্তিয়ে সম্পদ এৰি যায় সেয়া তেওঁৰ পৰিয়ালৰ বাবে আৰু ঋণ বা অসহায় সন্তানৰ �দায়িত্ব মোৰ ওপৰত বৰ্তে । (ছহীহুল মুচলিম) (তথ্যসূত্ৰ ঃ তাহকীক ৰিয়াদুচ শ্বালিহীন, তাওহীদ প্ৰকাশন, পৃঃ ১০৫) । ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সময়ত ইবাদত হিচাপে গণ্য নোহোৱা পদ্ধতি আজিও ধৰ্ম বা ইবাদত হিচাপে গণ্য নহয় । গতিকে বিদাতে হাচানা বুলি একো নাই । বিদাতে হাচানা বুলি দেখাব যোৱা পদ্ধতি সমূহ হয়তো শাব্দিক অৰ্থত বিদাত প্ৰকৃততে বিদাত নহয়, বা সেই বিলাক ছুন্নতে হাচানা । এই সম্পৰ্কে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে – কোনো ব্যক্তিয়ে ইছলামত ভাল পদ্ধতি প্ৰচলন কৰিলে তাৰ বাবে চোৱাব লাভ কৰিব আৰু সেয়া কোনোবাই পালন কৰিলে তাৰপৰাও চোৱাব পাব, কিন্তু পালন কৰোতাৰ চোৱাব কম নহব । আনহাতে বেয়া পদ্ধতি প্ৰচলন কৰোতাই তাৰ পাপ বহন কৰিব আৰু সেয়া পালন কৰোতাৰ পাপৰ অংশও লাভ কৰিব । (চহীহুল মুছলিম) । ইয়াতে প্ৰশ্ন হব পাৰে মাইকত আজান দিয়া, মাদ্ৰাছাৰ শিক্ষা পদ্ধতি আদি যদি চুন্নতে হাচানা হয়, তেন্তে চবেবৰাত পালন, মিলাদ, তবলীগ জামাত আদি কিয় চুন্নতে হাচানা নহব ? ওপৰৰ আলোচনাৰ পৰা দেখা যায় বিদাত হব ইবাদতৰ ক্ষেত্ৰত । নতুন পদ্ধতি ধৰ্মৰ অংশ হিচাপে ধৰি চোৱাব লাভৰ আশাত পালন কৰিলে বিদাত হোৱাৰ প্ৰশ্ন আহে আৰু যদি ধৰ্মীয় হিচাপে গণ্য নকৰি পদ্ধতি হিচাপে কৰা হয় তেন্তে বিদাত হোৱাৰ প্ৰশ্ন নাহে । উদাহৰণ স্বৰূপে মাইকত আজান দিলে চোৱাব বেচি হব আৰু বিনা মাইকত আজান দিলে চোৱাব নহব বা কম হব বুলি কোনেও নাভাবে । গতিকে এয়া কেতিয়াও বিদাত নহয় । আন অৰ্থত মাইকত আজান দিলে বেচি মানুহে শুনা পাব ও ছালাত আদায় কৰাৰ সুবিধা পাব । যেহেতু মূল উদ্দেশ্য মানুহক ছালাতৰ বাবে আহ্বান কৰা গতিকে এয়া বিদাত নহয় বৰং চুন্নতে হাচানা । উক্ত উদাহৰণ যদি চুন্নতে হাচানা হয় তেন্তে চুন্নতে চাইয়্যাহ বুলি কলে কি বুজাব ? উত্তৰত ইয়াকে কব পাৰি যে কোনো দেশৰ শাসকে যদি আৰবী ভাষাৰ পৰিবৰ্তে স্থানীয় ভাষাত আজান দিয়াৰ হুকুম দিয়ে আৰু সেয়া কাৰ্য্যকৰী কৰাটো বিদাত নহয় বৰং চুন্নতে চাইয়্যাহ হব কাৰণ যি এই কাম কৰিব তেওঁ জানে যে অনাৰবী ভাষাত আজান দিয়াটো ধৰ্মৰ নিৰ্দেশ নহয় আৰু ইয়াত কোনো চোৱাব নাই । এনে কামক চুন্নতে চাইয়্যাহ বুলি কোৱা হয়, ইয়াৰ প্ৰচলনকাৰী ও পালন কাৰী দুয়োৰে গুনাহ হব । বিদাত শব্দৰ শাব্দিক বিশ্লেষণ কৰিলে এনেদৰে পোৱা যায় –
১) বাদিউন মানে এনে কিছু সৃষ্টি কৰা যাৰ আগতে কোনো অস্তিত্ব বা নজিৰ নাছিল । বিশ্ব জগতৰ কোনো অস্তিত্ব নাছিল আৰু মহান আল্লাহে সৃষ্টি কৰিলে গতিকে আল্লাহ তা’আলাৰ চিফাতী নাম বাদিউল আলম ।
২) বাদউন শব্দৰ অৰ্থ আবিষ্কাৰ কৰা অৰ্থাৎ আমাৰ অজ্ঞাতে থকা বস্তুৰ আবিষ্কাৰ যেনে ভূ গৰ্ভত থকা খনিজ বস্তুৰ আবিষ্কাৰক বাদউন কোৱা হয় ।
৩) বিদ’উন শব্দৰ অৰ্থ উদ্ভাৱন কৰা অৰ্থাৎ আল্লাহৰ সৃষ্ট বস্তুৰ সহায়ত কোনো নতুন বস্তুৰ উদ্ভাৱন কৰা । যেনে সোণ, ৰূপ, পেট্ৰল, ডিজেল, টিভি, বিদ্যুৎ আদিৰ উদ্ভাৱন ।
৪) বিদ’আতুন শব্দৰ অৰ্থ দ্বীনৰ ক্ষেত্রত ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আমাক যি দিছে সেয়া স্বয়ং সম্পূৰ্ণ । ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ইন্তেকালৰ পিছত চোৱাবৰ আশাত ইছলামত প্ৰচলন কৰা নতুন প্ৰথাকে বিদ’আতুন বা বিদাত কোৱা হয় ।
বিদাতৰ তিনিটা লক্ষণীয় বিষয় হল – ১) নতুনকৈ প্ৰচলন, ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম ও চাহাবায়ে কেৰামৰ যুগত যাৰ কোনো প্ৰচলন নাছিল ।
২) দ্বীনৰ অংশ বুলি ধাৰণা কৰি নব প্ৰচলিত বিষয় সংযোজন কৰা ।
৩) নব প্ৰচলিত বিষয় শ্বৰীয়তৰ দলীল অবিহনে প্ৰচলন কৰা ।
বিদাতৰ চাৰিটা বৈশিষ্ট্য হল – ১) বিদাতৰ সপক্ষে স্পষ্ট দলীল নাই অৱশ্যে নিষিদ্ধ হোৱা দলীল পোৱা যায় ।
২) বিদাত সকলো সময়ত শ্বৰীয়তৰ উদ্দেশ্য, লক্ষ্য ও মুকচেদৰ বিপৰীতে অৱস্থান কৰে ।
৩) বিদাতী কাৰ্য্যাবলী ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম ও চাহাবা সকলৰ যুগত প্ৰচলন নাছিল
৪) বিদাতৰ লগত শ্বৰীয়তৰ কোনো কোনো ইবাদতৰ কিছু মিল দেখা যায় । এই মিল দুই ধৰণৰ – দলীলৰ দিশত এনেভাৱে মিল থাকে যে কোনো এক আম দলীল কিংবা সংশয় অথবা ধাৰণাৰ ভিত্তিত বিদাত প্ৰচলিত হয় আৰু প্ৰকৃত দলীল আওকাণ কৰি আম দলীল বা সংশয় বা ধাৰণাকে বিদাতৰ সঠিক দলীল বুলি ধৰি লোৱা হয় । দ্বিতীয়তে শ্বৰীয়ত প্ৰণীত ইবাদতৰ পদ্ধতিৰ লগত বিদাতৰ মিল তৈয়াৰ কৰি লোৱা হয়, সংখ্যা, আকাৰ আকৃতি, সময় বা স্থানৰ দিশত বা হুকুমৰ দিশত । এনে মিলৰ বাবে বহুতে বিদাত গণ্য নকৰি ইবাদত গণ্য কৰে ।
আল্লাহে আমাক বিদাত চিনিবলৈ, বুজিবলৈ আৰু বিদাতৰ পৰা আঁতৰি থকাৰ তৌফিক দিয়ক ।

— Ikramul Hussain