বিদ’আত কাক বোলে

প্রশ্নঃ ‘বিদ‘আত’ কাক কয়?
‘বিদ‘আতে হাচানাহ’ (অর্থাৎ ভাল বিদাত) বুলি কিবা বিদ‘আত আছেনে? আৰু এই বিদ‘আতিসকলৰ পৰিণতি কি হ’ব?

উত্তৰঃ বিদ‘আত হ’ল- দ্বীনি বিষয়ক কোনো নতুন কর্ম, যাৰ কোনো দলীল শৰীয়তত নাই। অর্থাৎ বিদ‘আত হ’ল- কোনো নতুন ইবাদত, যিটো কোৰ’আন আৰু চহীহ হাদিছত নাই।

কিছুমান মানুহে আকৌ প্রশ্ন কৰে যে, তেনেহ’লে- ফেন, চাইকেল, বাইক, গাড়ী ইত্যাদি, এইবোৰো বিদাত নেকি?

ইয়াত মন কৰা দৰকাৰ যে¸ এইবোৰৰ লগত ইছলামৰ কোনো সম্পর্ক নাই। গতিকে এইবোৰ বিদাত নহয়।

মহানবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “নিশ্চয় তোমালোকৰ মাজত যিসকলে মোৰ বিদায়ৰ পিছত জীৱিত থাকিব সিহঁতে বিভিন্ন প্ৰকাৰৰ মতভেদ দেখিবলৈ পাব। গতিকে তোমালোকে মোৰ আৰু মোৰ সুপথপ্রাপ্ত খোলাফায়ে ৰাচেদীনৰ ছুন্নত অৱলম্বন কৰা, সেয়া দাঁতৰ দ্বাৰা দৃঢ়তাৰ সৈতে ধাৰণ কৰা (তাত যি পোৱা মান্য কৰা অন্যান্য কোনো মতৰ পিনে আকৃষ্ট নহ’বা) আৰু (দ্বীনত) নৱৰচিত কর্মসমূহৰ পৰা সাৱধান! কাৰণ, নিশ্চয় প্রত্যেক বিদাত (নতুন আমল) হ’ল ভ্রষ্টতা (গোমৰাহী)।” (আবু দাঊদ- ৪৪৪৩, তিৰমিযী- ২৮১৫, ইবনে মাজাহ- ৪২ নং)

আনহাতে নাছাঈৰ এটা বর্ণনাত আছে, “আৰু প্রত্যেক ভ্রষ্টতাই (গোমৰাহী) জাহান্নামত (লৈ যায়)।”
(নাছাঈ, ১৫৭৮ )

উক্ত হাদিছৰ পৰা এই কথাও প্রমাণিত হয় যে, বিদাতে হাছানাহ (ভাল বিদাত) বুলি কোনো বিদাত নাই। কাৰণ মহানবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “প্রত্যেক বিদাতেই হ’ল ভ্রষ্টতা।”

✽ বিদাতীসকলৰ পৰিণতি অত্যন্ত ভয়াৱহ হ’ব। যিদৰে আল্লাহে কৈছে,
‘আপুনি জনাই দিয়ক, মই তোমালোকক ক্ষতিগ্রস্ত আমলকাৰীসকলৰ সম্পর্কে জনাই নিদিমনে? (দুনিয়াবী জীৱনত) যিসকলৰ সমস্ত আমল বৰবাদ হৈ গৈছে। অথচ সিহঁতে ভাৱে যে, সিহঁতে সুন্দৰ আমলেই কৰি গৈ আছে’৷ (কাহফ, ১০৩-৪)।

ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, ‘তোমালোকে দ্বীনৰ (ইছলামৰ) ভিতৰত নতুন সৃষ্টি কৰাৰ পৰা বিৰত থাকা। নিশ্চয ধর্মৰ মাজত প্রত্যেক নতুন সৃষ্টিয়েই বিদ‘আত আৰু প্রত্যেক বিদ‘আতেই গোমৰাহী৷ (আহমাদ, আবুদাঊদ, তিরমিযী, মিশকাত হা/১৬৫)।

বিদ‘আতীসকলৰ আমল কবুল নহয়৷ (বুখাৰী হা/৩১৮০)

বিদ‘আতীসকলৰ ওপৰত আল্লাহ¸ আল্লাহৰ ফিৰিস্তাসকল আৰু সকলো মানুহৰ লানত বর্ষিত হয়৷
(বুখাৰী হা/৩১৮০)।

আপোলোকে যিবোৰ আমল কৰি আছে, তাক এবাৰ কোৰ’আন আৰু হাদিছৰ দ্বাৰা পৰীক্ষা কৰক। নহ’লে কিয়ামতৰ দিনা আমি বহুতো আমল কৰিও সৰ্বহাৰা হ’ব লাগিব।

Leave a comment