#বিজ্ঞানীসকলে কোনো নিৰ্জীৱ বস্তুৰ পৰা জীৱন্ত প্ৰাণীৰ সৃষ্টি কৰিব পাৰিব নে? যদি নোৱাৰে তেন্তে নাস্তিকসকলে সৃষ্টিকৰ্তাক অস্বীকাৰ কৰা বিষয়টোৰ ওপৰত কিবা বৈজ্ঞানিক যুক্তি আছে নে? #বিজ্ঞানীসকলে আজিলৈকে কোনো নিৰ্জীৱ পদাৰ্থৰ দ্বাৰা কথা কব পৰা জীৱন্ত প্ৰাণীৰ সৃষ্টি কৰিব পৰা নাই। আনহাতে নাস্তিকসকলে সৃষ্টিকৰ্তাক অস্বীকাৰ কৰা বিষয়ৰ লগত কোনো বৈজ্ঞানিক প্ৰমাণ নাই। চাওঁক! কুৰআনত মানৱজাতিক উদ্দেশ্য কৰি আল্লাহে কোনো জীৱন্ত বস্তুৰ সৃষ্টি সম্পৰ্কে কি কৈছে —— يَا أَيُّهَا النَّاسُ ضُرِبَ مَثَلٌ فَاسْتَمِعُوا لَهُ ۚ إِنَّ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ لَنْ يَخْلُقُوا ذُبَابًا وَلَوِ اجْتَمَعُوا لَهُ ۖ وَإِنْ يَسْلُبْهُمُ الذُّبَابُ شَيْئًا لَا يَسْتَنْقِذُوهُ مِنْهُ ۚ ضَعُفَ الطَّالِبُ وَالْمَطْلُوبُ “হে লোকসকল! এটি উপমা বর্ণনা কৰা হ’ল, গতিকে তোমালোকে তাক মনোযোগ দি শুনা! তোমালোকে আল্লাহৰ পৰিৱর্তে যিসকলক পূজা কৰা, সিহঁতে কেতিয়াও এটি মাখি সৃষ্টি কৰিব নোৱাৰিব, যদিও সিহঁত সকলোৱে একত্রিত হয়। আকৌ মাখিয়ে যদি সিহঁতৰ ওচৰৰ পৰা কিবা বস্তু কাঢ়ি লৈ যায়, তেনেহ’লে সিহঁতে তাৰ ওচৰৰ পৰা তাক উদ্ধাৰ কৰিব নোৱাৰিব, প্রার্থনাকাৰী আৰু যাৰ ওচৰত প্রার্থনা কৰা হয়, উভয়েই শক্তিহীন। (কুৰআন ২২ : ৭৩)