বহুত আলিমে আজি কুৰআণ হাদিছৰ মতে নচলে কিয়

বহুত আলিমে আজি কুৰআণ হাদিছৰ মতে নচলে কিয়

কথাবোৰ একেবাৰে বাস্তৱৰ পৰিনিত হৈছে ,পঢ়ি ভাল লাগিল কাৰণে পোষ্ট কৰিলো।

কিছুমান মুছলিম ভাইয়ে মোক প্ৰশ্ন কৰে বহুত আলিমে আজি কুৰআণ হাদিছৰ মতে নচলে কিয়?। এই বিষয়ে মই একমত কাৰণ প্ৰকৃত আলিমে অৰ্থাৎ নবী চ: ৰ ৱাৰিছে কেতিয়াও কুৰান |

Also read : কিছুমান সামাজিক নিয়ম যিয়ে আপোনাক সহায় কৰিব পাৰে|

বহুত আলিমে আজি কুৰআণ হাদিছৰ মতে নচলে কিয়? 

হাদিছত নথকা আমল কৰ্ম কেতিয়াও নকৰে.।

যেনে .
১) এজন প্ৰকৃত আলিমে কোৰআন-হাদিছতকৈ নিজৰ আকাবিৰিণ সকলক বেছি গুৰুত্ব নেদিয়ে ।
২) এজন প্ৰকৃত তাবিজৰ ব্যৱসায় নকৰে,।
৩) এজন প্ৰকৃত আলিমে কোৰআন খতমৰ নামত টকা নেখায়।
৪) এজন প্ৰকৃত আলিমে বিভিন্ন দোৱাৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি টকা আৰু ভোজ নেখায়।,
৫) এজন প্ৰকৃত আলিমে জলছাহ গাই টকা (ইচলাম প্ৰচাৰৰ নামত) নেখায়,।
৬) এজন প্ৰকৃত আলিমে পীৰ-মুৰিদৰ ব্যৱসায় নকৰে। ,
৭) এজন প্ৰকৃত আলিমে চিল্লাই চিল্লাই বেদাতি জিকিৰ নকৰে!
৮) এজন প্ৰকৃত আলিমে তিন দিনিয়া চল্লিশ দিনিয়া মৰাৰ ভোজ নেখায়,।
৯) এজন প্ৰকৃত আলিমে মানুহ মৰিলেই নামাজৰ কাফৰা আনিবলৈ মৃতকৰ ঘৰত নেযায়,!
১০) এজন প্ৰকৃত আলিমে ৩ দিনীয়া/ ৪০ দিনীয়া/ বছৰেকীয়াত কোৰআন খতমৰ নামত টকা নেখায়,।

১১)এজন প্ৰকৃত আলিমে মহৰম ,,মিলাদ-কিয়াম আদি বিদাতি অনুষ্ঠানত আগভাগ নলয়,।
১২) এজন প্ৰকৃত আলিমে বেমাৰীৰ ঘৰত খতমে ইউনুচ পঢ়াৰ নামত ভোজ নেখায় আৰু টকা নলয়।
১৩) এজন প্ৰকৃত আলিমে দুখীয়া মানুহতকৈ ধনী মানুহৰ লগত বেছি সম্পৰ্ক নেৰাখে,।
১৪) এজন প্ৰকৃত আলিমে ধনী মানুহে দোৱা কৰিব মাতিলে কান্দি কান্দি, দীঘল দীঘল দোৱা নকৰে।
১৫) এজন প্ৰকৃত আলিমে ইচলামৰ নীতি নিয়মতকৈ মছজিদ কমিটিৰ মানুহক বেছি প্ৰাধন্য নেদিয়ে,।

বহুত আলিমে আজি কুৰআণ হাদিছৰ মতে নচলে কিয়

১৬) এজন প্ৰকৃত আলিমে চাধা, জৰ্দাপাণ আদি হাৰাম বস্তু বোৰ নখায়,।
১৭) এজন প্ৰকৃত আলিমে চহীহ বোখাৰী-মুছলিম হাদিছৰ গ্ৰন্থ বোৰৰ দলীল মাজহাবৰ উল্তা হলে কেতিয়াও দলিয়াই নেদিয়ে ।
১৮) এজন প্ৰকৃত আলিমে তাৰাবী পঢ়োৱাৰ নামত টকা নেখায়।
১৯) এজন প্ৰকৃত আলিমে মাদ্ৰাছাৰ নামত টকা কালেকচন কৰি কমিচন নেখায়,।
২০)এজন প্ৰকৃত আলিমে সাধাৰণ মানুহক কোৰআন – হাদিছ বুজি পঢ়িবলৈ দিয়ে, গোমৰাহ হব বুলি ভয় নেখুৱায়,।

২১) এজন প্ৰকৃত আলিমে হক কথা কোৱা মানুহক গালি-গালাজ নেপাৰে,।
২২) এজন প্ৰকৃত আলিমে কোৰআন-হাদিছৰ কথা কোৱা সকলক লা মাজহাবী, আহলে খবিছ, ৱাহাবী, কাদিয়ানী, ঈহুদী-খ্ৰীষ্টানৰ দালাল বুলি অপবাদ নেদিয়ে। ,
২৩) এজন প্ৰকৃত আলিমে বেছিভাগ মছজিদৰ ইমাম চাহাবেও মহল্লাত দুটা ফৈদৰ সৃষ্টি নকৰে,।
২৪) এজন প্ৰকৃত আলিমে সমাজত প্ৰচলিত শিৰ্ক-বিদাতৰ বিৰুদ্ধে কয়।
লিখাৰ মাজত ভুল হলে আঙুলিয়াই দিব বুলি আশা কৰিলো।

গতিকে মনত ৰাখিব ভাই-ভনী সকল হুজুৰ /আলিম/মাছজিদৰ ইমাম ইছলামৰ কোনো দলীল নহয় ,দলীল একমাত্ৰ কুৰাণ আৰু চহীহ হাদিছ।
আল্লাহে সঠিক বুজাৰ তৌফিক দিওক আমীন…

Leave a comment