আল্লাহৰ মুখমণ্ডল
আল্লাহ তা‘আলাৰ চেহেৰা আছে যিটো “জালাল আৰু ইকৰাম” অৰ্থাৎ মহিমাময় আৰু মহানুভৱ গুণবিশিষ্ট।
﴿وَيَبۡقَىٰ وَجۡهُ رَبِّكَ ذُو ٱلۡجَلَٰلِ وَٱلۡإِكۡرَامِ ٢٧﴾ [الرحمن: 27]
“আৰু কেৱলমাত্র তোমাৰ প্ৰভূৰ মহিমাময় আৰু মহানুভৱ চেহেৰাটোৱে অৱশিষ্ট থাকিব।” [ৰহমান : ২৭]
আল্লাহৰ হাত
আল্লাহ তা‘আলাৰ সন্মানিত আৰু উম্মুক্ত দুখন হাত আছে।
﴿بَلۡ يَدَاهُ مَبۡسُوطَتَانِ يُنفِقُ كَيۡفَ يَشَآءُۚ﴾ [المائدة: 64]
“আল্লাহৰ হাত পূৰ্ণ প্ৰসাৰিত আৰু উন্মুক্ত। তেওঁ যেনেকৈ ইচ্ছা তেনেকৈ খৰচ কৰে।” [মায়িদা : ৬৪]
﴿وَمَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦ وَٱلۡأَرۡضُ جَمِيعٗا قَبۡضَتُهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ وَٱلسَّمَٰوَٰتُ مَطۡوِيَّٰتُۢ بِيَمِينِهِۦۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ ٦٧﴾ [الزمر: 67]
“এওঁলোকে আল্লাহৰ সন্মান যেনেকৈ কৰিব লাগে তেনেকৈ নকৰিলে, অথচ কিয়ামতৰ দিনা গোটেই পৃথিৱী তেওঁৰ মুঠিৰ মাজত থাকিব। আৰু আকাশসমূহ তেওঁৰ সোঁহাতত মেৰিওৱা থাকিব। মু্শ্বৰিকসকলৰ শ্বিৰ্কৰ পৰা তেওঁ সম্পূৰ্ণ পৱিত্ৰ।” [যুমাৰ: ৬৭]
আল্লাহৰ চকু
আল্লাহ তা‘আলাৰ দুটা প্রকৃত চকু আছে। প্রমাণ- আল্লাহ তা‘আলাই কৈছে:
﴿وَٱصۡنَعِ ٱلۡفُلۡكَ بِأَعۡيُنِنَا وَوَحۡيِنَا﴾ [هود 37]
“আমাৰ চকুৰ আগত আমাৰ নিৰ্দেশ মোতাবিক তুমি জাহাজ তৈয়াৰ কৰা।” [হূদ : ৩৭]
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে:
«حجابه النور لو كشفه لأحرقت سبحات وجهه ما انتهى اليه بصره من خلقه»
নূৰ হ’ল আল্লাহৰ পৰ্দা। যদি তেওঁ সেইটো উন্মুক্ত কৰে¸ তেন্তে তেওঁৰ নুৰৰ তাজাল্লীৰ দৃষ্টি সৃষ্টি জগতৰ যিমান দূৰলৈকে যাব, জ্বলি-পুৰি ছাই হৈ যাব। [মুছলিম, ইবন মাজাহ]
আহলে ছুন্নাত ওৱাল জামাআত এই বিষয়ে একমত যে আল্লাহ তা‘আলাৰ দুটা চকু আছে। ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ দাজ্জাল সম্পৰ্কিত হাদীছটোৱে ইয়াৰ সমৰ্থন কৰে। তেখেতে কৈছে:
إنه أعور وإن ربكم ليس بأعور
প্ৰকৃততে সি [দাজ্জাল] হৈছে কনা আৰু তোমালোকৰ প্ৰভূ কনা নহয়। [বুখাৰী ও মুছলিম]
আল্লাহ তা‘আলাই কৈছেঃ
﴿ لَّا تُدۡرِكُهُ ٱلۡأَبۡصَٰرُ وَهُوَ يُدۡرِكُ ٱلۡأَبۡصَٰرَۖ وَهُوَ ٱللَّطِيفُ ٱلۡخَبِيرُ ١٠٣﴾ [الأنعام: 103]
“আল্লাহ তা‘আলাক পৃথিৱীৰ কোনো চকুৱে প্রত্যক্ষ কৰিব নোৱাৰে¸ বৰং তেওঁ সকলো চকু প্রত্যক্ষ কৰে। তেওঁ অতিশয় সুক্ষ্মদৰ্শী আৰু সকলো বিষয়ে অৱগত।” [আন‘আম: ১০৩]
মুমিনসকলে আল্লাহক দেখিব
মুমিন ব্যক্তিসকলে কিয়ামতৰ দিনা প্ৰভূদৰ্শন [ৰবক দেখিব] কৰিব।
﴿وُجُوهٞ يَوۡمَئِذٖ نَّاضِرَةٌ ٢٢ إِلَىٰ رَبِّهَا نَاظِرَةٞ ٢٣﴾ [القيامة: 22-23]
“সেই দিনা [কিয়ামতৰ দিনা] কিছুমান মূখমণ্ডল উজ্জল হ’ব। নিজ প্ৰভূৰ (ৰব) ফালে দৃষ্টিপাত কৰিব।” [কিয়ামাহ : ২২-২৩]
আল্লাহৰ নিচিনা একোৱেই নহয়
আল্লাহ তা‘আলাৰ ছিফাতে কামাল বা পূৰ্ণাঙ্গ গুণাৱলীৰ কাৰণে তেওঁৰ লগত কোনো বস্তুৰ ৰিজনি (উপমা, উদাহৰণ) নাখাটে।
﴿لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ ١١﴾ [الشورى: 11]
“কোনো বস্তুৱেই তেওঁৰ লগত ৰিজনি নাখাটে। তেওঁ সৰ্বশ্ৰোতা সৰ্বদ্ৰষ্টা।” [শুৰা : ১১]
আল্লাহক কলাঘুমটি আৰু টোপনি একোৱে নধৰে –
তেওঁ চিৰজীৱি চিৰবিৰাজমান শাশ্বত সত্ত্বা হোৱাৰ কাৰণে,
﴿لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ ﴾ [البقرة: 255]
“তেওঁক টোপনি আৰু কলাঘুমটি একোৱে নধৰে।” [বাকাৰা : ২৫৫]
আল্লাহ পূৰ্ণ ইনছাফকাৰী
আল্লাহ তা‘আলা “কামালে আদল” [পূৰ্ণ ইনছাফ বা ন্যায়]ৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে কাৰো প্রতি অন্যায় নকৰে।
ঠিক সেইদৰে, তেওঁ নিজ পূৰ্ণ নিয়ন্ত্রণ আৰু আয়ত্বৰ গুণেৰে গুণান্বিত হোৱাৰ বাবে বান্দাহসকলৰ কৰ্মকাণ্ডৰ ক্ষেত্ৰত অমনোযোগী বা উদাসীন নহয়।
আল্লাহৰ জ্ঞান আৰু ক্ষমতা অসীম
আল্লাহ তা‘আলাৰ অসীম জ্ঞান আৰু ক্ষমতাৰ কাৰণে আকাশ আৰু পৃথিৱীৰ কোনো বস্তুৱে তেওঁক অক্ষম অপাৰগ কৰিব নোৱাৰে।
﴿إِنَّمَآ أَمۡرُهُۥٓ إِذَآ أَرَادَ شَيًۡٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ ٨٢﴾ [يس: 82]
“অৰ্থাৎ আল্লাহে যেতিয়া কোনো কামৰ ইচ্ছা পোষণ কৰে তেতিয়া তেওঁ [ইচ্ছাকৃত] বস্তুটোক কেৱল কয়: “হৈ যোৱা”। তৎক্ষণাৎ হৈ যায়।” [ইয়াছীন: ৮২]
সেইদৰে, পূৰ্ণ শক্তি আৰু ক্ষমতাৰ অধিকাৰী হোৱাৰ ফলত তেওঁ কেতিয়াও ক্লান্ত নহয়।
﴿وَلَقَدۡ خَلَقۡنَا ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ وَمَا مَسَّنَا مِن لُّغُوبٖ ٣٨﴾ [ق: 38]
“নিশ্চয় আমি আকাশ আৰু পৃথিৱী আৰু এই দুয়োৰে মাজত অৱস্থিত সকলো বস্তুকে ছয়দিনত সৃষ্টি কৰিছোঁ। আৰু আমাক কোনো ক্লান্তিয়ে স্পৰ্শ কৰা নাই।” [ক্বাফ: ৩৮]
আল্লাহৰ সুন্দৰ নাম আৰু ছিফাত বা গুণাৱলী
যিসমূহ নাম আৰু গুণাৱলী আল্লাহ তা‘আলাই স্বয়ং নিজৰ বাবে ঘোষণা কৰিছে অথবা তেওঁৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে সাব্যস্ত কৰিছে বা স্বীকৃতি দিছে, সেইসমূহ নাম আৰু গুণাৱলীৰ প্রতি বিশ্বাস স্থাপন কৰা প্ৰত্যেক মুছলিমৰ বাবে অপৰিহাৰ্য। কিন্তু মুছলিমসকলে কঠিনভাৱে দু’টা বস্তুক অস্বীকাৰ কৰা অনিবাৰ্য। আৰু সেয়া হৈছে: ১. তামছীল (সাদৃশ্য দিয়া); ২. তাকয়ীফ (ধৰণ-গঠন বৰ্ণনা কৰা)।
১. তামছীল: অৰ্থাৎ অন্তৰেৰে অথবা মৌখিকভাৱে এই কথা কোৱা, “আল্লাহৰ ছিফাত বা গুণাৱলী, সৃষ্টিৰ গুণাৱলীৰ লগত মিল আছে।
২. তাকয়ীফ: অৰ্থাৎ অন্তৰেৰে অথবা মৌখিকভাৱে এই কথা কোৱা, “আল্লাহৰ ছিফাত বা গুণাৱলীৰ অৱস্থা, আকৃতি বা ধৰণ-গঠন এনেধৰণৰ। এইদৰে, যিসমূহ বিষয় আল্লাহ তা‘আলাই তেওঁৰ নিজৰ ক্ষেত্ৰত অথবা ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ বাবে নেতিবাচক ঘোষণা কৰিছে সেইসমূহ বিষয় নেতিবাচক হিচাপেই বিশ্বাস কৰা উচিত। এইসমূহ নফী বা নেতিবাচক বিষয়সমূহে, ইয়াৰ বিপৰীতে আল্লাহ তা‘আলাৰ বাবে কামালিয়াত বা পূৰ্ণতাসম্পন্ন গুণ সাব্যস্ত কৰে। আৰু যিসমূহ বিষয়ে আল্লাহ আৰু তেওঁৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে একোৱে কোৱা নাই, সেইসমূহ বিষয়ত মৌনতা অৱলম্বন কৰা উচিত।
আক্বীদা বা তাওহীদৰ পথত চলা অপৰিহাৰ্য
প্ৰকৃত ইছলামে আক্বীদা আৰু তাওহীদৰ এই পথত চলাটো ফৰজ ও অপৰিহাৰ্য বুলি ভাৱে। কাৰণ যিসমূহ বিষয়ে আল্লাহ তা‘আলাই তেওঁৰ নিজৰ বিষয়ে ইতিবাচক বা নেতিবাচক বুলি ঘোষণা কৰিছে সেইসমূহ বিষয় এনে সংবাদ বা তথ্য যিটো তেওঁ নিজ সত্ত্বা সম্পৰ্কে পৰিৱেশন কৰিছে। আৰু আল্লাহ তা‘আলাই তেওঁৰ নিজৰ বিষয়ে আটাইতকৈ বেছি অৱগত। তেওঁ সবাতোকৈ সত্যবাদী আৰু আটাইতকৈ উত্তম বচনৰ অধিকাৰী। বান্দাসকলে নিজৰ জ্ঞানেৰে তেওঁক আয়ত্ব কৰিব নোৱাৰে।
আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহ তা‘আলাৰ ক্ষেত্ৰত যিসমূহ বিষয় ইতিবাচক বা নেতিবাচক বুলি ঘোষণা কৰিছে সেইসমূহ হৈছে নবী চাল্লাল্লাহু আলাইহি অছাল্লাম পৰিৱেশিত খবৰ বা তথ্য। তেওঁ নিজ প্ৰভূ সম্পৰ্কে মানুহৰ মাজত আটাইতকৈ বেছি জ্ঞানী। সবাতোকৈ উত্তম শুভাকাংক্ষী। আটাইতকৈ বেছি সত্যবাদী আৰু উত্তম ভাষাৰ অধিকাৰী। এতেকে আল্লাহ তা‘আলা আৰু ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাণী হৈছে জ্ঞান, সত্যবাদিতা আৰু পৰিপূৰ্ণ বৰ্ণনাৰে সমৃদ্ধ। সেয়ে সেইটো গ্রহণ কৰাৰ ক্ষেত্রত কোনো প্রকাৰ সংশয় অথবা প্রত্যাখ্যান কৰাৰ বিষয়ে কোনো ওজৰ আপত্তি গ্ৰহণযোগ্য নহয়।