প্রশ্ন : ইছলামত ফটোগ্রাফি (ছবি তোলাটো) অনুমোদিত নে নিষিদ্ধ?? .

প্রশ্ন : ইছলামত ফটোগ্রাফি (ছবি তোলাটো) অনুমোদিত নে নিষিদ্ধ?? . উত্তৰ: ডাঃ জাকিৰ নায়েক এই প্রশ্নৰ পিছত আছে মূলতঃ এটি হাদীছ যিটো আছে ছহীহ বুখাৰীত। আব্দুল্লাহ ইবনে মাছউদ (ৰাঃ)-ৰ পৰা বর্ণিত যে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “কিয়ামতৰ দিনা মানুহৰ মাজত সকলোতকৈ কঠিন শাস্তি হ’ব তেওঁলোকৰ, যিসকলে [জীৱন্ত বস্তুৰ] ছবি নিৰ্মাণ কৰে”। [বুখাৰী হা/৫৯৫০; মুছলিম হা/২১০৯] . ইবনে আব্বাছ (ৰাঃ)-ৰ দ্বাৰা বর্ণিত হাদীছৰ পৰা জনা যায়, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ “যি ব্যক্তিয়ে কোনো ছবি তৈয়াৰ কৰে, আল্লাহে তাক [কিয়ামতৰ দিনা] শাস্তি দি থাকিব, যেতিয়ালৈকে সি তাত প্রাণ সঞ্চাৰ নকৰে, আৰু সি তাত কেতিয়াও প্রাণ সঞ্চাৰ কৰিব নোৱাৰে”। [বুখাৰী হা/২২২৫; মুছলিম হা/২১১০] এতিয়া এজন মানুহৰ পক্ষে ছবিত জীৱন দিয়া কেতিয়াও সম্ভৱ নহয়। এই হাদীছটিৱে আচলতে হাতেৰে অঁকা ছবি ও ভাস্কর্যৰ কথা কৈছে। কিছুমান বিশেষজ্ঞই কয় যে, ইয়াৰ মাজত ফটোগ্রাফিও পৰিব। কিন্তু পিছত যেতিয়া ফটোগ্রাফি সম্পর্কে বিস্তাৰিত জানিব পাৰিলো যে, এই হাদীছটিয়ে ফটোগ্রাফিৰ কথা কোৱা নাই। কাৰণ ফটোগ্রাফি হ’ল আচলতে প্রতিবিম্ব, যিটো ধাৰণ কৰা হয় কাগজত, ভিডিওগ্রাফিত ও একেই ধৰণৰ ভিডিওগ্রাফি এক ধৰণৰ প্রতিবিম্ব যিটো হয়তো ধাৰণ কৰা হয় ফিল্মত। নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ সময়ত কোনো চাহাবীয়ে পানীত প্রতিবিম্ব চাই মূৰ ফণীয়ালে তেখেতে তেওঁক কেতিয়াও বাধা দিয়া নাছিল, তেখেতে কেতিয়াও মুছলিমসকলক আয়না চাবলৈ নিষেধ কৰা নাই। ইয়াৰ দ্বাৰা আমি জানিব পাৰিছোঁ যে ফটোগ্রাফি এই ক্যাটাগৰিত নপৰে ছবি অঁকাৰ যি ক্যাটাগৰিটোক নিষিদ্ধ কৰা হৈছে। ইয়াত মূলতঃ কোৱা হৈছে হাতেৰে অঁকা ছবি ও ভাস্কর্যৰ কথা। ফটোগ্রাফি আচলতে নিষিদ্ধ নহয়। কিন্তু ইয়াত আমি এইটো চাব লাগিব যে কি উদ্দেশ্যত সেইটো ব্যৱহাৰ কৰা হৈছে। . এতিয়া যদি মোক প্ৰশ্ন কৰে, ছুৰি বস্তুটো ভাল নে বেয়া? উত্তৰত কব পাৰি যদি ছুৰিৰ দ্বাৰা শাক-ছবজি কটা হয় তেনেহ’লে ভাল, যদি ডকাইতিৰ কাৰণে ব্যৱহাৰ কৰা হয় তেনেহ’লে বেয়া। ফটোগ্রাফিৰ ক্ষেত্ৰটো একেই কথা। যদি কোনো ভাল উদ্দেশ্যত ফটোগ্রাফি ব্যৱহাৰ কৰা হয়, তেনেহ’লে অৱশ্যেই অনুমতি আছে, কিন্তু যদি ফটো ব্যৱহাৰ কৰা হয় কোনো বেয়া উদ্দেশ্যত যেনে – [পৰ্ণোগ্রাফি, অশ্লীলতা] ইত্যাদি, তেনেহ’লে ইছলামত এইটো নিষিদ্ধ আৰু কোনোৱে যদি অশ্লীল ফটো তোলে, যিটো শ্বৰীয়ত বিৰোধী, তেনেহ’লে ইয়াৰ দ্বাৰা উপার্জিত অর্থও হাৰাম হ’ব। আশা কৰোঁ উত্তৰটো পাইছে।

Leave a comment