#প্রশ্ন: অতীতত মই বহুত ডাঙৰ গুনাহ কৰিছোঁ। মই আল্লাহৰ ওচৰত তাওবাহ কৰিব বিচাৰোঁ। আল্লাহে মোৰ তওবাহ কবুল কৰিবনে?

#আল্লাহ_অতি_ক্ষমাশীল_পৰম_দয়ালু।

পাপ যিমান ডাঙৰেই নহওঁক মহান আল্লাহৰ ওচৰত যথার্থভাৱে তওবাহ কৰিলে নিশ্চয় তেওঁ ক্ষমা কৰি দিয়ে।

#প্রশ্ন: অতীতত মই বহুত ডাঙৰ গুনাহ কৰিছোঁ। মই আল্লাহৰ ওচৰত তাওবাহ কৰিব বিচাৰোঁ। আল্লাহে মোৰ তওবাহ কবুল কৰিবনে?

#উত্তৰ:
💠 মানুহে যিমান ডাঙৰ অন্যায় নকৰক কিয় মহান আল্লাহৰ দয়া ও ক্ষমা তাতকৈও বহুত বেছি ডাঙৰ। বান্দাই অপৰাধ কৰাৰ পিছত তেওঁৰ দৰবাৰলৈ উভতি আহিলে তেওঁ অত্যন্ত খুশ্বী হয়। প্রিয় নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ খাদিম আবু হামযা আনাছ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছেঃ

اللَّهُ أَفْرَحُ بِتَوْبَةِ عَبْدِهِ مِنْ أَحَدِكُمْ سَقَطَ عَلَى بَعِيرِهِ ، وَقَدْ أَضَلَّهُ فِى أَرْضِ فَلاَةٍ

“কোনো লোকে বিজন মৰু প্রান্তৰত উট হেৰাই যোৱাৰ পিছত পুনৰাই সেইটো ওভোতাই পালে যেনেকৈ আনন্দত উদ্বাউল হয় মহান আল্লাহে বান্দাৰ তওবাহত তাতকৈও বেছি আনন্দিত হয়।” (ছহীহ বুখাৰী, অনুচ্ছেদ: তওবা, হা/৫৮৩৪)

💠 কোনো ব্যক্তিয়ে যদি তাওবাহ কৰা বা দ্বীন মানি চলাৰ সুযোগ পায় তেনেহ’লে বুজিব লাগিব, এইটো তাৰ প্রতি দয়াময় আল্লাহৰ বিশেষ অনুগ্রহ। তেওঁৰ তওফিক ও শক্তি অবিহনে মানুহে কোনো ভাল কাম কৰিব নোৱাৰে বা বেয়া কামৰ পৰা বিৰত থাকিব নোৱাৰে।

💠 মনত ৰাখিব লাগিব, ভুল কৰাৰ পিছত সঠিক পথলৈ উভতি অহাই হ’ল মানুহৰ স্বভাৱ। আনহাতে ভুল কৰাৰ পিছত ভুল পথত চলি থকা শ্বয়তানৰ স্বভাৱ।

👉 আন এটি অত্যন্ত আশা ব্যাঞ্জক হাদীছ চাওঁক:

আনাচ বিন মালিক ৰাদ্বিয়াল্লাহু আনহুৰ পৰা বর্ণিত, তেওঁ কৈছে, মই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামক কোৱা শুনিছোঁ, তেওঁ কৈছেঃ

“আল্লাহ তা‘আলাই কৈছেঃ হে আদম সন্তান! যেতিয়াই তুমি মোক, মাতিবা আৰু মোক পোৱাৰ আশা কৰিবা, মই তোমাৰ মাজত যিবোৰ দোষ ত্রুটি আছে, সেইবোৰ নির্বিঘ্নে ক্ষমা কৰি দিম। হে আদম সন্তান! যদি তোমাৰ গুনাহৰ স্তুপ আকাশ পর্যন্ত পৌঁছে, তাৰ পিছতো তুমি মোৰ ওচৰত ক্ষমা বিচাৰিলে মই নির্বিঘ্নে তোমাক ক্ষমা কৰি দিম। হে আদম সন্তান! যদি তুমি জমিন ভর্তি গুনাহ কৰি থাকা, তাৰ পিছতো তুমি মোৰ ওচৰত ক্ষমা বিচাৰিলে প্ৰকৃততে যেতিয়ালৈকে তুমি মোৰ সৈতে কাকো শ্বৰীক নকৰা, মই জমিন ভর্তি ক্ষমা লৈ তোমাৰ ওচৰত উপস্থিত হম”। [তিৰমিযী: ৩৫৪০]

🔸 গতিকে উক্ত ব্যক্তিৰ কাৰণে কৰণীয় হ’ল, অতীতক লৈ বেছি চিন্তা নকৰি বা জাহিল লোকসকলৰ কটু কথাত মন বেয়া নকৰি দ্বীনৰ ওপৰত অবিচল থকা আৰু বেছি বেছি নেকীৰ কাম কৰা, তেনেহ’লে আল্লাহ তা‘আলাই অতীতৰ গুনাহবোৰ নেকীলৈ ৰূপান্তৰিত কৰি দিয়াৰ অঙ্গীকাৰ কৰিছে।

আল্লাহে কৈছেঃ

কিন্তু যিয়ে তাওবা কৰে, ঈমান পোষণ কৰে আৰু সৎকৰ্ম কৰে, ইয়াৰ ফলত আল্লাহে তেওঁলোকৰ গুণাহসমূহ পুণ্যৰ দ্বাৰা পৰিবৰ্তন কৰি দিব”। (ছূৰা ফুৰকান: ৭০)

আল্লাহে তাওফিক দান কৰক। আমীন।
_____
উত্তৰ প্রদানত: আব্দুল্লাহিল হাদী বিন আব্দুল জলীল
লিছান্স, মদীনা ইছলামী বিশ্ববিদ্যালয়, ছউদী আৰব
দাঈ, জুবাইল দাওৱাহ এণ্ড গাইডেন্স চেন্টাৰ , ছউদী আৰব।

#JBRNLB0017/18

Leave a comment