প্রশ্নঃ পৃথিৱীত বেয়া মানুহৰ সংখ্যাই বেছি। অধিকাংশ মানুহ মূর্তিপূজা আৰু শ্বিৰ্ক কৰে। তেনেহলে তেওঁলোক কি জাহান্নামত যাব? এইটো কি কৰি সম্ভৱ?

প্রশ্নঃ পৃথিৱীত বেয়া মানুহৰ সংখ্যাই বেছি। অধিকাংশ মানুহ মূর্তিপূজা আৰু শ্বিৰ্ক কৰে।  তেনেহলে তেওঁলোক কি জাহান্নামত যাব? এইটো কি কৰি সম্ভৱ?

☞☞ ড. জাকিৰ নায়ক,
পৃথিৱীখন পৰীক্ষা কেন্দ্র।
মানুহক আল্লাহ তায়ালা পৰীক্ষা কৰাৰ বাবে পৃথিৱীত পঠিয়াইছে ৷ মানুহক গাইড লাইন দিছে পৰীক্ষাত উত্তীর্ণ হোৱাৰ বাবে। সেই গাইড লাইন অনুযায়ী চলিলে  মানুহ পৰীক্ষাত উত্তীর্ণ হব। আৰু গাইড লাইন মানি নচলিলে উত্তীর্ণ নহব।

যেনেকৈ মেডিকেলত ভর্তি পৰীক্ষা খুবই কঠিন এক পৰীক্ষা। এচ এচ চি ত উত্তীর্ন অধিকাংশ শিক্ষার্থীয়েই মেডিকেলৰ ভর্তি পৰীক্ষা দিয়ে। কিন্তু খুব কম সংখ্যক শিক্ষার্থীয়েই চান্স পায়। পৰীক্ষার্থীসকলৰ ভিতৰত  যি সকলে ভালকৈ লিখা-পঢ়া কৰিছে তেওঁলোকেই চান্স পাইছে। আৰু যিসকলে কৰা নাই তেওঁলোকে পোৱা নাই।
 এয়াতো হল মেডিকেলৰ পৰীক্ষা।

আৰু পৃথিৱীৰ পৰীক্ষাতো আৰু কঠিন।
 এই পৰীক্ষাত যিসকলে উত্তীর্ণ হব তেওঁলোকেই জান্নাতত যাব। যিসকলে আল্লাহৰ গাইড লাইন মানি চলিব তেওঁলোকেই এই পৰীক্ষাত সফল হব।
পিছে দুর্ভাগ্য অধিকাংশ মানুহেই সেয়া মানি নচলে ।
মানি নচলাৰ ফলাফল তেওঁলোকে ভোগ কৰিবই লাগিব। আৰু যিসকলে মানি চলে তেওঁলোকে শুকৰিয়া আদায় কৰা উচিত।

হযৰত ওমৰ (ৰাঃ) এটা হাদিচ আছে, তেওঁ কৈছে, যদি তুমি জানিব পাৰা কেৱল এজন মানুহ জান্নাতত যাব তেনেহলে সেই মানুহজন যেন তুমিই হোৱা ইয়াৰ বাবে দোৱা কৰা। এইটো ক’ব  নোৱাৰিবা যে, মইতো ভাল কাম কৰা নাই মই হয়তো জান্নাতত যাব নোৱাৰিম ।
আৰু  যদি তুমি জানিব পাৰা যে কেৱল  এজন মানুহ জাহান্নামত যাব তেনেহলে  তুমি আল্লাহৰ ওচৰত  আশ্রয় প্রার্থনা কৰা যে, সেই মানুহজন যাতে তুমি নোহোৱা ।
 তুমি এই কথা ক’ব  নোৱাৰিবা, তুমি তো ভাল কাম কৰা সেই মানুহজন তুমি নহয় আন কোনোবা।

এই হাদিচৰ দ্বাৰা বুজা যায়, আমাৰ উচিত আল্লাহৰ গাইড লাইন মানি চলা। আৰু এই পথত চলিব পৰাৰ বাবে শুকৰিয়া আদায় কৰা।

Leave a comment