প্রশ্নঃ- নবী হজৰত মুহাম্মদ (ছঃ) এ কিয় ১১ জনী স্ত্রী বিবাহ কৰাইছিল ? ?

প্রশ্নঃ- নবী হজৰত মুহাম্মদ (ছঃ) এ কিয় ১১ জনী স্ত্রী বিবাহ কৰাইছিল ? ?

ৰছুলুল্লাহ (ছঃ)ৰ বহুবিবাহৰ মাহাত্ম ও উদ্দেশ্যঃ ৰছুল(ছঃ)ৰ বহুবিবাহ কৰাক লৈ অনেকৰ মাজত বিভ্রান্তি আছে ৷ মূলত: পাপ বিদগ্ধ-তৃষিত এই বসুন্ধৰাত ৰহমাতুল্লিল আলামীনৰ আগমনত পাপাচাৰত ডুবি থকা দুনিয়াই ঘুৰাই পাইছিল নতুন প্রান। বিদূৰিত হৈছিল তেঁওৰ হিদায়াতৰ নূৰানী ৰৌচনীত অজ্ঞতা ও ভ্রষ্টতাৰ কলা অন্ধকাৰ । তেঁওৰ প্রত্যেক পদক্ষেপেই আছিল আদর্শৰ ৰূপৰেখা। তেনেদৰেই আছিল তেঁওৰ বহু বিবাহৰ মাজত অসংখ্য আদর্শ ও হিকমত। তলত তেওৰ বহুকেইটা মৌলিক আদর্শৰ নমুনা উল্লেখ কৰা হ’ল।–

১- শিক্ষা দানঃ ৰছুলুল্লাহ (ছঃ) ৰ একাধিক বিবাহৰ মূল উদ্দেশ্য আছিল- ইছলামী আহকাম সম্পর্কে অজ্ঞ মহিলাসকলৰ বাবে এনেকুৱা বহুতো শিক্ষিত মহিলাৰ ব্যবস্থা কৰা, যাৰদ্বাৰা ইছলামী হুকুম আহকামৰ শিক্ষাদান কৰোৱা। কিয়নো, পুৰুষসকলৰ ওপৰত যি সমস্ত আহকাম পালনৰ নির্দেশ আছে, মহিলাসকলৰ ওপৰতো সেই সমস্ত আহকাম পালনৰ নির্দেশ আছে। বিশেষকৈ নাৰী সম্পর্কীয় ও দাম্পত্য জীৱনৰ গোপনীয় বিষয় সমূহত। যেনে-হায়েয, নিফাস, ও পাক-পৱিত্ৰতা, স্বামী-স্ত্রী সম্পর্কীয় মাছালা। এই ধৰনৰ আহকাম সম্পর্কে আলোচনা কৰোতে অধিকাংশ মহিলাই লজ্জাবোধ কৰিছিল। ৰছুলুল্লাহ (ছঃ)ৰ  ওচৰত উপৰোক্ত মাছালা সমুহৰ পৰা কোনো এটি মাছালা আলোচনা কৰাৰ ইচ্ছা থকা সত্ত্বেও তেওলোকে লাজ অনুভৱ কৰিছিল। এনে অৱস্থাত ৰছুলুল্লাহ (ছঃ)ৰ স্ত্রীসকলৰ পক্ষে এইসকলৰ ব্যৱস্থা কৰা আৰু তেওলোকক শিক্ষা দিয়া সম্ভৱ আছিল। ইয়াৰোপৰি বহু সময়ত ৰছুলুল্লাহ (ছঃ)এ কিছু বিষয়ত সুস্পষ্ট বক্তব্য পেশ কৰোতে লজ্জাবোধ কৰিছিল। তেতিয়া ইশাৰাৰ মাধ্যমত বুজাই দিছিল। কিন্তু অনেক মহিলাই তাক বুজিবলৈ অক্ষম হৈছিল। ফলত তেঁওলোকৰ শিক্ষা দিয়াৰ বাবে শিক্ষিয়ত্ৰীৰ প্রয়োজন আহি পৰিছিল। যাক ৰছুলুল্লাহ(ছঃ)ৰ পত্নী সকলৰ মাধ্যমত পূর্ণতা লাভ কৰিছে। যেনে, হজৰত আয়েশা (ৰাযিঃ)এ কৈছে আল্লাহ তা’লা আনচাৰ মহিলাসকলক ৰহম কৰক। যাৰ লজ্জাবোধ দ্বীনৰ জ্ঞান অর্জনত বাঁধা হোৱা নাই। তেওলোকে ৰাতিৰ আন্ধাৰত হজৰত আয়েশা(ৰাঃ)ৰ ওচৰত দ্বীনৰ আহকাম জনাৰ বাবে আহিছিল। হায়েয, নিফাছ, ইত্যাদি বিষয়ে সঠিক সমাধান শিক্ষা গ্ৰহণ কৰিছিল। এইদৰে ৰছুলুল্লাহ (ছঃ)ৰ প্রত্যেক স্ত্রীয়েই আছিল তেওলোকৰ বাবে উত্তম শিক্ষিয়ত্ৰী ও পথ প্রদর্শিকা। তেওলোকৰ জৰিয়তেই মহিলাসকলে ধর্মীয় শিক্ষা অর্জন কৰিছিল। অন্যহাতে ৰছুলুল্লাহ(ছঃ)ৰ এনে আৰু বহুতো কাৰ্য্য আছে, যিবোৰ তেঁওৰ পত্নীসকলৰ মাধ্যমতেই আমি লাভ কৰিছো। অন্যথা সেইসমূহ অর্জনত অনেক কষ্ট স্বীকাৰ কৰিব লাগিলহেতেন।
২: সাম্য নীতি প্রতিষ্ঠা:= ইচলাম হৈছে মানৱতাৰ ধর্ম, গণ মানৱৰ ধর্ম। ইচলামত ধনী-দুখীয়া, মালিক-চাকৰ, পত্নী-দাসী সকলোৱেই সমান। মানুহ মাত্রেই মানুহৰ ওচৰত সম্মানৰ অধিকাৰী। সমান মর্যাদাৰ হকদাৰ। ইহুদী, খ্রীষ্টান, চমাৰ, চণ্ডাল, কুমাৰ, তাঁতি, কৃষক প্রভৃতি সকলোৱেই ইচলামৰ দৃষ্টিত সমান মর্যাদাৰ। যিয়ে যিমান বেছি আল্লাহ ভীৰু আৰু যাৰ মাজত যিমান বেছি গুণ আছে সিয়েই সিমান বেছি মর্যাদাৰ অধিকাৰী। এই নীতি কাৰ্য্যত পৰিণত কৰাও ৰছুল(ছঃ) বহুবিবাহৰ অন্যতম কাৰণ। হজৰত ছাফিয়া ও জুয়াইৰিয়া (ৰাঃ)দাসী ৰূপে ৰছুলুল্লাহ (ছঃ)ৰ হাতত আহিছিল। বিশেষতঃ হজৰত জুয়াইৰিয়া (ৰাঃ) বেদুঈন দস্যু দলপতিৰ জীয়ৰী আছিল। আৰু হজৰত ছাফিয়া (ৰাঃ)আছিল ইহুদীৰ ছোৱালী। ৰছুলুল্লাহ (ছঃ) এ তাইক বিয়া কৰাই হজৰত আয়িশা (ৰাঃ), হাফছা (ৰাঃ), মায়মূনা (ৰাঃ),প্রমূখ্যে অভিজাত শ্রেণীৰ পত্নীসকলক সমান মর্যাদা দান কৰিছিল। তেওলোক সকলোৱেই আজি উম্মুল মুমিনীনৰ মর্যাদাত অভিষিক্ত।

৩: ধর্মীয় বিধান জাৰিঃ ৰছুলুল্লাহ (ছঃ) ৰ বহুবিবাহৰ অন্যতম কাৰন হ’ল-ধর্মীয় বিধান জাৰি ও জাহেলী যুগৰ ঘৃণ্য অভ্যাসক বাতিল কৰা। উদাহৰণ স্বৰূপে ক’ব পাৰি যে – ‘পালক আত্মীয়তাৰ প্রথা’। ইচলাম অহাৰ পুর্বে আৰব বাসীসকলে অন্যৰ সন্তানক পালিছিল। তেওলোকৰ নিজৰ ঔৰস জাত সন্তান নহয় এনেকুৱা কাৰোবাক পালন কৰিছিল,আৰু নিজেৰ উত্তৰা ধিকাৰী সন্তানৰ দৰে গন্য কৰিছিল। নিজৰ সন্তানৰ ওপৰত আৰোপিত সকলো বিধান তেওৰ বাবেও প্রযোজ্য বুলি গণ্য কৰিছিল। যেনে-উত্তৰাধিকাৰী, তালাক, বিয়া, মুহাৰৰমাতে মুছাহাৰা-(ভাই-ভনী, মাক-সন্তান ইত্যাদিৰ মাজত যি হুৰমত),আৰু মুহাৰৰামাতে নিকাহ-(পুত্র,বোৱাৰী-শহুৰ ইত্যাদিৰ মাজত যি হুৰমত) ইত্যাদিৰ ক্ষেত্রত। এইটো তেওলোকৰ বর্বৰতাৰ যুগৰ অনুসৃত দ্বীন হিচাপে প্রসিদ্ধ লাভ কৰিছিল। আল্লাহ তা’লাই ৰছুলুল্লাহ (ছঃ) ৰ মাধ্যমত যায়েদ বিন হাৰিচ(ৰাঃ) ক লালন-পালন কৰাইছিল। আৰু তেওৰ পালনীয় পুত্র হিচাপে প্রসিদ্ধ লাভ কৰিছিল। এনেদৰে তেওক অনেকে যায়েদ বিন মুহাম্মাদ বুলিছিল। এসময়ত ৰছুলুল্লাহ (ছঃ)ৰ ফুফাত বোন হজৰত জয়নাব (ৰাঃ)ৰ সৈতে বিবাহ আবদ্ধ হৈছিল। তেওলোকৰ মাজত বনিবনা নোহোৱাত হজৰত যায়েদ (ৰাজিঃ) জয়নাব (ৰাঃ) ক তালাক দিলে আল্লাহৰ নির্দেশত ৰছুলুল্লাহ (ছঃ) জয়নাব (ৰাঃ)ক বিয়া কৰাইছিল ৷ ইয়াৰ মাধ্যমত জাহেলী যুগৰ সেই প্রথাক চিৰদিনৰ বাবে নিশ্চিহ্ন কৰিছিল আৰু ঘোষণা কৰিছিল পালনীয় পুত্র নিজ পুত্রৰ দৰে নহয়। পালনীয় পুত্রৰ তালাক দিয়া স্ত্রীৰ সৈতে পালনীয় শহুৰৰ বিয়া বৈধ ৷

৪. নাৰীত্বৰ মর্য্যদা দানঃ ইছলামত পূর্ব যুগত নাৰীসকলক তদানীন্তন আৰব বাসীয়ে পশুতুল্য মন কৰিছিল। তেওলোকৰ কোনো মান-মর্য্যাদা নাছিল, নছিল সুন্দৰ জীৱন যাপন কৰাৰ অধিকাৰ। বিশেষকৈ বিধবাসকলৰ দুর্গতি আছিল সকলোতকৈ অধিক।মানুহৰ মতে জীয়াই থকাৰ অধিকাৰ নাছিল তেওলোকৰ। এইবাবেই মানৱতাৰ নবী, গণ মানৱৰ নবী হজৰত মুহম্মদ (ছঃ)এ বিধবা নাৰীসকলক বিয়া কৰাই কুমাৰীসকলৰ সমান মর্যদা দান কৰি বিশ্ব জগতৰ সম্মুখত এটি উন্নত আদর্শ তুলি ধৰিছিল; যি মানৱতাৰ ইতিহাসত নজিৰ বিহীন। হজৰত ছওদা (ৰাঃ), হজৰত উম্মুল মাছাকিন জয়নাব (ৰাঃ), ও হজৰত উম্মে ছালামা (ৰাঃ)ক তেও এই বাবেই বিয়া কৰাইছিল।
৫. ৰাজনৈতিক হিকমতঃ মানৱতাৰ মুক্তিৰ দিশত হজৰত মুহম্মদ (ছঃ)এ কোনো কোনো উম্মাহাতুল মুমিনীনক বিয়া কৰাইছিল তেওলোকৰ গোত্রৰ সৈতে সম্পর্ক ও আত্মীয়তা গঢ়াৰ বাবে; কাৰণ, এইটো অবিদিত নহয় যে, নিশ্চয় মানুহ যেতিয়া কোনো এক গোত্রৰ নাইবা কোনো এক সম্প্রদায়ৰ হৈ  বিয়া কৰায়, তেতিয়া তেওলোকৰ উভয়ৰ মাজত আত্মীয়তাৰ সম্পর্ক স্থাপিত হয়, আৰু ইয়াৰ মাধ্যমত স্বাভাৱিকভাবে সেই ব্যক্তি নতুন সম্পর্কিত গোত্রৰ লোকসকলৰ সাহায্য-সহযোগিতাৰ আহবান কৰে।
উদাহাৰণ স্বৰূপে কেইটিমান উদাহৰণ দাঙি ধৰা হ’ল।
ৰছুলুল্লাহ(ছঃ)ৰ বনূ মুছতালাক গোত্রৰ নেতা হাৰেছৰ কন্যা জুয়াইৰিয়া (ৰাঃ)ক বিয়া কৰাঃ হজৰত জুয়ইৰিয়া (ৰাঃ)সম্প্রাদায় ও আত্মীয়-স্বজনসহ বন্দী হৈ অহাৰ পিছত নিজ সত্ত্বাক মুক্ত কৰাৰ বাবে ৰছুলুল্লাহ (ছঃ)ৰ ওচৰত আর্থিক সাহায্য প্রার্থনা কৰিলে, ৰছুলুল্লাহ (ছঃ)এ তেওক তেওৰ মুক্তিপণ পৰিশোধ কৰি নিজৰ বিবাহ বন্ধনত আবদ্ধ কৰাৰ ইচ্ছা পোষণ কৰে। হজৰত জুয়াইৰিয়া (ৰাজিঃ)এ এই প্রস্তাৱত সম্মতি দিলে, ৰছুলুলুল্লাহ (ছঃ)এ তাইক বিয়া কৰাই নিলে। তাৰ পিছত সাহাবাসকলে ৰছুলুল্লাহ (ছঃ)ৰ শহুৰ সম্পর্কীয় আত্মীয়-স্বজনসকলৰ বিষয়ত আত্মীয়তাৰ দিশত লক্ষ্য কৰি আটাইবোৰ বন্দীসকলক মুক্ত কৰি দিয়ে। তেওলোকেও সাহাবাসকলৰ এই মহত্ব, উদাৰতা, বুদ্ধিমত্তা, ও চকুত লজ্জা দেখি সকলোৱেই ইছলাম ধর্মগ্রহণ কৰিছিল আৰু সকলোৱে আল্লাহৰ দ্বীনৰ পতাকাৰ তলত সমবেত হৈ মুছলিম হিচাবে আত্মপৰিচয় লাভ কৰিলে। জুয়াইৰিযা (ৰাঃ)ৰ সৈতে ৰছুলুল্লাহ (ছঃ) ৰ এই বিবাহে তেওৰ নিজৰ আৰু তেওৰ সম্প্রদায় ও আত্মীয়-স্বজনসকলৰ বাবে সৌভাগ্য স্বৰূপ লগতে ইছলাম গ্রহণ ও মুক্তি লাভৰ কাৰণ হয়।

ৰছুলুল্লাহ (ছঃ)এ বিয়া কৰাইছিল চুফিয়া বিনতে হুয়াইবিন আখতাবঃ যিয়ে খইবৰৰ যুদ্ধত স্বামীৰ মৃত্যুৰ পিছত বন্দী হৈ আহিছিল। আৰু কোনো মুছলমানৰ দলত পৰি আছিল। তেতিয়া বুদ্ধিমান ও সমজদাৰ সাহাবাসকলে ক’লে তাই হ’ল কুৰাইযা গোত্রৰ নেত্রী, তাই ৰছুলুল্লাহ (ছঃ)ৰ দলত পঢ়াৰ বাহিৰে অন্য কাৰো ভাগত পঢ়া উচিৎ নহ’ব। ইয়াৰ পিছত ৰছুলূল্লাহ (ছঃ) ক এই বিষয়টি জনোৱা হ’ল,তেও চুফিয়া (ৰাঃ) ক দুটি বিষয়ে এখতিয়াৰ প্রদান কৰিলে-
(ক) তাইক মুক্ত কৰি নিজ বিবাহ বন্ধনত আবদ্ধ কৰি নিব।
(খ) দাসত্বৰ বন্ধনৰ পৰা মুক্ত কৰি দিব, ইয়াৰ পিছত তাই তাইৰ পৰিয়াল-পৰিজনৰ ওচৰত ঘুৰি যাব। চুফিয়া (ৰাঃ) ৰছুলুল্লাহ (ছঃ)ৰ উত্তম ব্যবহাৰ, মহত্ব, ও মৰ্য্যদা দেখি মুক্ত হৈ ৰছুল (ছঃ) ৰ স্ত্রী হোৱাৰ ইচ্ছা পোষণ কৰে।

তেতিয়া ৰছুলুল্লাহ (ছঃ)এ তাইক বিয়া কৰাই নিয়ে। যাৰ ফলত তাইৰ গোত্রৰ অনেকেই ইছলাম গ্রহণ কৰে ৷এইদৰে ৰছুলুল্লাহ(ছঃ)এ উম্মে হাবীবা (আবু চুফিয়ানৰ কন্যা ৰমলা)ক বিয়া কৰাইঃ যি আবু চুফিয়ান, সেই সময় ইছলামৰ ঘোৰ শত্রু আছিল আৰু শিৰ্কৰ পতাকাবাহী আছিল। তেও যেতিয়া নিজৰ জীয়ৰী ৰমলাৰ সাথে ৰছুলুল্লাহ(ছঃ)ৰ বিয়াৰ সংবাদ শুনিছিল, তেতিয়া তাক স্বীকৃতি দিয়ে; লগতে তেও ইছলামৰ দিশে অগ্ৰসৰ হয়। এসময়ত ইচলাম গ্রহন কৰিছিল, নামৰ সৈতে যোগ কৰিছিল ৰাজিয়াল্লাহু আনহু আৰু হৈ পৰিছিল ইছলামৰ এক বিপ্লবী চিপাহী।

এইদৰে বুজা যায় যে, এই বিয়া আছিল তেওৰ লগতে মুছলমানসকলৰ কষ্টক লাঘব কৰাৰ বাবে আৰু সেইটোৱেই হৈছিল। ইয়াতকৈয়ো উত্তম ৰাজনীতি আৰু কি হ’ব পাৰে? তাতকৈয়ো ভাল কোনো হিকমত আৰু কি আছে? ইয়াৰ বাহিৰেও ৰছুলুল্লাহ (ছঃ)ৰ বহুবিবাহৰ আৰু বহুতো হিকমত ও উদ্দেশ্য আছে যাৰ বর্ণনা এই সংক্ষিপ্ত লিখনিত সম্ভব নহয়।।

নাবী_চাল্লাল্লাহু_আলাইহি_অছাল্
লামৰ_স্ত্ৰীসকলৰ_নাম :
১. খাদীজাতুল কুবৰা বিনতে খুওৱাইলিদ :
২. ছওদা বিনতে যাম‘আহ
৩. আয়েশা বিনতে আবুবকৰ :
৪. হাফছাহ বিনতে ওমৰ :
৫. যয়নব বিনতে খুযায়মা
৬. উম্মে ছালামাহ :
৭. যয়নব বিনতে জাহশ্ব :
৮. জুওৱাইৰিয়া বিনতুল হাৰেছ
৯.উম্মে হাবীবাহ ৰামলাহ বিনতে আবু ছুফিয়ান
১০.ছাফিয়া বিনতে বিন আখত্বাব
১১.মায়মুনা বিনতুল হাৰেছ

Leave a comment