পুৰুষৰ কাৰণে white gold আৰু platinum ৰ আঙুঠি পিন্ধা বৈধ নে

প্রশ্ন: পুৰুষৰ কাৰণে white gold আৰু platinum ৰ আঙুঠি পিন্ধা বৈধ নে?

উত্তৰ: পুৰুষৰ কাৰণে সোণেৰে প্ৰস্তুত কৰা আঙুঠি, হাত ঘড়ী, ব্রেছলেট, গলৰ ছেইন, চশমাৰ ফ্রেম, চোলাৰ বুটাম, কলম ইত্যাদি ব্যৱহাৰ কৰা বৈধ নহয়। কিয়নো, যায়েদ ইবনে আক্ৰাম (ৰাঃ)-এ কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
أحل الذهب والحرير لإناث أمتي وحرم على ذكورهم
“সোণ আৰু ৰেচমৰ বস্ত্র মোৰ উম্মতৰ মাহিলাসকলৰ বাবে বৈধ আৰু পুৰুষৰ বাবে হাৰাম কৰা হৈছে।” (চিলচিলা ছহীহা হা/১৮৬৫/৩০৩০)
অন্য হাদীছত বর্ণিত হৈছে:
‘আব্দুল্লাহ ইবনুয যুবাইৰ (ৰাঃ)-ৰ পৰা বর্ণিত, তেওঁ ‘আলী ইবনে আবু তালিব (ৰাঃ)-ক কোৱা শুনিছে,
إِنَّ نَبِيَّ اللَّهِ صلى الله عليه وسلم أَخَذَ حَرِيرًا فَجَعَلَهُ فِي يَمِينِهِ وَأَخَذَ ذَهَبًا فَجَعَلَهُ فِي شِمَالِهِ ثُمَّ قَالَ ‏ “‏إِنَّ هَذَيْنِ حَرَامٌ عَلَى ذُكُورِ أُمَّتِي”‏
“আল্লাহৰ নবী (চাল্লাল্লাহু ‘আলাইহি অছাল্লাম)-এ সোঁহাতত ৰেচম আৰু বাওঁহাতত সোণ লৈ ক’লে: এই দুবিধ বস্তু মোৰ উম্মতৰ পুৰুষৰ কাৰণে হাৰাম।” (ছুনানে আবু দাউদ, অনুচ্ছেদ মহিলাসকলৰ বাবে ৰেচমি পোছাক বৈধ, ছহীহ).

✪ কিন্তু নাৰী-পুৰুষ নির্বিশেষে সকলোৰে বাবে ৰূপৰ আঙুঠি ব্যৱহাৰ কৰাৰ অনুমতি আছে। হাদীছত বর্ণিত হৈছে-

عَنْ أَنَسِ بْنِ مَالِكٍ، أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم لَبِسَ خَاتَمَ فِضَّةٍ فِي يَمِينِهِ
“আনাছ ইবনে মালিক (ৰাঃ)-ৰ পৰা বর্ণিত যে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ সোঁহাতৰ আঙুলিত ৰূপৰ এটি আঙুঠি পিন্ধিছিল।” (ছহীহ মুছলিম ৫৩১০, অধ্যায়ঃ ৩৮/ পোছাক আৰু সাজ-সজ্জা (كتاب اللباس والزينة), ইঃ ফাঃ)
✪ তদুপৰি প্লেটিনাম, হীৰা ইত্যাদি ধাতৱ দ্রব্যৰ দ্বাৰা প্রস্তুত কৰা আঙুঠি, ঘড়ী, চশমাৰ ফ্রেম, চোলাৰ বুটাম ইত্যাদি ব্যৱহাৰ কৰা বৈধ।
✪ হোৱাইট গ’ল্ড বা বগা সোণ মূলতঃ সোণেই। কিন্তু তাত অন্যান্য দ্রব্য মিহলাই বগা কৰা হয়। গতিকে এইটো ব্যৱহাৰ কৰা পুৰুষৰ বাবে বৈধ নহয়। আল্লাহু আলাম।
So This is from us, পুৰুষৰ কাৰণে white gold আৰু platinum ৰ আঙুঠি পিন্ধা বৈধ নে|

Leave a comment