পকা দাড়ি বা চুলি ৰং কৰা ছুন্নাত। কিন্তু ক’লা ৰং কৰা নিষিদ্ধ। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,

পকা দাড়ি বা চুলি ৰং কৰা ছুন্নাত। কিন্তু ক’লা ৰং কৰা নিষিদ্ধ। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,

‘নিশ্চয় ইহুদী, নাছাৰাসকলে (চুলি-দাড়ি) ৰং নকৰে। গতিকে তোমালোকে সিহঁতৰ বিপৰীত কৰা’ (বুখাৰী হা/৫৮৯৯; মুছলিম হা/২১০৩; মিশকাত হা/৪৪২৩)।

অন্য বর্ণনাত আছে, ‘তোমালোকে বগা চুলি পৰিৱর্তন কৰা, কিন্তু ক’লা ৰঙৰ পৰা বিৰত থাকা’ (মুছলিম হা/২১০২; মিশকাত হা/৪৪২৪)।

তেওঁ কৈছে, শেষ যামানাত এদল লোকে ক’লা ৰঙৰ দ্বাৰা ৰং কৰিব। সিহঁতে জান্নাতৰ সুগন্ধিও নাপাব।
(আবুদাউদ হা/৪২১২)।

আবু উমামা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্ণিত, ৰাছুলুল্লাল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কিছুসংখ্যক আনছাৰ ছাহাবীৰ পকা দাড়ি দেখি ক’লে, হে আনছাৰসকল! তোমালোকে তোমালোকৰ পকা চুলিসমূহ লাল অথবা হালধীয়া ৰঙৰ দ্বাৰা পৰিৱর্তন কৰা আৰু আহলে কিতাবসকলৰ বিৰোধিতা কৰা (আহমাদ হা/২২৩৩৭; চিলচিলা ছহীহাহ হা/১২৪৫)।

উল্লিখিত হাদীছসমুহৰ দ্বাৰা প্রমাণিত হয় যে, পকা চুলিত যিকোনো ৰং কৰা ছুন্নাত। কিন্তু ক’লা ৰং ব্যৱহাৰ কৰা নিষিদ্ধ।

Leave a comment