নিসংগতা

!! নিসংগতা !!
হে ভাই মুছলমান !
কিয় কৰা মোক এনে অপমান !
ৰমজানৰ মাহটো মোৰ লগতে থাকি
বাকী এঘাৰ মাহলৈ কৰিলা প্ৰস্হান !
আজি হয়টো মোক তুমি বুজা নাই
উচুপি কান্দিছো মই তুমি শুনা নাই !
ৰাজ সাক্ষী হিচাবে প্ৰতিশোধ লম মই !
হাচৰত যেতিয়া তুমি কৰিবা হায় হায়!
আশাৰ সাগৰত মই ঢৌ হৈ খেলিছিলো !
যেতিয়া তুমি মোক কৰিলা নিৰ্মাণ !
নিসংগতাই আজি মোক চিন্তাম্বিত কৰিছে !
ভাবিছো হোৱা নে তুমি প্ৰকৃত মুছলমান !
নালাগে তোমাৰ এই অত্যাধুনিক কাৰিকৰী !
প্ৰয়োজন নাই মোৰ এ’চি আৰু তায়েলচৰ !
ভগা জুপুৰিটেই মই সদায় সন্তুষ্ট হম !
যেতিয়া আহিবা তুমি শব্দ শুনি আজানৰ !
হে ভাই মুছলমান , চেষ্টা কৰা অলপমান !
নিশ্চয়েই তুমি পাবা উপযুক্ত প্ৰতিদান !
এঘাৰ মাহে মোক এৰি মাথোঁ এমাহলৈ আহি !
ভাবানে তুমি পাবা হাচৰৰ সমিধান ???

— Muktabul Hussain

Leave a comment