“তেওঁলোকে মৃত্যুৰ পিছতো পৃথিৱীলৈ আগমণ কৰে”
______________________________
দেওবন্দ মাদ্ৰাছাৰ প্রতিষ্ঠাতা নানোতুবীয়ে মৃত্যু বৰণ কৰাৰ বহুদিন পিছত এটা সমস্যা সমাধানৰ কাৰণে মাদ্ৰাছালৈ আগমন কৰে। যেনে- এটা সময়ত মাওলানা আহমাদ হাছান আমৰুহী আৰু ফখৰুল হাছান গাঙ্গোহীৰ মাজত মনোমালিন্য হয়। কিন্তু মাওলানা মাহমূদুল হাছান (১২৩৮-১৩৩৮ হিঃ) নিৰপেক্ষ হোৱা সত্ত্বেও এটা পক্ষৰ ফালে হালি যায়। তেতিয়া মাওলানা ৰফীউদ্দিনে মাওলানা মাহমূদুল হাছানক মাতি পঠিয়ায়। দৰ্জা খুলি ভিতৰত সোমায়েই তেওঁ কৈছে, আগতে তুমি মোৰ কাপোৰ চোৱা। শীতকাল হোৱা সত্ত্বেও তেওঁৰ সকলো কাপোৰ তিতি গৈছে। ৰফীউদ্দিনে ক’লে, মাওলানা নানোতুবী জাছাদে আনছাৰীত এতিয়াই মোৰ ওচৰলৈ আহিছিল। সেয়ে ঘামত মোৰ কাপোৰ তিতি গৈছে। তেওঁ মোক কৈ গ’ল, তুমি মাহমূদুল হাছানক কৈ দিয়া, তেওঁ যেন বিবাদত লিপ্ত নহয়। মই কেৱল এইটো কোৱাৰ কাৰণেই আহিছোঁ।
(মাওলানা আশ্ৰাফ আলী থানভী, আৰোহায়ে ছালাছা, হিকায়াতে আওলিয়া (দেওবন্দ : কুতুবখানা নঈমীয়া), পৃঃ ২৬১; হিকায়াত নং-২৪৭)
অথচ আল্লাহে কৈছে-
أَمْوَاتٌ غَيْرُ أَحْيَاءٍ ۖ وَمَا يَشْعُرُونَ أَيَّانَ يُبْعَثُونَ
(বৰং সিহঁত) নিষ্প্ৰাণ, নিৰ্জীৱ আৰু সিহঁতক কেতিয়া পুনৰুত্থিত কৰা হ’ব সেই বিষয়েও সিহঁতৰ কোনো চেতনা নাই। (ছুৰা নাহাল ২১)
আল্লাহে আকৌ কৈছে-
إِنَّكَ لَا تُسْمِعُ الْمَوْتَىٰ وَلَا تُسْمِعُ الصُّمَّ الدُّعَاءَ إِذَا وَلَّوْا مُدْبِرِينَ
নিশ্চয় তুমি মৃতক শুনাব নোৱাৰিবা, আৰু বধিৰকো আহ্বান শুনাব নোৱাৰিবা, যেতিয়া সিহঁতে পিঠি দেখুৱাই গুচি যায়। (ছুৰা নামল ৮০)