মৌলবী চা’দ চাহাবৰ আকীদাহ আৰু
দাৰুল উলুম দেওবন্দ৷
**************************
মৌলানা ফজলুল কৰিম কাছিমী
তাবলিগী জামাতৰ বিশ্ব মৰ্কজ হল দিল্লীৰ নিজামুদ্দিনস্থিত বাংলাৱালী মছজিদ৷ ইয়াৰ যি আমীৰ বা প্রধান তেওঁকেই বিশ্ব তাবলিগী জামাতৰ আমীৰ বোলা হয়। সেই হিচাপে বর্তমান এই গুৰু দায়িত্ব পালন কৰিছে মৌলানা চা’দ কান্ধলৱীয়ে৷
বহু দিনৰ পৰা তেখেতৰ কিছু বিতৰ্কিত বক্তব্যকলৈ সমগ্ৰ বিশ্বৰ উলামা-তালেবা আৰু সাধাৰণ মুছলমানৰ মাজত প্ৰশ্নৰ অৱতাৰনা হয়৷ চৰম বিতৰ্কৰ আবেষ্টনীলৈ আহে মৌলানা চা’দ চাহাব৷ কিন্তু এই ক্ষেত্ৰত তেওঁ মুঠেও বিচলিত নহয়, বৰং এটাৰ পিছত এটা কুৰআন-চুন্নাহ আৰু আকাবিৰ-আচলাফৰ চিন্তা-চেতনাবিৰোধী তেওঁৰ বিতর্কিত মন্তব্যৰ সংখ্যা বাঢ়িয়েই গল৷ বিষয়টোৰ সুস্থ সমাধানৰ বাবে আজহাৰুল হিন্দ হিচাপে খ্যাত উপমহাদেশৰ সৰ্বোচ্চ আৰু সৰ্বজন গ্ৰহণযোগ্য দ্বীনি বিদ্যাপীঠ, ‘দাৰুল উলুম দেওবন্দ’লৈ আহিয়েই থাকিল এখনৰ পিছত এখন চিঠি আৰু ইস্তেফতা৷
বিষয়টোলৈ দাৰুল উলুম দেওবন্দৰ উর্ধ্বতন শিক্ষকবৃন্দ বিশেষ আলোচানাত বহে৷ কি কৰা যায়, কোন পথেৰে গলে সহজতে সমাধান পোৱা যাব, সেইলৈ চিন্তা-ভাৱনা কৰি সিদ্ধান্ত লোৱা হয় যে, যিহেতু তবলিগী জামাতে দ্বীনৰ এটি গুৰুত্বপূর্ণ দায়িত্ব পালন কৰি আছে আৰু ইয়াৰ সৈতে সম্পৃক্তসকলৰ অধিকাংশ আম-জনতা, সেই হিচাপে বিষয়টো আপোচত সমাধান হোৱাই সকলোৰে কাম্য৷ উম্মতৰ মাজত যাতে বিভাজন নহয়, যাতে অযথা উম্মতৰ মাজত বিভ্রান্তি বিয়পি নপৰে৷
দেওবন্দ কর্তৃপক্ষই নিজামুদ্দিনলৈ চিঠি পঠায়৷ নিজামুদ্দিনৰ প্রতিনিধিসকলক বিতর্কিত বিষয়বোৰৰ ক্ষেত্ৰত বিশেষ দৃষ্টি আকর্ষণ কৰে৷ কিন্তু…? ফলাফল শূন্য!
শেষ চেষ্টা হিচাপে বিগত 2 ডিচেম্বৰ 2017 ত দাৰুল উলুম দেওবন্দৰ মুহতমিম মুফতি আবুল কাচিম নোমানী, নদোৱাতুল উলামাৰ প্রিন্সিপাল মৌলানা চৈয়দ চলমান আহমদ নাদৱী আৰু দিল্লীৰ আইম্মা পৰিষদৰ চেয়াৰমেন মুফতি ৱাজাহত কাছিমীয়ে এক যৌথ বিবৃতি প্রদান কৰে, যি ভাৰতৰ জাতীয় দৈনিক কাকতসমূহত ‘তবলিগী জামাতৰ আমীৰ মৌলবী চা’দৰ ‘কুফুৰী কলিমা’কলৈ মুছলমানৰ মাজত তোলপাৰ’ শিৰোনামাৰে হাইলাইট কৰি প্রাকাশ কৰা হয়৷ এই বিবৃতিত মৰ্কজ আমীৰ মৌলানা চা’দ কান্ধলৱীক লিখিত আকাৰে তেওঁৰ বিতর্কিত মন্তব্যৰ বিষয়সমূহৰ পৰা ঘুৰি অহাৰ আহ্বান জানোৱা হয়৷ লগতে এয়াও উল্লেখ কৰা হয়, যদি এই ক্ষেত্ৰত চা‘দ কান্ধলৱী নিজৰ অবস্থানৰ পৰা ঘুৰি নাহে, তেনেহলে আকাবিৰে উালামাসকলে যিকোনো কঠোৰ সিদ্ধান্ত লবলৈ বাধ্য হব৷
উল্লেখ্য যে, জাতীয় দৈনিক কাকতবোৰত কুফুৰী কলিমা বলোতে মৌলানা চা’দৰ এটা মন্তব্যৰ প্রতি ইংগিত কৰা হৈছিল৷ মন্তব্যটো হল তেওঁ কৈছে যে, ‘সমগ্ৰ দুনিয়াৰ অবস্থা হল এই যে, মক্কা-মদীনাৰ পিছত সম্মান, আজমত, আনুগত্য, অনুসৰণযোগ্য যদি কোনো স্থান আছে তেনেহলে সেই স্থান হল দিল্লীৰ নিজামুদ্দিন মৰ্কজ আৰু আপনালোকৰ ওচৰত অনুৰোধ থাকিল যে যিকোনো সৰু বা ডাঙৰ দ্বীনৰ যিকোনো মাচায়িল কেৱল মৰ্কজতেই ৰিপোর্ট কৰিব৷’
আকাবিৰে উলামাৰ এই বিবৃতি প্রকাশৰ বহুদিন পাৰহৈ যোৱাৰ পিছতো মৌলানা চা’দৰ ফালৰ পৰা সন্তোষজনক কোনো জোৱাব নহাত দেওবন্দৰ শীর্ষ উলামাসকল পুনৰ বহি উল্লেখিত বিশেষ নোটিচখন দাৰুল উলুমৰ নিজস্ব ৱেবচাইটত প্রকাশ কৰে৷ পৰৱৰ্তীত জাতীয় দৈনিক কাকতসমূহৰ প্রথম পৃষ্ঠাত সেইখন ছপা হয়৷
যি যি কাৰণত এই ফতোৱা দিয়া হৈছে —-
মৌলানা চা’দ কান্ধলৱীৰ প্রশ্নবিদ্ধ কেবটাও মন্তব্য (দেওবন্দত যাৰ সত্যতা সম্পর্কে নিশ্চিতকৈ প্ৰমানিত হৈছে৷)
১৷ হজৰত মুচা (আঃ)এ নিজৰ কৌম আৰু জামাতক এৰি দি আল্লাহৰ সৈতে কথা পাতিবলৈ গুছি গৈছিল৷ যাৰ ফলত বনী ইস্ৰাইলৰ ৫ লাখ ৮৮ হাজাৰ মানুহ পথভ্রষ্ট হৈ গৈছে৷ তেওঁতো আচল আমীৰ আছিল৷ তেৱেঁই জিম্মেদাৰ আছিল৷ আচল আমীৰহে উপস্থিত থাকিব লাগে৷ হাৰুণ (আঃ) তো আছিল তেওঁৰ নায়িব৷
২৷ বর্তমান মানুহে তৌবাহৰ তিনিটা চৰ্ত মানি ৰাখিছে৷ ৪র্থ চর্ত আজি সকলোৱে পাহৰি পেলাইছে৷ সেয়া হল ‘খুৰুজ’ (তাবলিগৰ কামত বাহিৰ হোৱা)৷
এজন ৯৯জন হত্যাকাৰীৰ যেতিয়া এজন পাদ্রীৰ সৈতে সাক্ষাৎ হল তেতিয়া তেওঁ তাক নিৰাশ কৰে৷ পিছত এজন আলিমৰ সৈতে দেখা হোৱাত তেওঁ তাক কৈছিল অমুক গাঁৱৰ(আলিমৰ খোঁজেৰে) ফালে ওলাই যোৱা৷ সি সেই ফালে ওলাই যোৱাত দেখা গল তেতিয়া আল্লাহ পাকে তাৰ তৌবাহ কবুল কৰিলে৷ ইয়াৰ দ্বাৰা বুজা যায় তৌবাহ কবুল হোৱাৰ বাবে খুৰুজ চৰ্ত৷ ইয়াক বাহিৰে কাৰো তৌবাহ কবুল নহয়৷ এই চৰ্তটো মানুহে পাহৰি পেলাইছে৷
৩৷ হিদায়তৰ স্থান একমাত্র মছজিদ৷ যি প্রতিষ্ঠানবোৰত দ্বীনি শিক্ষা দিয়া হয়, আল্লাহৰ কচম সেইবোৰৰ যদি মছজিদৰ সৈতে সম্পর্ক নাথাকে তেনেহলে তাতো দ্বীন নাই৷ দ্বীনি শিক্ষা হব কিন্তু দ্বীন নহয়৷
৪৷ পাৰিশ্রমীকলৈ ধর্মীয় শিক্ষা দিয়া মানে ধর্মৰ সৈতে ঠাট্টা কৰা৷ জ্বিনা-ব্যভিচাৰকাৰীসকল কুৰআন শিক্ষা দি বেতন গ্রহণকাৰীসকলতকৈ আগতে জান্নাতত প্রবেশ কৰিব৷
৫৷ মোৰ মতে ‘ক্যামেৰা বিশিষ্ট মোবাইল’ পকেটত ৰাখি নামাজ পঢ়িলে নামাজ আদায় নহয়৷ তোমালোকে যিমানেই মুফতিৰ ফতোৱা সংগ্রহ নকৰা কিয়, মোবাইলৰ পৰা কুৰআন শুনা, কুৰআন তিলাৱত কৰা—- কুৰআনক অপমান কৰা হয়৷ ইয়াত তোমালোকৰ গুনাহ হব৷ কোনো চোৱাব পোৱা নাযাব৷
যিসকল উলামাই এই ক্ষেত্ৰত (মোবাইলৰ পৰা কুৰআন শুনা আৰু তিলাৱত কৰা) বৈধতাৰ ফতোৱা দিয়ে সিহঁত উলামায়ে চূ, উলামায়ে চূ, উলামায়ে চূ৷ সিহঁতৰ অন্তৰ আৰু মগজু ইহুদী-খ্রিস্টানসকলৰ দ্বাৰা প্রভাবিত৷ সিহঁত সম্পূর্ণ জাহিল উলামা৷ মোৰ মতে সিহঁতৰ অন্তৰত আল্লাহৰ কালামৰ কোনো মহব্বত নাই৷ মই এই কথা এই কাৰণেই কৈছো যে, আমাতকৈ ডাঙৰ এজন আলিমে কৈছে যে, ‘ইয়াত কোনো সমস্যা নাই৷’ মই কৈছো যে, সেই আলিমৰ হৃদয়ত কুৰআনৰ বিন্দু মাত্রও ভালপোৱা নাই৷ যদিও তাৰ পুৰা বোখাৰী ছৰীফ মুখস্থ নাথাকক কিয়৷ বোখাৰীতো কিমান অমুছলিমৰো মুখস্থ থাকে৷
৬৷ প্রত্যেক মুছলমানৰ ওপৰত কুৰআন বুজি পঢ়া ৱাজিব, ৱাজিব, ৱাজিব৷ যি ব্যক্তিয়ে ৱাজিব ত্যাগ কৰিব তাৰ ‘ৱাজিব তৰক’ৰ গুনাহ হব৷
৭৷ আশ্চর্যকৰ! মোক সোধা হয় ‘আপোনাৰ ইচলাহী সম্পর্ক কাৰ সৈতে?’ সিহঁতৰ কেনো এজনে নকয় যে, মোৰ সম্পর্ক এই কামৰ সৈতে, দাৱাত (আৰু তাবলিগ)ৰ সৈতে! মই সেই ব্যক্তিসকলকলৈ বৰ চিন্তিত যে যিসকলে কয়, তবলিগৰ ‘ছয় নম্বৰ’ সম্পূৰ্ণ দ্বীন নহয়!
ওপৰোল্লেখিত বিষয়সমূহক বাহিৰেও এনেধৰণৰ আৰু কিছুমান বয়ান ইতিমধ্যে হস্তগত হৈছে, যাৰ পৰা স্পষ্ট বুজা যায় যে, দাৱাত আৰু তবলিগৰ বিশদ ‘মাফহূমৰ’ ভিতৰত এইবোৰ বর্তমানৰ তবলিগী জামাতৰ নেজামতেই অন্তর্ভুক্ত৷ তেওঁ কেৱল এই বিশেষ পদ্ধতিকেই চুন্নত আৰু আম্বিয়া, চাহাবাসকলৰ দাৱাতী পদ্ধতি হিচাপে ধাৰণা কৰে আৰু এই পদ্ধতিক হুবহু নবী আৰু চাহাবাসকলৰ দাৱাতী কামৰ মিচদাক বুলি বর্ণনা কৰে৷ অথচ জমহুৰ উম্মতৰ ঐক্যমত হল, দাৱাত এটি ব্যাপক বিষয়৷ ইছলামত দাৱাত আৰু তবলিগৰ নির্দিষ্ট বিশেষ কোনো পদ্ধতিক অত্যাবশ্যক কৰি দিয়া হোৱা নাই যে এই বিশেষ পদ্ধতি অনুসৰণ নকৰিলে চুন্নত ত্যাগ কৰাৰ গুনাহ হব৷
বিভন্ন যুগত দাৱাতৰ বিভিন্ন পদ্ধতি আছিল৷ কোনো যুগতেই কোনো এটা পদ্ধতিক লাজিম কৰা হোৱা নাই৷ আম্বিয়ায়ে কেৰাম, চাহাবা, তাবেঈন, তাবে তাবেঈন, আইম্মায়ে মুজতাহিদীন, ফোকাহা, চুলাহা, নিত্য অতীতৰ আমাৰ আকাবিৰীনে দেওবন্দে দাৱাত আৰু তবলিগৰ বিভিন্ন পদ্ধতি অনুকৰণ কৰিছিল৷
সংক্ষিপ্ততাৰ কাৰণে মাত্ৰ কিছু বিষয়হে ইয়াত আলোচনা কৰা হল৷ ইয়াক বাহিৰেও মৌলানা চাদৰ কেইবাটাও বিষয় আমাৰ ওচৰত আছে, যিবোৰে গৰিষ্ঠসংখ্যক উলামাৰ সম্পূর্ণ ভিন্ন এক মতাদর্শ বহন কৰে আৰু সেইবোৰ যে সম্পূৰ্ণ ভ্রান্ত তাত কোনো সন্দেহ নাই৷
ফতোৱা প্রকাশৰ আগত দেওবন্দৰ পক্ষৰ পৰা কেবাবাৰো চিঠিৰ মাধ্যমে ‘বাংলাৱালী মছজিদ’ৰ প্রতিনিধিসকলৰ প্রশ্নবিদ্ধ বিষয়বোৰলৈ দৃষ্টি আকর্ষণ কৰা হৈছে৷ কিন্তু আজি পর্যন্ত সেইবোৰ চিঠিৰ কোনো জোৱাব অহা নাই৷
মৌলানা চাদ কান্ধলৱীৰ নোটিচখনত কোৱা হয় যে, তবলিগী জামাত এটি মুবাৰক জামাত, যি জমহুৰ উম্মত আৰু আকাবিৰসকলৰ দাৱাতৰ এক পচন্দনীয় পদ্ধতি৷ আম্বিয়া (আঃ)ৰ ছানত বেআদবী, চিন্তাৰ পদস্খলন, তাফচীৰ বিৰ ৰায়, আহাদীছ আৰু আচৰৰ মনেসজা ব্যাখ্যাৰ সৈতে হকপন্থী উলামায়ে কেৰাম কোনোভাৱেই একমত হব নোৱাৰে আৰু এই বিষয়ে তেওঁলোক চুপ থাকাও সম্ভৱ নহয়৷ কিয়নো, এনেধৰনৰ ধ্যান-ধাৰণাই পৰৱর্তী সময়ত এটি ভিন্ন মতাদর্শ প্রতিষ্ঠা কৰি সম্পূৰ্ণ জামাতটোকে হক আৰু সত্যৰ পৰা দূৰলৈ ঠেলি দিব৷ যাৰ বাবে সার্বিক বিবেচনাত উম্মতে মুছলিমা তথা বিশেষকৈ তবলিগী বন্ধুসকলক এই বিষয়টো জনোৱা আমাৰ দায়িত্ব হিচাপে পৰিগনিত হৈছে যে, মৌলানা চা’দে নিজৰ স্বল্প জ্ঞানৰ ফলত জমহুৰ আকাবিৰে উম্মতৰ পথৰ পৰা দূৰলৈ গুছি গৈছে৷ যি স্পষ্টতঃ পথভ্রষ্টতা৷ সেইবাবে এইবোৰ বিষয়ত নিৰৱ থকা নাযায়৷ কিয়নো, এইবোৰ যদিও এজন ব্যক্তিৰ মতাদর্শ বা চিন্তা-চেতনা, কিন্তু খুউব দ্রুতভাৱে এইবোৰ ভ্ৰান্ততাই আম-মুছলমানৰ মাজত বিস্তাৰ লাভ কৰিছে৷
তবলিগী জামাতৰ ভিতৰত গুৰুত্বপূর্ণ, প্রভাৱ বিস্তাৰকাৰী, মুতাদিল মেজাজৰ জিম্মেদাৰসকলকো দৃষ্টি আকর্ষণ কৰিব বিচাৰো যে, আকাবিৰ কর্তৃক প্রতিষ্ঠিত এই জামাতক পূর্ববর্তী আকাবিৰে উম্মতৰ মতাদর্শ আৰু পথ-পদ্ধতিৰ ওপৰত প্রতিষ্ঠিত ৰখাৰ চেষ্টা কৰক আৰু মৌলানা চাআদ চাহাবৰ যি ভ্রান্ত চিন্তা-ফিকিৰ, ধ্যান-ধারাণা সাধাৰণ মুছলমানসকলৰ মাজত বিয়পি পৰিছে সেইবোৰ পূর্ণ সংশোধনৰ চেষ্টা কৰক৷ যদি এই ক্ষেত্ৰত দ্রুত সিদ্ধান্ত লোৱা নহয়, তেনেহলে অদূৰ ভবিষ্যতে তবলিগৰ সৈতে সম্পৃক্ত উম্মতৰ এটা অংশ পথভ্রষ্ট হৈ এটা ভ্রান্ত ফিৰকাৰ ৰূপ ধাৰণ কৰিব৷
আমাৰ দোৱা-প্রার্থনা হল, ৰাব্বুল আলামীনে যাতে তবলিগী জামাতক হেফাজত কৰে, লগতে আকাবিৰৰ পথত একনিষ্ঠভাৱে জাৰি আৰু প্রবহমান ৰাখে৷
আগতেও এনেধৰনৰ অগ্রহণযোগ্য বিভ্ৰান্তিকৰ কথাবার্তা তবলিগী জামাতৰ কিছু লোকৰ পৰা প্রকাশ পাইছিল৷ সেই সময়ত উলামায়ে দেওবন্দ, তথা হজৰত ছেইখুল ইছলাম মৌলানা হুছাইন আহমদ মদনী (ৰহঃ) আৰু অন্যান্য উলামাসকলেও তেওঁলোকক সতর্ক কৰি দিছিল৷ তেওঁলোক তেতিয়া সাবধান হৈছিল৷ কিন্তু এতিয়া স্বয়ং দায়িত্বশীল জিম্মেদাৰেই এনেধৰণৰ বিভ্ৰান্তিকৰ, বৰং তাতকৈয়ো আৰু এঢাপ শীৰ্ষতগৈ ভান্ত কথাবার্তা (যেনেকৈ উপৰোল্লেখিত আলোচনাত স্পষ্ট) বয়ানত উল্লেখ কৰিছে, সতর্কও কৰা হৈছে, কিন্তু তেওঁ কোনো ভ্রক্ষেপেই কৰা নাই৷ ফলত সাধাৰণ মুছলমানক এনেধৰণৰ ফিতনাৰ পৰা ৰক্ষা কৰিবলৈ এই সিদ্ধান্ত আৰু ফতোৱাৰ সত্যায়ন কৰা হল৷
প্রকাশিত ফতোৱাত স্বাক্ষৰ কৰে দেওবন্দৰ শীর্ষ উলামাসকলে৷
১৷ মুফতি হাবিবুৰ ৰহমান খায়ৰাবাদী৷ মুফতিয়ে আজম, দাৰুল উলুম দেওবন্দ৷
২৷ মুফতি আবুল কাচিম নোমানী৷ মুহতমিম, দাৰুল উলুম দেওবন্দ৷
৩৷ মুফতি চাঈদ আহমদ পালনপুৰী৷ চদৰুল মুদাৰৰিচীন আৰু ছেইখুল হাদীছ, দাৰুল উলুম দেওবন্দ৷
৪৷ মৌলানা আবদুল খালিক চম্ভলী৷ নায়িবে মুহতমিম দাৰুল উলুম দেওবন্দ৷
৫৷ মৌলানা আবদুল খালিক মাদ্ৰাজী, নায়িবে মুহতমিম দাৰুল উলুম দেওবন্দ৷
৬৷ মৌলানা নিয়ামত উল্লাহ আজমী৷ চিনিয়ৰ মুহাদ্দিছ, দাৰুল উলুম দেওবন্দ৷
৭৷ মৌলানা হাবিবুৰ ৰহমান আজমী৷ চিনিয়ৰ মুহাদ্দিছ, দাৰুল উলুম দেওবন্দ৷
৮৷ মুফতি জইনুল ইছলাম৷ দাৰুল ইফতা, দাৰুল উলুম দেওবন্দ৷
৯৷ মুফতি আচাদুল্লাহ৷ দাৰুল ইফতা, দাৰুল উলুম দেওবন্দ৷
১০৷ মুফতি নোমান চিতাপুৰী৷ দাৰুল ইফতা, দাৰুল উলুম দেওবন্দ৷
১১৷ কাৰী চৈয়দ ওচমান মনচুৰপুৰী৷ মুহাদ্দিছ, দাৰুল উলুম দেওবন্দ৷
১২৷ মুফতি ওকাৰ৷ দাৰুল উলুম দেওবন্দ৷
১৩৷ মুফতি মুছআব৷ দাৰুল উলুম দেওবন্দ৷
১4৷ মুফতি মাহমুদ হাচান বুলন্দচহৰী৷ দাৰুল উলুম দেওবন্দ৷
15৷ মৌলানা চৈয়দ আৰ্ছদ মদনী৷ মুহাদ্দিছ, দাৰুল উলুম দেওবন্দ৷