👋 আছ্ছালামু আলাইকুম ৱ ৰহমাতুল্লাহ্ 👋
1⃣। জুম’আৰ দিন গোছল কৰা । যিসকলৰ ওপৰত জুম’আ ফৰজ সেইসকলৰ কাৰণে জুম’আৰ দিনত গোছল কৰাটো ৰাছুল (ছা:) ওয়াজিব কৰিছে ।
📕 (বুখাৰী ৮৭৭, ৮৭৮, ৮৮০, ৮৯৭,৮৯৮)
➡ পৰিচ্ছন্নতাৰ অংশহিচাপে সেইদিনা নখ আৰু চুলি কটা এটি ভাল কাম।
2⃣। জুম’আৰ ছালাতৰ কাৰণে সুগন্ধি ব্যবহাৰ কৰা ।
📔 (বুখাৰী ৮৮০)
3⃣। মিছওয়াক কৰা ।
📙 (ইবনে মাজাহঃ ১০৯৮,বুখাৰী ৮৮৭, ইঃফাঃ৮৪৩)
4⃣। শৰীৰত তেল ব্যবহাৰ কৰা ।
📓 (বুখাৰী ৮৮৩)
5⃣। উত্তম পোচাক পিন্ধি জুম’আ আদায় কৰা ।
📘 (ইবনে মাজাহঃ১০৯৭)
6⃣। মুছল্লীসকলে ইমামৰ পিনে মুখ কৰি বহা ।
📗 (তিৰমিযীঃ৫০৯, ইবনে মাজাহঃ১১৩৬)
7⃣। খোজকাঢ়ি মছজিদত যোৱা ।
📒 (আবু দাউদঃ ৩৪৫)
8⃣। জুম’আৰ দিন আৰু জুম’আৰ ৰাতি ত বেছি বেছি দুৰুদ পঢ়া ।
📕 (আবু দাউদঃ ১০৪৭)
9⃣। জুম’আৰ দিন বেছি বেছি দোয়া কৰা ।
📗 (বুখাৰী ৯৩৫)
🔟। মুছল্লীসকলক ঠেলা হেচা কৰি বা আতৰ কৰি মছজিদৰ সন্মুখৰ ফালে আগুৱাই নোযোৱা ।
📘 (বুখাৰী :৯১০, ৮৮৩)
1⃣1⃣। খুৎবা চলি থকা সময়ত মছজিদত প্রবেশ কৰিলে তেতিয়াও দুই ৰাকাত ‘তাহিয়্যাতুল মাছজিদ’ ছালাত আদায় নকৰাকৈ নবহা ।
📙 ( বুখাৰী : ৯৩০)
1⃣2⃣। জুম’আৰ দিন ছূৰা কাহফ পঢ়া । এই ছূৰা পঢ়াসকলৰ কাৰণে আল্লাহ তা’লাই দুই জুম’ আৰ মধ্যবর্তী সময়ক আলোকিত কৰি দিয়ে ।
📓 (হাকেমঃ ২/৩৬৮, বায়হাকীঃ ৩/২৪৯)