🌹 ছূৰা কাফিৰুণ ৰ ফযীলত । 🌹 (১) ৰাছুলুল্লাহ ছাল্লাল্লাহু আ’লাইহি ওৱাছাল্লামে কৈছে , “ক্বুল ইয়া আইয়্যুহাল কাফিৰুণ কুৰআনৰ চাৰি ভাগৰ এক ভাগৰ সমান।” তিৰমিজি : ২৮৯৪, বায়হাকী, মুস্তাদৰাক হাকিমঃ ২০৮৭, চহীহ আত-তাৰগীবঃ ৫৮৩। হাদীছটোৰ চনদ চহীহ , ইমাম হাকিম, শ্বেখ আলবানী। (২) হাৰিচ ইবনু হাবালাহ ৰাদিয়াল্লাহু আ’নহু ৰ পৰা বর্ণিত। তেওঁ কলে , মই ক’লো , হে আল্লাহৰ ৰাছুল (ছা:) ! মোক কিছু শিকাই দিয়া , যিটো মই টোপনি যোৱাৰ আগত পাঠ কৰিম । ৰাছুলুল্লাহ (ছা:) ক’লে , যেতিয়া তুমি বিছানাত শুবলৈ যাবা তেতিয়া ক্বুল ইয়া আইয়্যুহাল কাফিৰুণ পাঠ কৰিবা । কিয়নো ইয়াৰ দ্বাৰা শ্বিৰ্ক ৰ পৰা মুক্তি লাভ কৰা যাব। আবু দাউদঃ ৫০৫৫, তিৰমিজি : ৩৪০৩, আহমাদঃ ২৪০০৯। শ্বেখ আলবানী ৰাহিমাহুল্লাহ হাদীছটোক হাচান বুলি কৈছে । চহীহ আত-তাৰগীবঃ ৬০৫। (৩) ফজৰ আৰু মাগৰিবৰ দুই ৰাকাত চুন্নত সালাতৰ প্রথম ৰাকাতত ছূৰা কাফিৰুণ আৰু দ্বিতীয় ৰাকাতত ছূৰা ইখলাচ পাঠ কৰা মুস্তাহাব। (৪) তিন ৰাকাত বিতিৰৰ প্রথম ৰাকাতত ছূৰা আ’লা, দ্বিতীয় ৰাকাতত ছূৰা কাফিৰুণ আৰু তৃতীয় ৰাকাতত ছূৰা ইখলাচ পঢ়া উত্তম।