ছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক!
আচ্ছালামুআলাইকুম,,,ৱা ৰহমাতুল্লাহি ৱা বৰকাতুহু… ছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক!
ছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক!
কোৰআনত পাঁচ ওৱাক্ত ছালাতৰ উল্লেখ আছেনে?
১। প্ৰথমতে অন্তৰেৰে নিয়ত কৰি اَللهَ أَكْبَر
উচ্চাৰণ:- আল্লা-হু আকবাৰ।
অর্থ:- ‘আল্লাহ অতি মহান’ বুলি কৈ তহৰীমা বান্ধিব। (জায়নামাজৰ দু‘আ, প্ৰচলিত শাব্দিক নিয়ত পঢ়া বিদাত, ইয়াৰ কোনো দলিল নাই)।
২। ছানা :
سُبْحانَكَ اللَّهُمَّ وَبِحَمْدِكَ، وَتَبارَكَ اسْمُكَ، وَتَعَالَى جَدُّكَ، وَلاَ إِلَهَ غَيْرُكَ
উচ্চাৰণ:- চুবহা-নাকাল্লা-হুম্মা ওৱা বিহামদিকা ওৱা তাবা-ৰাকাচমুকা ওৱা তা‘আ-লা জাদ্দুকা ওৱা লা- ইলা-হা গাইৰুকা।
অৰ্থ:- হে আল্লাহ! তোমাৰ প্রশংসাসহ তোমাৰ পবিত্রতা ও মহিমা ঘোষণা কৰিছোঁ, তোমাৰ নাম অতি বৰকতময়, তোমাৰ প্রতিপত্তি অতি উচ্চ; আৰু তোমাৰ বাহিৰে অন্য কোনো সত্য ইলাহ নাই। [ছানাৰ কাৰণে অন্নান্য দু‘আও আছে, “ইন্নি ওৱাজ্জাহতু……..” ছানা হিচাপে পঢ়িব পাৰি]
৩। أَعُوذُ بِاللَّهِ مِنَ الشَّيْطَانِ الرَّجِيمِ
উচ্চাৰণ:- আ‘ঊযু বিল্লাহি মিনাশ্ব-শ্বাইত্বা-নিৰ ৰাজীম।
অৰ্থ:- বিতাৰিত শ্বয়তানৰ পৰা আল্লাহৰ ওচৰত আশ্রয় বিচাৰিছোঁ।
৪। بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
উচ্চাৰণ:- বিছমিল্লা-হিৰ ৰাহমানিৰ ৰাহীম।
অৰ্থ:- (আৰম্ভ কৰিছোঁ) পৰম কৰুণাময় পৰম দয়ালু আল্লাহৰ নামত।
৫। ছুৰায়ে ফাতিহা পাঠৰ লগতে কোৰআনৰ পৰা কিছু অংশ পাঠ কৰিব।
৬। ৰুকূৰ তছবীহ : سُبْحَانَ رَبِّيَ الْعَظِيْمِ
উচ্চাৰণ:- ছুবহা-না ৰব্বিয়াল ‘আযীম।
অর্থ:- ‘মোৰ মহান প্রতিপালকৰ পবিত্রতা ও মহিমা ঘোষণা কৰিছোঁ’।
৭। ক্কওমা : ৰুকূৰ পৰা উঠোতে ইমাম-মুক্তাদী উভয়ে কব, سَمِعَ اللهُ لِمَنْ حَمِدَهُ
উচ্চাৰণ:- ছামি‘আল্লা-হু লিমান হামিদাহ।
অর্থ:- ‘আল্লাহে তাৰ কথা শুনে যিয়ে তেওঁৰ প্রশংসা কৰে’। ইয়াৰ পিছত পোন হৈ থিয় দি কব, رَبَّنَا لَكَ الْحَمْدُ
নাইবা কব, رَبَّنَا وَلَكَ الْحَمْدُ حَمْدًا كَثِيْرًا طَيِّبًا مُّبَارَكًا فِيْهِ
উচ্চাৰণ:- ৰব্বানা ওৱা লাকাল হাম্দু হাম্দান কাছীৰান ত্বাইয়িবাম মুবা-ৰাকান ফীহি।
অর্থ:- ‘হে আমাৰ প্রতিপালক! তোমাৰ কাৰণে অগণিত প্রশংসা, যিটো পবিত্র ও বৰকতময়’।
৮। ছিজদাৰ তছবীহ : سُبْحَانَ رَبِّىَ الْأَعْلَى
উচ্চাৰণ:- ছুবহা-না ৰব্বিয়াল আ‘লা।
অর্থ:- ‘মোৰ প্রতিপালকৰ পবিত্রতা ও মহিমা বৰ্ণনা কৰিছোঁ যিজন সকলোৰে ওপৰত’।
৯। দুই ছিজদাৰ মধ্যৱর্তী বৈঠকৰ দু‘আ :
اَللَّهُمَّ اغْفِرْ لِيْ وَارْحَمْنِيْ وَاجْبُرْنِيْ وَاهْدِنِيْ وَعَافِنِيْ وَارْزُقْنِيْ
উচ্চাৰণ:- আল্লা-হুম্মাগফিৰলী ওৱাৰহাম্নী ওৱাজবুৰনী ওৱাহদিনী ওৱা ‘আ-ফিনী ওৱাৰঝুক্কনী।
অৰ্থ:- ‘হে আল্লাহ! তুমি মোক ক্ষমা কৰা, মোৰ ওপৰত ৰহম কৰা, মোৰ অৱস্থাৰ সংশোধন কৰা, মোক সৎপথ প্রদর্শন কৰা, মোক সুস্থতা দান কৰা আৰু মোক ৰূযী দান কৰা’। অথবা কমপক্ষে ২ বাৰ কব ‘ৰব্বিগফিৰলী’।
অৰ্থ:- হে মোৰ প্রতিপালক! মোক ক্ষমা কৰা।
ছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক!
১০। তাশ্বাহহুদ (আত্তাহিইয়া-তু) :
اَلتَّحِيَّاتُ ِللهِ وَالصَّلَوَاتُ وَالطَّيِّبَاتُ، السَّلاَمُ عَلَيْكَ أَيُّهَا النَّبِيُّ وَرَحْمَةُ اللهِ وَبَرَكَاتُهُ، السَّلاَمُ عَلَيْنَا وَعَلَى عِبَادِ اللهِ الصَّالِحِيْنَ، أَشْهَدُ أَنْ لاَّ إِلَهَ إِلاَّ اللهُ وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُوْلُهُ
উচ্চাৰণ:- আত্তাহিইয়া-তু লিল্লা-হি ওৱাছ্ ছালাওৱা-তু ওৱাত্ ত্বাইয়িবা-তু আচ্ছালা-মু ‘আলায়কা আইয়ুহান নাবিইয়ু ওৱা ৰহমাতুল্লা-হি ওৱা বাৰাকা-তুহু। আচ্ছালা-মু ‘আলায়না ওৱা ‘আলা ‘ইবা-দিল্লা-হিছ ছা-লিহীন। আশ্বহাদু আল লা-ইলা-হা ইল্লাল্লা-হু ওৱা আশ্বহাদু আন্না মুহাম্মাদান ‘আব্দুহূ ওৱা ৰাছূলুহু।
অর্থ:- যাৱতীয় সন্মান, যাৱতীয় উপাসনা আৰু যাৱতীয় পবিত্র বিষয় আল্লাহৰ কাৰণে। হে নবী! তোমাৰ ওপৰত শান্তি বর্ষিত হওঁক আৰু আল্লাহৰ অনুগ্রহ ও সমৃদ্ধিসমূহ নাযিল হওঁক। শান্তি বর্ষিত হওঁক আমাৰ ওপৰত আৰু আল্লাহৰ সৎকর্মশীল বান্দাসকলৰ ওপৰত। মই সাক্ষী দিছোঁ যে, আল্লাহৰ বাহিৰে কোনো উপাস্য নাই আৰু মই সাক্ষী দিছোঁ যে, মুহাম্মাদ (চাল্লাল্লাহু আলাইহি অছাল্লাম) তেওঁৰ বান্দা ও ৰাছূল’।
১১। দৰূদে ইব্ৰাহীম :
اَللَّهُمَّ صَلِّ عَلَى مُحَمَّدٍ وَّعَلَى آلِ مُحَمَّدٍ كَمَا صَلَّيْتَ عَلَى إِبْرَاهِيْمَ وَعَلَى آلِ إِبْرَاهِيْمَ إِنَّكَ حَمِيْدٌ مَّجِيْدٌ- اَللَّهُمَّ بَارِكْ عَلَى مُحَمَّدٍ وَّعَلَى آلِ مُحَمَّدٍ كَمَا بَارَكْتَ عَلَى إِبْرَاهِيْمَ وَعَلَى آلِ إِبْرَاهِيْمَ إِنَّكَ حَمِيْدٌ مَّجِيْدٌ
উচ্চাৰণ:- আল্লা-হুম্মা ছাল্লি ‘আলা মুহাম্মাদিঁউ ওৱা ‘আলা আ-লি মুহাম্মাদিন কামা ছাল্লায়তা ‘আলা ইব্ৰা-হীমা ওৱা ‘আলা আ-লি ইব্রা-হীমা ইন্নাকা হামীদুম মাজীদ। আল্লা-হুম্মা বা-ৰিক ‘আলা মুহাম্মাদিঁউ ওৱা ‘আলা আ-লি মুহাম্মাদিন কামা বা-ৰক্তা ‘আলা ইব্রা-হীমা ওৱা ‘আলা আ-লি ইব্রা-হীমা ইন্নাকা হামীদুম মাজীদ।
অর্থ:- ‘হে আল্লাহ! তুমি ৰহমত বর্ষণ কৰা মুহাম্মাদ আৰু মুহাম্মাদৰ পৰিবাৰৰ ওপৰত, যেনেকৈ তুমি ৰহমত বর্ষণ কৰিছা ইব্ৰাহীম আৰু ইব্ৰাহীমৰ পৰিবাৰৰ ওপৰত। নিশ্চয় তুমি প্রশংসিত ও সন্মানিত। হে আল্লাহ! তুমি বৰকত নাযিল কৰা মুহাম্মাদ আৰু মুহাম্মাদৰ পৰিবাৰৰ ওপৰত, যেনেকৈ তুমি বৰকত নাযিল কৰিছা ইব্ৰাহীম আৰু ইব্ৰাহীমৰ পৰিবাৰৰ ওপৰত। নিশ্চয় তুমি প্রশংসিত ও সন্মানিত’।
দৰূদৰ ফযীলত : ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
عَنْ أَبِيْ هُرَيْرَةَ قَالَ قَالَ رَسُوْلُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ مَنْ صَلَّى عَلَيَّ صَلاةً وَاحِدَةً صَلَّى اللهُ عَلَيْهِ عَشْرَ صَلَوَاتٍ وَحُطَّتْ عَنْهُ عَشْرُ خَطِيْئَاتٍ وَ رُفِعَتْ لَهُ عَشْرُ دَرَجَاتٍ، رواه النسائيُّ
‘যি ব্যক্তিয়ে মোৰ ওপৰত এবাৰ দৰূদ পাঠ কৰে, আল্লাহে তাৰ ওপৰত দহটা ৰহমত নাযিল কৰে। তাৰ আমলনামাৰ পৰা দহটা গুনাহ সৰি পৰে আৰু তাৰ সন্মানৰ স্তৰ আল্লাহৰ ওচৰত দহগুণ বৃদ্ধি পায়’।
১২। দু‘আয়ে মাছূৰাহ : (এক)
اَللَّهُمَّ إِنِّيْ ظَلَمْتُ نَفْسِيْ ظُلْمًا كَثِيْرًا وَّلاَ يَغْفِرُ الذُّنُوْبَ إِلاَّ أَنْتَ، فَاغْفِرْ لِيْ مَغْفِرَةً مِّنْ عِنْدَكَ وَارْحَمْنِيْ إِنَّكَ أَنْتَ الْغَفُوْرُ الرَّحِيْمُ
উচ্চাৰণ:- আল্লা-হুম্মা ইন্নী যালামতু নাফছী যুলমান কাছীৰাঁও অলা ইয়াগফিৰুয যুনূবা ইল্লা আন্তা, ফাগফিৰলী মাগফিৰাতাম মিন ‘ইনদিকা ওৱাৰহাম্নী ইন্নাকা আন্তাল গাফূৰুৰ ৰহীম’।
অর্থ:- ‘হে আল্লাহ! মই মোৰ নফছৰ ওপৰত অসংখ্য যুলুম কৰিছোঁ। তোমাৰ বাহিৰে সেইবোৰ গুনাহ মাফ কৰোঁতা কোনো নাই। গতিকে তুমি মোক তোমাৰ পক্ষৰ পৰা বিশেষভাৱে ক্ষমা কৰা আৰু মোৰ ওপৰত অনুগ্রহ কৰা। নিশ্চয় তুমি ক্ষমাশীল আৰু দয়াৱান’।
ওৱাজীব দু‘আয়ে মাছূৰাহ : (দুই)
اَللَّهُمَّ إِنِّيْ أَعُوْذُ بِكَ مِنْ عَذَابِ جَهَنَّمَ وَأَعُوْذُ بِكَ مِنْ عَذَابِ الْقَبْرِ وَأَعُوْذُ بِكَ مِنْ فِتْنَةِ الْمَسِيْحِ الدَّجَّالِ وَأَعُوْذُ بِكَ مِنْ فِتْنَةِ الْمَحْيَا وَالْمَمَاتِ
উচ্চাৰণ:- আল্লা-হুম্মা ইন্নী আ‘ঊযুবিকা মিন্ ‘আযা-বি জাহান্নামা ওৱা আ‘ঊযুবিকা মিন্ ‘আযা-বিল ক্কাবৰি, ওৱা আ‘ঊযুবিকা মিন্ ফিৎনাতিল মাছীহিদ্ দাজ্জা-লি, ওৱা আ‘ঊযুবিকা মিন ফিৎনাতিল মাহ্ইয়া ওৱাল মামা-তি।
অর্থ:- হে আল্লাহ! মই তোমাৰ আশ্রয় ভিক্ষা কৰিছোঁ জাহান্নামৰ আযাবৰ পৰা, কবৰৰ আযাবৰ পৰা, দাজ্জালৰ ফিৎনাৰ পৰা আৰু জীৱন ও মৃত্যুকালীন ফিৎনাৰ পৰা’। (লগতে এই সময়ত অন্নান্য দু‘আসমূহো পঢ়িব পাৰি)।
ফৰজ ছালাতৰ ছালাম ফিৰোৱাৰ পিছত পাঠ কৰিবলগীয়া ছুন্নতী দু’আ ও জিকিৰসমূহ :
(১) أَسْتَغْفِرُ الله
উচ্চাৰণ:- আস্তাগফিৰুল্লাহ্।
অর্থ:- মই আল্লাহৰ ওচৰত ক্ষমা প্রার্থনা কৰিছোঁ- ৩ বাৰ।
(২) اَللّهُمَّ أَنْتَ السَّلاَمُ وَمِنْكَ السَّلاَمُتَبَارَكْتَ يَاذَا الْجَلاَلِ وَالإِكْرَام
উচ্চাৰণ:- আল্লা-হুম্মা আন্তাচ্ছালা-মু অমিন্কাচ্ছালা-মু তাবা-ৰাকতা ইয়া যাল জালা-লি অল ইকৰাম।
অর্থ:- হে আল্লাহ! তুমি শান্তিময় (সকলো ত্রুটিৰ পৰা পবিত্র) আৰু তোমাৰ ওচৰৰ পৰাই শান্তি বৰ্ষিত হয়। তুমি বৰকতময়, হে মহিমাময় আৰু সন্মানৰ অধিকাৰী!
(৩) لاَ إِلهَ إِلاَّ الله وَحْدَهُ لاَ شَرِيْكَ لَهُ،لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ وَ هُوَ عَلىكُلِّ شَيْءٍ قَدِيْرٌ
উচ্চাৰণ:- “লা ইলাহা ইল্লাল্লা-হু অহ্দাহু লা শ্বৰীকা লাহ্, লাহুল মুলকু অলাহুল হামদু অহুৱা আলা কুল্লি শ্বাইয়িন ক্কাদীৰ।
অর্থ:- আল্লাহৰ বাহিৰে কোনো সত্য মাবুদ নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই, তেওঁৰ কাৰণেই সমস্ত ৰাজত্ব, তেওঁৰেই সমস্ত প্রশংসা আৰু তেওঁ সকলোৰে ওপৰত ক্ষমতাৱান।
(৪) اَللّهُمَّ لاَ مَانِعَ لِمَا أَعْطَيْتَ وَلاَ مُعْطِىَ لِمَا مَنَعْتَ وَلاَ يَنْفَعُ ذَا الَجَدِّ مِنْكَ الْجَدُّ
উচ্চাৰণ:- আল্লা-হুম্মা লা মা-নি’আ লিমা আ’ত্বাইতা, অলা মু’তিয়া লিমা মানা’তা অলা য়্যানফা‘উ যাল জাদ্দি মিনকাল জাদ্দু।
অর্থ:- হে আল্লাহ! তুমি যি দান কৰা তাক ৰোধ কৰাৰ আৰু যি ৰোধ কৰা তাক দান কৰাৰ সাধ্য কাৰোঁ নাই; আৰু কোনো ক্ষমতা-প্ৰতিপত্তিৰ অধিকাৰীৰ ক্ষমতা-প্ৰতিপত্তি তোমাৰ ওচৰত কোনো উপকাৰত নাহিব।
(৫) لاَ حَوْلَ وَلاَ قُوَّةَ إِلاَّ بِالله
উচ্চাৰণ:- লা হাউলা অলা ক্কুউওৱাতা ইল্লা বিল্লা-হ্।
অর্থ:- আল্লাহৰ প্রেৰণা দানৰ অবিহনে পাপৰ পৰা বিৰত থকাৰ আৰু সৎকাম কৰাৰ শক্তি নাই।
(৬) لآ إِلهَ إِلاَّ اللهُ وَلاَ نَعْبُدُ إِلاَّ إِيَّاهُ لَهُ النِّعْمَةُ وَلَهُ الْفَضْلُ وَلَهُ الثَّنَاءُ الْحَسَنُ، لاَ إِلهَ إِلاَّ اللهُ مُخْلِصِيْنَ لَهُ الدِّيْنَ وَلَوْ كَرِهَ الْكَافِرُوْنَ
উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অলা না’বুদু ইল্লা ইয়্যা-হু লাহুন্না’মাতু অলাহুল ফাদ্বলু অলাহুচ চানা-উল হাচান, লা ইলা-হা ইল্লাল্লা-হু মুখলিচিনা লাহুদ্দ্বীনা অলাউ কাৰিহাল কা-ফিৰূন।
অর্থ:- আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই। তেওঁৰ বাহিৰে আমি আন কাৰোঁ ইবাদত নকৰোঁ, তেওঁৰেই যাৱতীয় সম্পদ, তেওঁৰেই যাৱতীয় অনুগ্রহ আৰু তেওঁৰেই যাৱতীয় সু-প্রশংসা, আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই। আমি বিশুদ্ধচিত্তে তেওঁৰেই উপাসনা কৰোঁ, যদিও কাফিৰসকলে সেইটো অপছন্দ কৰে।
(৭) سُبْحانَ الله
উচ্চাৰণ:- চুবহা-নাল্লাহ্।
অর্থ:- আল্লাহ অতি পবিত্র। ৩৩ বাৰ।
(৮) اَلْحَمْدُ لله
উচ্চাৰণ:- আলহামদু লিল্লা-হ।
অর্থ:- সকলো প্রশংসা আল্লাহৰ নিমিত্তে। ৩৩ বাৰ।
(৯) اَللهَ أَكْبَر
উচ্চাৰণ:- আল্লা-হু আকবাৰ।
অর্থ:- আল্লাহ অতি মহান। ৩৩ বাৰ।
আকৌ ১০০ পূৰণ কৰাৰ বাবে ওপৰোক্ত ৩নং দু‘আ এবাৰ পাঠ কৰিব। এইবোৰ পাঠ কৰিলে সমুদ্ৰৰ ফেনা পৰিমাণ পাপ হ’লেও মাফ হৈ যায়। اَللهَ أَكْبَر ‘আল্লা-হু আকবাৰ’ ৩৪ বাৰও পঢ়িব পাৰি।
প্রকাশ থাকে যে, তাছবীহ গণনা কৰোঁতে বাওঁ-হাত বা মালা ব্যৱহাৰ নকৰি কেৱল সোঁ-হাত ব্যৱহাৰ কৰাই ছুন্নত।
(10) ছুৰা ইখলাচ, ফালাক্ক আৰু নাছ এবাৰকৈ।
(১১) আয়াতুল কুৰছী এবাৰ :
ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ ٱلۡحَيُّ ٱلۡقَيُّومُۚ لَا تَأۡخُذُهُۥ سِنَةٞ وَلَا نَوۡمٞۚ لَّهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ مَن ذَا ٱلَّذِي يَشۡفَعُ عِندَهُۥٓ إِلَّا بِإِذۡنِهِۦۚ يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡۖ وَلَا يُحِيطُونَ بِشَيۡءٖ مِّنۡ عِلۡمِهِۦٓ إِلَّا بِمَا شَآءَۚ وَسِعَ كُرۡسِيُّهُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَۖ وَلَا ئَُودُهُۥ حِفۡظُهُمَاۚ وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ
উচ্চাৰণ:- আল্লা-হু লা ইলা-হা ইল্লা হুওৱাল হাইয়্যূল কাইয়্যূমু। লা তা’খুযুহু ছিনাতুঁও ওৱালা নাউম। লাহূ মা-ফিছ ছামা-ওৱা-তি ওৱামা ফিল আৰদ্বি। মান যাল্লাযী ইয়াশ্বফা‘উ ‘ইনদাহূ ইল্লা বিইযনিহী। ইয়া‘লামু মা বাইনা আইদীহিম ওৱামা খালফাহুম। ওৱালা ইয়ুহীতূনা বিশ্বাইইম মিন্ ‘ইলমিহী ইল্লা বিমা শ্বা-আ। ওৱাছি‘আ কুৰছিয়্যুহুছ ছামা-ওৱা-তি ওৱাল আৰদ্ব। ওৱালা ইয়াউদুহূ হিফযুহুমা। ওৱা হুৱাল ‘আলিয়্যূল ‘আযীম।
অর্থ:- আল্লাহ, তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই। তেওঁ চিৰঞ্জীৱ, সকলো সত্ত্বাৰ ধাৰক। তেওঁক কলাঘূমটিও স্পৰ্শ কৰিব নোৱাৰে আৰু টোপনিও নহয়। আকাশমণ্ডলত যি আছে আৰু পৃথিৱীত যি আছে সকলো তেওঁৰেই। কোন সেইজন, যিয়ে তেওঁৰ অনুমতি অবিহনে তেওঁৰ ওচৰত ছুপাৰিছ কৰিব? সিহঁতৰ সন্মুখত আৰু পিছত যি আছে সকলো তেওঁ জানে;| আৰু যি তেওঁ ইচ্ছা কৰে তাৰ বাহিৰে তেওঁৰ জ্ঞানৰ একোৱেই সিহঁতে পৰিবেষ্টন কৰিব নোৱাৰে। তেওঁৰ কুৰছীয়ে আকাশমণ্ডল আৰু পৃথিৱীক পৰিব্যপ্ত কৰি আছে;| আৰু এই দুটাৰ ৰক্ষণাবেক্ষণ তেওঁৰ বাবে বোজা নহয়; আৰু তেওঁ সুউচ্চ, সুমহান।
প্রত্যেক ফৰজ নামাজৰ পিছত এই আয়াত পাঠ কৰিলে মৃত্যুৰ বাহিৰে জান্নাতত যোৱাৰ পথত পাঠকাৰীৰ কাৰণে আন কোনো বাধা নাথাকে।
(১২) لآ إِلهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الْحَمْدُ، يُحْيِيْ وَيُمِيْتُ وَهُوَ عَلى كُلِّ شَيْءٍ قَدِيْرٌ
উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অহ্দাহু লা শ্বৰীকা লাহু লাহুল মুলকু অ লাহুলহামদু য়্যুহ্য়ী অ য়্যুমীতু অ হুৱা আলা কুল্লি শ্বাইয়িন ক্কাদীৰ।
অর্থ:- আল্লাহৰ বাহিৰে কোনো সত্য উপাস্য নাই, তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। সমস্ত ৰাজত্ব ও প্রশংসা তেওঁৰেই, তেওঁ জীৱিত কৰে, তেৱেঁই মৰণ দান কৰে আৰু তেৱেঁই সৰ্বোপৰি শক্তিমান।
এইটো ফজৰ আৰু মাগৰীবৰ ছালাতৰ ছালাম ফিৰোৱাৰ পিছত দহবাৰ পঢ়িলে দহটা নেকী লাভ হ’ব, দহটা গুনাহ মাফ হ’ব, দহটা মৰ্যাদা বৃদ্ধি পাব, চাৰিজন গোলাম আজাদ কৰাৰ চওৱাব লাভ হ’ব আৰু চয়তানৰ পৰা নিৰাপদে থাকিব।
(১৩) اَللّهُمَّ إِنِّيْ أَسْأَلُكَ عِلْماً نَّافِعاً وَّرِزْقاً طَيِّباً وَّعَمَلاً مُّتَقَبَّلاً
উচ্চাৰণ:- আল্লা-হুম্মা ইন্নী আচআলুকা ‘ইলমান না-ফি’আঁউ ওৱা ৰিযক্কান ত্বায়্যিবাঁউ ওৱা আমালাম মুতাক্কাব্বালা।
অর্থ:- হে আল্লাহ! নিশ্চয় মই তোমাৰ ওচৰত উপকাৰী জ্ঞান, হালাল জীৱিকা আৰু গ্রহণযোগ্য আমল প্রার্থনা কৰিছোঁ।
ফজৰৰ নামাজৰ পিছত এইটো পঠনীয়।
(১৪) اَللّهُمَّ قِنِيْ عَذَابَكَ يَوْمَ تَبْعَثُ عِبَادَكَ
উচ্চাৰণ:- আল্লা-হুম্মা ক্কিনী ‘আযা-বাকা ইয়াওমা তাবআচ ‘ইবা-দাক।
অর্থ:- হে আল্লাহ! যিদিনা তুমি তোমাৰ বান্দাসকলক পুনৰুত্থিত কৰিবা সেইদিনাৰ ‘আযাবৰ পৰা মোক ৰক্ষা কৰা।
(১৫) لآ إِلهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، لَهُ الْمُلْكُ وَلَهُ الُحَمْدُ يُحْيِيْ وَيُمِيْتُ بِيَدِهِ الْخَيْرُ وَهُوَ عَلى كُلِّ شَىْءٍ قَدِيْرٌ
উচ্চাৰণ:- লা ইলা-হা ইল্লাল্লা-হু অহ্দাহু লা শ্বাৰিকা লাহু লাহুল মুলকু অ লাহুলহামদু য়্যুহ্য়ী অ য়্যুমীতু বিয়্যাদিহিল খাইৰু অ হুৱা আলা কুল্লি শ্বাইয়িন ক্কাদীৰ।
অর্থ:- আল্লাহৰ বাহিৰে কোনো সত্য মা’বুদ নাই। তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। তেওঁৰেই কাৰণে সকলো ৰাজত্ব আৰু তেওঁৰেই নিমিত্তে সকলো প্রশংসা। তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৰণ দিয়ে। তেওঁৰ হাততেই সকলো মঙ্গল আৰু তেওঁ সর্বোপৰি ক্ষমতাৱান।
এইটো ফজৰৰ নামাজৰ পিছত ভৰি ঘূৰাই বহাৰ আগত ১০০ বাৰ পঢ়িলে পৃথিৱীৰ ভিতৰত সেইদিনা সেই ব্যক্তিয়েই অধিক উত্তম আমলকাৰী বুলি গণ্য হ’ব।
ছালাতৰ ভিতৰত আমি কি কি পঢ়োঁ অৰ্থসহ জানোঁ আহক!
ফৰজ ছালাতৰ ছালাম ফিৰোৱাৰ পিছত একেলগে দুই হাত তুলি দলবদ্ধ মোনাজাত কৰাৰ কোনো ছহীহ দলীল নাই
ফৰজ ছালাতৰ ছালাম ফিৰোৱাৰ পিছত একেলগে দুই হাত তুলি দলবদ্ধ মোনাজাত কৰাৰ কোনো ছহীহ দলীল নাই, বৰং এই সময়ত সশব্দে যিকিৰ ও নিৰ্দিষ্ট দু‘আবোৰ পঢ়া ছুন্নাত। ইবনু ‘আব্বাছ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ‘ফৰজ ছালাতৰ ছালাম ফিৰোৱাৰ পিছত সশব্দে যিকিৰ পাঠ কৰাটো আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ যুগত প্রচলিত আছিল।’ মোনাজাত বা আল্লাহৰ ওচৰত বিশেষভাৱে প্ৰাৰ্থনা কৰাৰ সৰ্বশ্ৰেষ্ঠ স্থান হ’ল ছালাত।
ৱিতৰৰ কুনূতৰ ছহীহ দু‘আ-
আবুল হাওৰা ছা‘দী ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বৰ্ণিত, হাছান ইবনু ‘আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৱিতৰৰ কুনূতত কোৱাৰ কাৰণে নাবী চাল্লাল্লাহু আলাইহি অছাল্লামে মোক নিম্নোক্ত দু‘আ শিকাই দিছে-
اَللَّهُمَّ اهْدِنِيْ فِيْمَنْ هَدَيْتَ، وَعَافِنِىْ فِيْمَنْ عَافَيْتَ، وَتَوَلَّنِيْ فِيْمَنْ تَوَلَّيْتَ، وَبَارِكْ لِيْ فِيْمَا أَعْطَيْتَ، وَقِنِيْ شَرَّ مَا قَضَيْتَ، فَإِنَّكَ تَقْضِىْ وَلاَ يُقْضَى عَلَيْكَ، إنَّهُ لاَ يَذِلُّ مَنْ وَّالَيْتَ، وَ لاَ يَعِزُّ مَنْ عَادَيْتَ، تَبَارَكْتَ رَبَّنَا وَتَعَالَيْتَ، وَصَلَّى اللهُ عَلَى النَّبِىِّ
উচ্চাৰণ:- আল্লাহুম্মাহ দিনী ফি মান হাদায়তা, অ-আ ফিনী ফি-মান আফায়তা, অ-তাওৱাল্লানী ফি-মান তাওৱাল্লায়তা, অ-বাৰিকলী ফি-মা আ’ত্বায়তা, অ-কিনী শ্বাৰৰা মা কাজাইতা, ফাইন্নাকা তাক্কজী অলায়ুকজা আলায়কা, ইন্নাহু লা য়াজিল্লু মাঁও অ-লাইতা, অলা য়া-ইজ্জু মান আ-দায়তা, তাবা-ৰাকতা ৰাব্বানা অতা আলাইতা।
অৰ্থ:-
‘হে আল্লাহ! তুমি মোক হিদায়াত দান কৰা, যিসকলক তুমি হিদায়াত কৰিছা তেওঁলোকৰ সৈতে। মোক মাফ কৰি দিয়া, যিসকলক মাফ কৰিছা তেওঁলোকৰ সৈতে। মোৰ অভিভাৱক হোৱা, যিসকলৰ অভিভাৱক হৈছা তেওঁলোকৰ সৈতে। তুমি যি মোক দান কৰিছা তাত বৰকত দান কৰা আৰু মোক সেই অনিষ্টৰ পৰা বচোৱা, যি তুমি নির্ধাৰণ কৰিছা। তুমিয়েই ফায়ছালা কৰি থাকা, তোমাৰ ওপৰত কোনেও ফায়ছালা কৰিব নোৱাৰে। নিশ্চয় সেই ব্যক্তি লাঞ্ছিত নহয়, যাক তুমি বন্ধু হিচাবে গ্রহণ কৰিছা। হে মোৰ প্রতিপালক! তুমি বৰকতময়, তুমি সুউচ্চ’।
উল্লেখ্য যে, ৱিতৰৰ কুনূত জামা‘আতৰ সৈতে পঢ়িলে শব্দবোৰ বহুবচন কৰি পঢ়িব লাগে। ৱিতৰ শেষ হোৱাৰ লগে লগে তিনিবাৰ সশব্দে سُبْحَانَ المَلِكِ القُدُّوسِ “চুবহা-নাল মালিকিল কুদ্দুচ” পঢ়িব আৰু তৃতীয়বাৰ উচ্চস্বৰে টানি টানি পঢ়ি কব- رَبِّ الْمَلاَئِكَةِ وَالرُّوحِ “ৰব্বিল মালা-ইকাতি ওৱাৰ-ৰূহ”।
সচৰাচৰ ৱিতৰ ছালাতত “আল্লাহুম্মা ইন্না নাস্তা-ইনুকা ………” দু‘আ কুনূত পঢ়াৰ হাদীছ যঈফ। তাৰোপৰি এইটো ৱিতৰৰ কুনূত নহয়। এই দু‘আক ‘কুনূতে নাজেলাহ’ হিচাবে জনা যায়। যুদ্ধ, শত্ৰুৰ আক্ৰমণ/অত্যাচাৰ আদি বিপদ-আপদৰ সময়ত বা কাৰোবাৰ বাবে বিশেষ কল্যাণ কামনা কৰি আল্লাহৰ ওচৰত ‘কুনূতে নাজেলাহ’ পঢ়া হয়। ‘কুনূতে নাজেলাহ’ ফজৰৰ ছালাতত বা প্ৰত্যেক ফৰজ ছালাতৰ শেষৰ ৰাক‘আতত ৰুকুৰ পৰা উঠি ‘ৰাব্বানা লাকাল হামদ’ কোৱাৰ পিছত দুই হাত তুলি সশব্দে পঢ়িব লাগে। ‘কুনূতে নাজেলাহ’ৰ বাবে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ পৰা নিৰ্দ্দিষ্টভাৱে কোনো দু‘আ বৰ্ণনা কৰা নাই।
জানাযাৰ দু‘আ (دعاءالجنازة)
জানাযাৰ কাৰণে অসংখ্য দু‘আ আছে। তলত সুপৰিচিত এটি দু‘আ উল্লেখ কৰা হ’ল-
اللَّهُمَّ اغْفِرْ لِحَيِّنَا وَمَيِّتِنَا، وَشَاهِدِنَا وَغَائِبِنَا، وَصَغِيرِنَا وَكَبِيرِنَا، وَذَكَرِنَا وَأُنْثَانَا، اللَّهُمَّ مَنْ أَحْيَيْتَهُ مِنَّا فَأَحْيِهِ عَلَى الْإِسْلاَمِ، وَمَنْ تَوَفَّيْتَهُ مِنَّا فَتَوَفَّهُ عَلَى الإِيمَانِ، اللَّهُمَّ لاَ تَحْرِمْنَا أَجْرَهُ، وَلاَ تُضِلَّنَا بَعْدَهُ
উচ্চাৰণ:- আল্লা-হুম্মাগফিৰ লিহায়্যিনা ওৱা মায়্যিতিনা ওৱা শ্বা-হিদিনা ওৱা গা-য়িবিনা ওৱা ছাগীৰিনা ওৱা কাবীৰিনা ওৱা যাকাৰিনা ওৱা উনছা-না, আল্লা-হুম্মা মান আহই্য়াইতাহূ মিন্না ফাআহইহী ‘আলাল ইছলাম, ওৱা মান তাওৱাফফায়তাহূ মিন্না ফাতাওফফাহূ ‘আলাল ঈমান। আল্লা-হুম্মা লা তাহৰিমনা আজৰাহূ ওৱা লা তাফতিন্না বা‘দাহূ।
অনূবাদ:- ‘হে আল্লাহ! আমাৰ জীৱিত-মৃত, (এই জানাযাত) উপস্থিত-অনুপস্থিত, সৰু-ডাঙৰ, পুৰুষ-মহিলাসকলক ক্ষমা কৰা। হে আল্লাহ! আমাৰ মাজৰ যিসকলক তুমি জীৱিত ৰাখিবা, তেওঁলোকক ইছলামৰ ওপৰত জীৱিত ৰাখা আৰু যিসকলক মৃত্যুদান কৰিবা, তেওঁলোকক ঈমানৰ সৈতে মৃত্যু দান কৰা। হে আল্লাহ! তেওঁৰ (মৃত্যুত ধৈৰ্য ধাৰণৰ) উত্তম প্রতিদানৰ পৰা আমাক বঞ্চিত নকৰিবা আৰু তেওঁৰ (মৃত্যুৰ) পিছত আমাক পথভ্ৰষ্ট নকৰিবা।
মৃতক শিশু হ’লে ওপৰোক্ত দু‘আ পাঠ কৰাৰ পিছত এই দু‘আ পঢ়িব
اللَّهُمَّ اجْعَلْهُ لَنَا فَرَطاً، وَسَلَفاً، وَأَجْراً
উচ্চাৰণ: আল্লা-হুম্মাজ‘আলহু লানা চালাফাওঁ ওৱা ফাৰাত্বাওঁ ওৱা যুখৰাওঁ ওৱা আজৰান’।
অৰ্থ: ‘হে আল্লাহ! আমাৰ কাৰণে এই শিশুক অগ্ৰগামী প্ৰতিনিধি, (আৰু তেওঁৰ পিতা-মাতাৰ কাৰণে) অগ্রীম পুণ্য আৰু আখিৰাতৰ পুঁজি ও পুৰস্কাৰ হিচাবে গণ্য কৰা’!
আজানৰ দু‘আ (دعاء الأذان) :
আজানৰ জওয়াব দিয়াৰ শেষত প্রথমে দৰূদ পঢ়িব। ইয়াৰ পিছত আজানৰ দু‘আ পঢ়িব। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে ‘যি ব্যক্তিয়ে আজান শুনি এই দু‘আ পাঠ কৰিব, তাৰ কাৰণে কিয়ামতৰ দিনা মোৰ শ্বাফা‘আত ওৱাজিব হ’ব’।
اَللَّهُمَّ رَبَّ هٰذِهِ الدَّعْوَةِ التَّامَّةِ، وَالصَّلاَةِ الْقَائِمَةِ، آتِ مُحَمَّدًانِ الْوَسِيْلَةَ وَالْفَضِيْلَةَ، وَابْعَثْهُ مَقَامًا مَّحْمُوْدًا الَّذِىْ وَعَدْتَهُ
উচ্চাৰণ:- আল্লা-হুম্মা ৰব্বা হা-যিহিদ দা‘ওৱাতিত তা-ম্মাহ, ওৱাছ ছলা-তিল ক্কা-য়িমাহ, আ-তি মুহাম্মাদানিল ওৱাছীলাতা ওৱাল ফাযীলাহ, ওৱাব‘আছ্হু মাক্কা-মাম মাহমূদানিল্লাযী ওৱা‘আদতাহ’ ।
অনুবাদ:- হে আল্লাহ! (তাওহীদৰ) এই পৰিপূর্ণ আহ্বান ও প্রতিষ্ঠিত ছালাতৰ তুমি প্রভু। মুহাম্মাদ চাল্লাল্লাহু আলাইহি অছাল্লামক তুমি দান কৰা ‘অছীলা’ (নামৰ জান্নাতৰ সর্বোচ্চ সন্মানিত স্থান) ও মর্যাদা আৰু পৌঁছাই দিয়া তেওঁক (শ্বাফা‘আতৰ) প্রশংসিত স্থান ‘মাক্কামে মাহমূদত’ যাৰ ওৱাদা তুমি তেওঁক কৰিছা’।
মনত ৰখা আৱশ্যক যে, আজান উচ্চস্বৰে দিয়া ছুন্নাত। কিন্তু উচ্চস্বৰে আজানৰ দু‘আ পাঠ কৰা বিদ‘আত। এতেকে মাইকত আজানৰ দু‘আ পাঠ কৰা ৰীতি নিশ্চয় বর্জনীয়। আজানৰ অন্য দু‘আও আছে।
https://islamqa.info/en/…/ruling-on-reciting-quran-in-prayer-in-english
——-
হাদীছ- “মোৰ কথা প্ৰচাৰ কৰা, সেয়া যদি এটা আয়াতো হয়”। (ছহীহ বুখাৰী ৩৪৬১)