কোৰবাণী / কুৰবানী সম্পৰ্কীয় কেইটিমান জাল-জঈফ হাদীছ

কুৰবানী সম্পৰ্কীয় কেইটিমান জাল-জঈফ হাদীছ: কুৰবানীৰ জন্তু কিয়ামতৰ দিনা তাৰ শিং, নোম আৰু খুৰাসহ হাজিৰ হ’ব—।[1] কুৰবানী তোমালোকৰ পিতা ইব্ৰাহীমৰ ছুন্নত। তাৰ প্রত্যেকডাল নোমৰ পৰিবর্তে আছে এটিকৈ নেকী।[2] কুৰবানীৰ প্রথম বিন্দু ৰক্তৰ সৈতে পূর্বৰ সমস্ত গুনাহ মাফ হৈ যায়। পশুটিক তাৰ ৰক্ত আৰু গোস্তসহ তুলাচনীত ৭০ গুণ ওজন কৰি দিয়া হ’ব।[3] শুদ্ধ মনে ছওৱাবৰ উদ্দেশ্যত কুৰবানী কৰিলে সেইটো জাহান্নামৰ পৰা পর্দাৰ দৰে হ’ব।[4] তোমালোকে তোমালোকৰ কুৰবানীক মোটা-তাজা কৰা। কাৰণ সেইটো তোমালোকৰ পুল-ছিৰাত পাৰ কৰাৰ কাৰণে বাহন হ’ব।[5] [1] (জঈফ, জঈফ তাৰগীব ৬৭১নং) [2] (হাদীছটি জাল, জৰগীব ৬৭১নং) [2] (হাদীছটি জাল, জঈফ তাৰগীব ৬৭২নং) [3] (হাদীছটি জাল, জঈফ তাৰগীব ৬৭৪-৬৭৫নং) [4] (হাদীছটি জাল, জঈফ তাৰগীব ৬৭৭নং) [5] (অতি দুর্বল, চিলচিলা জঈফাহ ১২৫৫নং)

Leave a comment