কোৰআনত “পাঁচ ওৱাক্ত চালাতৰ” উল্লেখ আছেনে?

@কোৰআনত “পাঁচ ওৱাক্ত চালাতৰ” উল্লেখ আছেনে?@

বহুতেই এইটো ধাৰণা কৰে যে, কোৰআনত পাঁচ ওৱাক্ত চালাতৰ উল্লেখ নাই। বিশেষকৈ কিছু ইছলাম বিদ্বেষী লেখকে এনে ধৰণৰ কথা কয়। তেওঁলোকে কয়- “যিহেতু কোৰআনত পাঁচ ওৱাক্ত চালাতৰ কথা উল্লেখ নাই, সেহেয়ে পাঁচ ওৱাক্ত চালাত পঢ়াৰ কোনো প্রয়োজন নাই‌”।

আনহাতে কিছুমান মানে দুই এজন মুছলিমক প্রশ্ন কৰাত কোৱা শুনিছো- “কোৰআনত পাঁচ ওৱাক্ত চালাতৰ কথা উল্লেখ আছে”??

সেয়েহে, ফেচবুকৰ এগৰাকী দ্বীনদাৰ মহিলাই মোক এই বিষয়ে লিখিবলৈ কৈছে। ইয়াক লৈয়েই আজিৰ এই লেখা, গতিকে শ্বেয়াৰ নিশ্চয় কৰিব।

উত্তৰ:::- প্রথমতে, এনে ধৰণৰ কঠিন প্রশ্ন কৰাৰ বাবে  আপোনাক ধন্যবাদ দিব বিচাৰোঁ। এতিয়া উত্তৰ-

পবিত্র কোৰআনৰ এটি অন‍্যতম দাবী হ’ল- “এই গ্ৰন্থত একোৰেই বর্ণনা বাদ দিয়া হোৱা নাই”। (৬:৩৮, ২২:৭০, ১২:১১১)। সেয়ে ৫ ওৱাক্ত চালাতৰো উল্লেখ নিশ্চয় থাকিব। এইটোৱেই স্বাভাৱিক!

পবিত্র কোৰআনত নাম ধৰি “ইশ্বাৰ চালাত ও ফজৰৰ চালাতৰ” কথা উল্লেখ আছে। আকৌ নাম নধৰাকৈ “মাগৰিব, জোহৰ আৰু আচৰৰ চালাতৰো” উল্লেখ আছে।

“ফজৰ আৰু ইশ্বাৰ” উল্লেখ আছে ছূৰা আন-নূৰৰ ৫৮ নং আয়াতত।

নাম নধৰাকৈ জোহৰৰ চালাতৰ উল্লেখ আছে ছূৰা আল-বাক্বাৰা’ৰ ২৩৮ নং আয়াতত। উক্ত আয়াতত কোৱা হৈছে- “তোমালোকে চালাতৰ প্ৰতি যত্নৱান হোৱা, বিশেষকৈ মধ্যৱৰ্তী চালাতৰ”। (২:২৩৮)।

“ফজৰ আৰু মাগৰিবৰ” কথা কোৱা হৈছে ছূৰা হুদৰ ১১৪ নং আয়াতত। কোৱা হৈছে- “আৰু তুমি চালাত কায়েম কৰা, দিনৰ দুয়ো প্ৰান্তভাগত আৰু ৰাতিৰ প্ৰথমাংশত”। (১১:১১৪)। দুই প্রান্ত মানে- এক প্রান্ত ফজৰ আৰু অন্য প্রান্ত মাগৰিব। ৰাতিৰ প্ৰথমাংশত মানে ইশ্বাৰ চালাত।

আচৰৰ চালাতৰ কথা কোৱা হৈছে ছূৰা বনী ইছৰাইলৰ ৭৮ নং আয়াতত। কোৱা হৈছে- “সূৰ্য ঢালখোৱাৰ পিছৰ পৰা ৰাতিৰ ঘন অন্ধকাৰ পৰ্যন্ত চালাত কায়েম কৰা আৰু ফজৰৰ চালাত”। (১৭:৭৮)। সূর্য হালি পৰাৰ চালাত হ’ল- আচৰৰ চালাত। ইয়াতো ফজৰৰ কথা উল্লেখ আছে। তাৰোপৰি ছূৰা ত্বহা-ৰ ১৩০ নং আয়াতত ফজৰ আৰু আচৰৰ চালাতৰ কথা কোৱা হৈছে। তাত কোৱা হৈছে- “সূৰ্যোদয়ৰ আগত আৰু সূৰ্যাস্তৰ আগত তোমাৰ প্ৰতিপালকৰ সপ্ৰশংস পৱিত্ৰতা আৰু মহিমা ঘোষণা কৰা আৰু ৰাতিতো তাছবীহ পাঠ কৰা, আৰু দিনৰ প্ৰান্তসমূহতো”।

এক কথাত:::-

#ফজৰ- ২৪:৫৮, ১১:১১৪, ১৭:৭৮, ২০:১৩০
#জোহৰ- ২:২৩৮
#আচৰ- ১৭:৭৮, ২০:১৩০
#মাগৰিব- ১১:১১৪, ১৭:৭৮, ২০:১৩০
#ইশ্বা- ২৪:৫৮, ১৭:৭৮।

গতিকে দেখা গৈছে, কোৰআনত পাঁচ ওৱাক্ত চালাতৰেই উল্লেখ আছে। এতিয়া যদি কোনোৱে দেখা নাপায়, তাৰ বাবে দোষ কাৰ???

এই বিষয়ে আল্লাহে কোৰআনত কৈছে- “সিহঁতে কোৰআনক লৈ গভীৰ চিন্তা-চৰ্চা নকৰে নেকি? নে সিহঁতৰ অন্তৰত তলা লগোৱা আছে”? (ছূৰা মুহাম্মদ ৪৭/২৪ আৰু ছূৰা আন-নিছা ৪/৮২)।

আশা কৰোঁ, বুজিব পাৰিছে।

ইসলাম সেবক,
লেখক, হোসেন কুৰানী

Leave a comment