কিছু মুছলিম বৰকতৰ আশায় গজবৰ পথে । তাৰ কেইটামান নমুনা :– ১.পৰীক্ষাৰ দিবলৈ যোৱাৰ সময়ত কণী খাই গলে পৰীক্ষা বেয়া হয় বুলি বিশ্বাস কৰা । ২. দোকানৰ প্ৰথম গ্ৰাহকক বাকীত বস্তু দিলে দিনটোৰ কাৰণে দোকানৰ বিক্ৰী বেয়া হব বুলি ধাৰণা কৰা । ৩. যোৰা কল খালে জমজ সন্তান হয় বুলি বিশ্বাস কৰা । ৪. ৰাতি চুলি, নখ, ইত্যাদি কাতিব নোৱাৰি বুলি বিশ্বাস কৰা । ৫. প্রথম সন্তানৰ মৃত্যু হলে দ্বিতীয় সন্তানৰ কাণ ফুটা কৰি দিয়া, যাতে সন্তানৰ আয়ুস বৃদ্ধি হয় । ১১. ৰাতি ৰুমত ঝাৰু মাৰি ৰুমৰ জাবৰ জঠৰ ঘৰৰ বাহিৰত পেলাই দিলে ঘৰত অমঙ্গল হব বুলি বিশ্বাস কৰা । ১২. ঘৰৰ পৰা বাহিৰ হোৱাৰ সময়ত পিছফালৰ পৰা কোনোবাই মাতিলে যাত্ৰা অশুভ হয় বুলি বিশ্বাস কৰা । ১৯. ৰাতি বাহ কাতিব নোৱাৰি বুলি ধাৰণা কৰা । ২১. ঘৰৰ পৰা বাহিৰ হোৱাৰ সময়ত কোনো বিধবা মহিলাক দেখা পালে যাত্ৰা অশুভ হব বুলি বিশ্বাস কৰা । ২৪. বিধবা মহিলাই বগা ৰঙৰ কাপোৰৰ বাহিৰে অন্য কোনো ৰঙৰ কাপোৰ পিন্ধিব নোৱাৰে বুলি ধাৰণা কৰা । ২৫. ভঙা আইনাত মুখ চালে অমঙ্গল হয় বুলি বিশ্বাস কৰা । ২৬. সো হাতৰ তলুৱা খজুৱালে মঙ্গল আৰু বাওঁহাতৰ তলুৱা খজুৱালে অমঙ্গল হয় বুলি বিশ্বাস কৰা । ২৭. শনিবাৰ-মঙ্গলবাৰক অশুভ দিন বুলি বিশ্বাস কৰা । ২৮. ৰাতি টকা পইচাৰ লেনদেন কৰিলে দুখীয়া হয় বুলি ধাৰণা কৰা । ২৯. নতুনকৈ ঘৰ বনোৱাৰ সময়ত ঘৰৰ খুটাত ৰঙা কাপোৰ মেৰিয়াই দিয়া । ৩০. হঠাৎ বাওফালৰ চকু কপিলে বিপদ আহিব বুলি বিশ্বাস কৰা । ৩১. কোনোবা পৰিয়ালৰ মানুহ বা আপোন মানুহৰ মৃত্যু হলে ৩,৫,১০,৪০ দিনলৈ মাছ-মাংস, কণী আদি খাব নোৱাৰি বুলি বিশ্বাস কৰা । ৩২. কোনোবা পৰিয়ালৰ মানুহৰ মৃত্যু হলে ৩ দিন বা ৫ দিনলৈ মুৰত তেল, চাবোন নোলোৱাকৈ থকা । ৩৩. ঘৰৰ ওচৰত কাউৰীয়ে মাতিলে অশুভ সংবাদ আহিব বুলি বিশ্বাস কৰা । ৩৪. গাড়িৰ আগেৰে মেকুৰী পাৰ হলে গাড়ী দুৰ্ঘটনা হয় বুলি বিশ্বাস কৰা । ৩৫. কোনো মহিলাক দাইনী বুলি সন্দেহ কৰা ।