কাৰ আনুগত্য কৰিব লাগিব

আচ্ছালামু আলাইকুম ওয়া ৰহমাতুল্লাহি ওয়া বাৰাকাতুহু
↪ কাৰ আনুগত্য কৰিব লাগিব ↩
🌎 আল ইমৰান (৩:১৩২)
وَأَطِيعُوا اللَّهَ وَالرَّسُولَ لَعَلَّكُمْ تُرْحَمُونَ
আল্লাহ আৰু ৰচুলৰ আনুগত্য কৰা, যাতে তোমালোকে কৰুণাপ্রাপ্ত হব পাৰা।
🌎 ছুৰা নিছা (৪:৫৯)
يٰٓأَيُّهَا الَّذِينَ ءَامَنُوٓا أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَأُولِى الْأَمْرِ مِنكُمْ ۖ فَإِن تَنٰزَعْتُمْ فِى شَىْءٍ فَرُدُّوهُ إِلَى اللَّهِ وَالرَّسُولِ إِن كُنتُمْ تُؤْمِنُونَ بِاللَّهِ وَالْيَوْمِ الْءَاخِرِ ۚ ذٰلِكَ خَيْرٌ وَأَحْسَنُ تَأْوِيلًا
হে বিশ্বাসীসকল! তোমালোকে আল্লাহৰ অানুগত্য কৰা আৰু ৰচুলৰ অানুগত্য কৰা আৰু তোমালোকৰ মাজৰ কর্তৃস্থানীয় ব্যক্তিসকলৰ; যদি কোনো বিষয়ত তোমালোকৰ মাজত মতভেদ হয়, তেনেহ’লে সেই বিষয়টোক আল্লাহ আৰু ৰচুলৰ (নির্দেশৰ) ফালে প্ৰত্যাবৰ্তন কৰি দিয়া যদি তোমালোকে আল্লাহ আৰু আখিৰাত দিবসৰ প্রতি ঈমান আনি থকা; এয়াই উত্তম আৰু পৰিণাম উৎকৃষ্টতৰ।
🌎ছুৰা মায়িদাহ(৫:৯২)
وَأَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ وَاحْذَرُوا ۚ فَإِن تَوَلَّيْتُمْ فَاعْلَمُوٓا أَنَّمَا عَلٰى رَسُولِنَا الْبَلٰغُ الْمُبِينُ
তোমালোকে আল্লাহৰ আনুগত্য কৰা আৰু ৰচুলৰ আনুগত্য কৰা আৰু সতর্ক থকা, আৰু যদি তোমালোকে বিমুখ হোৱা তেন্তে জানি লোৱা আমাৰ ৰচুলৰ দায়িত্ব হল সুস্পষ্টভাবে (আমাৰ বাণী) বিলাই দিয়া।
🌎 ছুৰা নূৰ (২৪:৫৪)
قُلْ أَطِيعُوا اللَّهَ وَأَطِيعُوا الرَّسُولَ ۖ فَإِن تَوَلَّوْا فَإِنَّمَا عَلَيْهِ مَا حُمِّلَ وَعَلَيْكُم مَّا حُمِّلْتُمْ ۖ وَإِن تُطِيعُوهُ تَهْتَدُوا ۚ وَمَا عَلَى الرَّسُولِ إِلَّا الْبَلٰغُ الْمُبِينُ
কোৱা: আল্লাহৰ আনুগত্য কৰা আৰু ৰচুলৰ আনুগত্য কৰা, কিন্তু যদি তোমালোকে বিমুখ হোৱা তেনেহ’লে তেখেতৰ (অর্থাৎ ৰচুলৰ) ওপৰত অর্পিত দায়িত্বৰ বাবে তেখেতে দায়ী, আৰু তোমালোকৰ ওপৰত অর্পিত দায়িত্বৰ বাবে তোমালোকেই দায়ী; যদি তোমালোকে তেখেতৰ আনুগত্য কৰা তেনেহ’লে সঠিক পথ প্ৰাপ্ত হ’বা, ৰচুলৰ দায়িত্ব হল স্পষ্টভাবে (বাণী) বিলাই দিয়া ।

Leave a comment