কবৰস্থান বা মাঝাৰত চালাত পঢ়া, ইবাদত কৰা নিষিদ্ধ, কবৰস্থান বা মাঝাৰত মছজিদ নিৰ্মাণ কৰা বা মছজিদত কবৰ অথবা মাঝাৰ নিৰ্মাণ কৰা নিষিদ্ধ, যি মছজিদত কবৰ বা মাঝাৰ থাকে, তাত চালাত পঢ়া নিষিদ্ধ :- আনচ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে কবৰস্থানত চালাত পঢ়াত বাধা দিছে (আহকামুল আনায়িয্, পৃঃ ২১১) আবু চাই’দ খুদৰী (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, কবৰস্থান আৰু বাথৰুম বাদে সকলো স্থানতে চালাত পঢ়িব পাৰি (আবু দাউদ্, তিৰমিযী, ছহীহ চুনান ইবনে মাজাহ্, ১ম খণ্ড্, হাদীছ নং ৬০৬) ইবনে উমৰ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, তোমালোকে তোমালোকৰ ঘৰ খনক কবৰস্থানত পৰিণত নকৰিবা, কিছু নফল চালাত ঘৰত পঢ়িবা (মুছলিম্, কিতাবু চালাতিল মুছাফিৰিন্) আবু হুৰাইৰা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, হে আল্লাহ ! আমাৰ কবৰক মূৰ্তিত পৰিণত নকৰিবা । আল্লাহৰ অভিশাপ বৰ্ষিত হওক সেই জাতিৰ ওপৰত যি সকলে নবী সকলৰ কবৰক মছজিদত পৰিণত কৰিছে (মুছলিম্, আহকামুল জানায়িয্, পৃঃ ২১৬) আবু মাৰছাদ গানাবী (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, কবৰত নবহিবা আৰু কবৰৰ ফালে চালাত নপঢ়িবা (মুছলিম, মুখতাছাৰু মুছলিম্, হাদীছ নং ৪৯৯) আয়েছা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম যি অসুখৰ পৰা ভাল পোৱা নাছিল সেই অসুখৰ সময়ত কৈছিল্, আল্লাহ তাআ’লা ইহুদী ও খৃষ্টান সকলক অভিশপ্ত কৰক কাৰণ তেওঁলোকে তেওঁলোকৰ নবী সকলৰ কবৰক মছজিদত পৰিণত কৰিছে (মুছলিম্, মুখতাছাৰু ছহীহ বুখাৰী, হাদীছ নং ৬৭১) জুনদাব (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে – নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইন্তেকালৰ পাঁচ দিন পূৰ্বে কোৱা শুনিছে, তেখেতে ইৰছাদ কৰিছে, “মই তোমালোকৰ কাকো বন্ধু বনাব নোৱাৰো, কাৰণ আল্লাহ তাআ’লাই মোক বন্ধু বনাইছে, যদি কাৰোবাক বন্ধু বনাব পাৰিলো হয় তেন্তে আবু বক্কৰক বনালো হেতেন । মনত ৰাখিবা, তোমালোকৰ পূৰ্বৰ লোক সকলে তেওঁলোকৰ নবী আৰু দ্বীন দাৰ লোকসকলৰ কবৰক মছজিদত পৰিণত কৰিছে, গতিকে তোমালোকে কবৰক মছজিদত পৰিণত নকৰিবা, মই তোমালোকক তেনে কামৰ পৰা বাধা প্ৰদান কৰিছো (মুছলিম্, কিতাবু চালাতিল মুছাফিৰিন্) আবু উবাইদা (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শেষ বাণী আছিল – নাজৰানবাসী আৰু হিযাযৰ ইহুদী সকলক জাযিৰাতুল আৰবৰ পৰা বহিষ্কাৰ কৰা আৰু জানি থোৱা, আটাইতকৈ নিকৃষ্ট ব্যক্তি হ’ল, যি সকলে নিজৰ নবীৰ কবৰক মছজিদত পৰিণত কৰিছে (আহমদ্, ছিলছিলা ছহীহা, ৩য় খণ্ড্, হাদীছ নং ১১৩২) আব্দুল্লাহ ইবনে মাচ’উদ (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামে ইৰছাদ কৰিছে, কবৰক মছজিদত পৰিণত কৰা ব্যক্তি সকল আটাইতকৈ নিকৃষ্ট ব্যক্তি যাৰ ওপৰত কিয়ামত প্ৰতিষ্ঠা হব (ইবনু খুবাইমা, ইবনু হিব্বান্, আহমদ্, তাবৰানী, আহকামুল জানায়িয্, পৃঃ ২১৭) আলী (ৰাঃ) দ্বাৰা বৰ্ণিত, তেখেতে কৈছে, আব্বাচ (ৰাঃ) ৰ লগত সাক্ষাৎ হোৱাত তেখেতে নবী কৰিম ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত যাবৰ বাবে লগ ধৰিলে এই আশাত যদি আমাৰ বাবে কিছু থাকে তেন্তে উত্তম, নহলে লোক সকলৰ লগতে আমাকো পৰামৰ্শ (নচীহত্) দিব । আমি দুয়ো গলো, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লাম তেতিয়া বেঁহুচ অৱস্থাত আছিল । পিছত মূৰ দাঙি কলে, ইহুদী সকলৰ ওপৰত আল্লাহৰ অভিশাপ বৰ্ষিত হওক, তেওঁলোকে তেওঁলোকৰ নবী সকলৰ কবৰক মছজিদত পৰিণত কৰিছে । আন এক বৰ্ণনাত আছে, তেখেতে তৃতীয় বাৰো একে কথাই কৈছিল । তাৰ পিছত আমি তেখেতৰ অৱস্থা দেখি একো নোসোধাকৈ গুছি আহিলো (ইবনু ছাআদ্, ইবনু আচাকিৰ্, তাহযীৰুচ চাজিদ্,পৃঃ ১৯) উম্মাহাতুল মু’মিনীন (ৰাঃ) দ্বাৰা বৰ্ণিত্, তেখেতে কৈছে, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ চাহাবী সকলে আলোচনা কৰিছিল, ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কবৰ কি ভাবে বনাব ? সেয়া কি মছজিদত পৰিণত কৰিব ? তেতিয়া আবু বক্কৰ (ৰাঃ) য়ে কৈছিল্, মই ৰাছুল ছাল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা শুনিছো, আল্লাহ তাআ’লাই ইহুদী নাছাৰা সকলক অভিশাপ দিয়ক্, কাৰণ তেওঁলোকে তেওঁলোকৰ নবী সকলৰ কবৰক মছজিদত পৰিণত কৰিছে (তাহযীৰুচ চাজিদ, আলবানী পৃঃ ২০)