এটি শিক্ষণীয় কাহিনী পুত্ৰ অধিবক্তা!
Friends এটি শিক্ষণীয় কাহিনী | বাপেকৰ ইন্তেকাল হ’ল। পুত্ৰ অধিবক্তা ! জানাজা নামাজ অনুষ্ঠিত হৈছে। ইমাম চাহাবে প্ৰথম আৰু দ্বিতীয়বাৰ তাকবীৰ দিছে, তৃতীয় তাকবীৰৰ সময়ত মৃতকৰ অধিবক্তা পুত্ৰই হুৰাওৰাৱে কান্দিবলৈ ধৰিলে।
ইমাম চাহাবে যথাৰীতি জানাজা নামাজ শেষ কৰি অধিবক্তা ডাঙৰীয়াক সান্তনাৰ বাণী দি ক’বলৈ ধৰিলে- ‘এই দুনিয়া ক্ষণস্থায়ী। এদিন আমি সকলোৱে এই দুনিয়া এৰি গুচি যাব লাগিব’, ইত্যাদি ইত্যাদি।
চকুলো টুকি টুকি অধিবক্তা ডাঙৰীয়াই ক’লে- ‘ইমাম চাহেব! আপুনি ভাবিছে মোৰ আব্বাৰ মৃত্যুৰ দুখত মই এনেকৈ কন্দাকটা কৰিছোঁ। নহয় নে? মোৰ কন্দাৰ কাৰণ সেইটো নহয়’। তেতিয়া ইমাম চাহাবে সুধিলে- ‘তেনেহ’লে এনেকৈ কন্দাৰ কাৰণ কি’?
তেতিয়া অধিবক্তাজনে ক’বলৈ ধৰিলে- ‘মোক আব্বাই দুনীয়াত উচ্চ শিক্ষাৰে শিক্ষিত কৰি ডাঙৰ মানুহ বনালে। মই সমাজত ডাঙৰ মানুহ হ’লো। ওকালতিৰ জৰিয়তে বহুত ধন আয় কৰিলোঁ আৰু বহুত নাম কৰিলোঁ, কিন্তু মই জানাজা নামাজৰ দু‘আটোৱেই পঢ়িব নাজানো। মোৰ আব্বা আজি এই পৃথিৱীৰ পৰা গুচি গ’ল আৰু মই শেষবাৰৰ বাবে জানাজাৰ নামাজত তেওঁৰ কাৰণে দু‘আ পঢ়িব নোৱাৰিলোঁ। ইয়াতকৈ দুখৰ বিষয় কি হ’ব পাৰে! মোৰ কন্দাৰ কাৰণ এয়াই’।
আজি আমি আমাৰ সন্তানক পৃথিৱীৰ সকলো শিক্ষাই দিছোঁ, কিন্তু পৰিতাপৰ বিষয় ইছলামৰ নূন্যতম জ্ঞানখিনি দিব পৰা নাই। আমি বহুতেই জানাজাৰ দু‘আটো নাজানো। সময় থাকোতেই আমাৰ সন্তানক ইছলামৰ নূন্যতম প্রযোজনীয় মৌলিক বিষয়ৰ শিক্ষাদান কৰা উচিত। আল্লাহে আমাক সকলোকে দ্বীনী শিক্ষা আৰ্জন কৰাৰ তৌফিক দান কৰক।
জানাযাৰ দু‘আ (دعاءالجنازة)
জানাযাৰ কাৰণে অসংখ্য দু‘আ আছে। তলত সুপৰিচিত এটি দু‘আ উল্লেখ কৰা হ’ল-
اللَّهُمَّ اغْفِرْ لِحَيِّنَا وَمَيِّتِنَا، وَشَاهِدِنَا وَغَائِبِنَا، وَصَغِيرِنَا وَكَبِيرِنَا، وَذَكَرِنَا وَأُنْثَانَا، اللَّهُمَّ مَنْ أَحْيَيْتَهُ مِنَّا فَأَحْيِهِ عَلَى الْإِسْلاَمِ، وَمَنْ تَوَفَّيْتَهُ مِنَّا فَتَوَفَّهُ عَلَى الإِيمَانِ، اللَّهُمَّ لاَ تَحْرِمْنَا أَجْرَهُ، وَلاَ تُضِلَّنَا بَعْدَهُ
উচ্চাৰণ: আল্লা-হুম্মাগফিৰ লিহায়্যিনা ওৱা মায়্যিতিনা ওৱা শ্বা-হিদিনা ওৱ