এই সৃষ্টিজগত এজন স্রষ্টায়ে তৈয়াৰী কৰিছে, কিন্তু তেতিয়াহ’লে সেই স্রষ্টাৰ স্রষ্টা কোন?

-এই সৃষ্টিজগত এজন স্রষ্টায়ে তৈয়াৰী কৰিছে, কিন্তু তেতিয়াহ’লে সেই স্রষ্টাৰ স্রষ্টা কোন?

👍👍 স্রষ্টাক কোনোবাই সৃষ্টি কৰিব পাৰে নে নাই– আহঁক এই বিষয়ে বিশ্লেষণ কৰো ।
Theists claim that God made the universe. Atheists retort: ‘so who made God?’ ‘Who designed the designer? Who created the creator?’
উদাহৰণ-১

          এই ছবিখন কোনে আঁকিছে? ইয়াৰ উত্তৰত এজন চিত্রশিল্পীৰ অস্তিত্ব থকা আৱশ্যক, কিন্তু “চিত্রশিল্পীক কোনে আঁকিছে?” এই প্রশ্নটো অবান্তৰ কিয়নো চিত্রশিল্পীৰ ক্ষেত্রত “আঁকা” নামক ক্রিয়াটো প্রযোজ্য নহয় ৷ সেয়ে চিত্রশিল্পীৰ অংকিত হোৱাৰ প্রয়োজন নাই, অন্য কথাত “অংকিত নহয়”, এনেকোৱা এজন অংকনকাৰী থকা সম্ভৱ৷ একেইভাবে “সৃষ্ট নহয়” এনেকোৱা এজন স্রষ্টা থকা সম্ভৱ, সেয়ে বার্ট্রান্ড ৰাছেলৰ “হু ক্রিয়েটেড গড মাম?” এই প্রশ্ন কৰা অযৌক্তিক, অবান্তৰ, মুর্খামী (বোকামী) ।

আৰু এটা উদাহৰণ দিয়া যাওঁক-

উদাহৰণ-২

             কেতিয়াবা ডমিনোৰ খেলা দেখিছে? ডমিনোবোৰক এটাৰ পিছত এটা সজাই বাহিৰৰ পৰা ধাক্কা দিয়া হয় আৰু তাৰ effect আৰম্ভ হয়, এটাৰ পিছত এটাকৈ ডমিনো পৰি থাকে। সৃষ্টিৰ ক্ষেত্ৰতোও একেই কথা । এটা সৃষ্টিয়ে আনএটা সৃষ্টিৰ কাৰক়। এতিয়া, মই যদি আপোনাক কওঁ, কোনো বতাহ নাছিল, কোনেও ধাক্কাই দিয়া নাই, বহুতকেইটা ডমিনো সজাৱা আছিল আৰু কোনো বাহ্যিক বল অবিহনে এনেই এনেই ডমিনো এটাৰ উপৰত আৰুএটা পৰিবলৈ আৰম্ভ কৰিলে, আপুনি কি বিশ্বাস কৰিব? নকৰিব (নিউটনৰ ১ম সূত্র) । আৰু যিয়ে এই বাহ্যিক বল প্রয়োগ কৰিব সি অৱশ্যই ডমিনো হ’ব নোৱাৰে। কাৰণ সি ডমিনো হ’লে, অর্থাৎ সি process of creation ৰ অন্তর্ভুক্ত হ’লে তাক push কৰাৰ বাবে, অন্য কৰবাত তাক সৃষ্টি কৰাৰ বাবে অন্য কাৰোবাক লাগিব। অর্থাৎ, এই বাহ্যিক বল প্রয়োগকাৰী স্রষ্টাক সৃষ্টিৰ পৰা ভিন্ন প্রকৃতিৰ হ’ব লাগিব। সৃষ্টি যদি সসীম হয়, স্রষ্টা হ’ব অসীম; সৃষ্টি যদি অন্য সৃষ্টিৰ প্রয়োজন অনুভৱ কৰে, স্রষ্টা হ’ব চাহিদাৰ উর্দ্ধত; সৃষ্টি যদি ভুল প্রবণ হয়, স্রষ্টা হ’ব ভুলৰ উর্দ্ধত; সৃষ্টি যদি ক্ষণস্থায়ী হয়, স্রষ্টা হ’ব চিৰস্থায়ী। আৰু এই স্রষ্টা যিহেতু অসীম ক্ষমতাশীল, অনাদি, অনন্ত, সেয়েই এই নিচিনা স্রষ্টা মাত্র এজনেই থাকিব। কাৰণ, একাধিক অসীম ক্ষমতাশীল, অনাদি, অনন্ত স্রষ্টাৰ সহাৱস্থান অসম্ভৱ।

কওঁক তেখেতেই আল্লাহ্, এক ও অদ্বিতীয়। সকলোৱেই তেখেতৰ মুখাপেক্ষী, তেখেত কাৰোৰ মুখাপেক্ষী নহয়। তেখেতে কাকো জন্ম দিয়া নাই আৰু তেখেতকো জন্ম দিয়া হোৱা নাই। আৰু কোনেও তেখেতৰ সমকক্ষ নহয়।
– ছূৰা ইখলাছ (১১২:১-৪)

 [“Who created God?”] does not even make sense. It is like asking, “What does blue smell like?” Blue is not in the category of things that have a smell, so the question itself is flawed. In the same way, God is not in the category of things that are created or caused. God is uncaused and uncreated—He simply exists.
God by definition is the uncreated creator of the universe, so the question “Who created God?” is illogical, just like “To whom is the bachelor married?” 
বাস্তৱতে, মহাবিশ্বৰ অস্তিত্বই প্রমাণ কৰে যে স্রষ্টাক কোনেও সৃষ্টি কৰা নাই। কাৰণ, মহাবিশ্বক যি স্রষ্টায়ে সৃষ্টি কৰিছে সেই স্রষ্টাক সৃষ্টি কৰিবলৈ যদি স্রষ্টা লাগে তেনেহলে আকৌ তাক সৃষ্টি কৰিবলৈ স্রষ্টা লাগিব, আকৌ সেই স্রষ্টাক সৃষ্টি কৰিবলৈ আন এজন স্রষ্টা লাগিব.. –আৰু এই প্রক্রিয়া চলিয়েই থাকিব আৰু যদি এয়াই সত্য তেতিয়াহ’লে কোনোদিনেই মহাবিশ্বৰ সৃষ্টি নহলেহেঁঁতেন। এই সুত্ৰৰ একমাত্র সমাধান হলঃ স্রষ্টাক কোনেও সৃষ্টি কৰা নাই, আৰু তেখেত সকলো সময়তেই আছিল। এই কথাই মহাগ্রন্থ কোৰআনত উল্লেখ আছে:

আল্লাহ্ – তেখেত অবিহনে আৰু কোনো উপাস্য নাই। তেখেত চিৰঞ্জীৱ, অনাদি। তেখেতক তন্দ্রা বা নিদ্রাই স্পর্শ নকৰে। আকাশ ও পৃথিৱীত যি আছে সকলোবোৰ তেখেতৰ। কোন আছে যে তেখেতৰ অনুমতি অবিহনে তেখেতৰ দৰবাৰত ওকালতি কৰিব? সিহঁতৰ (মানুহৰ) সন্মুখত ও পিছফালে যি-কিছু আছে তেখেতে জানে। তেখেতৰ অবিহনে তেখেতৰ জ্ঞানৰ একোৱেই সিহঁতে আয়ত্ত কৰিব নোৱাৰে, অৱশ্যে কোনো বিষয়ে তেখেতে নিজেই যদি কাৰোবাক জনাব বিচাৰে(সেয়া সুকিয়া কথা)। আকাশ ও পৃথিৱীব্যাপী তেখেতৰ শাসনৰ নিয়ন্ত্ৰাধীন, আৰু ৰক্ষণাবেক্ষণত তেখেত ক্লান্ত নহয়। তেখেত অত্যুচ্চ মহামহিম।

– ছূৰা বাক্বাৰাহ্ (২:২৫৫ – আয়াতুল কুৰছী)

Leave a comment